মূল বিজ্ঞাপনৰ বাবে বনোৱা চিজিআই ভিডিঅ’ টাইমচ স্কোৱেৰত বিৰাট কোহলীৰ প্ৰতিমূৰ্তি বুলি ভুল বাতৰি পৰিৱেশন

বিজ্ঞাপনৰ বাবে বনোৱা চিজিআই ভিডিঅ’ টাইমচ স্কোৱেৰত বিৰাট কোহলীৰ প্ৰতিমূৰ্তি বুলি ভুল বাতৰি পৰিৱেশন

লেখক: অংকিতা কুলকাৰ্ণী

জুন 28 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বিজ্ঞাপনৰ বাবে বনোৱা চিজিআই ভিডিঅ’ টাইমচ স্কোৱেৰত বিৰাট কোহলীৰ প্ৰতিমূৰ্তি বুলি ভুল বাতৰি পৰিৱেশন নিউয়ৰ্কৰ টাইমছ স্কোৱেৰত বিৰাট কোহলীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা বুলি দাবী কৰা সংবাদ মাধ্যমৰ শিৰোনামৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/নিউজ ১৮/হিন্দুস্তান টাইমছ/ইণ্ডিয়া টিভি/দ্য ইকনমিক টাইমছ)

ফেক্ট চেক

ভুৱা

ডুৰ’ফ্লেক্সৰ এজন প্ৰতিনিধিয়ে লজিকেলী ফেক্টছক ভিডিঅ’টো তেওঁলোকৰ মেট্ৰেছৰ বিজ্ঞাপনৰ বাবে বনোৱা এটা চিজিআই ভিডিঅ’ বুলি নিশ্চিত কৰিছে।

কি দাবী কৰা হৈছে?

ভাৰতীয় ক্ৰিকেটৰ বাবে এক বিশেষ ক্ষণ দাবী কৰি ইণ্টাৰনেটত এখন ছবি যথেষ্ট ভাইৰেল হৈ পৰিছে। দাবী কৰা মতে ছবিখনত নিউয়ৰ্কৰ টাইমচ স্কোৱেৰত স্থাপন কৰা বিৰাট কোহলীৰ এটা স্বৰ্ণ প্ৰতিমূৰ্তি দেখা গৈছে। এক্সত দিয়া তেনে এটা পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) এটা ভিডিঅ'ৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি লিখা হৈছে, "টাইমচ স্কোৱেৰত থকা বিৰাট কোহলীৰ প্ৰতিমূৰ্তিটোক বিশ্বৰ ৮ম আশ্চৰ্য্য হিচাপে ঘোষণা কৰা উচিত।"

এই প্ৰতিবেদন লিখাৰ সময়লৈকে এই পোষ্টটোৱে ১৯০,২০০ ভিউ লাভ কৰিছে। একে ধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব। 

নিউজ ১৮, হিন্দুস্তান টাইমছ, ইণ্ডিয়া টিভি, আৰু ইকনমিক টাইমছকে ধৰি একাধিক মূলসুঁতিৰ সংবাদ মাধ্যমেও এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰি তথাকথিত প্ৰতিমূৰ্তিটো “অলপতে উন্মোচন কৰা হৈছে” বুলি দাবী কৰিছে।

ছচিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

অৱশ্যে আমাৰ অনুসন্ধানত এইটো মেট্ৰেছ কোম্পানী ডুৰ’ফ্লেক্সে বিজ্ঞাপনৰ বাবে বনোৱা এটা চিজিআই (কম্পিউটাৰ-জেনেৰেটেড ইমেজৰী) ভিডিঅ’ বুলি জানিব পৰা গৈছে।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ছবিখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৪ চনৰ ২৩ জুনত ডুৰ’ফ্লেক্সে নিজৰ অফিচিয়েল এক্স একাউণ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) আপলোড কৰা এটা ভিডিঅ’ লাভ কৰোঁ। কেপচনটোত লিখা আছে, "এইমাত্ৰ উন্মোচন কৰা হৈছে: আইকনিক টাইমচ স্কোৱেৰত বিৰাট কোহলীৰ পূৰ্ণাৱয়বৰ মূৰ্তি। ৰজাৰ কৰ্তব্য, আমি গ্ল’বেল হৈ পৰিছো আৰু ইতিহাস সৃষ্টি কৰিছো! আমি বিৰাট কোহলীৰ বাবে ভাল টোপনি আৰু ভাল স্বাস্থ্য আগবঢ়াইছো। #GreatSleepGreatHealth #ViratKohli #worldcup #cricket #CGI।" 

'CGI' হেচটেগটোৱে এইটো কম্পিউটাৰ-জেনেৰেটেড বুলি ইংগিত দিয়ে। চিজিআই হৈছে উন্নত মানৰ গ্ৰাফিক্সৰ সহায়ত ছবি আৰু ভিডিঅ’ তৈয়াৰ কৰা এক প্ৰযুক্তি।  

এইটো এটা চিজিআই ভিডিঅ’ বুলি স্পষ্টকৈ উল্লেখ কৰি তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে ) আৰু ইউটিউব চেনেলতো শ্বেয়াৰ কৰা হৈছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)।

ডুৰ’ফ্লেক্সৰ ইনষ্টাগ্ৰাম পোষ্টৰ স্ক্ৰীণশ্বট য’ত ভাইৰেল ক্লিপটো চিজিআই বুলি উল্লেখ কৰা হৈছে।
(উৎস: ইনষ্টাগ্ৰাম/ডুৰ’ফ্লেক্স/স্ক্ৰীণশ্বট)

লজিকেলী ফেক্টছে ডুৰ’ফ্লেক্সৰ এজন প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰে (তেওঁ নিজকে তেনেদৰে পৰিচয় দিব বিচাৰিছিল), যি নিশ্চিত কৰিছিল যে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’টো চিজিআই ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে আৰু এইটো তেওঁলোকৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ বিৰাট কোহলীৰ বিজ্ঞাপন। ২০২৩ চনৰ ১৫ মে’ত ডুৰ’ফ্লেক্সে কোহলীক তেওঁলোকৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে চুক্তিবদ্ধ কৰিছিল।

আমি ইউটিউবত নিউয়ৰ্কৰ টাইমচ স্কোৱাৰৰ লাইভ ফুটেজো পৰ্যালোচনা কৰিলোঁ, যিটো আৰ্থকেমে ষ্ট্ৰীম কৰিছিল, কিন্তু কোহলীৰ প্ৰতিমূৰ্তিৰ কোনো চিন পোৱা নগ’ল, যাৰ দ্বাৰা এইটো এটা ডিজিটেলভাৱে প্ৰস্তুত কৰা এটা ভিডিঅ’ বুলি নিশ্চিত হোৱা যায়।

তদুপৰি আমি জানিব পাৰিলোঁ যে ডুৰ'ফ্লেক্সে পূৰ্বেও বিজ্ঞাপনৰ বাবে এনেধৰণৰ চিজিআই ভিডিঅ' পোষ্ট কৰিছে, যিবোৰ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। 

সিদ্ধান্ত

নিউয়ৰ্কৰ টাইমচ স্কোৱাৰত বিৰাট কোহলীৰ প্ৰতিমূৰ্তিৰ বিজ্ঞাপন হিচাপে বনোৱা এটা চিজিআই ভিডিঅ’ ক্ৰিকেটাৰগৰাকীৰ এটা সঁচা প্ৰতিমূৰ্তি বুলি মিছাকৈ দাবী কৰি প্ৰচাৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।