মূল ম্যানমাৰৰ পুৰণি ভিডিঅ' ঘূৰ্ণীবতাহ মিগজাউমৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে

ম্যানমাৰৰ পুৰণি ভিডিঅ' ঘূৰ্ণীবতাহ মিগজাউমৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে

লেখক: ৰাহুল অধিকাৰী

ডিচেম্বৰ 5 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ম্যানমাৰৰ পুৰণি ভিডিঅ' ঘূৰ্ণীবতাহ মিগজাউমৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে ঘূৰ্ণীবতাহ মিগজাউমৰ ফলত অহা ধাৰাসাৰ বৰষুণৰ দৃশ্য বুলি শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ভাইৰেল ভিডিঅ'টো ২০২৩ চনৰ মে’ মাহৰ হয় আৰু ইয়াত বাংলাদেশ-ম্যানমাৰ সীমান্তত ঘূৰ্ণীবতাহ মোচাৰ বিধ্বংসী ৰূপ দেখা গৈছে।

বংগোপসাগৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ মিগজাউমে সোমবাৰে তামিলনাডুত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছত আজি অন্ধ্ৰ প্ৰদেশৰ দক্ষিণ উপকূল অঞ্চল বাপাটলত প্ৰৱেশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত তামিলনাডু, দক্ষিণ অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ ওড়িশ্যাত ৮০ৰ পৰা ১০০ কিঃমিঃ বেগত অহা বতাহ-ধুমুহাৰ লগতে ধাৰাসাৰ বৰষুণ আহিব পাৰে বুলি জানিবলৈ দিছে। উল্লেখযোগ্য ধাৰাসাৰ বৰষুণৰ ফলত ইতিমধ্যে চেন্নাইত দৈনন্দিন জীৱন ব্যাহত হৈ পৰাৰ লগতে ঘূৰ্ণীবতাহৰ ফলত এই প্ৰতিবেদন লিখাৰ সময়লৈকে ৮ গৰাকীকৈ লোকৰ মৃত্যু ঘটিছে।

কি দাবী কৰা হৈছে?

ইয়াৰ মাজতে, ছ'চিয়েল মিডিয়াত বিভিন্নজনে এটা ভিডিঅ' শ্বেয়াৰ কৰি তাত ঘূৰ্ণীবতাহ মিগজাউমে চলোৱা তাণ্ডৱৰ দৃশ্য দেখুওৱা হৈছে বুলি দাবী কৰে। ২১ ছেকেণ্ডৰ ক্লিপটোত প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত এটা ৰাস্তা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল বানপানীয়ে বুৰাই পেলোৱা দেখা গৈছে। কেইবাজনো ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো এক্স (পূৰ্বৰ টুইটাৰ)-ত শ্বেয়াৰ কৰি ইয়াক ঘূৰ্ণিবতাহ মিগজাউমৰ সৈতে সংযোগ কৰিছে। তেনে এটা পোষ্টৰ কেপচনত লিখা আছে, "প্ৰচণ্ড ভূমিকম্পই #ফিলিপাইনছক জোকাৰি যোৱাৰ পিছত এতিয়া ভাৰতৰ দক্ষিণৰ ৰাজ্যসমূহত ঘূৰ্ণীবতাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে। এনে লাগিছে যেন প্ৰকৃতিয়ে কিহবাৰ হিচাপ লৈ আছে।" পোষ্টটোৱে ৮৩,০০০ ৰো অধিক ভিউ আৰু ১৭৩ টা লাইক লাভ কৰিছে। ভাইৰেল পোষ্টৰ একেধৰণৰ আন পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব। 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এইয়া সঁচা নহয়। ভিডিঅ’টোত যোৱা মে’ মাহত বাংলাদেশ-ম্যানমাৰ সীমান্তত ঘূৰ্ণিবতাহ মোচাৰ ফলত হোৱা ধাৰাসাৰ বৰষুণৰ দৃশ্য দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ’টোৰ প্ৰথম চাৰি ছেকেণ্ডত এটা জলমগ্ন ৰাস্তা দেখা গৈছে, পিছৰ ১৭ ছেকেণ্ডত এটা বিল্ডিঙত ধাৰাসাৰে বৃষ্টিপাত পৰাৰ লগতে পিছফালে থকা গছবোৰ বতাহত হালি পৰা দেখা গৈছে। ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ক্লিপটোৰ প্ৰথম অংশটো মে’ মাহৰ ইণ্টাৰনেটত উপলব্ধ বুলি আমি জানিব পাৰোঁ। ‘অন্ধ্ৰ প্ৰদেশ ৱেদাৰমেন’ নামৰ এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ১৪ মে’ত ভাইৰেল ভিডিঅ’টোৰ প্ৰথম অংশৰ এটা দীঘলীয়া সংস্কৰণ পোষ্ট কৰি ঘূৰ্ণীবতাহ মোচাৰ স্থলাগম (লেণ্ডফল) দেখা গৈছে বুলি উল্লেখ কৰে। তেওঁ লিখে, “#চাইক্লোনমোচাৰ ৰোষত ম্যানমাৰ। এসপ্তাহ পূৰ্বে অনুমান কৰাৰ দৰে এই ঘূৰ্ণীবতাহে এতিয়া স্থলাগম কৰিছে।”

সংবাদ প্ৰতিষ্ঠান ৱিঅনেও ১৪ মে'ত তেওঁলোকৰ অফিচিয়েল ফেচবুক একাউণ্টত ভাইৰেল ভিডিঅ'টোৰ প্ৰথম চাৰি ছেকেণ্ডৰ এটা দীঘলীয়া সংস্কৰণ পোষ্ট কৰিছিল। পোষ্টটোৰ কেপচনত লিখা আছিল, "চাওক | দেওবাৰে বাংলাদেশ-ম্যানমাৰ সীমান্তত #চাইক্লোনমোচাই স্থলাগম কৰে। গছ-গছনি ধ্বংস কৰাৰ লগতে প্ৰচণ্ড বৰষুণ ঢালিছে।"

ভাইৰেল ভিডিঅ'টো আৰু ৱিঅনে পোষ্ট কৰা ভিডিঅ'টোৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অধিক অনুসন্ধান কৰি আমি দেখিলোঁ যে সংবাদ সংস্থা ৰয়টাৰ্ছে ১৫ মে'ত ইউটিউবত ভাইৰেল ভিডিঅ'টো প্ৰকাশ কৰিছিল। ইউটিউব শ্বৰ্টটোত ভাইৰেল ভিডিঅ'টোৰ দুয়োটা দৃশ্য (জলমগ্ন ৰাস্তা আৰু বৰষুণ পৰি থকা বিল্ডিংটো) দেখুওৱা হৈছিল। ভিডিঅ’টোৰ বৰ্ণনাত ঘূৰ্ণীবতাহ মোচাই ম্যানমাৰক আঘাত কৰা বুলি কোৱা হৈছে। ম্যানমাৰৰ চৰকাৰী সংবাদ মাধ্যমৰ উদ্ধৃতি দি ৰয়টাৰ্ছে কয় যে উক্ত ঘূৰ্ণিবতাহৰ ফলত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে ১,০০০ তকৈও অধিক ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হৈছিল।

ভাইৰেল ভিডিঅ'টো আৰু ৰয়টাৰ্ছে প্ৰকাশ কৰা ভিডিঅ'টোৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ দ্বাৰা এইটো স্পষ্ট হয় যে ভাইৰেল ভিডিঅ’টো মে’ মাহৰ পৰাই ইণ্টাৰনেটত আছে আৰু ঘূৰ্ণীবতাহ মিগজাউমৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। ভিডিঅ’টোত বাংলাদেশ-ম্যানমাৰ সীমান্তত অহা ঘূৰ্ণীবতাহ মোচাৰ দৃশ্য দেখা গৈছে।

ঘূৰ্ণিবতাহ মোচাৰ প্ৰভাৱ

ঘূৰ্ণীবতাহ মোচাই ১৪ মে'ত বাংলাদেশ আৰু ম্যানমাৰৰ উপকূলীয় অঞ্চলত প্ৰৱেশ কৰি শ শ অস্থায়ী আশ্ৰয় শিবিৰ ধ্বংস কৰিছিল। ১৯ মে’ৰ বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, উক্ত ধুমুহাত কমেও ১৪৫ জন লোকৰ মৃত্যু হৈছিল। ৰোহিংগীয়া লোকসকল ইয়াৰ ফলত অধিক ক্ষতিগ্ৰস্থ হৈছিল, নিহত ১৪৫ গৰাকীৰ ভিতৰত ১১৭ গৰাকীয়ে ৰোহিংগীয়া সম্প্ৰদায়ৰ আছিল। চলিত শতিকাত এই অঞ্চলটোত অহা আটাইতকৈ প্ৰবল এই ঘূৰ্ণিবতাহত কমেও ৮ লাখ লোক প্ৰভাৱিত হৈছিল। প্ৰতি ঘণ্টাত ১৭৫ মাইল (২৮০ কিলোমিটাৰ) বেগেৰে অহা এই ঘূৰ্ণীবতাহটোক নাছাই কেটেগৰী ৫ ধুমুহা আখ্যা দিছিল।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ'টোত ঘূৰ্ণীবতাহ মিগজাউমৰ দৃশ্য দেখুওৱা হোৱা নাই। বৰঞ্চ যোৱা মে’ মাহত ঘূৰ্ণীবতাহ মোচাই বাংলাদেশ আৰু ম্যানমাৰৰ উপকূলীয় অঞ্চলত প্ৰৱেশ কৰা দৃশ্যহে ইয়াত দেখা গৈছে। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।