মূল ২০২১ চনত বেংগালুৰুত সংঘটিত যৌন নিৰ্যাতনৰ ঘটনাৰ দৃশ্য বাংলাদেশৰ হিচাপে প্ৰচাৰ

২০২১ চনত বেংগালুৰুত সংঘটিত যৌন নিৰ্যাতনৰ ঘটনাৰ দৃশ্য বাংলাদেশৰ হিচাপে প্ৰচাৰ

লেখক: অনুৰাগ বৰুৱা

আগষ্ট 6 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২১ চনত বেংগালুৰুত সংঘটিত যৌন নিৰ্যাতনৰ ঘটনাৰ দৃশ্য বাংলাদেশৰ হিচাপে প্ৰচাৰ ২০২১ চনত বেংগালুৰুত সংঘটিত যৌন নিৰ্যাতনৰ ঘটনাৰ সৈতে বাংলাদেশৰ চলিত পৰিস্থিতিক মিছাকৈ সংযোগ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

২০২১ চনত ঘটনাটোক লৈ বাতৰি কৰা সাংবাদিকে লজিকেলী ফেক্টছক ভাইৰেল ভিডিঅ'টো পুৰণি আৰু বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সৈতে সম্পৰ্কিত নহয় বুলি জনাইছে।

কি দাবী কৰা হৈছে?

এগৰাকী মহিলাক বলপূৰ্বকভাৱে এখন বিচনাত পেলাই লৈ ধৰি থকাৰ এখন আংশিকভাৱে অস্পষ্ট স্ক্ৰীণশ্বট একাধিক লোকে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি ইয়াত ঢাকা বিশ্ববিদ্যালয়ত এগৰাকী হিন্দু মহিলাক একাধিক পুৰুষে যৌন নিৰ্যাতন চলোৱাৰ দৃশ্য দেখা গৈছে বুলি দাবী কৰিছে। ফটোখন শ্বেয়াৰ পোষ্টসমূহৰ কেপচনত লগতে উল্লেখ কৰা হৈছে যে এই ঘটনাটোৰ সম্পূৰ্ণ ভিডিঅ’ আছে আৰু বাংলাদেশৰ নতুন (অন্তৱৰ্তীকালীন) চৰকাৰৰ দিনত এনে আক্ৰমণ আৰু অধিক হ’ব। 

কিছুমান ব্যৱহাৰকাৰীয়ে ভাইৰেল স্ক্ৰীণশ্বটৰ লগতে ছয় ছেকেণ্ডৰ এটা গ্রাফিক ভিডিঅ’ও শ্বেয়াৰ কৰিছে য’ত একাধিক লোকে এগৰাকী মহিলাক কাপোৰ খুলি আক্ৰমণ কৰা দেখা গৈছে। ভাইৰেল ছবিখন এই ভিডিঅ'টোৰে এটা স্ক্ৰীণশ্বট হয়। ইয়াৰ গ্ৰাফিক প্ৰকৃতিৰ বাবে লজিকেলী ফেক্টছে ভিডিঅ’টো বা ইয়াৰ আৰ্কাইভ কৰা সংস্কৰণৰ লিংক ব্যৱহাৰ কৰা নাই।

একাধিক এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে এই স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি কেপচনত লিখিছে: “প্ৰিয় ধৰ্মনিৰপেক্ষ/বাওঁপন্থী হিন্দুসকল। আপোনালোকৰ কন্যা/ভগ্নী সকলো তেওঁলোকৰ বাবে 'হিন্দু মাল'। বাংলাদেশত হিন্দু ভগ্নীসকলৰ সৈতে এতিয়া এয়াই হৈ আছে, আৰু আমি তেওঁলোকক বচাবলৈ একো কৰিব পৰা নাই। হিন্দুসকলে কন্দা বন্ধ কৰি প্ৰতিশোধ লোৱা আৰম্ভ কৰক। জাগক @narendramodiji আৰু কিবা এটা কৰক।”

এই ভিডিঅ’টো প্ৰথমে ‘ইছলামিক আৰ্মি - লেটেষ্ট ভাৰ্জন’ নামৰ এটা টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰা হৈছিল, য’ত বাংলাদেশৰ একাধিক ছবি আৰু ভিডিঅ’ পোষ্ট কৰা হৈছিল। 

প্ৰকৃত তথ্য

ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি নিউজ বাংলা ২৪-ত প্ৰকাশিত এটা প্ৰতিবেদন লাভ কৰোঁ। ২০২১ চনৰ ৮ জুন তাৰিখে প্ৰকাশিত এই প্ৰতিবেদনত ভিডিঅ’টোৰ স্ক্ৰীণশ্বট সন্নিবিষ্ট কৰা হৈছিল আৰু বেংগালুৰুত বাংলাদেশী নাগৰিক জড়িত থকা এক ধৰ্ষণ কাণ্ডৰ সম্পৰ্কে উল্লেখ কৰা হৈছিল। "ভাৰতত কিশোৰীৰ ওপৰত নিৰ্যাতন: সৰবৰাহকাৰী গোটৰ নেতাৰ স্বীকাৰোক্তি" শীৰ্ষক প্ৰতিবেদনত বাংলাদেশ আৰু ভাৰতৰ মাজত নাৰী সৰবৰাহ চক্ৰ চলাই থকা গোটৰ নেতা আশ্ৰাফুল মণ্ডাল, যাক বছ ৰফী বুলিও জনা যায় আৰু আব্দুৰ ৰহমানৰ স্বীকাৰোক্তি উল্লেখ কৰা হৈছে। প্ৰতিবেদনটোত ভিডিঅ’টোৰ কথা উল্লেখ কৰি পাঁচজন পুৰুষে এগৰাকী যুৱতীক আক্ৰমণ কৰা আৰু সেই ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ কথা উল্লেখ কৰিছে।

ভিডিঅ’টো ২০২১ চনত ভাইৰেল হৈছিল। সেই বছৰৰ মে’ মাহত কৰ্ণাটকৰ বেংগালুৰুত এগৰাকী বাংলাদেশী মহিলাক যৌন বাতৰি প্ৰকাশ পোৱাৰ পিছত। একাধিক ভাৰতীয় সংবাদ প্ৰতিষ্ঠানে এই ঘটনাৰ বাতৰি প্ৰকাশ কৰিছিল। ২০২১ চনৰ ৮ জুলাইত প্ৰকাশিত দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি মে’ মাহৰ আৰম্ভণিতে পূব বেংগালুৰুৰ ৰামামুৰ্থনগৰত এগৰাকী বাংলাদেশী মহিলাক আক্ৰমণ আৰু ধৰ্ষণ কৰাৰ অভিযোগত তিনিগৰাকী মহিলাকে ধৰি বাৰজন বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

২০২১ চনৰ ২৯ মে’ত দ্য হিন্দুস্তান টাইমছৰ সাংবাদিক অৰুণ দেবৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ২০ বছৰীয়া এগৰাকী যুৱতীক নিৰ্যাতন আৰু আক্ৰমণ চলোৱাৰ অভিযোগ অনা এটা ভাইৰেল ভিডিঅ’ পোহৰলৈ অহাৰ পিছত চাৰি গৰাকী নথি-পত্ৰবিহীন বাংলাদেশী লোকক গ্ৰেপ্তাৰ কৰা হয়। দেবে লজিকলি ফেক্টছক নিশ্চিত কৰিছে যে এতিয়া ভাইৰেল হোৱা ভিডিঅ’টো ২০২১ চনৰ একেটা ঘটনাৰ হয়।

সেই সময়ত অসমতো এই ভিডিঅ’টো ভাইৰেল হৈছিল। ২০২১ চনৰ ৮ জুলাইত স্ক্ৰল.ইন-ত প্ৰকাশিত এক প্ৰতিবেদনত দোষীসকলে কিদৰে ভিডিঅ’টো ৰেকৰ্ডিং কৰি অসমত থকা তেওঁলোকৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিছিল যাৰ ফলত ভিডিঅ’টো বেচিকৈ ভাইৰেল হৈ পৰে আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ত হয় সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। স্ক্ৰলৰ সাংবাদিক ৰকিবুজ জামানে লজিকেলী ফেক্টছক নিশ্চিত কৰিছে যে উক্ত স্ক্ৰীণশ্বট আৰু ভিডিঅ’টো একেটা ঘটনাৰ হয়।

স্ক্ৰলৰ প্ৰতিবেদনটোত ২০২১ চনৰ ২৭ মে’ত বেংগালুৰুৰ আৰক্ষী আয়ুক্তৰ এটা এক্স পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) ব্যৱহাৰ কৰা হৈছিল, য’ত লিখা আছিল: “ভিডিঅ’টোৰ বিষয়বস্তু আৰু প্ৰাথমিক তদন্তৰ ভিত্তিত দুগৰাকী মহিলাসহ ছয়জন ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণ আৰু আক্ৰমণৰ গোচৰ ৰুজু কৰা হৈছে @ramamurthyngrps-ত।”

আমি আৰু অধিক নিশ্চিত হ’বৰ বাবে ৰামামূৰ্তি আৰক্ষীৰ সৈতে যোগাযোগ কৰিছো আৰু তেওঁলোকৰ পৰা সঁহাৰি লাভ কৰিলে এই প্ৰতিবেদনটো আপডেট কৰা হ’ব।

বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতি

বিগত জুন মাহৰ শেষৰ ফালে শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিতৰ্কিত কোটা নীতিক লৈ আৰম্ভ হোৱা ছাত্ৰ আন্দোলনৰ ফলত বাংলাদেশত কেইবা সপ্তাহ ধৰি এক অস্থিৰ পৰিস্থিতি বিৰাজ কৰি আহিছে। উক্ত নীতিৰ অধীনত ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুঁজা স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে ৩০ শতাংশ চৰকাৰী পদ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। ২০১৮ চনত এই নীতি বাতিল কৰা হৈছিল যদিও ২০২৪ চনৰ জুনত নিম্ন আদালতে ইয়াক পুনৰ প্ৰৱৰ্তন কৰে। 

আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰাত দেশখনত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল, আৰু সান্ধ্য আইন জাৰি কৰা হৈছিল। কিন্তু প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত কৰাত পৰিস্থিতি অধিক বেয়া হৈ পৰে, যাৰ ফলত আৰক্ষীয়ে বল প্ৰয়োগ কৰাৰ লগতে গুলীচালনা কৰে। আৰক্ষীৰ সৈতে সংঘৰ্ষত বহু সংখ্যক প্ৰতিবাদকাৰী নিহত হয়। 

ব্যাপক প্ৰতিবাদৰ অন্তত ২১ জুলাইত দেশখনৰ উচ্চতম ন্যায়ালয়ে এই নীতি আংশিকভাৱে বাতিল কৰে, আৰু চৰকাৰী চাকৰিৰ ৯৩% মেধা অনুসৰি হ’ব লাগে বুলি নিৰ্দেশ দিয়ে। কিন্তু প্ৰতিবাদ অব্যাহত থাকে আৰু শাসকীয় আৱানি লীগ আৰু শ্বেখ হাছিনাৰ বিৰুদ্ধে ব্যাপক আন্দোলন আৰম্ভ হয়।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি আৰক্ষীৰ গুলীচালনা, গণ প্ৰহাৰ, আৰু অগ্নিসংযোগৰ ফলত ২০২৪ চনৰ ৫ আগষ্টলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২৮০।

৫ আগষ্টত হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশ এৰি পলায়ন কৰে। তেওঁৰ দেশ ত্যাগৰ পিছতে প্ৰতিবাদকাৰীয়ে তেওঁৰ বাসগৃহত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰাৰ লগতে পিতৃ আৰু বাংলাদেশৰ স্বাধীনতা নায়ক শ্বেখ মুজিবুৰ ৰহমানৰ মূৰ্তিৰ ক্ষতিসাধন কৰে, ইয়াৰ উপৰি ৰাজপথত অগ্নিসংযোগ কৰা আদি দৃশ্যও দেখা পোৱা গৈছে। বৰ্তমান শ্বেখ হাছিনা ভাৰতত আছে আৰু আন দেশত আশ্ৰয় নোপোৱা পৰ্যন্ত ভাৰততে থাকিব বুলি আশা কৰা হৈছে, সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁ বৃটেইনলৈ গুচি যোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ মাজতে বাংলাদেশ সেনাই অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰিছে, আৰু নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিছে। ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে ৰাজনৈতিক দলসমূহক দেশখনলৈ শৃংখলা ঘূৰাই আনিবলৈ আহ্বান জনাইছে। ৬ আগষ্টৰ পুৱা ৬ বজাত সান্ধ্য আইন উঠাই লোৱা হয় চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰা হয়।

সিদ্ধান্ত

২০২১ চনত বেংগালুৰুত সংঘটিত এক যৌন নিৰ্যাতনৰ ঘটনাৰ সৈতে সম্পৰ্কিত এটা ভিডিঅ’ বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ সৈতে মিছাকৈ জড়িত কৰি দেশখনত “হিন্দু মহিলাৰ দুৰ্দশা” হিচাপে প্ৰচাৰ কৰা হৈছে। একাধিক বাতৰি প্ৰতিবেদন আৰু সাংবাদিকে নিশ্চিত কৰিছে যে ভিডিঅ’টো পুৰণি আৰু বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।