মূল সংসদত ৰাহুল গান্ধীয়ে অনুৰাগ ঠাকুৰৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে বুলি দাবী কৰি সম্পাদিত ভিডিঅ’ প্ৰচাৰ

সংসদত ৰাহুল গান্ধীয়ে অনুৰাগ ঠাকুৰৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে বুলি দাবী কৰি সম্পাদিত ভিডিঅ’ প্ৰচাৰ

জুলাই 5 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
সংসদত ৰাহুল গান্ধীয়ে অনুৰাগ ঠাকুৰৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে বুলি দাবী কৰি সম্পাদিত ভিডিঅ’ প্ৰচাৰ সংসদত ৰাহুল গান্ধীয়ে বিজেপি সাংসদ অনুৰাগ ঠাকুৰে কৰা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা বুলি দাবী কৰি শ্বেয়াৰ কৰা ভিডিঅ'ৰ স্ক্ৰীণশ্বট (উৎস: এক্স/স্ক্ৰীণশ্বট)

ফেক্ট চেক

মিছা

এই ভিডিঅ'টো সম্পাদনা কৰা হৈছে। অনুৰাগ ঠাকুৰে তেওঁৰ ভাষণত সংবিধানখন কিমান পৃষ্ঠাৰ হয় বুলি বিৰোধীক প্ৰশ্ন কৰাৰ সময়ত ৰাহুল গান্ধী সদনত উপস্থিত নাছিল।

কি দাবী কৰা হৈছে?

হিমাচল প্ৰদেশৰ হামিৰপুৰ লোকসভা সমষ্টিৰ বিজেপি সাংসদ অনুৰাগ ঠাকুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত তেওঁ বিৰোধী দলৰ সাংসদসকলক আমাৰ সংবিধানত কিমান পৃষ্ঠা আছে বুলি প্ৰশ্ন কৰা শুনা যায়। ভিডিঅ’টোত বিপৰীত দিশত বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি অন্যান্য বিৰোধী নেতাসকলক দেখা যায়। ভিডিঅ’টো শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে অনুৰাগ ঠাকুৰৰ সংবিধানত কিমান পৃষ্ঠা আছে বুলি সোধা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে বুলি দাবী কৰা হয়।

এজন এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, "ৰাহুল গান্ধীয়ে সংবিধানত কিমান পৃষ্ঠা আছে ক'ব নোৱাৰিলে... ইয়াকে ৰাহুল বাবাক তেওঁৰ ভাষাতে উত্তৰ দিয়া বুলি কোৱা হয়… অনুৰাগ ঠাকুৰ।" পোষ্টটোৱে এতিয়ালৈকে ২ লাখ ৩৭ হাজাৰতকৈ অধিক ভিউ লাভ কৰিছে। পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাওক । একে দাবীৰে শ্বেয়াৰ কৰা আন একাধিক পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব৷

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

অৱশ্যে আমাৰ অনুসন্ধানত ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা বুলি জানিব পৰা গৈছে। দৰাচলতে অনুৰাগ ঠাকুৰে লোকসভাত ভাষণ দি থকাৰ সময়ত সংবিধানৰ পৃষ্ঠাক লৈ বিৰোধীক প্ৰশ্ন কৰিছিল যদিও সেই সময়ত সদনত ৰাহুল গান্ধী উপস্থিত নাছিল।

আমি সত্যটো কিদৰে গম পালোঁ?

বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে ২০২৪ চনৰ ১ জুলাইত লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত বক্তব্য প্ৰদান কৰিছিল। সংসদ টিভিৰ ইউটিউব চেনেলত উপলব্ধ তেওঁৰ ভাষণৰ ভিডিঅ'টো (ইয়াত আৰ্কাইভ) আমি চালোঁ৷ ভিডিঅ’টোত ভাইৰেল অংশটো ৫৬:৪৬ মিনিটত দেখা যায়, য’ত অনুৰাগ ঠাকুৰে বিৰোধী সাংসদসকলক উদ্দেশ্যী সংবিধানৰ পৃষ্ঠা সন্দৰ্ভত প্ৰশ্ন কৰে।

অনুৰাগ ঠাকুৰে কয়, “মই আপোনালোক সকলোকে আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছো, সংবিধানত কিমান পৃষ্ঠা আছে?” ইয়াৰ পিছত তেওঁ কয়, “আপোনালোকে সদায় লগতে লৈ ফুৰে, কেতিয়াবা খুলিলৈ পঢ়িবওচোন...” 

আমি দেখিলোঁ যে অনুৰাগ ঠাকুৰে প্ৰশ্নটো কৰাৰ লগে লগে কেমেৰাটো বিৰোধী বেঞ্চৰ ফালে ঘূৰি গ’ল, কিন্তু প্ৰথম বেঞ্চখনত ৰাহুল গান্ধীৰ উপস্থিতি দেখা পোৱা নগ’ল। ইয়াৰ পিছতো অনুৰাগ ঠাকুৰৰ সমগ্ৰ ভাষণৰ সময়ত ৰাহুল গান্ধীক সদনত দেখা নাযায়।

অনুৰাগ ঠাকুৰৰ ভাষণৰ সময়ত বিৰোধীৰ আসনৰ স্ক্ৰীণশ্বট। (উৎস: সংসদ টিভি)

অৱশ্যে আমাৰ অনুসন্ধানত আমি নিশ্চিতভাৱে দেখোঁ যে প্ৰথম অৱস্থাত যেতিয়া অনুৰাগ ঠাকুৰে ভাষণ দিবলৈ থিয় হৈছিল তেতিয়া ৰাহুল গান্ধী সদনত উপস্থিত আছিল। ভিডিঅ’টোৰ ২৫ ছেকেণ্ডৰ সময়ত আমি দেখোঁ পাওঁ যে ৰাহুল গান্ধীয়ে থিয় হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাক ৰাষ্ট্ৰপতিৰ ভাষণৰ পিছত নীট (NEET) সন্দৰ্ভত আলোচনাৰ বাবে এটা দিন নিৰ্ধাৰণ কৰিব লাগে বুলি কৈছিল। ইয়াৰ পিছত অনুৰাগ ঠাকুৰে তেওঁৰ ভাষণ আৰম্ভ কৰে। অনুৰাগ ঠাকুৰৰ ভাষণৰ সময়ত ভিডিঅ’টোৰ ৩:১৬ টাইমষ্টেম্পত বিৰোধী শিবিৰ সদনৰ পৰা ওলাই যোৱা দেখা যায়। কিন্তু পিছত অনুৰাগ ঠাকুৰৰ ভাষণৰ সময়ত বিৰোধী দলৰ সকলো সাংসদক পুনৰ সদনত দেখা যায় যদিও ৰাহুল গান্ধীক দেখা নগ’ল। অনুৰাগ ঠাকুৰে যেতিয়া বিৰোধীক সংবিধানৰ পৃষ্ঠা সন্দৰ্ভত প্ৰশ্ন কৰে, তেতিয়া সদনত ৰাহুল গান্ধী দেখা নাযায়।

ৰাহুল গান্ধী বিৰোধী দলপতি হয় আৰু সেই সেতুকে সদনত অধ্যক্ষৰ বাওঁফালে থকা প্ৰথম শাৰীত তেওঁ এখন নিৰ্দিষ্ট আসন লাভ কৰে।

যিহেতু ভাইৰেল ভিডিঅ’টোত ৰাহুল গান্ধীক দেখা যায়, গতিকে আমি সেই সম্পৰ্কে অলপ অনুসন্ধান কৰিলোঁ আৰু দেখিলোঁ যে ৰাহুল গান্ধীয়ে থিয় হৈ থকা ক্লিপটো ২০২৪ চনৰ ১ জুলাইত তেওঁ দিয়া ভাষণৰ পৰা লোৱা হৈছে। ৰাহুল গান্ধীৰ ভাষণৰ ভিডিঅ'টো সংসদ টিভিৰ ইউটিউব চেনেলত উপলব্ধ (ইয়াত আৰ্কাইভ কৰা হৈছে), য'ত হুবহু একেটা অংশ ১৯:০৩-১৯:০৮ টাইমষ্টেম্পত দেখা পোৱা যায়। 

ইয়াৰ দ্বাৰা এইটো স্পষ্ট হয় যে ৰাহুল গান্ধীৰ অন্য ভিডিঅ’ৰ এটা সৰু অংশ কাটি আনি অনুৰাগ ঠাকুৰৰ ভাষণৰ ক্লিপটোত সংযোজন কৰা হৈছে।

সিদ্ধান্ত

আমাৰ অনুসন্ধানৰ পৰা এইটো স্পষ্ট হৈছে যে ভাইৰেল ভিডিঅ’টো প্ৰকৃততে সম্পাদনা কৰা হৈছে আৰু অনুৰাগ ঠাকুৰে সংবিধানৰ পৃষ্ঠাৰ সংখ্য সন্দৰ্ভত প্ৰশ্ন কৰাৰ সময়ত ৰাহুল গান্ধী সদনত উপস্থিত নাছিল।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।