মূল ভাইৰেল ফটোত ৰাহুল গান্ধীৰ সৈতে দেখা এই মহিলাগৰাকী মনমোহন সিঙৰ জীয়েক নহয়

ভাইৰেল ফটোত ৰাহুল গান্ধীৰ সৈতে দেখা এই মহিলাগৰাকী মনমোহন সিঙৰ জীয়েক নহয়

লেখক: অংকিতা কুলকাৰ্ণী

ছেপ্তেম্বৰ 10 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ফটোখনত ৰাহুল গান্ধীৰ সৈতে থকা মহিলাগৰাকী মনমোহন সিঙৰ কন্যা অমৃত সিং বুলি দাবী কৰা ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ফটোখনত ৰাহুল গান্ধীৰ সৈতে থকা মহিলাগৰাকী মনমোহন সিঙৰ কন্যা অমৃত সিং বুলি দাবী কৰা ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ফটোখনত ৰাহুল গান্ধীক কংগ্ৰেছকৰ্মী অমিতাভ দুবেৰ পত্নী তথা লেখিকা অমূল্য গোপালকৃষ্ণনৰ সৈতে দেখা গৈছে, তেওঁ মনমোহন সিঙৰ জীয়ৰী অমৃত সিং নহয়।

কি দাবী কৰা হৈছে?

বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ব্ৰাউন ৰঙৰ চাৰ্ট পিন্ধা এগৰাকী মহিলাৰ সৈতে থিয় হৈ থকা এখন ফটো একাধিক লোকে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দাবী কৰিছে যে মহিলাগৰাকী ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কন্যা অমৃত সিং। পোষ্টটোত তলৰফালে সিঙৰ এখন ফটো সন্নিবিষ্ট কৰা হৈছে। 

এক্সত শ্বেয়াৰ কৰা এনে এটা পোষ্টত ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখা হৈছে, "হাই #RaulVinci আপুনি জৰ্জ ছ'ৰ'ছে বিনিয়োগ কৰা অ’পেন ছ’চাইটি জাষ্টিচ ইনিচিয়েটিভৰ একাউন্টেবিলিটি, লিবাৰ্টি আৰু ট্ৰান্সপাৰেন্সিৰ সঞ্চালক অমৃত সিঙৰ সৈতে ক'লৈ যাত্ৰা কৰিছিল? এই ফেক্ট-চেকটো লিখাৰ সময়ত এই পোষ্টটোৱে ৩৮৯,৪০০ টা ভিউ, ১৩,০০০ লাইক, আৰু ৬,৪০০ ৰিপোষ্ট লাভ কৰিছে। আনহাতে আন এটা পোষ্টত অভিযোগ কৰা হৈছিল, "কিবা এটা অতি ভয়ংকৰ কাম চলি আছে। আশাকৰোঁ ভাৰত চৰকাৰ আৰু সংস্থাসমূহ ইয়াৰ ওপৰত আছে।" এনে পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব। 

ছবিখন ফেচবুকত একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে, আৰ্কাইভ কৰা লিংকসমূহ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। অসমীয়াতো একেধৰণৰ দাবীৰে ফটোখন শ্বেয়াৰ কৰা এটা পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত উপলব্ধ। আনহাতে ২০২৩ চনতো একে দাবীৰে ভাইৰেল হৈ পৰিছিল।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

অৱশ্যে ফটোখনত থকা মহিলাগৰাকী অমৃত সিং নহয়। ৰাহুল গান্ধীৰ সৈতে ভাইৰেল ফটোখনত থকা মহিলাগৰাকী হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ গৱেষণা আৰু নিৰীক্ষণ চোৱাচিতা কৰা অমিতাভ ডুবেৰ পত্নী তথা স্তম্ভলেখিকা অমূল্য গোপালকৃষ্ণন। 

আমি কি বিচাৰি পালোঁ?

আমি দেখিলোঁ যে এতিয়া ভাইৰেল হোৱা এই ফটোখন প্ৰথমে ২০২৩ চনত প্ৰকাশ পাইছিল, আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে মহিলাগৰাকীৰ পৰিচয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। সেই সময়ত কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে ফটোখনত দেখা মহিলাগৰাকী গোপালকৃষ্ণন বুলি উল্লেখ কৰিছিল। এক্সত এটা পোষ্টত শ্ৰীনাটে লিখে, "ফটোখনত থকা ভদ্ৰলোকজন হৈছে ৰাহুল গান্ধীৰ শৈশৱৰ বন্ধু অমিতাভ ডুবে, আৰু মহিলাগৰাকী হৈছে অমিতাভৰ পত্নী অমূল্য।" পোষ্টটো  ইয়াত আৰ্কাইভ কৰা হৈছে ৷  


সুপ্ৰিয়া শ্ৰীনাটে শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট) 

ফটোখন ভালদৰে চোৱাত দেখা গ’ল যে ইয়াত থকা মহিলাগৰাকী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কন্যাৰ চেহেৰাৰ মাজত অতি কম সাদৃশ্য আছে।

গুগলত চাৰ্চ কৰি দেখা গ'ল যে গোপালকৃষ্ণন এগৰাকী সাংবাদিক আৰু স্তম্ভলেখিকা যি দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, দ্য টাইমছ অৱ ইণ্ডিয়া, আৰু দ্য ফ্ৰন্টলাইনৰ দৰে একাধিক ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত লেখা-মেলা কৰিছে। আমি দ্য ইণ্ডিয়ান এক্সপ্ৰেছত থকা তেওঁৰ প্ৰফাইল ইমেজখন ভাইৰেল ফটোখনৰ সৈতে তুলনা কৰিলোঁ। মুখৰ গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি আমি অনুমান কৰিব পাৰিলোঁ যে ভাইৰেল ফটোখনত থকা মহিলাগৰাকী সিঙতকৈ সাংবাদিকগৰাকীৰ সৈতেহে বেছি মিলে। 

ভাইৰেল ছবিখনত দেখা মহিলাগৰাকীৰ সৈতে অমূল্য গোপালকৃষ্ণন আৰু অমৃত সিঙৰ ফটোৰ সৈতে তুলনা। (উৎস: এক্স/দ্য ইণ্ডিয়ান এক্সপ্ৰেছ/নিউজ১৮)

২০১১ চনৰ জানুৱাৰী মাহত গোপালকৃষ্ণনে ডুবেৰ সৈতে বিবাহপাশত আবদ্ধ হয় বুলি দ্য টাইমছ অৱ ইণ্ডিয়াই বাতৰি প্ৰকাশ কৰিছিল, তদুপৰি ৰাহুল গান্ধীয়েও উক্ত বিয়াখনত অংশগ্ৰহণ কৰিছিল। ডুবে হৈছে গান্ধী পৰিয়ালৰ সহযোগী তথা ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনৰ অন্যতম বোৰ্ড অৱ ট্ৰাষ্টী সুমন ডুবেৰ পুত্ৰ। তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটী (এআইচিচি)ৰ গৱেষণা আৰু নিৰীক্ষণৰ দায়িত্বত আছে আৰু দিল্লীৰ নিখিল ভাৰত পেছাদাৰী কংগ্ৰেছ (এআইপিচি)-ৰ সভাপতি।

লজিকেলী ফেক্টছে ফটোখনৰ সঠিক তাৰিখ আৰু স্থান বিচাৰি উলিয়াব সক্ষম হোৱা নাই যদিও ওপৰত উল্লেখিত প্ৰমাণসমূহে দেখুৱাইছে যে ফটোখনত থকা মহিলাগৰাকীক ভুলকৈ চিনাক্ত কৰা হৈছে। 

অমৃত সিং আৰু জৰ্জ ছ’ৰ’ছৰ সংযোগ

মনমোহন সিঙৰ কন্যা অমৃত সিং সচাঁকৈয়ে আমেৰিকাৰ বিনিয়োগকাৰী জৰ্জ ছ’ৰ'ছৰ অ’পেন ছ’চাইটি ফাউণ্ডেশ্যনৰ অ’পেন ছ’চাইটি জাষ্টিচ ইনিচিয়েটিভৰ একাউণ্টেবিলিটি বিভাগৰ সঞ্চালক আছিল। ইয়াৰ পূৰ্বেও ছ’ৰ’ছ আৰু তেওঁৰ পত্নী তামিকো বোল্টনৰ এখন ফটো ভাইৰেল হৈছিল আৰু মহিলাগৰাকীক সিং বুলি মিছাকৈ দাবী কৰা হৈছিল। আমাৰ ফেক্ট-চেক ইয়াত পঢ়িব পাৰিব৷  

শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে গান্ধীক প্ৰায়ে  ছ’ৰছৰ সৈতে সাঙুৰি “চৰকাৰক অস্থিৰ” কৰাৰ উদ্দেশ্যে গান্ধীয়ে বিনিয়োগকাৰীজনৰ ঘনিষ্ঠ সহযোগীক লগ ধৰে বুলি অভিযোগ উত্থাপন কৰি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গে গৌতম আদানীৰ কোম্পানীসমূহৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন কৰাৰ পিছতে এনে অভিযোগসমূহ উত্থাপন হৈছিল। কংগ্ৰেছ দলে এনে অভিযোগসমূহৰ তদন্তৰ দাবী জনাইছিল।

সিদ্ধান্ত

সাংবাদিক তথা স্তম্ভলেখিকা অমূল্য গোপালকৃষ্ণনৰ সৈতে ৰাহুল গান্ধীয়ে থিয় হৈ থকা এখন ফটো শ্বেয়াৰ কৰি মহিলাগৰাকী পুঁজিপতি জৰ্জ ছ’ৰ'ছে বিনিয়োগ কৰা এটা সংস্থাত পূৰ্বে কাম কৰা মনমোহন সিঙৰ কন্যা অমৃত সিং বুলি দাবী কৰা হৈছে।

(অনুবাদ : চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।