মূল ছোনিয়া গান্ধীয়ে চিগাৰেট ধৰি থকা এই ভাইৰেল ছবিখন এ আই-জেনেৰেটেড হয়

ছোনিয়া গান্ধীয়ে চিগাৰেট ধৰি থকা এই ভাইৰেল ছবিখন এ আই-জেনেৰেটেড হয়

জুলাই 17 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছোনিয়া গান্ধীয়ে চিগাৰেট ধৰি থকা এই ভাইৰেল ছবিখন এ আই-জেনেৰেটেড হয় ছোনিয়া গান্ধীয়ে চিগাৰেট খাই থকা পুৰণি ফটো বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ভুৱা

এই ভাইৰেল ছবিখন 'ৰিমেকাৰ' নামৰ এটা এআই টুল ব্যৱহাৰ কৰি বনোৱা কৰা হৈছে, মূল ফটোখনত এগৰাকী বেলেগ মহিলাৰ মুখ দেখা যায়।

কি দাবী কৰা হৈছে?

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে তেওঁৰ ডেকা কালত ধূমপান কৰি থকাৰ দৃশ্য বুলি দাবী কৰি এখন ক’লা-বগা ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ছবিখনত গান্ধীক হাতত চিগাৰেট লৈ এটা খুঁটাত আঁউজি থকা দেখা গৈছে।

ছবিখন ভাগৱ ক্ৰান্তি নামৰ এগৰাকী ব্যৱহাৰকাৰীয়ে এক্সত শ্বেয়াৰ কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে ), আৰু ফটোখনত থকা ব্যক্তি গৰাকীক যোনে চিনাক্ত কৰিব পাৰিব তেওঁক পুৰস্কাৰ দিয়া হ’ব বুলি কৈছিল। কেপচনটোত কংগ্ৰেছে ২০২৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা মহালক্ষ্মী আঁচনিৰ কথা উল্লেখ কৰা হৈছে, যাক লৈ বিজেপি নেতা আৰু সমৰ্থকসকলে প্ৰায়ে ব্যংগ কৰা দেখা যায়। একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।

এক্সত ভাইৰেল ছবিখনৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে অনুসন্ধান কৰি গম পোৱা গৈছে যে ২০১৩ চনত টাম্বলাৰত আপলোড কৰা এখন ফটোত ছোনিয়া গান্ধীৰ মুখখন ডিজিটেলভাৱে চুপাৰিম্প’জ কৰা হৈছে।

আমি কি বিচাৰি পালোঁ?

‘ৰিমেকাৰ’ নামৰ এটা এ আই কন্টেন্ট জেনেৰেটৰ টুলৰ সহায়ত এই সাল-সলনি কৰা যেন অনুমান হয়। ভাইৰেল ছবিখনৰ তলৰ বাওঁফালৰ চুকত ‘ৰিমেকাৰ’ ৱাটাৰমাৰ্ক দেখা যায়, যাৰ পৰা অনুমান কৰিব পাৰি যে ছবিখনত থকা মুখাৱয়ব ডিজিটেলভাৱে সলনি কৰা হৈছে।

ভাইৰেল ছবিখনত থকা ‘ৰিমেকাৰ’ ৱাটাৰমাৰ্ক। (উৎস: এক্স/ স্ক্ৰীণশ্বট)

তদুপৰি ফটোখন ভালদৰে চোৱাত আমি কেতবোৰ বিসংগতি দেখা পাওঁ, বিশেষকৈ গান্ধীৰ মুখখনত দেখা অস্বাভাৱিক উজ্জ্বলতা, যিটো এ আই-জেনেৰেটেড ছবিৰ ক্ষেত্ৰত সাধাৰণতে দেখা যায়।

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি টাম্বলাৰত এখন একে ফটো লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে)। 'গজল' শীৰ্ষক ২০১২ চনৰ মূল ফটোখনৰ বাবে ফাৰ্জাদ ছাৰফৰাজীক কৃতিত্ব দিয়া হৈছিল। মূল ফটোখনত ছোনিয়া গান্ধী নহয়, বৰঞ্চ এগৰাকী বেলেগ নাৰীকহে দেখা যায় আৰু ইয়াত ছাৰফৰাজীৰ ৱাটাৰমাৰ্কও আছে।

ভাইৰেল ছবিখন আৰু টাম্বলাৰত উপলব্ধ ফাৰ্জাদ ছাৰফৰাজীয়ে ২০১২ চনত তোলা ফটোখনৰ তুলনা। (উৎস: এক্স/টাম্বলাৰ/স্ক্ৰীণশ্বট)

ছাৰফৰাজীক ক্ৰেডিট দিয়া ফটোখনৰ সৈতে একেধৰণৰ সংস্কৰণ ইনষ্টাগ্ৰাম আৰু এক্স ইত্যাদি আন প্লেটফৰ্মতো প্ৰকাশ পাইছে, য’ত এইখন ইৰাণত তোলা হৈছিল বুলি দাবী কৰা হৈছে। অৱশ্যে ফটোখনত থকা মহিলাগৰাকীৰ পৰিচয় আৰু তেওঁ ক’ৰ হয় সেই সন্দৰ্ভত এতিয়াও একো নিশ্চিত তথ্য লাভ কৰা নাই।

সিদ্ধান্ত

আমাৰ অনুসন্ধানত নিশ্চিতভাৱে দেখা গৈছে যে ছোনিয়া গান্ধীয়ে ধূমপান কৰি থকাৰ দৃশ্য বুলি দাবী কৰি প্ৰচাৰ কৰা ছবিখন ডিজিটেলভাৱে সলনি কৰা হৈছে। মূল ফটোখনৰ মুখখন ৰিমাৰ্কাৰ নামৰ এটা এ আই টুল ব্যৱহাৰ সলনি কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।