মূল বাংলাদেশত হিন্দু যুৱতীক নিৰ্যাতন চলোৱা বুলি ছাত্ৰ প্ৰতিবাদৰ পুৰণি, অসংলগ্ন ভিডিঅ' প্ৰচাৰ

বাংলাদেশত হিন্দু যুৱতীক নিৰ্যাতন চলোৱা বুলি ছাত্ৰ প্ৰতিবাদৰ পুৰণি, অসংলগ্ন ভিডিঅ' প্ৰচাৰ

লেখক: এনেট প্ৰীতি ফুৰ্টাডো

আগষ্ট 12 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বাংলাদেশত হিন্দু যুৱতীক নিৰ্যাতন চলোৱা বুলি ছাত্ৰ প্ৰতিবাদৰ পুৰণি, অসংলগ্ন ভিডিঅ' প্ৰচাৰ বাংলাদেশৰ ৰাজপথত এগৰাকী হিন্দু যুৱতীক বান্ধি থোৱাৰ ভিডিঅ' বুলি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বটত। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

এইটো ২০২৪ চনৰ মাৰ্চৰ ভিডিঅ' আৰু ইয়াত এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাৰ প্ৰতিবাদত ঢাকাৰ জগন্নাথ বিশ্ববিদ্যালয়ত মঞ্চস্থ এখন বাটৰ নাটৰ দৃশ্য দেখা গৈছে।

(সতৰ্কবাৰ্তা: এই লেখাটোত আত্মহত্যা আৰু যৌন নিৰ্যাতনৰ কথা উল্লেখ কৰা হৈছে।)

কি দাবী কৰা হৈছে?

বাংলাদেশত অব্যাহত শেহতীয়া পৰিস্থিতিৰ মাজতে এগৰাকী ‘হিন্দু ছোৱালী’ক নিৰ্যাতন চলোৱা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত সেউজীয়া ৰঙৰ পোছাক পৰিহিত এগৰাকী যুৱতীক মুখত টেপ লগাই হাত দুখন পিছফালে বান্ধি মাটিত বহি থকা এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।

ভিডিঅ’টো শ্বেয়াৰ কৰা এটা পোষ্টৰ কেপচনত লিখা আছে, "বাংলাদেশৰ হিন্দু মহিলা! তেওঁলোকক ধৰ্ষণ কৰি হত্যা কৰা হৈছে! বাংলাদেশৰ গণহত্যাক হিন্দুসকলে চাই আছে। এই ছবি আৰু ভিডিঅ'বোৰে আমাক অসহায় অনুভৱ কৰোৱায়! (sic)।" পোষ্টটোৱে ১০ লাখৰো অধিক ভিউ লাভ কৰিছে। আন এজনে লিখিছে, " বাংলাদেশলৈ স্বাগতম, য'ত হিন্দু ছোৱালীক ৰাজপথত বান্ধি ৰখা হয়। পশ্চিমীয়া সংবাদৰ একো মাত নাই।" পোষ্টটোত #HinduGenocideInBangladesh হেচটেগ ব্যৱহাৰ কৰা হৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমীয়াতো আমি এই ভিডিঅ’টো তথা ভিডিঅ’টোৰ স্ক্ৰীণশ্বট বাংলাদেশত কোটা ব্যৱস্থাৰ বিৰুদ্ধে আৰম্ভ হোৱা ছাত্ৰ আন্দোলন আৰু তাৰ পিছত দেশখনত চলা হিংসাত্মক পৰিস্থিতিৰ সৈতে সাঙুৰি মিছা দাবীৰে শ্বেয়াৰ কৰা দেখা পাইছো। ফেচবুকত শ্বেয়াৰ কৰা এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

অৱশ্যে এই ভিডিঅ’টো ২০২৪ চনৰ মাৰ্চৰ হয়। ইয়াত ঢাকাৰ জগন্নাথ বিশ্ববিদ্যালয়ৰ ফাইৰুজ অবন্তিকা নামৰ এগৰাকী ছাত্ৰীক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰাৰ অভিযোগ উঠা সকলৰ বিৰুদ্ধে শাস্তিৰ দাবীত বিশ্ববিদ্যালয়খনৰ শান্তো চত্তৰত ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰা এক প্ৰতিবাদৰ দৃশ্য দেখা গৈছে।

প্ৰকৃত তথ্য কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৪ চনৰ ২৬ জুলাইত জেএনইউ শ্বৰ্ট ষ্ট’ৰিজ নামৰ এটা ফেচবুক একাউণ্টে পোষ্ট কৰা একেটা ভিডিঅ' (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ।

২০২৪ চনৰ ২৬ জুলাইত JnU Short Stories-এ শ্বেয়াৰ ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট।(উৎস: ফেচবুক)

বাংলা ভাষাত লিখা পোষ্টটোত যুৱতীগৰাকী জগন্নাথ বিশ্ববিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ ছাত্ৰী বুলি উল্লেখ কৰি উক্ত ভিডিঅ’টোত কিছুদিনৰ আগতে বিশ্ববিদ্যালয়খনৰ অবন্তিকা নামৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাৰ প্ৰতিবাদত মঞ্চস্থ কৰা এখন বাটৰ নাটৰ দৃশ্য দেখা গৈছে বুলি কয়।

ভিডিঅ’টোৰ কথা উল্লেখ কৰি পোষ্টটোত কোৱা হৈছে যে একাধিক লোকে ভিডিঅ’টোক বাংলাদেশৰ শেহতীয়া প্ৰতিবাদৰ সৈতে সংযুক্ত কৰি ইয়াত দেখা যুৱতীগৰাকীক বাংলাদেশ আৱামি লীগৰ ছাত্ৰ সংগঠন ‘ছাত্ৰ লীগ’ৰ নেত্ৰী বুলি ভুলকৈ প্ৰচাৰ কৰিছে। ইয়াত লগতে কোৱা হৈছে যে এনে পোষ্টৰ বাবে যুৱতীগৰাকীয়ে যথেষ্ট মানসিক অশান্তিৰ সন্মুখীন হৈছে। তদুপৰি পোষ্টৰ জৰিয়তে সকলোকে তেওঁৰ কাষত থিয় দি ভিডিঅ’টো ৰিপ’ৰ্ট কৰিবলৈ আৰু পোষ্টটো যিমান পাৰি ব্যাপকভাৱে শ্বেয়াৰ কৰি উৰাবাতৰি বন্ধ কৰিবলৈ আহ্বান জনোৱা হৈছে।

আমি লগতে জানিব পাৰিলোঁ বাংলাদেশৰ জগন্নাথ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ আইন বিভাগৰ ছাত্ৰী ফাইৰুজ চাদাফ অবন্তিকাৰৰ ২০২৪ চনৰ ১৫ মাৰ্চত আত্মহত্যাৰ ফলত মৃত্যু হৈছিল। মৃত্যুৰ পূৰ্বে তেওঁ আম্মান নামৰ এগৰাকী সহপাঠী ছাত্ৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ সহকাৰী প্ৰক্টৰ দীন ইছলামে আম্মানক ৰক্ষণাবেক্ষণ দিয়াৰ উপৰি তেওঁক বহিষ্কাৰ কৰাৰ ভাবুকি দিছিল বুলি অভিযোগ কৰে। পৰৱৰ্তী সময়ত দুয়োজন অভিযুক্তকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

অবন্তিকাৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজৰ মাজত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰীসকলে জোঁৰ সমদল আয়োজন কৰাৰ লগতে কেম্পাছত মমবাতি প্ৰজ্বলন আৰু বাটৰ নাক প্ৰদৰ্শন কৰি আৰু নিহত ছাত্ৰীগৰাকীৰ বাবে ন্যায় বিচাৰিছিল। ভাইৰেল ভিডিঅ'টোত উক্ত প্ৰতিবাদী অনুষ্ঠানৰে দৃশ্য দেখা গৈছে। 

ভিডিঅ'টোৰ জিঅ'ল'কেশ্যন

আমি গুগল মেপত বিশ্ববিদ্যালয়খনৰ একাধিক ফটো লাভ কৰোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিলা দৃশ্য দেখা যায়। আমি ধূসৰ বৰণৰ এটা স্তম্ভ দেখা পাওঁ যিটো ভাইৰেল ভিডিঅ’টোৰ বেকগ্ৰাউণ্ডত দেখা স্থাপত্যৰ সৈতে মিলে।

ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে গুগল মেপত উপলব্ধ ঢাকাৰ জগন্নাথ বিশ্ববিদ্যালয়ৰ ছবিৰ তুলনা। (উৎস: এক্স/গুগল মেপছ) 

ইয়াৰ উপৰিও আমি উক্ত প্ৰতিবাদৰ আন এটা ভিডিঅ’ লাভ কৰোঁ যিটো বাংলাদেশী সংবাদ মাধ্যম সময় নেচনেলৰ ইউটিউব চেনেলত (ইয়াত আৰ্কাইভ কৰা হৈছে ) ১৮ মাৰ্চত পোষ্ট কৰা হৈছিল, উক্ত ভিডিঅ’টোৰ শিৰোনামৰ পৰাও এয়া অবন্তিকাৰ সমৰ্থনত কৰা এক প্ৰতিবাদ বুলি গম পোৱা যায়।

এই ভিডিঅ’টোত ১:৩১ টাইমষ্টেম্পত ভাইৰেল ভিডিঅ’টোৰ যুৱতীগৰাকীক আন প্ৰতিবাদকাৰীসকলৰ সৈতে দেখা যায়, ইয়াৰে কিছুমানে মুখত টেপ লগাই থোৱাও দেখা গৈছে।

ভাইৰেল ভিডিঅ’টোত দেখা যুৱতীগৰাকীক আন ছাত্ৰ-ছাত্ৰীৰ সৈতে দেখা পোৱা সময় নেচনেলৰ ইউটিউব ভিডিঅ’ৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/ লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

চেনেল ২৪ নিউজ নামৰ বাংলাদেশৰ এটা নিউজ চেনেলৰ এটা ভিডিঅ’ত (ইয়াত আৰ্কাইভ কৰা হৈছে ) ১:১৯ ছেকেণ্ডত ভাইৰেল ভিডিঅ’টোৰ যুৱতীগৰাকীক দেখা যায়।  

সিদ্ধান্ত

যোৱা মাৰ্চ মাহত বাংলাদেশৰ এখন বিশ্ববিদ্যালয়ত হোৱা এক প্ৰতিবাদৰ ভিডিঅ’ দেশখনত অব্যাহত শেহতীয়া হিংসাত নিৰ্যাতিত এগৰাকী ‘হিন্দু মহিলা’ৰ দৃশ্য হিচাপে মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে।

(যদি আপোনাক বা আপোনাৰ চিনাকি কাৰোবাক সহায়ৰ প্ৰয়োজন হৈছে, অনুগ্ৰহ কৰি এই জৰুৰীকালীন সেৱা হেল্পলাইনসমূহৰ সৈতে যোগাযোগ কৰক ।) 

(অনুবাদ: চন্দন বৰগোঁহাই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।