লেখক: তাহিল আলী
নৱেম্বৰ 15 2024
এই ছবিখন ডিজিটেলভাৱে সলনি কৰা হৈছে; ২০১৭ চনৰ মূল ফটোখনত উত্তৰ প্ৰদেশৰ ৰায় বৰেলীত ক্ৰছ নহয়, এক লকেট পিন্ধি প্ৰিয়ংকা গান্ধীক দেখা গৈছে।
দাবী কি?
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ দুখন ফটোৰ এক ক'লাজ গান্ধীয়ে নিৰ্বাচনৰ বতৰত ভোটাৰক সন্তুষ্ট কৰিবলৈ ইচ্ছাকৃতভাৱে বিভিন্ন অঞ্চলত বিভিন্ন ধৰ্মীয় প্ৰতীক পিন্ধিছে বুলি দাবীৰে ব্যাপকভাৱে প্ৰচাৰ হৈছে।
২০২৪ চনৰ ১৩ নৱেম্বৰ বুধবাৰে উপ-নিৰ্বাচনত ভোটদান হ’বলগীয়া কেৰালাৰ ৱায়ানাদ লোকসভা সমষ্টিত গান্ধীয়ে নিৰ্বাচনী পৰ্যায়ত আত্মপ্ৰকাশ কৰিছে।
প্ৰথম ফটোখনত গান্ধীয়ে হিন্দু ধৰ্মত প্ৰাৰ্থনাৰ বাবে ব্যৱহাৰ কৰা ‘ৰুদ্ৰাক্ষ’ মালা পিন্ধি থকা দেখা গৈছে। এই ফটোখনৰ তলত হিন্দুসকলৰ পবিত্ৰ স্থান "কাশী" (বাৰাণসী, উত্তৰ প্ৰদেশ) বুলি উল্লেখ কৰা হৈছে। দ্বিতীয়খন ফটোত তেওঁক এক খ্ৰীষ্টান ক্ৰছ পিন্ধা দেখা গৈছে আৰু ইয়াৰ তলত "কেৰালা" বুলি উল্লেখ কৰা হৈছে।
এজন এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে এই ক'লাজটো শ্বেয়াৰ কৰি কেপচন দিছে, "হিন্দুক কেনেকৈ বুৰ্বক বনাব? ইয়াত চাওক"। বাতৰি লিখাৰ সময়লৈকে এই পোষ্টটোৱে ১৯৬ হাজাৰৰো অধিক ভিউ আৰু ১৫ হাজাৰতকৈ অধিক লাইক লাভ কৰিছিল। একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।
ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা অনুৰূপ দাবীৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
তথ্যবোৰ কি কি?
খ্ৰীষ্টান ক্ৰছ পিন্ধা প্ৰিয়ংকা গান্ধীৰ ভাইৰেল ফটোখন ডিজিটেলভাৱে সলনি কৰা হৈছে। ২০১৭ চনত উত্তৰ প্ৰদেশৰ ৰায় বৰেলীত তোলা মূল ফটোখনত ক্ৰছটো দৃশ্যমান নহয় ।
ক্ৰছৰ সৈতে ফটো
ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ২০১৭ চনৰ ১৮ ফেব্ৰুৱাৰীত এনডিটিভিৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা ভাইৰেল ফটোখনৰ আনক্ৰপ কৰা সংস্কৰণটো পোৱা গ'ল। এই সংস্কৰণত গান্ধীয়ে ক্ৰছ নহয়, এক ৰূপৰ অভেল লকেটযুক্ত চেইন পিন্ধিছে। মূল ফটোখনত আঁৰত থিয় হৈ থকা লোকো দৃশ্যমান হৈছে, যি ভাইৰেল ছবিখনত আংশিকভাৱে ক্ৰপ আউট কৰা হৈছে।
২০১৭ চনৰ মূল ফটোখন আৰু ভাইৰেল ফটোখনৰ তুলনা। (উৎস: এনডিটিভি/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
গেট্টি ইমেজছেও একেখন ফটো, ফটোগ্ৰাফাৰ সঞ্জয় কানোজিয়া/এ এফ পিক ক্ৰেডিট দি প্ৰকাশ কৰিছিল। ২০১৭ চনৰ ১৭ ফেব্ৰুৱাৰীত ৰায় বাৰেলীত কংগ্ৰেছ প্ৰাৰ্থীক সমৰ্থন কৰি অনুষ্ঠিত হোৱা এক সমাৱেশৰ সময়ত লোৱা এই ছবিখন বিবিচি তামিল, নেচনেল হেৰাল্ড, দ্য নেচনেল, আৰু দ্য ইকনমিক টাইমছকে ধৰি অন্যান্য সংবাদ মাধ্যমেও ছবিখনৰ এই সংস্কৰণ প্ৰকাশ কৰিছিল।
'ৰুদ্ৰাক্ষ'ৰ সৈতে ফটো
ৰিভাৰ্ছ ইমেজ চাৰ্চৰ ফলত ২০১৯ চনৰ ২০ মাৰ্চত এবিপি নিউজৰ (ইয়াত আৰ্কাইভ কৰা) এটা ভিডিঅ’কে ধৰি একাধিক ভিডিঅ’ বিচাৰি পোৱা গ'ল, য'ত গান্ধীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত এক অনুষ্ঠানত ভাষণ দি থকাৰ সময়ত একেই ‘ৰুদ্ৰাক্ষ’ মালা পিন্ধি থকা দেখা গৈছে।
"প্ৰিয়ংকা গান্ধীৰ কংগ্ৰেছ সমৰ্থকক অনুশাসন বজাই ৰাখিবলৈ আহ্বান" শীৰ্ষক ভিডিঅ'টোত গান্ধীক ০:৩৮ আৰু ১:২৫ টাইমষ্টেম্পত দেখা গৈছে । ইয়াৰ উপৰিও ২০১৯ চনৰ মাৰ্চ মাহত বাৰাণসী ভ্ৰমণৰ সময়ত গান্ধীয়ে ‘ৰুদ্ৰাক্ষ’ৰ মালা পিন্ধা একেধৰণৰ কেইবাখনো ফটো গেট্টি ইমেজে প্ৰকাশ কৰিছিল ।
সিদ্ধান্ত
প্ৰিয়ংকা গান্ধীয়ে খ্ৰীষ্টান ক্ৰছ পিন্ধা ফটোখন ডিজিটেল ভাৱে সলনি কৰা হৈছে। ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশৰ ৰায় বৰেলীত তোলা মূল ফটোখন কেৰালাৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। ‘ৰুদ্ৰাক্ষ’ মালাৰ ছবিখন সঁচা হয় আৰু ২০১৯ চনত উত্তৰ প্ৰদেশৰ বাৰাণসীত এই ছবিখন তোলা হৈছিল।