মূল অন্ধ্ৰ প্ৰদেশত এজন লোকক প্ৰহাৰ কৰাৰ ভিডিঅ' মিছা সাম্প্ৰদায়িক দাবীৰে ভাইৰেল

অন্ধ্ৰ প্ৰদেশত এজন লোকক প্ৰহাৰ কৰাৰ ভিডিঅ' মিছা সাম্প্ৰদায়িক দাবীৰে ভাইৰেল

লেখক: ৰাজেশ্বৰী পৰাশা

নৱেম্বৰ 7 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
অন্ধ্ৰ প্ৰদেশৰ এটা ভাইৰেল ভিডিঅ' মিছা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) অন্ধ্ৰ প্ৰদেশৰ এটা ভাইৰেল ভিডিঅ' মিছা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টোত আক্ৰমণৰ বলি হোৱা লোকজন পোলুমতি দিলীপ আৰু তেওঁ এজন অনুসূচীত জাতিৰ ব্যক্তি বুলি অন্ধ্ৰ প্ৰদেশৰ আৰক্ষীয়ে নিশ্চিত কৰিছে।

কি দাবী কৰা হৈছে? 

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’টোত এজন লোকে ‘জয় শ্ৰী ৰাম’ বুলি কৈ থকাৰ সময়ত কেইজনমান লোকৰ এটা দলে তেওঁক প্ৰহাৰ কৰি থকা দেখা গৈছে, ভাইৰেল ভিডিঅ’ অন্ধ্ৰ প্ৰদেশৰ। ভিডিঅ’টোত থকা মানুহখিনিয়ে উক্ত লোকজনক তেওঁ ‘জয় শ্ৰী ৰাম’ ধ্বনি দি থকাৰ মাজতে বাৰে বাৰে প্ৰশ্ন কৰি থকা শুনা যায়। 

ভিডিঅ'টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখা হৈছে, "অন্ধ্ৰ প্ৰদেশৰ ভীমাৱৰামত এজন মুছলমান লোকক আক্ৰমণ কৰি জয় শ্ৰী ৰাম ধ্বনি দিবলৈ বাধ্য কৰা হৈছে।।" ভিডিঅ’টোৱে ১৫,৭৫৭ টা লাইক লাভ কৰিছে। একেধৰণৰ দাবীৰ আৰ্কাইভ সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। এক্স তথা ফেচবুকতো সাম্প্ৰদায়িক দাবীৰে ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ইনষ্টাগ্ৰাম আৰু ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ইনষ্টাগ্ৰাম/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমি দেখিলোঁ যে ভিডিঅ’টোত দেখা মানুহজন মুছলমান নহয়, বৰঞ্চ এজন হিন্দু লোকহে। ভীমৱৰাম ২ থানাত পঞ্জীয়ন এজাহাৰত তেওঁক অনুসূচিত জাতিৰ পোলুমতি দিলীপ বুলি চিনাক্ত কৰা হৈছে। 

আমি কি বিচাৰি পালোঁ? 

সংবাদ প্ৰতিষ্ঠান এনডিটিভিয়ে ২০২৪ চনৰ ১ নৱেম্বৰত আপলোড কৰা একেটা ভিডিঅ’ আমি লাভ কৰোঁ। প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাত অৱস্থিত ভীমৱৰাম নামৰ এখন চহৰত এই ঘটনা সংঘটিত হৈছিল। ইয়াত আৰু কোৱা হৈছে যে মন্দিৰ অপবিত্ৰ কৰাৰ সন্দেহত স্থানীয় ৰাইজে এজন লোকক প্ৰহাৰ কৰিছিল। 

তদুপৰি আমি পশ্চিম গোদাবৰী আৰক্ষীৰ এটা এক্স পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ য’ত ভীমৱৰাম ২ টাউন থানাত এটা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰা হৈছে। আমি এজাহাৰখন (ইয়াত আৰ্কাইভ কৰা হৈছে ) লাভ কৰিলোঁ, য’ত ভাইৰেল ভিডিঅ’টোত প্ৰহৃত লোকজনৰ নাম মালা অনুসূচিত জাতিৰ ৩৫ বছৰীয়া পোলুমতি দিলীপ বুলি উল্লেখ কৰা হৈছে। এজাহাৰত উল্লেখ কৰা হৈছে যে ৩১ অক্টোবৰত দিলীপে ৰামালয়ম মন্দিৰৰ ওচৰলৈ আহি মানুহক গালি-গালাজ কৰিছিল। এজাহাৰত অভিযোগকাৰী হিচাপে মন্দিৰৰ পুৰোহিতজনৰ নাম উল্লেখ কৰা হৈছে। 

লজিকেলী ফেক্টছে নাম প্ৰকাশত অনিচ্ছুক মন্দিৰটোৰ পুৰোহিতজনৰ সৈতে যোগাযোগ কৰে। তেওঁ কয় যে দিলীপে মন্দিৰৰ সমীপতে পেলনীয়া কাগজ আৰু বটল সংগ্ৰহ কৰে। ৩১ অক্টোবৰত অচিনাকি লোকৰ আক্ৰমণৰ পিছত দিলীপে মন্দিৰৰ ভগৱানৰ উদ্দেশ্যী ‘আপত্তিজনক কথা’ লিখি থৈ যায়। পিছত তেওঁক প্ৰশ্ন কৰাত তেওঁ "আঁকোৰগোঁজভাৱে" উত্তৰ দিছিল। ইয়াৰ পিছতে স্থানীয় লোকে তেওঁক আক্ৰমণ কৰে, আৰু এই ঘটনা ভিডিঅ’ কৰা হয়। পুৰোহিতজনে লগতে কয় যে  দিলীপে তেওঁৰ বিৰুদ্ধে অনা অভিযোগ স্বীকাৰ কৰিছে। দিলীপে মন্দিৰটোত প্ৰৱেশ কৰা নাই বুলিও তেওঁ লগতে নিশ্চিত কৰে। তেওঁ আৰু কয় যে দিলীপৰ ভাতৃয়ে তেওঁৰ মানসিক অৱস্থা ঠিক নহয় বুলি জনায়।

ইয়াৰ পিছত আমি ২ নং ভীমৱৰাম চহৰৰ উপ-পৰিদৰ্শক (এছ আই) ইজৰাইলৰ সৈতে যোগাযোগ কৰোঁ, তেওঁ দিলীপ মুছলমান বুলি উত্থাপিত দাবী খণ্ডন কৰে। তেওঁ  কয়, "তেওঁ এজন হিন্দু আৰু ৰাৱুলপালেমৰ বাসিন্দা। তেওঁ ভীমাভাৰামত কাগজ (আৱৰ্জনা) তুলি ৰাস্তাত ভিক্ষা কৰি চলিছিল। তেওঁৰ ধৰ্মৰ বিষয়ে সোধা-পোছা কৰাৰ পিছত আমি তেওঁ এজন হিন্দু জানিব পাৰিলোঁ।"

এছ আই ইজৰাইলে দিলীপৰ বিৰুদ্ধে এটা প্ৰাৰম্ভিক গোচৰ ৰুজু কৰা হৈছিল বুলি উল্লেখ কৰি কয় যে পিছত চিকিৎসকৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দিলীপক দণ্ডাধীশৰ নিৰ্দেশত বিশাখাপত্তনমৰ এটা মানসিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত থকা লোকজনক পোলুমতী দিলীপ বুলি চিনাক্ত কৰা হৈছে, আৰু তেওঁ মুছলমান সম্প্ৰদায়ৰ নহয়, বৰঞ্চ এজন অনুসূচিত জাতিৰ লোক। 

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।