লেখক: এনেট প্ৰীতি ফুৰ্টাডো
নৱেম্বৰ 12 2024
এনচিপি নেতা নবাব মালিকৰ শিৱাজী নগৰ ৰোড শ্ব'ত দেখা সেউজীয়া পতাকাখন পাকিস্তানৰ পতাকা নহয়, বৰঞ্চ এখন ইছলামিক পতাকাহে হয়।
কি দাবী কৰা হৈছে?
মহাৰাষ্ট্ৰৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুম্বাইত প্ৰাক্তন মন্ত্ৰী তথা এনচিপি নেতা নবাব মালিকৰ এক ৰোডশ্ব’ৰ সময়ত দেখিবলৈ পোৱা এখন সেউজীয়া পতাকাৰ ফটো পাকিস্তানী পতাকা বুলি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ফটোখন এক্সত শ্বেয়াৰ কৰি কেপচনত হিন্দীত লিখা হৈছে, “পিছফালে পাকিস্তানৰ পতাকা কিয় উৰোৱা হৈছে? বন্ধুসকল...” এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব৷
ভাইৰেল ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ইনষ্টাগ্ৰাম/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনক উদ্দেশ্যী উক্ত ৰোডশ্ব’ উলিওৱা হৈছিল, ২৩ নৱেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। মালিক হৈছে মনখুড়-শিৱাজী নগৰ সমষ্টিৰ এনচিপি প্ৰাৰ্থী, আনহাতে তেওঁৰ কন্যা ছানা মালিকে অনুশক্তিনগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।
অৱশ্যে আমাৰ অনুসন্ধানত দেখা গ’ল যে ফটোখনত দেখা পতাকাখন পাকিস্তানৰ পতাকা নহয় বৰঞ্চ এখন ইছলামিক পতাকাহে।
আমি কি বিচাৰি পালোঁ
ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ডেকান হেৰাল্ডে প্ৰকাশ কৰা “মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন ২০২৪ | অজিত পাৱাৰ।” শীৰ্ষক একেধৰণৰ এখন ফটো লাভ কৰিলোঁ, এই ফটোখনত ভাইৰেল ফটোখনত দেখাৰ দৰেই একে পোছাকত মালিক, তেওঁৰ কন্যা আৰু সহযোগীসকলক দেখা যায়। প্ৰতিবেদনটোৰ পৰা নিশ্চিত হোৱা যায় যে ২০২৪ চনৰ ৭ নৱেম্বৰত উপ-মুখ্যমন্ত্ৰী তথা এনচিপিৰ সভাপতি অজিত পাৱাৰে মালিক আৰু তেওঁৰ কন্যা ছানা মালিকৰ প্ৰচাৰ ৰোডশ্ব’ত অংশগ্ৰহণ কৰিছিল।
মালিকে তেওঁৰ শিৱাজী নগৰ ৰোডশ্ব’ৰ প্ৰচাৰ ফটো, ইয়াৰ ভিতৰত ভাইৰেল ফটোখনো আছে, এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) পোষ্ট কৰি কেপচনত লিখিছিল, “নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সভাপতি আৰু মহাৰাষ্ট্ৰৰ প্ৰিয় উপ-মুখ্যমন্ত্ৰী মাননীয় @ajitpawrspeaks দাদাৰ মনখুড় শিৱাজী নগৰ বিধানসভা সমষ্টিলৈ স্বাগতম।” মালিকৰ সৈতে প্ৰচাৰ চলোৱা অজিত পাৱাৰেও অনুষ্ঠানটোৰ ছবি এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰিছিল।
মালিকে পোষ্ট কৰা মূল ছবিখনত একেখন সেউজীয়া পতাকা দেখা যায়, ইয়াৰ পৰা বুজা যায় যে ফটোখন বিকৃত কৰা হোৱা নাই। কিন্তু ছ’চিয়েল মিডিয়াৰ পোষ্টত এই পতাকাখন পাকিস্তানৰ পতাকা বুলি ভুল কৰা হৈছে, আচলতে এইখন এখন ইছলামিক পতাকাহে।
পাকিস্তানৰ পতাকা আৰু ইছলামিক পতাকাৰ পাৰ্থক্য
ভাইৰেল সেউজীয়া পতাকাখনৰ মাজত এটা বগা অৰ্ধচন্দ্ৰ আৰু তৰাৰ লগতে ইয়াক আগুৰি সৰু সৰু তৰা আছে। ইয়াৰ বিপৰীতে পাকিস্তানৰ পতাকাত সেউজীয়া অংশটোৰ বাওঁফালে এক বগা থাকে, সেউজীয়া অংশটোত মাত্ৰ এটা অৰ্ধচন্দ্ৰ আৰু এটা তৰাহে আছে।
সেউজীয়া পতাকাখন আৰু ইছলামিক পতাকাক হাইলাইট কৰি দেখুওৱা ভাইৰেল ছবিখনৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
উক্ত পতাকাখনৰ বাওঁফালে বগা অংশটো নাই, ইয়াৰ দ্বাৰা স্পষ্টকৈ বুজায় যে এইখন পাকিস্তানৰ পতাকা নহয় বৰঞ্চ এখন ইছলামিক পতাকাহে।
ভাইৰেল ছবিখনত পতাকা, ইছলামিক পতাকা আৰু পাকিস্তানী পতাকাৰ তুলনা। (উৎস: এক্স/ব্ৰিটানিকা/ৱিকিমিডিয়া কমনছ)
ভাইৰেল ফটোখনত দেখা পতাকাখনৰ সৈতে মিলা এখন একেধৰণৰ ইছলামিক পতাকা ষ্টক ফটো চাইট আলামিত উপলব্ধ। এই ধৰণৰ পতাকা ই-কমাৰ্চ প্লেটফৰ্মসমূহত ঈদ মিলাদুন্নাবি উপলক্ষে ইছলামিক পতাকা হিচাপেও বিক্ৰী কৰা হয়।
ভাইৰেল ছবিখনত দেখাৰ দৰে একেধৰণৰ পতাকা ই-কমাৰ্চ প্লেটফৰ্মত উপলব্ধ, য’ত এইখনক ইছলামিক পতাকা হিচাপে উল্লেখ কৰা হৈছে। (উৎস: স্ক্ৰীণশ্বট/ ফ্লিপকাৰ্ট)
৭ নৱেম্বৰত শিৱাজী নগৰ আৰু মনখুড়ত অনুষ্ঠিত হোৱা ৰ’ডশ্ব’ৰ বাতৰিত কোনো ধৰণৰ পাকিস্তানী পতাকা প্ৰদৰ্শনৰ খবৰ প্ৰকাশ পোৱা নাই। ইন্টাৰনেটত প্ৰচাৰিত ছবিখনৰ বেকগ্ৰাউণ্ডত থকা এখন ইছলামিক পতাকাক মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ মাজত বিভ্ৰান্তিকৰ দাবীৰে প্ৰচাৰ কৰা হৈছে।
সিদ্ধান্ত
শিৱাজী নগৰত নবাব মালিক আৰু তেওঁৰ কন্যাৰ প্ৰচাৰ ৰোডশ্ব’ত দেখা পোৱা এখন সেউজীয়া পতাকা পাকিস্তানী পতাকা বুলি ভুলকৈ প্ৰচাৰ কৰা হৈছে। এইখন আচলতে এখন ইছলামিক পতাকাহে, আৰু পাকিস্তানৰ পতাকাৰ সৈতে এইখন একাধিক পাৰ্থক্য আছে।
(অনুবাদ: চন্দন বৰগোহাঁই)