মূল গুৱাটেমালাৰ ভিডিঅ' ভাৰতৰ 'বিধ্বস্ত পথ'ৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

গুৱাটেমালাৰ ভিডিঅ' ভাৰতৰ 'বিধ্বস্ত পথ'ৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: উম্মে কুলচুম

ছেপ্তেম্বৰ 18 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
গুৱাটেমালাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত একাংশই ভাৰতৰ ৰাস্তাৰ দুৰৱস্থাৰ দৃশ্য বুলি দাবী কৰিছে। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) গুৱাটেমালাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত একাংশই ভাৰতৰ ৰাস্তাৰ দুৰৱস্থাৰ দৃশ্য বুলি দাবী কৰিছে। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো ভাৰতৰ ভিডিঅ' নহয়, ইয়াত গুৱাটেমালাৰ এটা ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য দেখা গৈছে।

কি দাবী কৰা হৈছে?

এটা পকী ৰাস্তাৰ ভাঙি থকা এটা সৰু অংশৰ পৰা ওপৰলৈ জোৰেৰে পানী ওলাই থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশই এইটো ভাৰতৰ এটা ৰাস্তা বুলি দাবী কৰি দেশৰ আন্তঃগাঁথনিৰ দুৰৱস্থাৰ বাবে  মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে।

কংগ্ৰেছ নেতা সুৰেন্দ্ৰ সিং ৰাজপুতে ভিডিঅ’টো শ্বেয়াৰ কৰি হিন্দী লিখিছে- "ৰাস্তা ভাঙি যোৱা উন্নয়নৰ বাবে আপোনাক জন্মদিনৰ শুভেচ্ছা মহাশয়।" ১৭ ছেপ্টেম্বৰ অৰ্থাৎ মোদীৰ জন্মদিনৰ দিনা এই দাবীটো কৰা হৈছিল। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত উপলব্ধ। ফেচবুকতো অসমীয়া ব্যৱহাৰকাৰীয়ে একেধৰণৰ ইংগিতেৰে ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এইটো ভাৰতৰ ভিডিঅ’ নহয়, গুৱাটেমালাৰহে ভিডিঅ’। 

আমি কি বিচাৰি পালোঁ

ভাইৰেল ভিডিঅ'টোত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি প্ৰেনছা লিব্ৰে নামৰ গুয়াটেমালাৰ এটা বাতৰি প্ৰতিষ্ঠানে ২০২৪ চনৰ ১২ ছেপ্টেম্বত প্ৰকাশ এটা প্ৰতিবেদন লাভ কৰোঁ। প্ৰতিবেদনটোত ভাইৰেল ভিডিঅ'টোৰ এখন কীফ্ৰেম থকাৰ লগতে গুৱাটেমালাৰ ভিলা নুৱেভা গাঁৱৰ সমীপৰ চিএ-৯ ৰাষ্ট্ৰীয় পথত থকা এটা ফাটৰ বৰ্ণনা দিয়া হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে ধাৰাসাৰ বৰষুণৰ ফলত ৰাস্তাটোৰ তলৰ এটা কালভাৰ্ট ভাঙি এই অৱস্থাৰ সৃষ্টি হৈছিল।

গুৱাটেমালাৰ আন এটা সংবাদ প্ৰতিষ্ঠান La Hora Gt-ৰ মতে ২০২৪ চনৰ ১২ ছেপ্টেম্বৰৰ সন্ধিয়া প্ৰচণ্ড বৰষুণৰ পিছতে উক্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

গুগল মেপ ব্যৱহাৰ কৰি আমি ভিডিঅ’টোৰ জিঅ’লোকেচন নিৰ্ণয় কৰিবলৈ সক্ষম হ’লো আৰু গুৱাটেমালাৰ ভিলা নুৱেভা গাঁৱৰ CA-9 পথত ভিডিঅ’টো লোৱা হৈছিল বুলি নিশ্চিত হ’লো, ইয়াৰ দ্বাৰা ভিডিঅ’টো ভাৰতৰ নহয় বুলি নিশ্চিত হোৱা যায়।

সিদ্ধান্ত

গুৱাটেমালাৰ এটা পথৰ পৰা পানী ওলাই থকা এটা ভিডিঅ’ ছ'চিয়েল মিডিয়াত ভাৰতত পথৰ দুৰৱস্থাৰ দৃশ্য বুলি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।