মূল মণিপুৰত 'ৰাহুল গান্ধী গ’ বেক ' শ্ল'গান দিয়া বুলি অসমৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰা হৈছে

মণিপুৰত 'ৰাহুল গান্ধী গ’ বেক ' শ্ল'গান দিয়া বুলি অসমৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰা হৈছে

লেখক: সোহম শ্বাহ

জুলাই 11 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মণিপুৰত 'ৰাহুল গান্ধী গ’ বেক ' শ্ল'গান দিয়া বুলি অসমৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰা হৈছে ৰাহুল গান্ধীৰ শেহতীয়া মণিপুৰ ভ্ৰমণত তেওঁৰ বিৰুদ্ধে শ্ল'গান দিয়া হৈছিল বুলি দাবী কৰি ছ'চিয়েল মিডিয়াত অসমৰ ভিডিঅ' শ্বেয়াৰ হয়। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ভাইৰেল ভিডিঅ'টো নগাঁৱৰ হয়, আৰু এইটো ২০২৪ চনৰ ১ জানুৱাৰীৰ ভিডিঅ’ । ৰাহুল গান্ধীৰ শেহতীয়া মণিপুৰ ভ্ৰমণৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

এক্সত প্ৰচাৰিত এটা ভিডিঅ'ত এদল লোকে "ৰাহুল গান্ধী গ’ বেক" আৰু "ৰাহুল গান্ধী হায় হায়" শ্ল’গান দিয়া দেখা গৈছে।

ভিডিঅ’টো শ্বেয়াৰ কৰি দিয়া পোষ্টটোত দাবী কৰা হৈছে যে শেহতীয়াকৈ লোকসভাৰ বিৰোধী দলপতি গৰাকীৰ মণিপুৰ ভ্ৰমণৰ সময়ত এই ঘটনা সংঘটিত হৈছে। ফুটেজটোত প্ৰতিবাদকাৰীসকলে ধুবুৰী লোকসভাৰ সাংসদ তথা চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনক উদ্দেশ্যী "ৰকিবুল হুছেইন গ' বেক" আৰু "ৰকিবুল হাটাও, চামগুৰি বাচাও "কে ধৰি ইংৰাজী আৰু অসমীয়াত বিভিন্ন শ্ল’গানৰ পোষ্টাৰ হাতত লৈ থকা দেখা যায়।

পোষ্টাৰসমূহত দেখিবলৈ পোৱা আন শ্ল’গানসমূহ এনেধৰণৰ - "অন্যায় যাত্ৰা" আৰু "ৰাহুল গান্ধী গ’ বেক"। ভিডিঅ’টোত প্ৰশাসনৰ লোকে ৰাহুল গান্ধীক প্ৰতিবাদকাৰীসকলৰ পৰা আঁতৰলৈ লৈ যোৱাৰ সময়ত তেওঁৰ সৈতে কংগ্ৰেছ নেতা গৌৰৱ গগৈকো দেখা যায়। 

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এটা পোষ্টত কোৱা হৈছে, "ৰাহুল গান্ধীক মণিপুৰৰ লোকসকলে উভতি যাবলৈ কৈছে, কাৰণ যিহেতু তেওঁৰ উচটনিমূলক ভাষণে নতুনকৈ সংঘৰ্ষ লগাব পাৰে। এয়া কালিৰ হয়, ৮-৭-২০২৪, গতিকে তেওঁ উভতি আহিবলগীয়া হৈছিল (sic)।" ভুল তথ্য শ্বেয়াৰ কৰাৰ বাবে পৰিচিত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী অৰুণ পুদুৰেও এই দাবীটো শ্বেয়াৰ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব, উক্ত পোষ্টসমূহে উমৈহতীয়াভাৱে ৪০০,০০০তকৈ অধিক ভিউ লাভ কৰিছে।

অৱশ্যে আমাৰ অনুসন্ধানত এই ভিডিঅ’টো মণিপুৰৰ নহয়, বৰঞ্চ অসমৰ এটা পুৰণি ক্লিপ বুলিহে জানিব পৰা গৈছে।

প্ৰকৃত সত্য কি?

ভাইৰেল ভিডিঅ’টোৰ ফ্ৰেমৰ ওপৰৰ সোঁফালৰ কোণত আমি ভাৰতীয় সংবাদ সংস্থা এএনআইৰ ৱাটাৰমাৰ্ক লক্ষ্য কৰোঁ।

ভিডিঅ’টোৰ ফ্ৰেমত এএনআইৰ ৱাটাৰমাৰ্ক দেখা যায়। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ জৰিয়তে আমি ২০২৪ চনৰ ২১ জানুৱাৰীত এএনআইৰ অফিচিয়েল এক্স একাউণ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) পোষ্ট কৰা ভিডিঅ’টোৰ এটা কিছু দীঘলীয়া সংস্কৰণ লাভ কৰোঁ। পোষ্টটোৰ কেপচনত লিখা আছিল, "অসম: আজি সন্ধিয়া নগাঁৱৰ আমবাগান অঞ্চলত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে 'ৰাহুল গান্ধী গ’ বেক' আৰু 'অন্যায় যাত্ৰা'ৰ পোষ্টাৰ লৈ বহু সংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰে।"

আমি ডেকান হেৰাল্ডৰ দ্বাৰা প্ৰকাশিত প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ এটা বাতৰিও লাভ কৰোঁ য’ত এই ঘটনাৰ বিস্তাৰিত বিৱৰণ দিয়া হৈছে। এই প্ৰতিবেদন অনুসৰি গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে অসমৰ ৰূপহীলৈ গৈ থকা অৱস্থাত আমবাগানস্থিত এখন হোটেল বাহিৰত এই ফুটেজটো কেমেৰাত আৱদ্ধ কৰা হৈছিল। প্ৰতিবেদনটোত লগতে উল্লেখ কৰা মতে একেটা দিনতে ইয়াৰ পূর্বে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাকো আক্রমণ কৰা হৈছিল, তদুপৰি আন এক ঘটনাত কংগ্রেছ নেতা জয়ৰাম ৰমেশৰ গাড়ীত আক্ৰমণ কৰা হৈছিল৷

ভিডিঅ'টো ভালদৰে চোৱাত আমি "পূজা গিফ্ট ষ্ট'ৰ" নামৰ এখন দোকান আৰু তাৰ সন্মুখত "গুৰুকুল গ্ল'বেল একাডেমী" বুলি লিখা এখন ব’ৰ্ড মন কৰোঁ।

ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

দোকানখনৰ নামটো গুগল চাৰ্চ কৰি আমি এইখন নগাঁৱৰ আমবাগানত অৱস্থিত বুলি জিঅ’ল’কেট কৰিবলৈ সক্ষম হ’লোঁ। গুগল ইমেজত দোকানখনৰ সন্মুখত "গুৰুকুল গ্ল'বেল একাডেমী"ৰ চিনটোও দেখা যায়। দোকানখনৰ চাইনব’ৰ্ডত স্পষ্টভাৱে আমবাগান, নগাঁও, অসম বুলি লিখা আছে, যাৰ দ্বাৰা এইটো মণিপুৰৰ ঘটনা নহয়, বৰঞ্চ অসমৰহে ঘটনা বুলি নিশ্চিত হোৱা যায়। 

ভাইৰেল ভিডিঅ’টোত দেখা দোকানখন নগাঁৱৰ আমবাগত অৱস্থিত বুলি বিচাৰি উলিয়াবলৈ আমি সক্ষম হ’লোঁ৷ (উৎস: গুগল মেপ)

উল্লেখযোগ্য যে ২০২৪ চনৰ ৮ জুলাইত গান্ধীৰ শেহতীয়া মণিপুৰ ভ্ৰমণৰ সময়ত আমি কোনোধৰণৰ প্ৰতিবাদৰ বাতৰি লাভ কৰা নাই। দ্য হিন্দুৰ এক প্ৰতিবেদন মতে ২০২৩ চনৰ মে’ মাহৰ পৰা মণিপুৰত অব্যাহত গোষ্ঠীগত সংঘৰ্ষত ২২১ গৰাকী লোকে প্ৰাণ হেৰোৱাৰ লগতে ৫০,০০০ৰ অধিক লোকে ঘৰ এৰিব লগীয়া হৈছে। 

সিদ্ধান্ত

এই দাবীটো মিছা। ভাইৰেল ভিডিঅ’ ২০২৪ চনৰ জানুৱাৰীত নগাঁৱত লোৱা হৈছিল,  ৰাহুল গান্ধীৰ শেহতীয়া মণিপুৰ ভ্ৰমণৰ সৈতে কোনো ইয়াৰ সম্পৰ্ক নাই।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।