মূল ৰেষ্টুৰেণ্টত সংঘটিত অগ্নিকাণ্ডৰ ভিডিঅ’ বাংলাদেশত হিন্দুৰ মন্দিৰ জ্বলাই দিয়া বুলি প্ৰচাৰ

ৰেষ্টুৰেণ্টত সংঘটিত অগ্নিকাণ্ডৰ ভিডিঅ’ বাংলাদেশত হিন্দুৰ মন্দিৰ জ্বলাই দিয়া বুলি প্ৰচাৰ

লেখক: এনেট প্ৰীতি ফুৰ্টাডো

আগষ্ট 8 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰেষ্টুৰেণ্টত সংঘটিত অগ্নিকাণ্ডৰ ভিডিঅ’ বাংলাদেশত হিন্দুৰ মন্দিৰ জ্বলাই দিয়া বুলি প্ৰচাৰ ভাইৰেল ভিডিঅ'টোত বাংলাদেশত এটা হিন্দু মন্দিৰত অগ্নিসংযোগ কৰা দেখা গৈছে বুলি মিছা দাবী কৰা হৈছে। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

এই অগ্নিকাণ্ডটো প্ৰকৃততে বাংলাদেশৰ সাতখিৰা জিলাৰ এখন ৰেষ্টুৰেণ্টত সংঘটিত হৈছিল, হিন্দু মন্দিৰত অগ্নিসংযোগ হিচাপে ভিডিঅ’টো মিছাকৈ শ্বেয়াৰ কৰা হৈছে।

কি দাবী কৰা হৈছে?

বিধ্বংসী জুইয়ে এটা ভৱন আগুৰি ধৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে, ভিডিঅ’টো শ্বেয়াৰ কৰি একাধিক লোকে এইটো বাংলাদেশত এটা হিন্দু মন্দিৰ জ্বলাই দিয়াৰ দৃশ্য বুলি দাবী কৰিছে। উল্লেখযোগ্য যে বাংলাদেশত শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হোৱা ছাত্ৰ আন্দোলনে বিগত কেইবা সপ্তাহ ধৰি দেশখনক এক অস্থিৰ পৰিস্থিতিৰ মাজলৈ লৈ যায়।

১২ ছেকেণ্ডৰ ভিডিঅ’টোত এটা সুদৃশ্য স্থাপত্যশৈলীৰ ভৱন জুইৰ শিখাই আগুৰি ধৰা দেখা গৈছে, আৰু ঘৰটোৰ ছাদ আৰু খিৰিকী ক’লা ধোঁৱা আৱৰি ধৰিছে। ঘৰটোৰ কাষত পাম গছ আৰু চাৰিসীমাত এখন পকী বেৰা আছে।

এক্সত (পূৰ্বৰ টুইটাৰ) ভিডিঅ’টো এনেধৰণৰ কেপচনৰ সৈতে শ্বেয়াৰ কৰা হৈছে- "বাংলাদেশৰ বৰ্বৰ মুছলমানবিলাকে আৰু এটা হিন্দু মন্দিৰত জুই লগাই দিলে। বাংলাদেশত হিন্দু মন্দিৰক সুৰক্ষা দি থকা এল কে এফ চি জুবাইৰৰ ভাইসকল ক'ত? এইটো ব্যাপকভাৱে শ্বেয়াৰ কৰক আৰু বিশ্বক মুছলমানৰ বৰ্বৰতা দেখাই দিয়ক। #AllEyesOnBangladeshiHindus." এনে এটা পোষ্টে প্ৰায় ৪৩৪২০০ ভিউ লাভ কৰিছে। এই পোষ্টবোৰৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব। একেধৰণৰ দাবীৰে অসমীয়াতো ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰা হৈছে। 

ভাইৰেল এক্স  আৰু ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

বাংলাদেশৰ পৰা প্ৰকাশিত একাধিক সংবাদ প্ৰতিষ্ঠানত (ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাওক) দেশখনত চলি থকা হিংসাৰ মাজতে হিন্দুৰ মন্দিৰ, ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত আক্ৰমণ চলা বুলি বাতৰি পোৱা যায়। কিন্তু ভিডিঅ’টোত দেখা আৰু ছ’চিয়েল মিডিয়াত মন্দিৰ বুলি ভুলকৈ চিনাক্ত কৰা ভৱনটো আচলতে বাংলাদেশৰ সাতক্ষীৰাত অৱস্থিত কফি শ্বপ আৰু ৰেষ্টুৰেণ্ট হে হয়।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত ২০২৪ চনৰ ৫ আগষ্টত ঢাকাৰ কালবেলা নামৰ এখন সংবাদপত্ৰত প্ৰকাশিত এক প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা এখন ফটো লাভ কৰা হয়। প্ৰতিবেদনটোত হাছিনাৰ পদত্যাগৰ পিছতে ৫ আগষ্টৰ সন্ধিয়া সাতক্ষীৰা জিলা কাৰাগাৰকে ধৰি বিভিন্ন স্থানত কিদৰে সাধাৰণ জনতা হিংসাত্মক কাৰ্যকলাপত লিপ্ত হয় তাৰ বিৱৰণ দিয়া হৈছে। একাংশ লোকে আৱামী লীগৰ নেতাসকলৰ ঘৰ আৰু ৰাজহুৱা ভৱনকো লক্ষ্য কৰি লৈছিল। অৱশ্যে প্ৰতিবেদনটোত কোনো হিন্দু মন্দিৰত অগ্নিসংযোগৰ কথা উল্লেখ কৰা হোৱা নাই।

অধিক অনুসন্ধান কৰাত আমি এটা ফেচবুক পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আৰু একেটা ভৱনৰ সন্মুখত এজন ব্যক্তি থিয় হৈ থকা এটা ইউটিউব ভিডিঅ’ লাভ কৰোঁ। পোষ্টটোত ভিডিঅ’টোত দেখা ভৱনটো এটা মন্দিৰ যে নহয় বৰঞ্চ সাতক্ষীৰাক অৱস্থিত এখন ৰেষ্টুৰেণ্ট হয়  সেই কথা স্পষ্ট কৰি দিয়া হৈছে। 

উপৰোক্ত তথ্যৰ ভিত্তিত আমি অধিক অনুসন্ধান কৰি ২০২৪ চনৰ ৩ জানুৱাৰীত আপলোড কৰা "ৰাজ প্ৰসাদ কফি শ্বপ এণ্ড ৰেষ্টুৰেণ্ট কালাৰোৱা সাতক্ষীৰা❤" শীৰ্ষক এটা ইউটিউব ভিডিঅ' (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। ভিডিঅ’টোত বিতংভাৱে ৰেষ্টুৰেণ্টখনৰ ভিতৰ আৰু বাহিৰৰ দৃশ্য দেখুওৱা হৈছে। ভিডিঅ’টোৰ প্ৰায় দুমিনিট টাইমষ্টেম্পত ৰেষ্টুৰেণ্টখনৰ বহা ঠাইখিনি দেখা যায় য’ত যিকোনো ৰেষ্টুৰেণ্টৰ দৰে বহু সংখ্যক টেবুল-চকী আছে। ফুটেজটোৰ পৰা এইটো নিশ্চিত হোৱা যায় যে এইখন এখন ৰেষ্টুৰেণ্টহে, মন্দিৰ নহয়। ইয়াৰ উপৰিও ৰেষ্টুৰেণ্টখনৰ সন্মুখত থকা বৰ্ড এখনত ৰেষ্টুৰেণ্ট আৰু ৰিজ’ৰ্ট বুলি লিখা আছে।

ইউটিউব ভিডিঅ’টোৰ স্ক্ৰীণশ্বটত ৰেষ্টুৰেণ্টখনৰ সন্মুখত এখন ব’ৰ্ডত ৰেষ্টুৰেণ্ট এণ্ড ৰিজ’ৰ্ট বুলি লিখি থোৱা আছে। (উৎস: ইউটিউব)

তদুপৰি উক্ত ৰেষ্টুৰেণ্টখনকলৈ বনুৱা কিছুমান ভিডিঅ’ যোৱা কেইটামান মাহত ইউটিউব আপলোড কৰা হৈছে। "ৰাজ প্ৰসাদ ৰেষ্টুৰেণ্ট কালাৰোৱা, সাতক্ষীৰা" শিৰোনামৰ এটা ভিডিঅ'ত (ইয়াত আৰ্কাইভ কৰা হৈছে ), ৰাস্তাৰ পৰা ৰেষ্টুৰেণ্টখনক দেখা যায়।

ভাইৰেল ভিডিঅ’ আৰু সাতক্ষীৰাস্থিত ৰেষ্টুৰেণ্টখন দেখুওৱা ইউটিউব ভিডিঅ’ৰ তুলনা (উৎস: এক্স/ইউটিউব, লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

গুগল মেপ ব্যৱহাৰ কৰি আমি ভৱনটোৰ অৱস্থান নিৰ্ণয় কৰিলোঁ আৰু ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত (উপলব্ধ আটাইতকৈ শেহতীয়া ষ্ট্ৰীট ভিউ) নিৰ্মাণৰত ভৱনটোৰ ছবি লাভ কৰোঁ।

ৰেষ্টুৰেণ্টখনৰ ষ্ট্ৰীট ভিউ আৰু গুগল ৰিভিউৰ স্ক্ৰীণশ্বট। (উৎস: গুগল মেপছ)

বাংলাদেশৰ শেহতীয়া পৰিস্থিতি

যোৱা জুন মাহৰ আৰম্ভ হোৱা ছাত্ৰ আন্দোলনৰ ফলত বিগত কেইবা সপ্তাহ ধৰি বাংলাদেশত এক অস্থিৰ পৰিস্থিতিয়ে বিৰাজ কৰি আছে। ঠায়ে ঠায়ে ঘটা অগ্নিসংযোগ আৰু আৰক্ষীৰ লগত হোৱা সংঘৰ্ষৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটে, যাৰ পৰিণতিত কেইবাজনো প্ৰতিবাদকাৰীৰ মৃত্যু হয়।

যোৱা ২১ জুলাইত উচ্চতম ন্যায়ালয়ে চাকৰিৰ কোটা নীতি আংশিকভাৱে বাতিল কৰি ৯৩ শতাংশ চৰকাৰী চাকৰি মেধাৰ ওপৰত ভিত্তি কৰি হ’ব লাগে বুলি ৰায় দিয়ে যদিও আৱামী লীগ আৰু শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকে।

৫ আগষ্টত হাছিনাই পদত্যাগ কৰি দেশ ত্যাগ কৰে। বাংলাদেশ সেনাই নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক মুখ্য উপদেষ্টা হিচাপে লৈ অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰে।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত বাংলাদেশত অব্যাহত অস্থিৰতাৰ মাজতে দেশখনত এটা হিন্দু মন্দিৰ জ্বলাই দিয়া দেখা গৈছে বুলি কৰা মিছাকৈ দাবী কৰা হৈছে। জ্বলি থকা ভৱনটো হিন্দু মন্দিৰ নহয়, বৰঞ্চ এখন ৰেষ্টুৰেণ্টহে হয়।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।