মূল পশ্চিমবংগৰ পুৰণি ফটো বাংলাদেশৰ শেহতীয়া বানপানীৰ বুলি প্ৰচাৰিত

পশ্চিমবংগৰ পুৰণি ফটো বাংলাদেশৰ শেহতীয়া বানপানীৰ বুলি প্ৰচাৰিত

লেখক: এনেট প্ৰীতি ফুৰ্টাডো

আগষ্ট 30 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বাংলাদেশৰ শেহতীয়া বানৰ কবলত পৰা বাংলাদেশৰ এটা মন্দিৰৰ ফটো বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) বাংলাদেশৰ শেহতীয়া বানৰ কবলত পৰা বাংলাদেশৰ এটা মন্দিৰৰ ফটো বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

এইখন পশ্চিমবংগৰ সুন্দৰবনৰ সাগৰ দ্বীপত থকা কপিল মুনি মন্দিৰৰ ফটো হয়, এইটো বাংলাদেশৰ মন্দিৰ নহয়।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত আংশিকভাৱে ডুব যোৱা এটা মন্দিৰৰ ফটো শ্বেয়াৰ কৰি সেইটো বাংলাদেশৰ এটা হিন্দু মন্দিৰৰ ফটো বুলি দাবী কৰা হৈছে। উল্লেখযোগ্য যে দেশত শেহতীয়াকৈ ভয়াৱহ বানপানীৰ সৃষ্টি হৈছে। 

ত্ৰিপুৰাৰ ডাম্বুৰ বান্ধৰ শ্লুইচ গেট খুলি ভাৰতে দেশখনত বানপানীৰ সৃষ্টি কৰা বুলি উত্থাপিত অভিযোগৰ মাজতে এই ফটোখন প্ৰচাৰিত হৈছে। অৱশ্যে এনে দাবীসমূহৰ কোনো প্ৰমাণ পোৱা নাই, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই বান্ধটো সীমান্তৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বুলি স্পষ্ট কৰি দিছে আৰু প্ৰবল বৰষুণৰ বাবে দেশখনত বানপানী হোৱা বুলি উল্লেখ কৰিছে।

এনে পৰিপেক্ষিতত মন্দিৰটোৰ ফটোখন শ্বেয়াৰ কৰা এটা এক্স পোষ্টৰ কেপচনত লিখিছে, "ভাৰতে বান্ধ খুলি বানপানীৰ সৃষ্টি কৰিছে। বাংলাদেশৰ এটা মন্দিৰ এতিয়া পানীৰ তলত (sic)।" এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পাব৷

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এইখন পশ্চিমবংগৰ সুন্দৰবনৰ সাগৰ দ্বীপত থকা কপিল মুনি মন্দিৰৰহে ফটো। 

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি দেখিলোঁ যে ভাইৰেল ফটোখন ২০১৯ চনৰ ২৪ আগষ্টত দ্য হিন্দুত প্ৰকাশিত এখন ফটোৰ মিৰ’ৰ সংস্কৰণ হয়।

"পশ্চিমবংগৰ সুন্দৰবনৰ মন্দিৰ বচাবলৈ সাগৰত দেৱাল নিৰ্মাণ" শীৰ্ষক দ্য হিন্দুৰ প্ৰতিবেদনটোত বৃদ্ধি পোৱা সাগৰৰ ভাবুকি কঢ়িয়াই অনা সাগৰ দ্বীপৰ কপিল মুনি মন্দিৰৰ বিষয়ে বাতৰি প্ৰকাশ পাইছে। প্ৰতিবেদনত তেতিয়া সাগৰৰ পৰা ৪০০ মিটাৰ দূৰত্বত অৱস্থিত মন্দিৰটোক সুৰক্ষিত কৰাৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰা হৈছে, যিটো অদূৰ ভৱিষ্যতে ডুব যাব পাৰে।

দ্য হিন্দুত প্ৰকাশিত সাগৰ দ্বীপৰ কপিল মুনি মন্দিৰৰ ফটোৰ সৈতে এক্স পোষ্টৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/দ্য হিন্দু/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি কমেও পাঁচ বছৰৰ আগৰ কিছুমান ইউটিউব ভিডিঅ’ (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ য’ত কপিল মুনি আশ্ৰম মন্দিৰটো দেখুওৱা হৈছে, উক্ত ভিডিঅ’সমূহত ভাইৰেল ফটোখনত দেখাৰ দৰে একেটা গাঁথনি দেখা যায়। ইয়াৰ উপৰিও, মন্দিৰটোৰ ষ্টক ইমেজ আলামি আৰু গেটি ইমেজত উপলব্ধ।

গুগল মেপত পৰীক্ষা কৰি আমি আৰু নিশ্চিত হ’লোঁ যে ভাইৰেল ফটোখন পশ্চিমবংগৰ কপিল মুনি মন্দিৰৰ হয়।

শেহতীয়া বানপানীত কপিল মুনি মন্দিৰ বুৰ গৈছিল নেকি? 

কপিল মুনি মন্দিৰ পশ্চিমবংগৰ দক্ষিণ প্ৰান্তত অৱস্থিত, য'ত গংগা নদীৰ বংগোপসাগৰৰ লগত মিলন ঘটে। ২০২৪ চনৰ আগষ্টলৈকে মন্দিৰটোত বানপানীৰ কবলত পৰা নাই যদিও খহনীয়াই চাৰিওফালৰ অঞ্চলতো প্ৰভাৱিত কৰিছে। ২০২৪ চনৰ জুলাইত টেলিগ্ৰাফ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনত শেহতীয়া সাগৰীয় জোৱাৰ-ভাটাৰ বাবে আহি পৰা খহনীয়াৰ ভাবুকিৰ পৰা সাগৰ দ্বীপটোক যাতে ৰক্ষা কৰিব পাৰি তাৰ উদ্দেশ্যে দ্বীপটোলৈ বিশেষজ্ঞৰ এটা দলে ভ্ৰমণ কৰাৰ কথা। 

সিদ্ধান্ত

পশ্চিমবংগৰ সাগৰ দ্বীপত থকা কপিল মুনি মন্দিৰৰ এখন পুৰণি ফটো বাংলাদেশত বানপানীৰ কবলত পৰা এটা হিন্দু মন্দিৰ ফটো বুলি মিছাকৈ দাবী কৰি শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।