মূল গুজৰাটৰ ষ্টেচু অৱ ইউনিটিত ফাট মেলা বুলি পুৰণি ফটো শ্বেয়াৰ কৰা হৈছে

গুজৰাটৰ ষ্টেচু অৱ ইউনিটিত ফাট মেলা বুলি পুৰণি ফটো শ্বেয়াৰ কৰা হৈছে

লেখক: ৰজনী কে জি

ছেপ্তেম্বৰ 11 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ষ্টেচু অৱ ইউনিটিত শেহতীয়াকৈ ফাট ওলোৱা দৃশ্য হিচাপে প্ৰচাৰিত পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ষ্টেচু অৱ ইউনিটিত শেহতীয়াকৈ ফাট ওলোৱা দৃশ্য হিচাপে প্ৰচাৰিত পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইখন এতিয়াৰ ফটো নহয়, ২০১৮ চনত ষ্টেচু অৱ ইউনিটিৰ নিৰ্মাণকাৰ্য চলি সময়তে তোলা ফটো হয়।

কি দাবী কৰা হৈছে?

গুজৰাটৰ ষ্টেচু অৱ ইউনিটিৰ তলৰ অংশত নিৰ্মাণকাৰ্য চলি থকা দেখুওৱা এখন ফটো শ্বেয়াৰ কৰি একাধিক লোকে ছ’চিয়েল মিডিয়াত মূৰ্তিটোত ফাট মেলা বুলি দাবী কৰাৰ লগতে যিকোনো সময়তে এইটো খহি পৰিব পাৰে বুলি উল্লেখ কৰিছে। স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত গুজৰাটৰ নৰ্মদা নদীৰ পাৰত ষ্টেচু অৱ ইউনিটি নিৰ্মণ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ ৩১ অক্টোবৰত এই প্ৰতিমূৰ্তি উদ্বোধন কৰিছিল। 

এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ফটোখন শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) কেপচনত লিখিছে: "যিকোনো সময়তে ভাঙি পৰিব পাৰে। ফাট ওলাবলৈ আৰম্ভ কৰিছে (হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)।" পোষ্টটোত ষ্টেচু অৱ ইউনিটিৰ দুখন ফটো আছে; এখনত মূৰ্তিটোৰ এৰিয়েল ভিউ দেখুওৱা হৈছে, আৰু আনখনত মূৰ্তিটোৰ ভৰিৰ ওচৰত নিৰ্মাণৰ দৃশ্য দেখুওৱা হৈছে। এই ফেক্ট-চেকটো লিখাৰ সময়লৈকে পোষ্টটোৱে ৮৪০০ লাইক আৰু ২১০০ ৰিপোষ্ট লাভ কৰিছে। একে ধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব। একেধৰণৰ দাবীৰে এগৰাকী অসমীয়া ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন শ্বেয়াৰ কৰিছে, ইয়াত আৰ্কাইভ কৰা হৈছে।

ছচিয়েল মিডিয়াত প্ৰচাৰিত পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবীটো মিছা। এইখন ফটো মূৰ্তিটো উদ্বোধনৰ পূৰ্বে ইয়াৰ নিৰ্মাণকাৰ্য চলি থকা সময়ৰ হয়।

প্ৰকৃত তথ্য

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০১৮ চনৰ ৩১ অক্টোবৰত নিউয়ৰ্ক টাইমছত প্ৰকাশিত এটা প্ৰতিবেদনত এখন একেধৰণৰ ফটো লাভ কৰোঁ। এই ফটোখনৰ কৃতিত্ব ইউৰোপৰ প্ৰেছফটো এজেন্সীৰ (ইপিএ)ৰ ফটোগ্ৰাফাৰ দিব্যকান্ত সোলংকিক দিয়া হৈছে।

আমি সোলাংকিয়ে কেমেৰাত বন্দী কৰা মূল ফটোখন ইপিএ ইমেজ-ৰ ৱেবছাইটত লাভ কৰোঁ, তাৰিখ ১৮ অক্টোবৰ, ২০১৮। ফটোখনৰ বিৱৰণত লিখা আছে, "২০১৮ চনৰ ১৮ অক্টোবৰত ভাৰতৰ আহমেদাবাদৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত কেভাদিয়াত চৰ্দাৰ বল্লভভাই পেটেলক চিত্ৰায়ন কৰা "ষ্টেচু অৱ ইউনিটি"ৰ নিৰ্মাণ স্থানত ভাৰতীয় শ্ৰমিকসকল।’’

ষ্টেচু অৱ ইউনিটিৰ ফটোৰ স্ক্ৰীণশ্বট। (উৎস: ইপিএ)

দ্য এলএ টাইমছ আৰু বিবিচি  নিউজ হিন্দীয়ে একেখন ছবি প্ৰকাশ কৰি ইপিএক কৃতিত্ব দিছিল।

ভাইৰেল ফটোখনত দেখা গৈছে যে শ্ৰমিকসকলে উদ্বোধনৰ পূৰ্বে একেবাৰে শেষৰ কামখিনি কৰি মূৰ্তিটোৰ ভৰিৰ অংশখিনি নিজ নিজ স্থানত ৰাখিছে। ইণ্ডিয়া টুডেৰ ভিডিঅ’ প্ৰতিবেদনত ২০১৮ চনত উদ্বোধনৰ দিনটোত ভৰিৰ কোনো ফাট দেখা পোৱা নাযায়। তদুপৰি যোৱা আগষ্টত ষ্টেচু অৱ ইউনিটিৰ ভেৰিফাইড ফেচবুক একাউণ্টত এখন শেহতীয়া ফটো শ্বেয়াৰ কৰা হৈছিল য’তলমূৰ্তিটোত কোনোধৰণৰ ফাট ওলোৱা দেখিবলৈ পোৱা নাযায়। 

২০২৪ চনৰ ২৬ আগষ্টত ধাৰাসাৰ বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গ জিলাৰ ৰাজকোট দুৰ্গত অৱস্থিত মাৰাঠা শাসক ছত্ৰপতি শিৱাজীৰ প্ৰতিমূৰ্তি ভাঙি পৰাৰ পিছতে এই দাবীটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৪ ডিচেম্বৰত ৩৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উদ্বোধন কৰিছিল। ভাৰতীয় নৌসেনা আৰু কাৰিকৰী বিশেষজ্ঞসকলে ঘটনাৰ তদন্ত কৰি আছে। দ্য হিন্দুত প্ৰকাশিত বাতৰি অনুসৰি, ভাস্কৰ্যশিল্পী তথা ঠিকাদাৰ জয়দীপ আপ্তেক গ্ৰেপ্তাৰ কৰা হৈছে।

সিদ্ধান্ত

২০১৮ চনত ষ্টেচু অৱ ইউনিটিৰ নিৰ্মাণ চলি থকা সময়ত বন্দী কৰা এখন ফটো, মূৰ্তিটোত শেহতীয়াকৈ ফাট ওলোৱা দৃশ্য বুলি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।