মূল বেংগালুৰুৰ ভিডিঅ' অন্ধ্ৰ প্ৰদেশত 'ৱাইএছআৰচিপি সমৰ্থকৰ উদ্ভণ্ডালি' হিচাপে শ্বেয়াৰ কৰা হৈছে

বেংগালুৰুৰ ভিডিঅ' অন্ধ্ৰ প্ৰদেশত 'ৱাইএছআৰচিপি সমৰ্থকৰ উদ্ভণ্ডালি' হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: ৰাজেশ্বৰী পৰাশা

আগষ্ট 1 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বেংগালুৰুৰ ভিডিঅ' অন্ধ্ৰ প্ৰদেশত 'ৱাইএছআৰচিপি সমৰ্থকৰ উদ্ভণ্ডালি' হিচাপে শ্বেয়াৰ কৰা হৈছে ছ’চিয়েল মিডিয়া পোষ্টত মিছাকৈ দাবী কৰা হৈছিল যে ৱাইএছআৰচিপি সমৰ্থকে নিজৰ নেতাক ভোট নিদিয়াৰ বাবেই এটা পথত গজাল ছটিয়াই দিছিল। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ভিডিঅ'টোত দেখা আৰক্ষী বিষয়া গৰাকীয়ে লজিকেলী ফেক্টছক এইটো অন্ধ্ৰ প্ৰদেশৰ ঘটনা নহয় বুলি নিশ্চিত কৰিছে, এইটো বেংগালুৰুৰ ভিডিঅ’।

কি দাবী কৰা হৈছে?

যান-বাহন আৰক্ষীয়ে পথত পৰি থকা গজাল ৰাস্তাৰ কাষলৈ ঝাড়ু মাৰি আঁতৰাই থকা এটা ১৬ ছেকেণ্ডৰ ভিডিঅ’ ইণ্টাৰনেটত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰা পোষ্টবোৰত দাবী কৰা হৈছে যে অন্ধ্ৰ প্ৰদেশত ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টি চমুকৈ (ৱাইএছআৰচিপি)ক জনসাধাৰণে ভোট নিদিয়াৰ বাবে তেওঁলোকে এই কাণ্ড কৰিছে।

ভিডিঅ’টোত দুগৰাকী যান-বাহন আৰক্ষীয়ে এটা পথ চাফা কৰি থকা দেখা গৈছে, তেলেগুত লিখা পোষ্টটোৰ কেপচনত লিখা আছে, “চাইক' বেটচটোৱে ৰাস্তাত গজাল পেলাই থৈছে কাৰণ তেওঁলোকৰ নেতা নিৰ্বাচনত পৰাস্ত হৈছিল আৰু মানুহে ভোট নিদিলে,” কেপচনটোত অন্ধ প্ৰদেশৰ ৰাজনৈতিক দল #টিডিপি, #ৱাইএছআৰচিপি, #জেএছপি, #বিজেপি আদি হেচটেগ ব্যৱহাৰ কৰা হৈছে। এই পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ আৰু অনুৰূপ পোষ্ট ইয়াত আৰু ইয়াত পোৱা যাব ।

এই ছ’চিয়েল মিডিয়া পোষ্টসমূহত চাইক’ শব্দটো তেলেগু দেশম পাৰ্টি (টিডিপি) আৰু ইয়াৰ মিত্ৰ দলসমূহে ৱাইএছআৰচিপিৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা অপমানজনক শব্দ হয়। ৱাইএছআৰচিপিৰ নেতাসকলে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও টিডিপি নেতা চন্দ্ৰবাবু নাইডুক ‘ছেডিষ্ট’ বুলি উল্লেখ কৰে।

শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত টিডিপি, জনসেনা পাৰ্টি (জেএছপি), ভাৰতীয় জনতা পাৰ্টি (বিজেপি)কে ধৰি নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এনডিএ)ৰ হাতত ৱাইএছআৰচিপি পৰাস্ত হৈছিল।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত দাবীৰ স্ক্ৰীণশ্বট (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিবৰ্তিত)

অৱশ্যে এই দাবী মিছা। আমাৰ তদন্তত নিশ্চিত হৈছে যে ভিডিঅ’টো অন্ধ্ৰ প্ৰদেশত নহয়, বেংগালুৰুত শ্বুট কৰা হৈছে আৰু বৰ্ণনা কৰা ৰাজনৈতিক পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ইয়াত তথ্যসমূহ উল্লেখ কৰা হৈছে

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি নিশ্চিত হ’লো যে ভিডিঅ’টোৰ উৎপত্তি বেংগালুৰুৰ, অন্ধ্ৰ প্ৰদেশত নহয়। ২০২৪ চনৰ ২৮ জুলাইত স্থানীয় সংবাদ মাধ্যম এছিয়ানেট নিউজেব'লে নিজৰ ইউটিউব চেনেলত ভিডিঅ’টো (ইয়াত আৰ্কাইভ) “চাওক | বেংগালুৰু যান-বাহন আৰক্ষীয়ে গজালেৰে ভৰা পথ পৰিষ্কাৰ কৰিলে।” বুলি শিৰোনাম দি পোষ্ট কৰিছিল । 

বৰ্ণনাত উল্লেখ কৰা হৈছে যে বেংগালুৰুৰ যান-বাহন আৰক্ষীয়ে একেটা স্থানতে মটৰচাইকেল আৰোহীয়ে একাধিক পাংচাৰ হোৱাৰ খবৰ দিয়াৰ পিছত গজালেৰে আবৃত এটা পথ পৰিষ্কাৰ কৰি দিয়ে। কানাড়া সংবাদ প্ৰতিষ্ঠান পাব্লিক টিভি (ইয়াত আৰ্কাইভ)ও ২০২৪ চনৰ ২৯ জুলাইত ভিডিঅ’টো শ্বেয়াৰ কৰিছিল, য’ত প্ৰকাশ পাইছিল যে বিইএল আৰু কুভেম্পু আণ্ডাৰপাছত গজাল পোৱা গৈছিল আৰু জালাহল্লী যান-বাহন আৰক্ষী বিষয়াই ইয়াক পৰিষ্কাৰ কৰিছিল।

২০২৪ চনৰ ২৯ জুলাইত প্ৰকাশিত টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত কোৱা হৈছে যে উত্তৰ বেংগালুৰুৰ জালাহল্লীৰ ওচৰৰ কুভেম্পু আণ্ডাৰপাছ পথৰ পৰা জালাহল্লী ট্ৰেফিক থানাৰ যান-বাহন বিষয়া ৰঙাম্মা আৰু ৰাহুল ৱাইয়ে গজালবোৰ আঁতৰাইছিল।

লজিকেলী ফেক্টছে জালাহল্লী যান-বাহন আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰি হেড কনিষ্টবল নৰ্ছা ৰাজুৰ সৈতে কথা পাতিছিল, যিয়ে নিশ্চিত কৰে যে এই কাণ্ড তেওঁলোকৰ এলেকাৰ ভিতৰত সংঘটিত হৈছে। ৰাজুৱে কয় যে তেওঁলোকৰ ষ্টেচনৰ দুজন ট্ৰেফিক কনিষ্টবলে বাৰে বাৰে যান-বাহনৰ ক্ষতি হোৱাৰ পিছত আণ্ডাৰপাছ পথৰ পৰা গজালবোৰ আঁতৰাইছিল। তেওঁ লগতে কয় যে গজালবোৰ পথত থকাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, আৰু পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে।

কনিষ্টবল ৰাজুৱে লগতে জনাইছিল যে গজালবোৰ কোনো দুষ্কৃতিকাৰীয়ে বা সম্ভৱতঃ স্থানীয় পাংচাৰ দোকানৰ লোকে লগাব এইদৰে পেলাই থব পাৰে, কিন্তু ইয়াৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই। তেওঁ লগতে নিশ্চিত কৰে যে এই ঘটনাৰ অন্ধ্ৰ প্ৰদেশৰ সৈতে কোনো সম্পৰ্ক নাই।

ইয়াৰ উপৰিও ভিডিঅ’টোত দেখা পোৱা যান-বাহন বিষয়া টি ৰঙাম্মাই নিশ্চিত কৰে যে এই কাণ্ড বেংগালুৰুত সংঘটিত হৈছে। ২০২৪ চনৰ ২৭ জুলাইত জালাহল্লী যান-বাহন থানাই এক্স (পূৰ্বৰ টুইটাৰ) (ইয়াত আৰ্কাইভ কৰা)ত এই কাণ্ডৰ ভিডিঅ’ স্নিপেট আৰু ছবি শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল: “আজি আৰক্ষী থানাৰ কৰ্মচাৰীয়ে লক্ষ্য কৰিলে যে গজালৰ বাবে বাহনবোৰ পাংচাৰ হৈ আছে যিটো ষ্টেচনৰ অধীনত থকা কুভেম্পু চাৰ্কলৰ আণ্ডাৰপাছত পৰিছিল। তেওঁলোকে গজালবোৰ পৰিষ্কাৰ কৰিছিল যাতে বাহনৰ গতি মসৃণ হয় (কানাড়াৰ পৰা অনুবাদ কৰা হৈছে)।"

সিদ্ধান্ত

ট্ৰেফিক আৰক্ষীয়ে এটা পথৰ পৰা গজাল পৰিষ্কাৰ কৰা ভিডিঅ’টো নিৰ্বাচনী হাৰৰ বাবে ৱাইএছআৰচিপিৰ কৰা কাণ্ড বুলি দাবী কৰি বিভ্ৰান্তিকৰভাৱে শ্বেয়াৰ কৰা হৈছে। বাস্তৱত এই ভিডিঅ’ আৰু ঘটনা অন্ধ্ৰ প্ৰদেশত নহয়, কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত হৈছে ।

(অনুবাদ: অনুৰাগ বৰুৱা)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।