লেখক: তাহিল আলী
নৱেম্বৰ 19 2024
ভিডিঅ'টোত পাটনাত অনুষ্ঠিত ‘পুষ্পা ২’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানৰ দৃশ্য দেখা গৈছে, এইটো মহাৰাষ্ট্ৰত মহা বিকাশ আঘাদিৰ নিৰ্বাচনী সমাৱেশৰ ভিডিঅ’ নহয়।
কি দাবী কৰা হৈছে?
মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স (বিকেচি)ত অনুষ্ঠিত মহা বিকাশ আঘাদি (এমভিএ)ৰ এখন সভাৰ দৃশ্য বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা ৪৫ ছেকেণ্ডৰ এটা বৃহৎ জনসমাগমৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে, মহা বিকাশ আঘাদি হৈছে ২০১৯ চনৰ মহাৰাষ্ট্ৰ বিধান সভা নিৰ্বাচনৰ পিছত গঠিত এক মিত্ৰজোঁট।
এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি মাৰাঠিত লিখিছে, “ চাওক বিকেচিত মহা বিকাশ আঘাদিৰ সভাত লাখ লাখ লোকৰ ভিৰ! মানুহে আস্থা আগবঢ়াইছে, একত্ৰিত হৈছে, আৰু মহাৰাষ্ট্ৰৰ উজ্জ্বল ভৱিষ্যতৰ দিশত এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে।”
আন এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, "মুম্বাইৰ বিকেচিত এমভিএ ৰেলীত মানুহৰ ভিৰ | ড্ৰোনেৰে ৰেকৰ্ড কৰা সভাৰ দৃশ্য।" এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত উপলব্ধ।
ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
২০ নৱেম্বৰত হ’বলগীয়া আগন্তুক মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই দাবী প্ৰচাৰ কৰা হৈছে, ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব।
অৱশ্যে আমাৰ অনুসন্ধানত দেখা গ’ল যে উক্ত ভিডিঅ’টোত আচলতে পাটনাৰ গান্ধী মৈদানত তেলেগু ভাষাৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’ৰ ট্ৰেইলাৰ মুকলি কৰা চাবলৈ অহা দৰ্শকৰ দৃশ্যহে দেখা গৈছে।
প্ৰকৃত তথ্য কি?
ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি একাধিক বাতৰি আৰু ভিডিঅ’ লাভ কৰোঁ যাৰ দ্বাৰা ক্লিপটোত অল্লু অৰ্জুন অভিনীত বোলছবি ‘পুষ্পা ২: দ্য ৰুল’ৰ ট্ৰেইলাৰ লঞ্চৰ দৃশ্য দেখা গৈছে বুলি নিশ্চিত হোৱা যায়।
চলচ্চিত্ৰ প্ৰচাৰ সংস্থা YouWe Media-এ যোৱা ১৭ নৱেম্বৰত লাইভ ষ্ট্ৰীম কৰা ‘‘পুষ্পা ২- দ্য ৰুল মেছিভ ট্ৰেইলাৰ লঞ্চ ইভেন্ট লাইভ’’ শীৰ্ষক এটা ইউটিউব ভিডিঅ'ৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) সৈতে ভাইৰেল ভিডিঅ’টোত একেধৰণৰ দৃশ্য দেখা যায়, যাৰ এইটো একেটা অনুষ্ঠান বুলি নিশ্চিত হোৱা যায়।
ভাইৰেল ভিডিঅ’টোৰ প্ৰথম ৮ ছেকেণ্ড YouWe Media-এ আপলোড কৰা ভিডিঅ’টোৰ ৫:২৫-ৰ পৰা ৫:৩৩ টাইমষ্টেম্পত দেখা যায়, য’ত একাধিক মানুক টাৱাৰ সদৃশ ওখ খুঁটাত বগোৱা দেখা যায়।
পাটনাত অনুষ্ঠিত ট্ৰেইলাৰ মুকলি অনুষ্ঠানৰ লাইভ ষ্ট্ৰীম ভিডিঅ’ৰ সৈতে ভাইৰেল ভিডিঅ’টোৰ সৈতে তুলনা। (উৎস: ইউটিউব/ইউৱি মিডিয়া/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
ইয়াৰ উপৰিও ভাইৰেল ভিডিঅ'টোৰ ৯ৰ পৰা ২৩ ছেকেণ্ডত কেমেৰাটো ভেন্যুৰ পিছফালৰ পৰা সন্মুখৰ ফালে গতি কৰে, য'ত মাজত থকা ডাঙৰ পৰ্দাত বগা আখৰেৰে "ইণ্ডিয়া’জ নম্বৰ ১" বুলি লিখা আছে। একেটা দৃশ্য ইউটিউব ভিডিঅ’টোৰ ৬:৪৪ আৰু ৬:৫৪ টাইমষ্টেম্পত দেখা যায়।
পাটনাত অনুষ্ঠিত ট্ৰেইলাৰ মুকলি অনুষ্ঠানৰ লাইভ ষ্ট্ৰীম ভিডিঅ’ৰ সৈতে ভাইৰেল ভিডিঅ’টোৰ সৈতে তুলনা। (উৎস: ইউটিউব/ইউৱি মিডিয়া/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
ভাইৰেল ভিডিঅ’টোৰ ২৩ ছেকেণ্ডৰ পিছৰ দৃশ্যখিনি ইউটিউব ভিডিঅ’টোৰ ৭:৪৬-৭:৫২ আৰু ৮:১৭-৮:৩০ টাইমষ্টেম্পৰ সৈতে সম্পূৰ্ণ মিলে।
তদুপৰি YouWe Media-ৰ ভিডিঅ’টোৰ আৰম্ভণিতে এংকৰজনে হিন্দীত কোৱা শুনা যায়, “পুষ্পা জীয়াই আছে আৰু আজিৰ নিশা ইয়াত পাটনাত আছে।” ভিডিঅ’টোত ‘পুষ্পা ২’ ষ্টীকাৰ দেখা যায় য’ত লিখা আছে “ট্ৰেইলাৰ লঞ্চ ইভেণ্ট”।
ইয়াৰ দ্বাৰা নিশ্চিত হোৱা যায় যে ভাইৰেল ভিডিঅ’টোত বিকেচিত এমভিএৰ সভা বা মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ সৈতে জড়িত কোনো ৰাজনৈতিক সমাৱেশৰ দৃশ্য দেখুওৱা হোৱা নাই, বৰঞ্চ ‘পুষ্পা ২’ বোলছবিৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানহে দেখা গৈছে।
দ্য ইণ্ডিয়ান এক্সপ্ৰেছ আৰু ইণ্ডিয়া টুডে (ইয়াত আৰ্কাইভ কৰা হৈছে) কে ধৰি একাধিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পৰা এই কথা অধিক নিশ্চিত হোৱা যায়, য'ত 'পুষ্পা ২' ট্ৰেইলাৰ মুকলি অনুষ্ঠানৰ একেধৰণৰ ভিজুৱেল সন্নিবিষ্ট কৰা হৈছে। এই বাতৰিসমূহত পাটনাৰ গান্ধী মৈদানত উক্ত অনুষ্ঠান অনুষ্ঠিত হৈছিল বুলি কোৱা হৈছে।
সিদ্ধান্ত
ভাইৰেল ভিডিঅ’টোত পাটনাত অল্লু অৰ্জুন অভিনীত ‘পুষ্পা ২: দ্য ৰুল’ নামৰ ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ দৃশ্য দেখুওৱা হৈছে। ইয়াৰ সৈতে মহাৰাষ্ট্ৰত এমভিএ বা কোনো ৰাজনৈতিক দলৰ সমাৱেশৰ কোনো সম্পৰ্ক নাই।
(অনুবাদ: চন্দন বৰগোহাঁই)