মূল নেটফ্লিক্স ছিৰিজ 'IC 814'ত অপহৰণকাৰীক ‘হিন্দু’ সজাবলৈ তেওঁলোকৰ নাম বদলোৱা নাই

নেটফ্লিক্স ছিৰিজ 'IC 814'ত অপহৰণকাৰীক ‘হিন্দু’ সজাবলৈ তেওঁলোকৰ নাম বদলোৱা নাই

লেখক: প্ৰভানু দাস

ছেপ্তেম্বৰ 3 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
নেটফ্লিক্সৰ ছিৰিজত বিমান অপহৰণকাৰীৰ নাম সলাই হিন্দু সজোৱা হৈছে বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) নেটফ্লিক্সৰ ছিৰিজত বিমান অপহৰণকাৰীৰ নাম সলাই হিন্দু সজোৱা হৈছে বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

আক্ৰমণৰ সময়ত অপহৰণকাৰীয়ে তেওঁলোকৰ প্ৰকৃত নাম ব্যৱহাৰ কৰা নাছিল; ৱেব ছিৰিজখনত দেখুওৱা নামবোৰ অপহৰণৰ সময়ত ব্যৱহৃত ক'ডনেম বা ছদ্মনাম।

কি দাবী কৰা হৈছে?

নেটফ্লিক্সৰ ৱেব ছিৰিজ "আই চি ৮১৪: দ্য কাণ্ডাহাৰ হাইজেক"ত অপহৰণকাৰীসকলৰ প্ৰকৃত নাম সলনি কৰি তেওঁলোকক ‘হিন্দু’ সজোৱাৰ অপচেষ্টা কৰা হৈছে বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত একাধিক পোষ্ট শ্বেয়াৰ কৰা হৈছে। উক্ত পোষ্টসমূহত অপহৰণকাৰীসকলৰ নাম "ইব্ৰাহিম আখতাৰ, শ্বাহিদ আখতাৰ ছাইদ, ছানী আহমেদ কাজী, জাহুৰ মিষ্ট্ৰী, আৰু ছাকিৰ" বুলি উল্লেখ কৰি ৱেব ছিৰিজখনত এই নামসমূহ সলনি কৰি ‘‘হিন্দু নাম’’ ‘‘ভোলা, শংকৰ, বাৰ্গাৰ আৰু ডাক্তৰ’’ ৰখা হৈছে বুলি কোৱা হৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। 

ভাইৰেল ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একেধৰণৰ দাবীৰে অসমীয়াতো ফেচবুকত পোষ্ট দিয়া হৈছে, এনে এটা পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) লিখিছে, ‘‘কান্দাহাৰ বিমানখন অপহৰণ কৰা সন্ত্ৰাসবাদী সকলোৰ নাম আছিল ইব্ৰাহিম আখতাৰ, ছাকিৰ, জাহুৰ মিষ্ট্ৰী, আহমেদ আৰু শ্বাহিদ আখতাৰ, কিন্তু অনুভৱ সিনহাই তেওঁৰ ৱেব ছিৰিজ IC814'ত সন্ত্ৰাসবাদীৰ নাম ৰাখিছে ভোলা আৰু শংকৰ বুলি.... I s I'য়ে বলীউডক নিজৰ যেন ঘৈণী বনাই লৈছে যি কৰিলেও সিহঁতৰ নাম লবলৈ হি** বোৰৰ সাহস নাই। সনাতন ধৰ্মৰ আটাইতকৈ ডাঙৰ শত্ৰু বৰ্তমান বলীউড। ৱেব চিৰিজ খনত অভিনয় কৰা সকলো ক'লা-কুশলী হিন্দু হয় কিন্তু টকাৰ কাৰণে নিজৰ অস্তিত্ব বৰ্তমান বিক্ৰী কৰি দিছে।’’

উল্লেখযোগ্য যে উক্ত ছিৰিজখন ১৯৯৯ চনৰ ২৪ ডিচেম্বৰত সংঘটিত ইণ্ডিয়ান এয়াৰলাইন্সৰ ফ্লাইট ৮১৪ (আই চি ৮১৪) অপহৰণ কাণ্ডৰ ওপৰত আধাৰিত। কাঠমাণ্ডুৰ পৰা দিল্লী অভিমুখী বিমানখন পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন হৰকত-উল-মুজাহিদীনৰ পাঁচজন সদস্যই অপহৰণ কৰিছিল। বিমানখন একাধিকবাৰ অৱতৰণ কৰাৰ পিছত সেই সময়ত তালিবানৰ অধীনত থকা আফগানিস্তানৰ কান্দাহাৰলৈ লৈ যোৱা হৈছিল। অপহৰণকাৰীৰ প্ৰধান দাবী আছিল পাকিস্তানী সন্ত্ৰাসবাদী আহমেদ ওমৰ ছাইদ শ্বেখ, মাছুদ আজহাৰ, আৰু মুস্তাক আহমেদ জাৰগাৰক মুকলি কৰি দিয়া। ৭ দিন ধৰি আবদ্ধ কৰি ৰখা পণবন্দীসকলৰ প্ৰাণৰ বিনিময়ত সন্ত্ৰাসবাদী তিনিজনক মুকলি কৰি দিয়া হয়।

আমাৰ অনুসন্ধানত দেখা গৈছে যে ভাইৰেল পোষ্টত উল্লেখ কৰা নাম কেইটা আচলতে এই কাণ্ডৰ সময়ত অপহৰণকাৰীসকলে ব্যৱহাৰ কৰা ক’ডনেম বা ছদ্মনামহে হয়। পণবন্দীসকলে অপৰাধী কেইজনক এই নামেৰে সম্বোধন কৰিছিল। ছিৰিজটোত তেওঁলোকৰ নাম সলনি কৰা হোৱা নাছিল বৰঞ্চ অপহৰণৰ সময়ত তেওঁলোকে ব্যৱহাৰ কৰা ক’ডনেম কেইটা লোৱা হৈছিল।

আমি কি বিচাৰি পালোঁ?

কীৱৰ্ড চাৰ্চ কৰি আমি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী এল কে আদৱানীয়ে সেই সময়ত দিয়া এক বিবৃতি লাভ কৰোঁ। বিবৃতিটোত অপহৰণকাৰীৰ নাম “ইব্ৰাহিম আথাৰ, শ্বাহিদ আখতাৰ ছায়েদ, ছানি আহমেদ কাজী, মিষ্ট্ৰী জাহুৰ ইব্ৰাহিম, আৰু ছাকিৰ” বুলি উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও বিমানৰ যাত্ৰীসকলে অপহৰণকাৰী কেইজনে ইজনে আনজনক সম্বোধন কৰা "চিফ, ডাক্তৰ, বাৰ্গাৰ, ভোলা, আৰু শংকৰ," ক'ডনেমেৰে চিনি পাইছিল বুলি বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।

অপহৰণকাৰীৰ ক’ডনেম উল্লেখিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিৰ স্ক্ৰীণশ্বট। (উৎস: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়)

ইয়াৰ অধিক প্ৰমাণ দেৱী শৰণৰ ‘ফ্লাইট ইনটু ফিয়েৰ: দ্য কেপ্তেইনছ ষ্ট’ৰী’ নামৰ কিতাপখনত পোৱা যায়। আমি ইবুক ফৰ্মেটত প্ৰৱেশ কৰা হাইজেক কৰা আইচি ৮১৪ বিমানখনৰ পাইলটে লিখা কিতাপখনত হাইজেকাৰসকলক তেওঁলোকৰ ক’ডনেম—বাৰ্গাৰ, চিফ, ভোলা, শংকৰ, আৰু ডাক্তৰ আদিৰ দ্বাৰাও চিনাক্ত কৰা হৈছে। শৰণে নিৰ্দিষ্ট কৰি কৈছে যে ‘শংকৰ’ আছিল ছাকিৰ, ‘ভোলা’ আছিল ইব্ৰাহিম, ‘বাৰ্গাৰ’ আছিল কাজী, আৰু ‘ডাক্তৰ’ আছিল ছায়েদ।

অপহৰণকাৰীৰ ক'ডনেম উল্লেখ কৰা ‘ফ্লাইট ইনটু ফিয়েৰ: দ্য কেপ্তেইনছ ষ্ট’ৰী’ গ্ৰন্থখনৰ এটা ই-সংস্কৰণৰ স্ক্ৰীণশ্বট। (উৎস: ফ্লাইট ইনটু ফিয়েৰ: দ্য কেপ্তেইনছ ষ্ট’ৰী/archive.org)

"১৭৩ আৱাৰ্ছ ইন কেপ্টিভিটি: দ্য হাইজেকিং অৱ আইচি ৮১৪," শীৰ্ষক গ্ৰন্থখনৰ লেখক নীলেশ মিশ্ৰই এটা এক্স পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) একেধৰণৰ এটা দাবীৰ প্ৰত্যুত্তৰত অপহৰণকাৰী কেইজনে ছদ্মনাম ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰি বিমানৰ যাত্ৰীসকলে তেওঁলোকক সেই নামেৰেই জানিছিল বুলি কয়। ছদ্মনাম কেইটা যে ‘‘শংকৰ, ভোলা, বাৰ্গাৰ, ডাক্তৰ আৰু চিফ’’ আছিল সেই কথা তেওঁ নিশ্চিত কৰে।

সেই সময়ত প্ৰকাশিত একাধিক বাতৰিৰ দ্বাৰাও এইটো নিশ্চিত হোৱা যে বিমান অপহৰণৰ এই গোটেই সময়ছোৱাত অপহৰণকাৰী কেইজনে ইজনে আনজনক নিৰ্দিষ্ট ক’ডনেম দি মাতিছিল। ২০০০ চনৰ ২ জানুৱাৰীত প্ৰকাশিত লছ এঞ্জেলছ টাইমছৰ এটা প্ৰতিবেদনত প্ৰত্যক্ষদৰ্শীৰ মন্তব্য সন্নিৱিষ্ট কৰা হৈছে য’ত তেওঁলোকে অপহৰণকাৰীসকলক শংকৰ, ভোলা, বাৰ্গাৰ, ডাক্তৰ, আৰু চিফ বুলি সম্বোধন কৰিছিল। ইয়াৰ উপৰিও ২০০৩ চনৰ আগষ্টত হিন্দুস্তান টাইমছৰ এটা প্ৰতিবেদনত অপহৰণকাণ্ডক লৈ ভাৰত চৰকাৰে দিয়া এক প্ৰতিক্ৰিয়াত অপহৰণকাৰী কেইজনৰ নাম - "চিফ" ইব্ৰাহিম আথৰ, "বাৰ্গাৰ" ছানী আহমেদ কাজী, "ডাক্তৰ" শ্বাহিদ আখতাৰ ছায়েদ, "ভোলা" মিষ্ট্ৰী জাহুৰ ইব্ৰাহিম, আৰু "শংকৰ" ছাকিৰ আছিল বুলি জনায়।

এইসমূহত তথ্যৰ দ্বাৰা এইটো প্ৰমাণ কৰে যে নেটফ্লিক্সৰ ছিৰিজটোত অপহৰণকাৰী কেইজনৰ নাম সলনি কৰি তেওঁলোকক হিন্দ সজোৱা হেৱা নাছিল; বৰঞ্চ উক্ত নাম কেইটা তেওঁলোকে ব্যৱহাৰ কৰা ছদ্মনামহে হয়।

ছিৰিজটোক লৈ সৃষ্টি হোৱা বিতৰ্ক

২৯ আগষ্টত প্ৰিমিয়াৰ হোৱা নেটফ্লিক্স ছিৰিজটোত সন্ত্ৰাসবাদী কেইজনৰ নামক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়াত #BoycottNetflix আৰু #BoycottBollywoodৰ দৰে হেচটেগ ট্ৰেণ্ডিং হোৱা দেখা গৈছে। বাতৰি অনুসৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মানুহৰ মনত সৃষ্টি হোৱা এই উদ্বেগসমূহক সমাধান কৰিবলৈ নেটফ্লিক্স ইণ্ডিয়াৰ কন্টেন্ট হেড মনিকা শ্বাৰগিলক তলব কৰিছে।

সিদ্ধান্ত

এই ছিৰিজটোৱে অপহৰণকাৰীৰ নাম সলনি কৰি তেওঁলোকক হিন্দু সজোৱা বুলি উত্থাপিত দাবীসমূহ মিছা হয়। ছিৰিজটোত ব্যৱহৃত নাম কেইটা হৈছে ১৯৯৯ চনৰ অপহৰণকাণ্ডৰ সময়ত অপহৰণকাৰী কেইজনে ব্যৱহাৰ কৰা ক’ডনেম বা ছদ্মনাম।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।