মূল ইণ্ডিয়া এলায়েন্সে সংসদৰ বাহিৰত 'চীনৰ সংবিধান' লৈ প্ৰতিবাদ কৰিছিল বুলি মিছাকৈ দাবী কৰা হৈছে

ইণ্ডিয়া এলায়েন্সে সংসদৰ বাহিৰত 'চীনৰ সংবিধান' লৈ প্ৰতিবাদ কৰিছিল বুলি মিছাকৈ দাবী কৰা হৈছে

লেখক: প্ৰভানু দাস

জুন 26 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইণ্ডিয়া এলায়েন্সে সংসদৰ বাহিৰত 'চীনৰ সংবিধান' লৈ প্ৰতিবাদ কৰিছিল বুলি মিছাকৈ দাবী কৰা হৈছে ইণ্ডিয়া এলায়েন্সে 'চীনৰ সংবিধান' লৈ সংসদৰ বাহিৰত প্ৰতিবাদ কৰা বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ভিডিঅ'সমূহত কংগ্ৰেছ দলৰ নেতাসকলৰ হাতত ভাৰতীয় সংবিধানৰ পকেট আকাৰৰ সংস্কৰণটো হে দেখা গৈছে, এইসমূহ চীনৰ সংবিধানৰ প্ৰতিলিপি বুলি মিছাকৈ দাবী কৰা হৈছে।

কি দাবী কৰা হৈছে?

এক্স (পূৰ্বৰ টুইটাৰ)ত একাধিক পোষ্টত ইণ্ডিয়া এলায়েন্সৰ একাধিক সদস্যই সাব্যস্ত কৰা এটা প্ৰতিবাদৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। ২০ ছেকেণ্ডৰ এটা ক্লিপত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, আৰু অন্যান্য বিৰোধী সাংসদকে ধৰি ডিএমকে দলৰ কণিমোঝি কৰুণানিধি, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ ইদ্যাদী একাধিক ৰাজনৈতিক নেতাক এখন এখন সৰু ৰঙা কিতাপ ওপৰলৈ তুলি ভাৰতীয় সংবিধান আৰু ইয়াৰ নীতিৰ সমৰ্থনত শ্লোগান দিয়া দেখা গৈছে।

এই পোষ্টবোৰৰ লগত দিয়া কেপচনত অভিযোগ কৰা হৈছে যে প্ৰতিবাদৰ সময়ত তেওঁলোকে প্ৰদৰ্শন কৰা কিতাপবোৰ ভাৰতীয় সংবিধানৰ প্ৰতিলিপি নহয়, বৰঞ্চ চীনৰ সংবিধানহে। এনে পোষ্টৰ আৰ্কাইভ লিংক পোৱা যাব ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে ভালদৰে চালে এইটো স্পষ্ট হৈ পৰে যে প্ৰতিবাদকাৰীসকলৰ হাতত থকা কিতাপখন চীনৰ সংবিধান নহয়, বৰঞ্চ ভাৰতীয় সংবিধানৰ পকেট আকাৰৰ সংস্কৰণহে।

আমি কি বিচাৰি পালোঁ?

এএনআইৰ ৱাটাৰমাৰ্ক থকা ভিডিঅ’টো দেখাৰ লগে লগে আমি নিশ্চিত হ’লো যে ইয়াক প্ৰথমে নিউজ এজেন্সীটোৱে এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) ২০২৪ চনৰ ২৪ জুনত আপলোড কৰিছিল। কেপচনত লিখা আছিল, “কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি ইণ্ডিয়া ব্লকৰ নেতাসকলে সংসদ চৌহদত প্ৰতিবাদ কৰিছে।"

এক্স-ত প্ৰতিবাদৰ একাধিক দৃশ্য পোৱা গৈছিল। ২০২৪ চনৰ ২৪ জুনত খাৰ্গেই এক্সত এই ভিজুৱেলসমূহৰ এটা কলাজ শ্বেয়াৰ কৰিছিল আৰু বিভিন্ন বিষয়ত শাসকীয় দলে পদক্ষেপ প্ৰহণ কৰিব লাগে বুলি আহ্বান জনাই এটা বিবৃতিও দিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)। ভিডিঅ’টোত ০:৩৫ ছেকেণ্ডত  'ভাৰতৰ সংবিধান' বুলি লিখা কিতাপখনৰ শিৰোনামটো স্পষ্টকৈ দেখা যায়।

খাৰ্গেৰ টুইটৰ ভিজুৱেলৰ স্ক্ৰীণশ্বট য'ত 'ভাৰতৰ সংবিধান' শিৰোনাম দৃশ্যমান। (উৎস: kharge/X/যুক্তিগতভাৱে তথ্যৰ দ্বাৰা পৰিৱৰ্তিত)

একেদৰে ৰাহুল গান্ধীয়েও ২০২৪ চনৰ ২৪ জুনত এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) আপলোড কৰা প্ৰতিবাদৰ ভিডিঅ’বোৰত গ্ৰন্থখনৰ শিৰোনাম – 'ভাৰতৰ সংবিধান’ – স্পষ্টকৈ দেখা গৈছে য’ত কিছুমান বিশেষ ফ্ৰেমত "ইষ্টাৰ্ন ইবিচি" শব্দটো দেখা গৈছে।

ক্লিপটোৰ ০:৫০ সময়ত ছোনিয়া গান্ধীয়ে কিতাপখনৰ শিৰোনামটো স্পষ্টকৈ দেখা পোৱাকৈ কেমেৰাৰ ওচৰত তুলি ধৰে আৰু ০:৫৭ টাইমষ্টেম্পত ৰাহলে এখন গাড়ীত বহি থকাৰ পৰা সংবাদ মাধ্যমক কিতাপখন দেখুৱায়।

ৰাহুল গান্ধীয়ে এক্সত আপলোড কৰা এটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট য’ত ‘ভাৰতৰ সংবিধান’ শিৰোনাম আৰু প্ৰকাশক ‘ইবিচি’ৰ নাম দেখা যায়। (উৎস: ৰাহুল গান্ধী/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

গুগলত অনুসন্ধান কৰি দেখা গ’ল যে ভাৰতৰ সংবিধানৰ এই নিৰ্দিষ্ট ৰঙা সংস্কৰণটো ভাৰতৰ আইনী গ্ৰন্থৰ প্ৰধান প্ৰকাশক ইষ্টাৰ্ণ বুক কোম্পানী (ইবিচি)ৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। এইখন গোপাল শঙ্কৰনাৰায়ণনে ৰচনা কৰা কোট পকেট সংস্কৰণ হয়। ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীয়ে ৰেলীত এই প্ৰতিলিপিটো হাতত লোৱা দেখা গৈছিল।

উদাহৰণস্বৰূপে, তেলেংগানা যুৱ কংগ্ৰেছৰ ২০২৪ চনৰ এপ্ৰিল মাহৰ এটা এক্স পোষ্টত ( ইয়াত আৰ্কাইভ কৰা হৈছে ) দেখা গৈছে যে ৰাহুলে চত্তিশগড়ৰ বিলাসপুৰত এখন সভাত সংবিধানৰ একেটা প্ৰতিলিপি হাতত লৈছিল।

ইয়াৰ উপৰি ৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই ছগনভাই পেটেলৰ পৰা উক্ত সংস্কৰণটোৰ এটা প্ৰতিলিপি গ্ৰহণ কৰাৰ এখন ফটো ইণ্টাৰনেটত উপলবদ্ধ। ২০২১ চনৰ ১৫ জুলাইত ৰাষ্ট্ৰপতি ভৱনৰ এক্স একাউণ্টে উক্ত ফটোখন পোষ্ট কৰিছিল। ইয়াত আৰ্কাইভ কৰা হৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীৰ হাতত থকা সংবিধানৰ উক্ত প্ৰতিলিপিটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চীনৰ সংবিধান বুলি মিছাকৈ দাবী কৰিছিল, লজিকেলী ফেক্টছে উক্ত দাবীটো মিছা বুলি নিশ্চিত কৰিছিল।

সিদ্ধান্ত

১৮ সংখ্যক লোকসভাৰ প্ৰথমটো দিনত ইণ্ডিয়া এলায়েন্সে সাব্যস্ত কৰা এক প্ৰতিবাদৰ সময়ত চীনৰ সংবিধানৰ প্ৰতিলিপি প্ৰদৰ্শন কৰা হৈছিল বুলি মিছাকৈ দাবী কৰা হৈছে। ছবি দেখা কিতাপখন ভাৰতৰ সংবিধানৰ পকেট আকাৰৰ সংস্কৰণ হয়।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।