মূল ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ উক্তি যীশু খ্ৰীষ্টৰ বাণী হিচাপে উল্লেখ কৰা নাই

ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ উক্তি যীশু খ্ৰীষ্টৰ বাণী হিচাপে উল্লেখ কৰা নাই

জুলাই 3 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ উক্তি যীশু খ্ৰীষ্টৰ বাণী হিচাপে উল্লেখ কৰা নাই ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ এটা উক্তি যীশু খ্ৰীষ্টৰ বুলি ভুলকৈ উল্লেখ কৰা বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

মিছা

ৰাহুল গান্ধীয়ে বাইবেলৰ ৫ম অধ্যায়ৰ পৰা যীশু খ্ৰীষ্টৰ বাণীটো উল্লেখ কৰিছিল। এইটো উক্তি মহাত্মা গান্ধীৰ নহয়, তেওঁ বাইবেলতহে এইটো পঢ়িছিল।

কি দাবী কৰা হৈছে?

২০২৪ চনৰ ১ জুলাইত লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাৰ সময়ত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দিয়া ভাষণৰ কিছু অংশৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। তেনে এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত মহাত্মা গান্ধীৰ এটা উক্তি ভুলকৈ যীশু খ্ৰীষ্টৰ বাণী হিচাপে উল্লেখ কৰা বুলি দাবী কৰা হৈছে। ভিডিঅ’টোৰ জৰিয়তে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ৰাহুল গান্ধীক ঠাট্টা-মস্কৰা কৰা দেখা গৈছে। 

ভিডিঅ'টোত ৰাহুল গান্ধীয়ে সংসদত উপস্থিত সদস্যসকলক যীশু খ্ৰীষ্টৰ এখন প্ৰতিছবি দেখুৱাই কয়, "যীশু খ্ৰীষ্টই কৈছে যে কোনোবাই যদি আপোনাক চৰ মাৰে তেন্তে তেওঁক আনখন গাল পাতি দিয়ক।"

ভুল তথ্য বিয়পোৱাৰ বাবে পৰিচিত 'মিষ্টাৰ সিনহা' নামৰ এটা এক্স একাউণ্টে ভিডিঅ'টো (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰি কেপচনত লিখিছে, "ৰাহুল গান্ধী: যীশু খ্ৰীষ্টই কৈছিল যে যদি কোনোবাই আপোনাৰ সোঁ গালত চৰ মাৰে, তেন্তে তেওঁক আনখন গালও পাতি দিয়ক।" তেওঁ যীশু খ্ৰীষ্ট আৰু এম কে গান্ধী একে বুলি ভাবে নেকি?" এই পোষ্টটোৱে ৪ লাখ ৭৬ হাজাৰতকৈ অধিক ভিউ আৰু ২০০০ ৰিপ’ষ্ট লাভ কৰিছে। একে ধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

অৱশ্যে, ৰাহুল গান্ধীয়ে লোকসভাৰ ভাষণত উল্লেখ কৰা উক্তিটো যীচু খ্ৰীষ্টৰে বাণী হয়, বাইবেলৰ পঞ্চম অধ্যায়ত উক্ত বাণীটো পোৱা যায়। মহাত্মা গান্ধীয়ে নিজেই তেওঁৰ আত্মজীৱনীত এই বাণীটোৰ উদ্ধৃতি দি বাইবেলত পঢ়া বুলি কৈছিল।

আমি কেনেকৈ সত্যটো জানিব পাৰিলোঁ?

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দিয়া ধন্যবাদৰ প্ৰস্তাৱৰ ভাষণৰ সম্পূৰ্ণ ভিডিঅ'টো সংসদ টিভিৰ ইউটিউব চেনেলত (ইয়াত আৰ্কাইভ কৰা হৈছে) উপলব্ধ। উক্ত ভিডিঅ'টোত ভাইৰেল হোৱা অংশটো ১৭:১০-১৭:২৯ মিনিটত চাব পাৰিব। 

আমাৰ অনুসন্ধানত বহুতো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এইটো প্ৰকৃততে যীশু খ্ৰীষ্টৰ উক্তি আৰু বাইবেলত এইটো পোৱা যায় বুলি উল্লেখ কৰা দেখিবলৈ পাওঁ।

আমি বাইবেলৰ দ্বিতীয় সংস্কৰণ, নিউ টেষ্টামেন্টত মেথিউ ৫ম অধ্যায় ৩৯ পদত যীশু খ্ৰীষ্টই তেওঁৰ শিষ্যসকলক দীক্ষা দি থকা পাওঁ, য'ত তেওঁ এইদৰে কৈছে: "কিন্তু মই তোমাক কওঁ, বেয়াৰ পৰিশোধ বেয়াৰে নিদিবা: যদি কোনোবাই তোমাৰ সোঁ গালত চৰ মাৰে, তেন্তে আনখন গাল তেওঁৰ ফালে আগবঢ়াই দিয়া।"

এই অংশটো ‘চাৰ্মণ্ট অন দ্য মাউন্ট’ৰ অংশ হয় য'ত যীশু খ্ৰীষ্টই তেওঁৰ শিষ্যসকলক দীক্ষা দান কৰে, যিটো মেথিউ ৫ম অধ্যায়ত লিপিবদ্ধ কৰা হৈছে। যীশুৱে ওল্ড টেষ্টামেন্টৰ এটা বিধানৰ কথা উল্লেখ কৰা যেন অনুমান হয়।

মেথিউ ৫ম অধ্যায়ত লিপিবদ্ধ যীশু খ্ৰীষ্টৰ এটা উদ্ধৃতিৰ অংশ। 

মেথিউ ৫ম অধ্যায়ত, এই দৃশ্যটো সেই সময়ত আহে যেতিয়া যীশু খ্ৰীষ্টই ভিৰটোলৈ চাই তেওঁৰ শিষ্যসকলৰ সৈতে বহি দীক্ষাদান কৰি থাকে। এই বাণী প্ৰতিশোধ (চকুৰ সলনি চকু)ৰ বিষয়ে হয়।

মহাত্মা গান্ধী আৰু বাইবেল

আমি দেখিলোঁ যে মহাত্মা গান্ধীয়ে তেওঁৰ আত্মজীৱনী ‘মাই এক্সপেৰিমেন্টছ উইড ত্ৰুথ’ৰ ২০ নং অধ্যায় 'ধৰ্মৰ পৰিচয়'ত বাইবেল পঢ়াৰ কথা উল্লেখ কৰিছে৷ গান্ধীজীয়ে লিখিছে যে তেওঁ মানচেষ্টাৰত এজন ভাল খ্ৰীষ্টানক লগ পাইছিল, যিয়ে তেওঁৰ লগত খ্ৰীষ্টান ধৰ্মৰ বিষয়ে কথা পাতিছিল আৰু তেওঁক বাইবেল পঢ়িবলৈ কৈছিল। 

গান্ধীজীয়ে লিখিছে, "মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ, কিন্তু ওল্ড টেষ্টামেন্টখন সম্পূৰ্ণৰূপে পঢ়িব পৰা নাছিলো।"

তেওঁ আৰু লিখে, "কিন্তু নিউ টেষ্টামেন্টে মোৰ মনত বেলেগধৰণে ৰেখাপাত কৰিছিল, বিশেষকৈ মাউন্টৰ উপদেশ যি মোৰ হৃদয়ক গভীৰভাৱে স্পৰ্শ কৰে। মই ইয়াক গীতাৰ লগত তুলনা কৰোঁ। 'কিন্তু মই তোমালোকক কওঁ, তোমালোকে বেয়াক প্ৰতিশোধ বেয়াৰে নল’বা।" : কিন্তু যদি কোনোবাই তোমাৰ সোঁ গালত চৰ মাৰে, তেওঁক আনখন গালো পাতি দিবা আৰু যদি কোনোবাই তোমাৰ কোটটো কাঢ়ি লৈ ​​যায়, তেন্তে তেওঁক তোমাৰ পোছাকযোৰো দি দিবা,' পদটোৱে মোক যথেষ্ট আনন্দিত কৰিলে আৰু শমল ভাটৰ 'এবাটি পানীৰ বাবে, এসাঁজ ভাল আহাৰ দিয়ক’ ইত্যাদীৰ কথা মনত পেলাই দিলে। মোৰ যুৱ মনটোৱে গীতা, এছিয়াৰ পোহৰ আৰু মাউন্টৰ উপদেশৰ শিক্ষাক একত্ৰিত কৰিবলৈ চেষ্টা কৰে। ত্যাগ যে ধৰ্মৰ সৰ্বোচ্চ ৰূপ হয় সেই কথাটো মোৰ যথেষ্ট ভাল লাগিছিল।

মহাত্মা গান্ধীৰ আত্মজীৱনীৰ এটা অংশৰ স্ক্ৰীণশ্বট। 

ইয়াত স্পষ্ট হৈ পৰে যে মহাত্মা গান্ধীয়ে বাইবেলত যীচু খ্ৰীষ্টৰ "কোনোবাই যদি আপোনাৰ এটা গালত চৰ মাৰে..." বুলি কোৱা কথাখিনি পঢ়িছিল, যিটো তেওঁৰ বৰ ভাল লাগিছিল।

উল্লেখযোগ্য যে ২০০৬ চনত ৰাজকুমাৰ হিৰাণীৰ পৰিচালিত আৰু সঞ্জয় দত্ত অভিনীত ‘লাগে ৰাহো মুন্নাভাই’ ছবিখনত মহাত্মা গান্ধীৰ চৰিত্ৰটোৱে অহিংসাৰ শিক্ষা দিবলৈ ‘যদি কোনোবাই এটা গালত চৰ মাৰে...’ সংলাপটো কেইবাবাৰো ব্যৱহাৰ কৰিছিল। তাৰ পিছতে ই যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল।

সিদ্ধান্ত

আমাৰ অনুসন্ধানৰ পৰা স্পষ্ট হৈ পৰিছে যে ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ উক্তি যীশু খ্ৰীষ্টৰ বাণী বুলি সংসদত ভুলকৈ উল্লেখ কৰিছিল বুলি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কৰা দাবীটো মিছা।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।