মূল ট্ৰাম্পৰ বিজয়ী ভাষণৰ সময়ত ‘মোডী-মোডী’ হৰ্ষধ্বনি দিয়া বুলি মিছা দাবী ভাইৰেল

ট্ৰাম্পৰ বিজয়ী ভাষণৰ সময়ত ‘মোডী-মোডী’ হৰ্ষধ্বনি দিয়া বুলি মিছা দাবী ভাইৰেল

লেখক: ঈশিতা গোৱেল জে

নৱেম্বৰ 8 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ট্ৰাম্পৰ বিজয় ভাষণৰ সময়ত ‘মোডী, মোডী’ ধ্বনি দিয়া বুলি মিছাকৈ দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ট্ৰাম্পৰ বিজয় ভাষণৰ সময়ত ‘মোডী, মোডী’ ধ্বনি দিয়া বুলি মিছাকৈ দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ট্ৰাম্পে ৰবাৰ্ট এফ কেনেডি জুনিয়ৰৰ কথা কোৱাৰ সময়ত সমৰ্থকসকলে 'ববি, ববি' বুলি চিঞৰিছিল, ববি হৈছে ৰবাৰ্ট এফ কেনেডি জুনিয়ৰৰ উপনাম।

২০২৪ চনৰ ৬ নৱেম্বৰত ড’নাল্ড জে ট্ৰাম্পে ডেম’ক্ৰেটিক দলৰ কমলা হেৰিছক পৰাস্ত কৰি আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ফ্ল’ৰিডাৰ ৱেষ্ট পাম বীচত ট্ৰাম্পে নিৰ্বাচনত জয়লাভৰ পিছত এক নৈশ পাৰ্টি আয়োজন কৰিছিল আৰু বিজয়ী ভাষণ প্ৰদান কৰিছিল।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত ট্ৰাম্পে তেওঁৰ সমৰ্থত তথা আমেৰিকাৰ নাগৰিকক উদ্দেশ্যী দিয়া ভাষণৰ এটা ভিডিঅ’ ক্লিপ যথেষ্ট ভাইৰেল হৈ পৰিছে, ক্লিপটো শ্বেয়াৰ কৰি বহুতেই দাবী কৰিছে যে ট্ৰাম্পৰ ভাষণৰ সময়ত তাত উপস্থিত লোকসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমৰ্থনত “মোডী, মোডী” বুলি হৰ্ষধ্বনি দিছিল। 

ক্লিপটোত ট্ৰাম্পে কয়, “আমেৰিকাক আকৌ সুস্থ কৰি তোলক।” উত্তৰত সমৰ্থকসকলে “ববি, ববি” বুলি চিঞৰে, তাৰ পিছত ট্ৰাম্পে পুনৰ কয়, “তেওঁ এজন ডাঙৰ মানুহ, আৰু তেওঁ কিছুমান কাম কৰিব বিচাৰে, আৰু আমি তেওঁক সেইবোৰ কৰিবলৈ দিম।” কিন্তু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখে, “ট্ৰাম্পৰ বিজয়ী ভাষণৰ সময়ত মোডী মোডী হৰ্ষধ্বনি,” আৰু “মোডী মোডী হৰ্ষধ্বনি শুনি মিষ্টাৰ #ট্ৰাম্পৰ মৰমলগা হাঁহিটো চাওক... মোডী-ট্ৰাম্পৰ বান্ধোনে কেৱল ভাৰত-আমেৰিকাৰ সম্পৰ্কক  অধিক টনকিয়াল কৰায়ে নহয় দুয়োখন দেশৰ বিৰোধীৰ বাবে এক শিক্ষাও হ’ব।” 

এজন ব্যৱহাৰকাৰীয়ে “ড’নাল্ড ট্ৰাম্প বিজয়ী মোডীৰ হৰ্ষধ্বনি” শীৰ্ষক শিৰোনামেৰে ক্লিপটো ইউটিউবত আপলোড কৰে। এনে দাবীৰ একাধিক আৰ্কাইভ কৰা পোষ্ট ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত উপলব্ধ।

ভগৱান দাস, জিতু জিৰাতি, আৰু বিভিন ভাস্কৰণ আদি ভাৰতীয় জনতা পাৰ্টিৰ একাধিক নেতায়ো একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰিছিল, তেওঁলোকৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।


 ভাইৰেল ছচিয়েল মিডিয়াত পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ইউটিউব/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উল্লেখযোগ্য যে বুধবাৰে ট্ৰাম্পক বিজয়ৰ অভিনন্দন জনোৱা বিশ্বৰ নেতাসকলৰ ভিতৰত নৰেন্দ্ৰ মোডী হৈছে অন্যতম প্ৰথমগৰাকী নেতা, ট্ৰাম্পক অভিনন্দন জনাই তেওঁ অনাগত দিনত দুয়োখন দেশৰ মাজত অধিক সহযোগিতাৰ বাবে আশাবাদী বুলি কৈছিল।একাধিক প্ৰতিবেদনত ট্ৰাম্প আৰু মোডীৰ মাজত থকা দৃঢ় সম্পৰ্ক তথা কূটনৈতিক সহযোগিতাক আলোকপাত কৰা হৈছে। 

অৱশ্যে আমাৰ অনুসন্ধানত নিশ্চিত হোৱা যায় যে ট্ৰাম্পৰ ভাষণৰ সময়ত সমৰ্থকসকলে ৰবাৰ্ট এফ কেনেডি জুনিয়ৰক উদ্দেশ্যী “ববি, ববি” বুলিহে চিঞৰিছিল, “মোডী, মোডী’’ বুলি কোৱা নাছিল।

প্ৰকৃত তথ্য কি?

কিছুমান পোষ্টত আমি পিবিএছ নিউজৰ ল'গ'টো দেখা পাওঁ, যাৰ দ্বাৰা আমি ৬ নৱেম্বৰত ইউটিউবত পিবিএছ নিউজআৱাৰে পোষ্ট কৰা ভিডিঅ'টোৰ এটা দীঘলীয়া সংস্কৰণ (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। "ফ্লৰিডাৰ ৱেষ্ট পাম বীচত ট্ৰাম্পে নিৰ্বাচনী নিশাৰ পাৰ্টি আয়োজন কৰে।" শীৰ্ষক ভিডিঅ’টোৰ ৭:৫২:১৪ টাইমষ্টেম্পত ভাইৰেল ক্লিপটো আৰম্ভ হয়। 

এই অংশটোত ট্ৰাম্পে কেনেডীৰ কথা উল্লেখ কৰি কয়, “এই মহান লোকসকলকলৈ মই মাত্ৰ ক’ব বিচাৰো যে—এইসকল কঠোৰ পৰিশ্ৰমী মানুহ, এইসকল অতি ভাল মানুহ—আমি ৰবাৰ্ট এফ কেনেডি জুনিয়ৰৰ দৰে আৰু কেইজনমানৰ নাম যোগ কৰিব পাৰো। আৰু তেওঁ আমেৰিকাক পুনৰ সুস্থ কৰি তোলাত সহযোগ কৰিব।” 

ইয়াৰ পিছত সমৰ্থকসকলে “ববি, ববি” বুলি ধ্বনি দিয়ে। ট্ৰাম্পে আৰু কয়, “তেওঁ এজন ডাঙৰ মানুহ, আৰু তেওঁ কিবা এটা কৰিব বিচাৰে, আৰু আমি তেওঁক সেই কাম কৰিবলৈ দিম। মই মাত্ৰ কওঁ, ববি, তেল মোৰ ওপৰত এৰি দিয়া, আমাৰ ওচৰত লিকুইড গোল্ড তেল আৰু গেছ বেছি আছে, আমাৰ হাতত পৃথিৱীৰ যিকোনো দেশতকৈ বেছি লিকুইড গোল্ড আছে, চৌদি আৰবতকৈও বেছি।”

ফুটেজটোৰ পৰা এইটো স্পষ্ট হয় যে এই তাত থকা লোকসকলে কেনেডীক উদ্দেশ্যীহে “ববি” বুলি চিঞৰিছিল।

ৱাল ষ্ট্ৰীট জাৰ্নেলেও ভিডিঅ'টো (ইয়াত আৰ্কাইভ কৰা হৈছে) ইউটিউবত পোষ্ট কৰিছিল, য'ত ১৯:৩৩ টাইমষ্টেম্পত একেধৰণৰ ফুটেজ দেখা যায়। গাৰ্ডিয়ান আৰু  টাইম আদি একাধিক সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ট্ৰাম্পে কেনেডীৰ “আমেৰিকাক পুনৰ সুস্থ কৰি তোলা”ৰ প্ৰতিজ্ঞাক প্ৰশংসা কৰাৰ পিছতে ৰাইজে “ববি, ববি” ধ্বনি দিছিল।

সিদ্ধান্ত

ড’নাল্ড ট্ৰাম্পে ৰবাৰ্ট এফ কেনেডি জুনিয়ৰক সম্বোধন কৰোঁতে তেওঁৰ সম্পৰ্থসকলে “ববি, ববি” বুলি চিঞৰিছিল। ছ’চিয়েল মিডিয়াত ফুটেজটো শ্বেয়াৰ কৰি ট্ৰাম্পৰ ভাষণৰ সময়ত “মোডী, মোডী” হৰ্ষধ্বনি দিয়া হৈছিল বুলি মিছা দাবী কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।