মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে এক্সত ভাৰতৰ মানুহৰ ওচৰত ক্ষমা বিচৰা বুলি ভুৱা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে

লেখক: ৰাহুল অধিকাৰী
জানুৱাৰী 10 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে এক্সত ভাৰতৰ মানুহৰ ওচৰত ক্ষমা বিচৰা বুলি ভুৱা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে

মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে এক্সত ভাৰতৰ মানুহৰ ওচৰত ক্ষমা বিচাৰি পিছত সেই পোষ্ট ডিলিট কৰা বুলি দাবী কৰা ভাইৰেল স্ক্ৰীণশ্বটটো। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

ভাৰতৰ সৈতে চলি থকা কূটনৈতিক বিবাদৰ মাজত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে ক্ষমা বিচাৰি কোনো পোষ্ট কৰা নাই, ভাইৰেল স্ক্ৰীণশ্বটটো ভুৱা হয়।

ক্লেইম আইডি 3e10a045

কি দাবী কৰা হৈছে?

ভাৰত আৰু মালদ্বীপৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা কূটনৈতিক বিবাদৰ মাজতে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে ভাৰতৰ লোকক ক্ষমা বিচাৰি এক্সত পোষ্ট কৰি পিছত সেই পোষ্ট ডিলিট কৰা বুলি দাবী কৰা এটা স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। 

যোৱা ৭ জানুৱাৰীত পোষ্ট কৰা ভাইৰেল স্ক্ৰীণশ্বটোত লিখা আছে, "আমাৰ মন্ত্ৰীসকলৰ হৈ আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কৰা দায়িত্বহীন মন্তব্যৰ বাবে মই আমাৰ ভাৰতীয় বন্ধুসকলৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰিছো। ভাৰতৰ বন্ধুসকলক আদৰণি জনোৱা আৰু আমাৰ দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে (আমি) আগ্ৰহী ( sic)।” স্ক্ৰীণশ্বটোত লগতে উক্ত পোষ্টটো ডিলিট কৰা হৈছে বুলিও লিখা আছে। 

মুইজুৰে ক্ষমা বিচৰা বুলি দাবী কৰা এই স্ক্ৰীণশ্বটটো মালদ্বীপৰ মন্ত্ৰী মৰিয়ম শ্বিউনা, মালছা শ্বৰীফ, আৰু আব্দুল্লা মাহজুম মজিদে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ শেহতীয়াকৈ লক্ষ্যদ্বীপ ভ্ৰমণকলৈ ছ’চিয়েল মিডিয়াত অসন্মানজনক মন্তব্য কৰাৰ কিছুদিনৰ পিছতে ভাইৰেল হৈছে।

প্ৰায়ে ভুল তথ্যৰে ছ'চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট শ্বেয়াৰ কৰাৰ বাবে পৰিচিত ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী ঋষি বাগ্ৰীয়ে ২০২৪ চনৰ ৮ জানুৱাৰীত মুইজুৰ উল্লেখিত স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি লিখে, “মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে হাতযোৰ কৰি নিঃচৰ্ত ক্ষমা  বিচাৰিছে।” প্ৰকাশৰ সময়ত এক্স পোষ্টটোৱে ২,১৩,০০০ৰো অধিক ভিউ আৰু ৪,৫০০ লাইক লাভ কৰিছিল। 

এক্সত শ্বেয়াৰ কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একাংশ আন ব্যৱহাৰকাৰীয়েও মুইজুৰ নামত শ্বেয়াৰ কৰা আৰু পিছত ডিলিট কৰা উক্ত পোষ্টটোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছিল। পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব ।

অৱশ্যে উক্ত স্ক্ৰীণশ্বটটো ভুৱা হয়। মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ক্ষমা বিচাৰি ছচিয়েল মিডিয়াত এনে কোনোধৰণৰ পোষ্ট কৰা নাই।

আমি কি বিচাৰি পালোঁ?

আমি মন কৰিলোঁ যে ভাইৰেল স্ক্ৰীণশ্বটটোত মুইজুৰ প্ৰকৃত এক্স একাউণ্টৰ সৈতে একে ইউজাৰনেম, প্ৰফাইল ফটো আৰু হেণ্ডেল ব্যৱহাৰ কৰা হৈছিল। তাৰ পিছত আমি মুইজুৰ অফিচিয়েল এক্স একাউণ্টটো পৰীক্ষা কৰোঁ আৰু দেখিলোঁ যে যোৱা ৫ জানুৱাৰীত একাউণ্টটোৰ পৰা অন্তিমটো পোষ্ট দিয়া হৈছিল। 

তদুপৰি আমি ছ’চিয়েল মিডিয়া এনালাইটিক্স টুল ছ’চিয়েল ব্লেডত উল্লেখিত তাৰিখত মুইজুৰ একাউণ্টৰ পৰা কোনো পোষ্ট ডিলিট কৰা হৈছে নেকি সেয়া অনুসন্ধান কৰি চাওঁ। তাত পোৱা তথ্য অনুসৰি ২০২৩ চনৰ ২৪ ডিচেম্বৰৰ পৰা মুইজুৰ হেণ্ডেলত কোনো পোষ্ট ডিলিট কৰা হোৱা নাই। 

আমি তলত উক্ত এনালাইটিক্সৰ এটা স্ক্ৰীণশ্বট যোগ কৰিছো। ছবিখনত ‘ফলৱাৰ্ছ’ আৰু ‘ফলৱিং’ স্তম্ভৰ তলত থকা (+) আৰু (-) চিহ্নই বৃদ্ধি পোৱা/হ্ৰাস পোৱা সংখ্যা বুজাইছে। একেদৰে ‘টুইটছ’ স্তম্ভৰ তলৰ চিহ্নই শ্বেয়াৰ কৰা/ডিলিট কৰা পোষ্টৰ সংখ্যা বুজাইছে। 

(উৎস: ছ’চিয়েল ব্লেড)

আমি ৱেবেক মেচিনত মুইজুৰ এক্স প্ৰফাইলৰ আৰ্কাইভ কৰা সংস্কৰণ পৰীক্ষা কৰি চাইছিলো কিন্তু তাত তেনে কোনো পোষ্ট পোৱা নগ’ল। 

মালদ্বীপৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ক্ষমা বিচাৰিছিল নেকি?

দুয়োখন ৰাষ্ট্ৰৰ মাজত কূটনৈতিক বিবাদ সৃষ্টি হোৱাৰ পিছৰে পৰা মালদ্বীপ চৰকাৰৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা অসন্মানজনক মন্তব্যক লৈ মালদ্বীপত থকা ভাৰতীয় উচ্চায়ুক্তই উদ্বেগ প্ৰকাশ কৰিছে।

যোৱা ৭ জানুৱাৰীত প্ৰকাশিত এক বিবৃতিত মালদ্বীপৰ বৈদেশিক মন্ত্ৰীয়ে কয়, “এই মতামতসমূহ ব্যক্তিগত আৰু ই মালদ্বীপ চৰকাৰৰ মতামতক প্ৰতিনিধিত্ব নকৰে।” ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ কাৰ্যালয়ৰ এগৰাকী মুখপাত্ৰই বিবিচিক জনোৱা মতে ইয়াৰ লগত জড়িত সকলো চৰকাৰী বিষয়াক পদৰ পৰা নিলম্বন কৰা হৈছে। মালদ্বীপৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মুছা জমিৰেও বহিঃ দেশৰ নেতাৰ বিৰুদ্ধে কৰা উক্ত মন্তব্যসমূহ “গ্ৰহণযোগ্য নহয়” বুলি কয়।

মন কৰিবলগীয়া যে মালদ্বীপৰ একাংশ ৰাজনৈতিক নেতৃত্বৰ বিতৰ্কিত মন্তব্যৰ পিছত মালদ্বীপৰ পৰ্যটন বৰ্জনৰ আহ্বান ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত ট্ৰেণ্ডিং হৈ পৰে। উক্ত মন্তব্যসমূহৰ পিছত ভাৰতৰ চেলিব্ৰেটিসকলকো ছ’চিয়েল মিডিয়াত বিশেষকৈ এক্সত ভাৰতৰ লোকক মালদ্বীপলৈ যোৱাৰ পৰিৱৰ্তে দেশৰ পৰ্যটনস্থলীসমূহ ভ্ৰমণ কৰিবলৈ আহ্বান জনাই প্ৰচাৰ চলোৱা দেখা যায়। মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইব্ৰাহিম ছলিহকে ধৰি আন কেইবাজনো নেতাই ভাৰত আৰু মোদীৰ বিৰুদ্ধে এনে ভাষাৰ ব্যৱহাৰক গৰিহণা দি বিবৃতি প্ৰকাশ কৰাৰ বিপৰীতে ভাইৰেল স্ক্ৰীণশ্বটটোত দাবী বৰ্তমানৰ মালদ্বীপ চৰকাৰ বা দেশখনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ক্ষমা বিচৰাৰ কোনো খবৰ প্ৰকাশ পোৱা নাই।

সিদ্ধান্ত

ভাইৰেল স্ক্ৰীণশ্বটত থকা পোষ্টটো ভুৱা আৰু ফটো সম্পাদনা কৰা ছফ্টৱেৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মালদ্বীপৰ একাংশ মন্ত্ৰীয়ে কৰা বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰি দেশখনৰ ৰাষ্ট্ৰপতিজনে কোনোধৰণৰ পোষ্ট দিয়া নাছিল। 

(অনুবাদ: চন্দন বৰগোহাঁই)

(সংশোধন: ভাইৰেল স্ক্ৰীণশ্বটটোৰ টাইম টাইলত বিসংগতি থকা বুলি কোৱা অংশটো এই প্ৰতিবেদনৰ পৰা আঁতৰাই দিয়া হৈছে আৰু সেই অনুযায়ী ফেক্ট-চেকটোক আপডেট কৰা হৈছে। এই ত্ৰুটিৰ বাবে আমি দুঃখিত।)  

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।