ৰাহুল গান্ধীয়ে ৰেলীত 'চীনৰ সংবিধান প্ৰদৰ্শন' কৰিছিল নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিছা দাবী

লেখক: ঈশিতা গোৱেল জে
মে’ 20 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল গান্ধীয়ে ৰেলীত 'চীনৰ সংবিধান প্ৰদৰ্শন' কৰিছিল নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিছা দাবী

ৰাহুল গান্ধীয়ে চীনৰ সংবিধান হাতত লৈ থকা বুলি দাবী কৰা এটা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ৰাহুল গান্ধীয়ে তেওঁৰ হাতত গোপাল শংকৰনাৰায়ণনৰ দ্বাৰা ৰচিত ভাৰতৰ সংবিধানৰ ৰঙা ক’ভাৰ থকা কোটপকেট সংস্কৰণটো ধৰি থকা দেখা গৈছে।

ক্লেইম আইডি 58eb212a

কি দাবী কৰা হৈছে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰঙা কভাৰ থকা এখন কিতাপ হাতত লৈ থকা এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখন শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে ৰঙা ৰঙৰ ‘চীনৰ সংবিধান’ৰ এটা প্ৰতিলিপি হাতত লৈ থকা বুলি দাবী কৰা হৈছে, ইয়াৰ বিপৰীতে ভাৰতীয় সংবিধানৰ মূল প্ৰতিলিপিটোৰ কভাৰ নীলা ৰঙৰ বুলি কোৱা হৈছে।

এই দাবীটো প্ৰথমে ১৭ মে’ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোষ্ট কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)। এক্সত দিয়া পোষ্টত তেওঁ লিখিছিল, ‘‘ভাৰতৰ সংবিধানৰ মূল প্ৰতিলিপিটোৰ কভাৰ নীলা হয়। চীনৰ মূল সংবিধানৰ ৰঙা হয়। ৰাহুলে চীনৰ সংবিধান লৈ ফুৰে নেকি? আমি পৰীক্ষা কৰিব লাগিব।’’ 

শৰ্মাই তেওঁৰ পোষ্টটোৰ ন্যায্যতা প্ৰতিপন্ন কৰিবলৈ ১৮ মে'ত এক্সত পুনৰ এটা পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) কৰি লিখে, "ৰাহুলে তেওঁৰ সভাত অংশগ্ৰহণ কৰা ৰাইজৰ আগত চীনৰ ৰঙা সংবিধান প্ৰদৰ্শন কৰি আছে। নীলা ৰঙৰ আমাৰ সংবিধানখনত ৰাষ্ট্ৰীয় নীতিৰ নিৰ্দেশমূলক নীতি নামৰ এটা অধ্যায় আছে। এই অধ্যায়টোৱে ইউনিফৰ্ম চিভিল ক’ড প্ৰণয়ন কৰাটো এক পবিত্ৰ কৰ্তব্য কৰি তুলিছে। ৰাহুলে এতিয়া ইয়াৰ বিৰোধিতা কৰিছে। সেইকাৰণে মই নিশ্চিত যে তেওঁৰ হাতত থকা সংবিধানখন নিশ্চয় চীনৰ হয়।’’

শৰ্মাৰ প্ৰথম পোষ্টটোত দুখন ছবি সন্নিবিষ্ট কৰা হৈছিল: এখন ৰঙা কভাৰৰ চীনৰ সংবিধান আৰু আনখন নীলা কভাৰৰ ভাৰতৰ সংবিধানখন। পিছত আন আন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়েও উক্ত পোষ্টটো শ্বেয়াৰ কৰে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব ৷

ভাইৰেল ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰকৃত সত্য কি?

হাতত ৰঙা কভাৰৰ কিতাপখন লৈ থকা ৰাহুল গান্ধীৰ আচল ছবিখন প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া (পিটিআই)-ৰ ৱেবছাইটত (আৰ্কাইভ লিংক) পোৱা গৈছিল, য'ত লিখা আছিল, "কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেলেংগানাৰ গাডৱালত লোকসভা নিৰ্বাচনৰ এখন ৰাজহুৱা সভাত ভাষণ দিয়ে, দেওবাৰ, মে' ৫, ২০২৪। (পিটিআই ফটো)।"

পিটিআই ফটোৰ ৱেবছাইটত থকা ৰাহুল গান্ধীৰ ফটো। (উৎস: পিটিআই ফটো/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ ভিত্তিত আমি গান্ধীয়ে ভাষণ দিয়া গড়ৱালৰ একেটা অনুষ্ঠানৰ এটা ভিডিঅ’ লাভ কৰোঁ। তেওঁ ২০২৪ চনৰ ৫ মে'ত ইউটিউবত (ইয়াত আৰ্কাইভ কৰা হৈছে) "লোকসভা ২০২৪ অভিযান | ৰাজহুৱা সভা | গড়ৱাল, তেলেংগানা," শীৰ্ষক এটা লাইভষ্ট্ৰিম পোষ্ট কৰিছিল। ভিডিঅ’টোৰ ২৯:১৭ টাইমষ্টেম্পত তেওঁ হাতত লৈ থকা কিতাপখনৰ কভাৰত "ভাৰতৰ সংবিধান," শব্দটো স্পষ্টকৈ ধৰিব পাৰি।

কিতাপখন হাতত লৈ গান্ধীয়ে হিন্দীত কৈছিল, “...দেশৰ দুখীয়া, অ’বিচি, দলিত, জনজাতিসকলে যদি কিবা হৈছে, তেন্তে সেয়া এই কিতাপখনৰ বাবে, আমাৰ সংবিধানৰ বাবে। যদি আপুনি চৰকাৰী চাকৰি পাইছে, ৰাজহুৱা খণ্ড নিৰ্মাণ হৈছে, সংৰক্ষণ ব্যৱস্থা হৈছে, তেন্তে এই সকলোবোৰ এই কিতাপখনৰ বাবে হৈছে। এইখনৰ অস্তিত্বৰ পূৰ্বে আপোনালোকৰ বাবে ভাৰতত কোনো অধিকাৰ নাছিল। এই গ্ৰন্থখনে অ’বিচি, সংখ্যালঘু, জনজাতি, আৰু সাধাৰণ জাতিকে ধৰি সকলো শ্ৰেণীৰ মানুহৰ অধিকাৰ সুৰক্ষিত কৰিছে। কিন্তু বিজেপিয়ে এই কিতাপখন ফালি পেলাব বিচাৰিছে। এই গ্ৰন্থখন মহাত্মা গান্ধী, বি আৰ আম্বেদকাৰে আমাক দি গৈছে...” ইয়াৰ দ্বাৰা এইটো স্পষ্ট হয় যে তেওঁ ভাৰতৰ সংবিধানৰ কথা উল্লেখ কৰিছিল।

তেলেংগানা যুৱ কংগ্ৰেছে ২০২৪ চনৰ ২৯ এপ্ৰিলত ৰঙা কভাৰযুক্ত ভাৰতৰ সংবিধানৰ প্ৰতিলিপিটো হাতত লৈ থকা গান্ধীৰ এখন একেধৰণৰ ফটো (ইয়াত আৰ্কাইভ কৰা হৈছে) পোষ্ট কৰিছিল।

ৰঙা কভাৰৰ ভাৰতৰ সংবিধান

আমি ইণ্টাৰনেটত ৰঙা কভাৰযুক্ত ভাৰতৰ সংবিধানখন সন্ধান কৰি চালো আৰু ইষ্টাৰ্ণ বুক কোম্পানী (ইবিচি)ৰ দ্বাৰা প্ৰকাশিত ‘ভাৰতৰ সংবিধান (কোট পকেট সংস্কৰণ)’ শীৰ্ষক গোপাল শংকৰনাৰায়ণনৰ এটা নিৰ্দিষ্ট সংস্কৰণ লাভ কৰোঁ। এই কিতাপখন ইবিচি ৱেবষ্টোৰ (আইন সম্বন্ধীয় কিতাপৰ অনলাইন ষ্টোৰ), আৰু আমাজন অনলাইন শ্বপিং প্লেটফৰ্মত উপলব্ধ। আমি লক্ষ্য কৰিলোঁ যে ইবিচিৰ সংস্কৰণটো ভাইৰেল ছবিখনত গান্ধীয়ে ধৰি ৰখা কপিটোৰ সৈতে একে।

ৰঙা কভাৰৰ সংস্কৰণৰ সৈতে আন নেতাৰ ছবি

কোনো ৰাজনীতিবিদে উক্ত সংস্কৰণটো হাতেৰে ধৰি থকা ফটো এইখনে প্ৰথম নহয়। ইয়াৰ পূৰ্বে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক গ্ৰন্থখনৰ প্ৰতিলিপি লৈ থকা দেখা গৈছিল।

২০২৩ চনৰ ২৩ অক্টোবৰত অনলাইন আইনী গৱেষণা ডাটাবেছ এছচিচি অনলাইন (আৰ্কাইভ লিংক) (ইবিচিৰ দ্বাৰা প্ৰকাশিত)ত শ্বাহে উক্ত সংস্কৰণটো গ্ৰহণ কৰাৰ এখন ফটো পোষ্ট কৰি লিখিছিল, "ইবিচিৰ সঞ্চালক, শ্ৰীযুত চুমাইন মালিক, আৰু শ্ৰীযুত সুমিত মালিকে ভাৰতৰ গৃহ পৰিক্ৰমা মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক এখন কোট পকেট সংবিধানৰ প্ৰতিলিপি প্ৰদান কৰে।"

একেদৰে ২০১৭ চনৰ ২৬ জুলাইত দ্য ষ্টেটছমেনত প্ৰকাশিত এক প্ৰতিবেদনত মোডীয়ে সংবিধানৰ এটা অনুৰূপ প্ৰতিলিপি তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক প্ৰদান কৰাৰ ফটো প্ৰকাশ কৰিছিল।

২০২১ চনৰ ১৫ জুলাইত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (ইয়াত আৰ্কাইভ কৰা হৈছে) এখন ছবি পোষ্ট কৰিছিল য'ত কোবিন্দে মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই ছগনভাই পেটেলৰ পৰা সংবিধানখনৰ এটা অনুৰূপ কপি গ্ৰহণ কৰা দেখা গৈছে।

ভাৰতৰ সংবিধানৰ নীলা কভাৰৰ সংস্কৰণ

২০২৪ চনৰ ৩০ জানুৱাৰীত টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত "ভাৰতৰ সংবিধান যুগ যুগ ধৰি চলি থকাটো তেওঁলোকে কিদৰে নিশ্চিত কৰিলে" শীৰ্ষক এটা প্ৰতিবেদনত ভাইৰেল পোষ্টত 'মূল নীলা কভাৰৰ সংবিধান' ক চিত্ৰিত কৰিবলৈ ব্যৱহাৰ কৰা ফটোখন আছিল। প্ৰতিবেদনটোৰ মতে ভাৰতীয় সংবিধানৰ হাতে লিখা মূল প্ৰতিলিপিসমূহ সংসদৰ গ্ৰন্থগাৰৰ ভিতৰৰ ডিছপ্লে কেচত সংৰক্ষিত হৈ আছে।

সংবিধান বিতৰ্ক

গান্ধীয়ে প্ৰথমে দলৰ সকলো প্ৰাৰ্থীকে মনোনয়ন দাখিল আৰু ৰাজহুৱা সভাত সংবিধানৰ প্ৰতিলিপি লগত লৈ যাবলৈ কোৱাৰ লগতে নিজেও লগত লৈ যোৱা আৰম্ভ কৰিছিল। বিজেপিৰ সভাপতি জে পি নাড্ডাই গান্ধীৰ বিৰুদ্ধে অভিযোগ আনি কৈছিল যে গান্ধীয়ে সংবিধানৰ প্ৰতিলিপি কেৱল লগত কঢ়িয়াইহে ফুৰে কিন্তু নপঢ়ে।

২০২৪ চনৰ ১৭ মে’ত গান্ধীয়ে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে এখন সভাত এই বিষয়টো উত্থাপন কৰিছিল। ইয়াত গান্ধীয়ে নাগৰিকৰ সাংবিধানিক মূল্যবোধ আৰু অধিকাৰক ভেঙুচালি কৰাৰ চেষ্টা কৰা বুলি কৈ মোডীক সমালোচনা কৰিছিল। ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই গান্ধীয়ে ‘ৰঙা কভাৰৰ চীনৰ সংবিধান’ লগত লৈ ফুৰিছে নেকি বুলি প্ৰশ্ন কৰে।

সিদ্ধান্ত

ভাইৰেল ফটোখনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতৰ সংবিধানৰ কোট পকেট সংস্কৰণ (ইবিচিৰ দ্বাৰা প্ৰকাশিত) হাতত লৈ থকা দেখা গৈছে। গতিকে গান্ধীয়ে চীনৰ সংবিধানৰ প্ৰতিলিপি লৈ আছিল বুলি কৰা দাবীটো মিছা হয়।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।