মূল কংগোৰ কিভু হ্ৰদত সংঘটিত নাও দুৰ্ঘটনাৰ ভিডিঅ' গোৱাৰ বুলি শ্বেয়াৰ কৰা হৈছে

কংগোৰ কিভু হ্ৰদত সংঘটিত নাও দুৰ্ঘটনাৰ ভিডিঅ' গোৱাৰ বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: এনেট প্ৰীতি ফুৰ্টাডো

অক্টোবৰ 8 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
গোৱাত অত্যধিক যাত্ৰী কঢ়িওৱা নাও দুৰ্ঘটনাৰ ভিডিঅ’ বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট) গোৱাত অত্যধিক যাত্ৰী কঢ়িওৱা নাও দুৰ্ঘটনাৰ ভিডিঅ’ বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

এইটো গোৱাৰ ঘটনা নহয়, ভাইৰেল ভিডিঅ'টো'ত কংগো গণৰাজ্যত এখন যাত্ৰীবাহী নাও দুৰ্ঘটনাত পতিত হোৱাৰ দৃশ্য দেখা গৈছে।

কি দাবী কৰা হৈছে?

যাত্ৰীৰে ভৰি থকা এখন নীলা-বগা ৰঙৰ ফেৰী পানীত ডুবিবলৈ ধৰা এটা ৫৩ ছেকেণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে, একাধিক লোকে ভিডিঅ’টো ভাৰতৰ বুলি দাবী কৰি উক্ত নাও দুৰ্ঘটনাটো গোৱাত সংঘটিত হোৱা বুলি দাবী কৰিছে। 

এক্স (পূৰ্বৰ টুইটাৰ)-ত ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে কেপচনত লিখিছে, "আজি গোৱাত সংঘটিত দুৰ্ঘটনা: ২৩ টা মৃতদেহ উদ্ধাৰ, ৪০ গৰাকী লোকক উদ্ধাৰ, আৰু ৬৪ গৰাকী নিৰুদ্দেশ। মৰ্মান্তিক।" ফেচবুকতো একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব৷ অসময়ীতো একে দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰা এটা পোষ্ট ইয়াত আৰ্কাইভ কৰা হৈছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই ভিডিঅ'টো গোৱাৰ নহয়। ২০২৪ চনৰ ৩ অক্টোবৰত মধ্য আফ্ৰিকাৰ কংগো গণৰাজ্যত উক্ত নাও দুৰ্ঘটনাটো সংঘটিত হৈছিল।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি কংগোত সংঘটিত এক নাও দুৰ্ঘটনাৰ সম্পৰ্কীয় কেইবাটাও বাতৰি লাভ কৰোঁ। ২০২৪ চনৰ ৪ অক্টোবৰত চিজিটিএন আফ্ৰিকাই (ইয়াত আৰ্কাইভ কৰা হৈছে) আপলোড কৰা "কংগো গণৰাজ্যৰ কিভু হ্ৰদত নাও ডুবি অন্ততঃ ৭৮ জনৰ মৃত্যু আশংকা" শীৰ্ষক এটা ভিডিঅ’ প্ৰতিবেদনৰ ২৩-ৰ পৰা ৪২ ছেকেণ্ডৰ সময়খিনিত দুৰ্ঘটনাত পতিত নাওখনৰ সৈতে মিলা একেধৰণৰ ফুটেজ দখিবলৈ পোৱা যায়।

প্ৰতিবেদনটোত উল্লেখ কৰা মতে ৩ অক্টোবৰত ২৫০ জনতকৈ অধিক যাত্ৰী কঢ়িয়াই অনা এখন নাও লুটি খোৱাৰ ফলত কমেও ৭৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন একাধিক যাত্ৰীৰ এতিয়াও সন্ধানহীন হৈ আছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ফেৰীখনত মানুহৰ যথেষ্ট ভিৰ আছিল আৰু খুব জোৰেৰে অহা ঢৌৰ ফলত একাংশ যাত্ৰীয়ে পানীলৈ জপিয়াই দিছিল। 

জীৱিত অৱস্থাত উদ্ধাৰ কৰাসকলক ডি কেশ্বেৰো হাস্পতাললৈ লৈ যোৱা হয়। প্ৰতিবেদনটোত মধ্য আফ্ৰিকাত ফেৰীসমূহত অত্যধিক যাত্ৰী কঢ়িওৱা বিষয়টোক আলোকপাত কৰা হৈছে আৰু উল্লেখ কৰা হৈছে যে বৰ্তমান উক্ত দুৰ্ঘটনাৰ তদন্ত চলি আছে।

ইয়াৰ উপৰিও ৩ অক্টোবৰত প্ৰকাশিত আল জাজিৰাৰ এটা ভিডিঅ’ প্ৰতিবেদন (ইয়াত আৰ্কাইভ কৰা হৈছে) তথা এছ’চিয়েটেড প্ৰেছৰ আন এটা প্ৰতিবেদনৰ পৰা এয়া নিশ্চিত হোৱা যে উক্ত নাও দুৰ্ঘটনা পূব কংগোৰ কিভু হ্ৰদত সংঘটিত হৈছিল। গাৰ্ডিয়ানে উল্লেখ কৰিছে যে এম ভি মেৰ্ডি নামৰ জাহাজখনে মিনোভাৰ পৰা হ্ৰদটো পাৰ হৈ গোমাৰ ওচৰৰ কিটুকু বন্দৰত সোমাবলৈ লোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। 

তদুপৰি গোৱা আৰক্ষীয়েও ভিডিঅ’টো যে গোৱাৰ নহয় বৰঞ্চ কংগো গণৰাজ্যৰহে হয় সেই কথা স্পষ্ট কৰি দিছে। ৫ অক্টোবৰত গোৱা আৰক্ষীয়ে এক্সত ভাইৰেল ভিডিঅ’টো গোৱাৰ বুলি মিছাকৈ দাবী কৰা আন এটা এক্স পোষ্টৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) লিখিছিল, “অফিচিয়েল ক্লাৰিফিকেশন: ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত গোৱাৰ সমূদ্ৰপাৰৰ সমীপত এখন নাও দুৰ্ঘটনা হোৱা বুলি দাবী কৰা হৈছে। এইটো মিছা। আফ্ৰিকাৰ কংগোৰ গোমাত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। অনুগ্ৰহ কৰি আনভেৰিফাইড বাতৰি শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকক।”

ভাইৰেল ভিডিঅ’টো গোৱাৰ নহয় বুলি স্পষ্ট কৰি গোৱা আৰক্ষীয়ে দিয়া এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স)

ইয়াৰ উপৰি গোৱাৰ অ’হেৰাল্ডো গোৱা নামৰ এটা সংবাদ প্ৰতিষ্ঠানে (ইয়াত আৰ্কাইভ কৰা হৈছে) ভিডিঅ’টো ভুৱা বুলি নিশ্চিত কৰিছে। আনহাতে, গোৱাৰ বুলি মিছাকৈ দাবী কৰা ভাইৰেল ভিডিঅ’টোৰ বাহিৰে চলিত মাহত এইপৰ্যন্ত গোৱাত নাও দুৰ্ঘটনাৰ কোনোধৰণৰ খবৰ প্ৰকাশ পোৱা নাই।

সিদ্ধান্ত

একাধিক লোকে কংগোত সংঘটিত এক নাও দুৰ্ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰি গোৱাত এখন ফেৰী দুৰ্ঘটনাত পতিত হৈ বহু লোকৰ মৃত্যু হোৱা বুলি মিছাকৈ দাবী কৰিছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।