মূল বাংলাদেশ ছাত্ৰ লীগৰ ২০২৩ চনৰ ভিডিঅ দেশখনত 'হিন্দুৰ জাগৰণ' হিচাপে শ্বেয়াৰ কৰা হৈছে

বাংলাদেশ ছাত্ৰ লীগৰ ২০২৩ চনৰ ভিডিঅ দেশখনত 'হিন্দুৰ জাগৰণ' হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: ভনীতা গণেশ

আগষ্ট 13 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বাংলাদেশ ছাত্ৰ লীগৰ ২০২৩ চনৰ ভিডিঅ দেশখনত 'হিন্দুৰ জাগৰণ' হিচাপে শ্বেয়াৰ কৰা হৈছে ২০২৩ চনৰ এটা ভিডিঅ’ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সৈতে সাঙুৰি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

বিভ্ৰান্তিকৰ

এইটো বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ ভিডিঅ' নহয়। ইয়াত আৱামী লীগৰ ছাত্ৰ সংগঠন ছাত্ৰ লীগে ২০২৩ চনত উলিওৱা এটা সমদল দেখা গৈছে।

কি দাবী কৰা হৈছে?

এটা ৩৯ ছেকেণ্ডৰ ভিডিঅ’ ইন্টাৰনেটত শ্বেয়াৰ কৰি ইয়াত বাংলাদেশৰ হিন্দুসকলে দেশখনত চলা শেহতীয়া সাম্প্ৰদায়িক হিংসাৰ প্ৰতিবাদ কৰা দেখা গৈছে বুলি দাবী কৰা হৈছে। বাংলাদেশত সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতাত আৰম্ভ হোৱা ছাত্ৰ আন্দোলনে শ্বেখ হাছিনাৰ চৰকাৰৰ পতন ঘটালে যদিও দেশখনত এতিয়াও ৰাজনৈতিক অস্থিৰতা তথা হিংসাই বিৰাজ কৰি আছে।

এক্স (পূৰ্বৰ টুইটাৰ)ত এগৰাকী ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি হিন্দী কেপচনত লিখিছে: “ঢাকাৰ ৰাজপথত গেৰুৱাৰ ঢল... বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত বাংলাদেশী হিন্দুসকল ৰাজপথলৈ ওলাই আহিছে (sic)।” #HinduLivesMatter হেচটেগ ব্যৱহাৰ কৰা এই পোষ্টটোৱে ৩ হাজাৰৰো অধিক বাৰ শ্বেয়াৰ আৰু প্ৰায় ১ লাখ ১৬ হাজাৰ ভিউ লাভ কৰিছিল। একে ধৰণৰ দাবীৰে কৰা পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। অসমীয়াতো একেধৰণৰ দাবীৰে ফেচবুকত শ্বেয়াৰ কৰা এটা পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, ভাইৰেল ভিডিঅ’টো ২০২৩ চনৰ হয় আৰু ইয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ কাৰ্যকালত শাসকীয় আৱামি লীগৰ ছাত্ৰ শাখা বাংলাদেশ ছাত্ৰ লীগ (বিচিএল)ৰ উদ্যোগত আয়োজিত এক সমাৱেশ দেখা গৈছে।

আমি কি বিচাৰি পালোঁ? 

ভিডিঅ’টোত ৰেলীটোৰ সন্মুখত দেখা পোৱা পোষ্টাৰখনত লিখা বাংলা শ্লোগানৰ অনুবাদ হৈছে “ছাত্ৰ সমাৱেশ সফল হওক।”

এই তথ্য আৰু ভিডিঅ'টোৰ কীফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি বাংলাদেশৰ নিউজ পৰ্টেল চেনেল২৪-এ ২০২৩ চনৰ ১ ছেপ্টেম্বৰত আপলোড কৰা এটা ভিডিঅ' (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। “বিচিএলৰ সমাৱেশত নেতা আৰু কৰ্মীৰ বিশাল শোভাযাত্ৰা” শীৰ্ষক এই ভিডিঅ’টো ভাইৰেল ফুটেজটোৰ সৈতে মিলে।

ৰেলীটোৰ এটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট। (উৎস: চেনেল২৪)

গুগলত “BCL rally” বুলি চাৰ্চ কৰাত আমি বাংলাদেশ ছাত্ৰ লীগৰ ফেচবুক পেজত শ্বেয়াৰ কৰা এটা পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ সৈতে সাদৃশ্য থকা ফটো দেখিবলৈ পোৱা যায়। পোষ্টটোৰ বাংলা কেপচনত লিখা আছে- “বাংলাদেশ ছাত্ৰ লীগে আয়োজন কৰা ‘জাতিৰ পিতৃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান আৰু বংগমাতা শ্বেখ ফাজিলাতুন নেচা মুজিব’ৰ স্মৃতিত বিশাল ছাত্ৰ সমাৱেশত গাফৰগাঁও উপজিলা ছাত্ৰ লীগ আৰু পৌৰ ছাত্ৰ লীগ।”

২০২৩ চনৰ ছেপ্টেম্বৰত ফাহমি গুলাণ্ডাজ বাবেলৰ আন এটা ফেচবুক পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) একেখিনি ফটো আৰু কেপচন আছে। বাবেলৰ প্ৰফাইলত তেওঁ বাংলাদেশৰ সাংসদ বুলি কৰা আছে।

এই তথ্য ব্যৱহাৰ কৰি আমি ২০২৩ চনৰ ১ ছেপ্টেম্বৰত ঢাকা ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদন লাভ কৰোঁ। প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে ঢাকাৰ চুহৰাৱাৰ্ডি উদ্যানত ছাত্ৰ লীগে অনুষ্ঠিত কৰা এই সমাৱেশত প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাই ভাষণ দিছিল। ‘জাতিৰ পিতা’ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান আৰু বংগমাতা শ্বেখ ফাজিলাটুন্নেছা মুজিবক সন্মান জনোৱাৰ উদ্দেশ্যে এই সমাৱেশৰ আয়োজন কৰা হৈছিল।

ফাইনেন্সিয়েল এক্সপ্ৰেছ, নিউএ’জ, আৰু সংবাদ সংস্থা বি এছ এছকে ধৰি একাধিক সংবাদ মাধ্যমে এই সমাৱেশৰ বাতৰি পৰিৱেশন কৰিছিল।

গুগল ষ্ট্ৰীট ভিউ ব্যৱহাৰ কৰি আমি উক্ত ৰেলীটো কাজী নাজৰুল ইছলাম এভিনিউ হৈ পাৰ হৈ গৈছিল বুলি নিশ্চিত হ’লো। ষ্ট্ৰীট ভিউত দেখা পোৱা বিল্ডিংসমূহৰ ভাইৰেল ভিডিঅ’টোত দেখা পোৱা বিল্ডিংসমূহৰ সৈতে মিল আছে।

গুগল ষ্ট্ৰীট ভিউ আৰু ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/ গুগল ষ্ট্ৰীট ভিউ) 

বাংলাদেশৰ শেহতীয়া পৰিস্থিতি

২০২৪ চনৰ ৮ আগষ্টত নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে শপত গ্ৰহণ কৰে।

১৯৭১ চনৰ স্বাধীনতা যুদ্ধৰ মুক্তিযোদ্ধাসকলৰ বংশধৰসকলৰ বাবে ৩০ শতাংশ চাকৰিৰ কোটাক লৈ ২০২৪ চনৰ জুন মাহত আৰম্ভ হোৱা প্ৰতিবাদৰ মাজতে যোৱা ৫ আগষ্টত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশ এৰি পলায়ন কৰে। চৰকাৰ বিৰোধী আন্দোলনলৈ পৰিণত হোৱা এই প্ৰতিবাদত ৪৫০-তকৈ অধিক লোকৰ মৃত্যু হৈছে। 

সিদ্ধান্ত

২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা ইণ্টাৰনেটত উপলব্ধ এই ভিডিঅ’টোৰ বাংলাদেশত চলি থকা শেহতীয়া পৰিস্থিতিৰ সৈতে কোনো সম্পৰ্ক নাই। ইয়াত শ্বেখ মুজিবুৰ ৰহমান আৰু বংগমাতা শ্বেখ ফাজিলাতুন নেচা মুজিবৰ স্মৃতিত ছাত্ৰ লীগে আয়োজন কৰা ছাত্ৰ সমাৱেশৰ দৃশ্য দেখা গৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।