বিল্বেশ্বৰ দেৱালয়ৰ বলি প্ৰথাৰ ২০১৭ চনৰ এখন ফটো ভুৱা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা হৈছে

লেখক: ভনীতা গণেশ
জুন 21 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বিল্বেশ্বৰ দেৱালয়ৰ বলি প্ৰথাৰ ২০১৭ চনৰ এখন ফটো ভুৱা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা হৈছে

এটা হিন্দু মন্দিৰত মুছলমান যুৱকে গৰুৰ মূৰ দলিয়াই থৈ যোৱা বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ফটোখনত ২০১৭ চনৰ দুৰ্গা পূজাৰ সময়ত অসমৰ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ত চলা বলিদানৰ দৃশ্য বন্দী কৰা হৈছে। ইয়াৰ সৈতে ঈদ বা কোৰবানিৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি b6da669e

(সতৰ্কবাণী: এই লেখাটোত কিছুমান গ্ৰাফিক আৰু আৱেগক আঘাত কৰিব পৰা দৃশ্যৰ বিৱৰণ আছে।)

কি দাবী কৰা হৈছে?

এজন লোকে এটা জন্তুৰ কটা মূৰ হাতেৰে ডাঙি ধৰি থকা এখন ফটো ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। ফটোখন শ্বেয়াৰ কৰি বহুতেই এইটো এটা হিন্দু মন্দিৰত দুজন মুছলমান যুৱকে পেলাই থৈ যোৱা এটা গৰুৰ মাথা বুলি দাবী কৰিছে।   

এজন এক্স ব্যৱহাৰকাৰীয়ে ফটোখন পোনপ্ৰথমতে শ্বেয়াৰ কৰি যোৱা ১৭ জুনত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা  ঈদ উল আধাৰক সাঙুৰি কেপচনত লিখিছে, "শুভ বক্ৰিদ।"

পোষ্টটো শ্বেয়াৰ কৰি আন এটা এক্স পোষ্টৰ কেপচনত লিখা হৈছে, "সেই কটা গৰুৰ মূৰটো ২ জন মুছলমান যুৱকে এটা মন্দিৰত পেলাই থৈ গৈছিল। পূজাৰী জীয়ে মন্দিৰৰ পবিত্ৰতা বজাই ৰাখিবলৈ এই কামটো কৰিবলগীয়া হৈছিল আৰু তাৰ পিছত এই ইছলামিক লোকজনে কেনেকৈ ইয়াক ঠাট্টা কৰিছে চাওক... ব্লাডি ধৰ্মনিৰপেক্ষতা (sic." )." এই পোষ্টটোৱে ১,৬০০ৰো অধিক ভিউ লাভ কৰিছে, একেধৰণৰ পোষ্টৰ আৰ্কাইভ ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

মধ্য প্ৰদেশৰ জাওৰা চহৰৰ এটা মন্দিৰত গৰুৰ মূৰ দলিয়াই থৈ যোৱাৰ অভিযোগত চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ কিছু সময়ৰ পিছতে এই ফটোখন ছ’চিয়েল মিডিয়াত প্ৰচাৰ হ’ব ধৰে। উক্ত ঘটনাটোৱে অঞ্চলটোত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

অৱশ্যে, উল্লেখিত ফটোখনৰ উক্ত ঘটনাটোৰ হৈ সম্পৰ্ক নাই; বৰঞ্চ ইয়াত ২০১৭ চনত অসমৰ বিল্বেশ্বৰ দেৱালয়ৰ এক বলিদানত অংশগ্ৰহণ কৰা এজন ভক্তকহে দেখুওৱা হৈছে।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ভাইৰেল ফটোখন গেট্টি ইমেজ (ইয়াত আৰ্কাইভ কৰা হৈছে)-ত লাভ কৰোঁ, ২০১৭ চনৰ ৭ অক্টোবৰত দুৰ্গা পূজাৰ নৱমীৰ দিনা ফটোখন তোলা হৈছিল। ডেভিদ তালুকদাৰে কেমেৰাত আৱদ্ধ কৰা ফটোখনত বিশেষভাৱে উল্লেখ কৰা হৈছে যে ইয়াত দুৰ্গা পুজাৰ নৱমীৰ দিনা হোৱা ম’হ বলিৰ দৃশ্য দেখা গৈছে। গতিকে এয়া ঈদ উল আধাৰ গৰুৰ কোৰবানিৰ দৃশ্য নহয়।

গেট্টি ইমেজত উপলব্ধ মূল ফটোখনৰ স্ক্ৰীণশ্বট। (উৎস: গেট্টি ইমেজ/গ্ৰাফিক দৃশ্য ব্লাৰ কৰা হৈছে)

উল্লেখযোগ্য যে নলবাৰী জিলাৰ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাত ম'হ বলিৰ প্ৰথা চলি আহিছে। ২০২০ চনত প্ৰকাশিত টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি এই দেৱালয়ত পৰম্পৰাগতভাৱে দুৰ্গা পূজাৰ সময়ত ৫০টা ম’হ বলি দিয়া হয় যদিও সেই বছৰত মাত্ৰ এটা ম’হহে বলি দিয়া হৈছিল। নৱৰাত্ৰিৰ নৱম দিনা অৰ্থাৎ মহানৱমীৰ দিনাও দেৱালয়খনত ছাগলী, কপৌ, হাঁহ আদি বলি দিয়া দেখা যায়।

তদুপৰি ২০১১ চনৰ ৫ অক্টোবৰৰ ইণ্ডিয়া টুডেৰ এটা প্ৰতিবেদনতো (ট্ৰিগাৰ ৱাৰ্নিং: মনোকষ্ট দিব পৰা দৃশ্য) বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ত চলি অহা ম’হ বলিক লৈ বাতৰি প্ৰকাশ পাইছিল।

মহানৱমীৰ সময়ত অসমৰ কামাখ্যা আৰু উগ্ৰতাৰা মন্দিৰতো পশু বলিৰ প্ৰথা চলি আহিছে।

সিদ্ধান্ত

দুৰ্গা পূজাৰ সময়ত প্ৰতি বছৰে অসমৰ বিল্বেশ্বৰ দেৱালয়ত চলি অহা বলি প্ৰথাৰ দৃশ্য দেখুওৱা ২০১৭ চনৰ এখন ফটো ভুৱা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , తెలుగు

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।