মূল এই জ্বলি থকা সৌৰ পেনেলৰ ছবিৰ লেবাননৰ শেহতীয়া বিস্ফোৰণৰ সৈতে সম্পৰ্ক নাই

এই জ্বলি থকা সৌৰ পেনেলৰ ছবিৰ লেবাননৰ শেহতীয়া বিস্ফোৰণৰ সৈতে সম্পৰ্ক নাই

লেখক: অংকিতা কুলকাৰ্ণী

ছেপ্তেম্বৰ 26 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
এই জ্বলি থকা সৌৰ পেনেলৰ ছবিৰ লেবাননৰ শেহতীয়া বিস্ফোৰণৰ সৈতে সম্পৰ্ক নাই এই ছবিসমূহত লেবাননত শেহতীয়াকৈ ঘটা হেণ্ডহেল্ড ডিভাইচৰ বিস্ফোৰণৰ অংশ হিচাবে কিছু সৌৰ পেনেলৰ বিস্ফোৰণ হোৱা দেখা গৈছে বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীনশ্বট । (উত্‍স: ফেচবুক/স্ক্ৰীনশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিবৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

কমেও ২০২০ চনৰ এই ভাইৰেল ছবিসমূহৰ লেবাননত শেহতীয়াকৈ হোৱা হেণ্ডহেল্ড ডিভাইচৰ বিস্ফোৰণৰ সৈতে কোনো সম্পৰ্ক নাই।

দাবী কি?

দুখন ছবিৰ ক'লাজ—এখনত জ্বলি থকা কিছু সৌৰ পেনেল আৰু আনখনত জুইৰ শিখাৰে আগুৰি থকা এটা ঘৰ—ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে যে ইয়াত লেবাননত ঘটা সৌৰ পেনেল বিস্ফোৰণ দেখা গৈছে। লেবাননত পেজাৰ আৰু ৱাকি-টকি বিস্ফোৰণৰ কিছুদিন পিছতে এই দাবী উত্থাপিত হৈছিল, যাৰ ফলত দুদিনৰ ভিতৰত কমেও ৩২ জন লোকৰ মৃত্যু হৈছিল।

ভুল তথ্য প্ৰচাৰৰ বাবে পৰিচিত ভাৰতীয় সোঁপন্থী আউটলেট সুদৰ্শন নিউজৰ মুখ্য সম্পাদক সুৰেশ চাভহাংকে শ্বেয়াৰ কৰা এক্স (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্টত ভাইৰেল ছবিখনৰ কেপচন হিন্দীত লিখা আছিল- “অ’ মাই গড! তেওঁলোকৰ ছাদত হিজবুল্লাই স্থাপন কৰা সৌৰ পেনেলবোৰো বোমাৰ দৰে বিস্ফোৰণ ঘটিছে। পৃথিৱীয়ে ভাবিছে, ইজৰাইলে কি প্ৰযুক্তি উদ্ভাৱন কৰিছে?!”

এই তথ্য-পৰীক্ষা লিখাৰ সময়লৈকে এই পোষ্টটোৱে ১১ হাজাৰ লাইক লাভ কৰিছিল আৰু প্ৰায় ৩ হাজাৰ বাৰ পুনৰ পোষ্ট কৰা হৈছিল। অনুৰূপ পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত, ইয়াত আৰু ইয়াত উপলব্ধ । 

এই দাবীসমূহ ফেচবুকতো প্ৰকাশ পাইছে, ইয়াত, ইয়াত আৰু ইয়াত অনুৰূপ পোষ্টৰ আৰ্কাইভ কৰা লিংক উপলব্ধ। এনে ধৰণৰ পোষ্ট অসমীয়াতো ভাইৰেল হোৱা দেখা গৈছে । 

ছচিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উত্‍স: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিবৰ্তিত)

কিন্তু আমি দেখিলোঁ যে ভাইৰেল ছবিসমূহ লেবাননৰ বিস্ফোৰণৰ পূৰ্বৰ হয় আৰু ভুৱা দাবীৰে প্ৰচাৰিত হৈ আছে।

আমি কি পাইছিলোঁ?

সৌৰ পেনেলৰ ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি এক্সত (আৰ্কাইভ) শ্বেয়াৰ কৰা এটা পোষ্ট বিচাৰি পালোঁ, য'ত লিখা আছিল, "যিহেতু আজি #CutYourEnergyCostsDay, বহু নাগৰিকে হয়তো নিজৰ ঘৰত #ছ'লাৰপেনেল স্থাপন কৰাৰ কথা চিন্তা কৰিছে। #অগ্নিনিৰ্বাপক বাহিনীৰ সুৰক্ষাৰ বাবে ইয়াৰ অৰ্থ কি?"

এই পোষ্টটোত সৌৰ পেনেলৰ দৰে ফটোভল্টিক (পিভি) ব্যৱস্থাৰ সৈতে জড়িত জুইৰ প্ৰতি সঁহাৰি জনোৱাৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে লব লগীয়া সুৰক্ষাৰ ওপৰত ২০১০ চনৰ এক গৱেষণামূলক অধ্যয়নৰ লিংক সন্নিবিষ্ট কৰা হৈছে । গৱেষণা পত্ৰখনত একেধৰণৰ জুই জ্বলি থকা সৌৰ পেনেলৰ ভাইৰেল ছবিখন অন্তৰ্ভুক্ত কৰা হৈছিল, যিয়ে নিশ্চিত কৰিছে যে ভাইৰেল ছবিখন পুৰণি আৰু লেবাননত শেহতীয়াকৈ সংঘটিত হোৱা পৰিঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই।



(উত্‍স: ভাইৰেল ছবিখন আৰু অগ্নি সুৰক্ষা গৱেষণা প্ৰতিষ্ঠানে শ্বেয়াৰ কৰা পোষ্টটোৰ মাজত তুলনা। (উৎস: X/@FSRI_org/স্ক্ৰীণশ্বট)

২০১৯ চনৰ ২০ ডিচেম্বৰত ছানলিট ফিউচাৰ – ছ’লাৰ এনাৰ্জি ছলিউচনে প্ৰকাশ কৰা এটা ব্লগ পোষ্টতো এই ছবিখন প্ৰকাশ পাইছিল, য’ত সৌৰ শক্তি ব্যৱস্থাৰ সম্পৰ্কত অগ্নি সুৰক্ষাৰ বিষয়ে আলোচনা কৰা হৈছিল।

জুইৰ শিখাৰে আগুৰি থকা এটা ঘৰৰ দ্বিতীয় ছবিখন কেল’না কেপিটেল নিউজে ২০২০ চনৰ ৭ ডিচেম্বৰত প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। প্ৰতিবেদনত ২০২০ চনৰ ৬ নৱেম্বৰত লৰেন্স বিচৰ ওচৰৰ ৱেষ্টশ্ব’ৰ এষ্টেটছত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ বৰ্ণনা কৰা হৈছে । নৰ্থ ৱেষ্টছাইড অগ্নিনিৰ্বাপক বাহিনীৰ দলে কোনো লোক আহত নোহোৱাকৈ এই জুই নিৰ্বাপন কৰে, বুলি ৰিপোৰ্টটোত উল্লেখ কৰা হৈছে । 

ভাইৰেল ছবিখন আৰু কেল’না কেপিটেল নিউজৰ ৱেবছাইটে শ্বেয়াৰ কৰা ছবিখনৰ মাজত তুলনা। (উৎস: X/kelownacapnews.com/স্ক্ৰীণশ্বট)

এই ছবিখনৰ সঠিক সবিশেষ আমি নিশ্চিত কৰিব নোৱাৰিলেও ২০২০ চনৰ পৰা ইয়াৰ অনলাইন উপস্থিতিয়ে নিশ্চিত কৰিছে যে লেবাননত শেহতীয়াকৈ সংঘটিত হোৱা বিস্ফোৰণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

তদুপৰি, যদিও শেহতীয়াকৈ সংঘটিত হোৱা বিস্ফোৰণৰ মাজতে লেবাননত সৌৰ পেনেলত জুই লাগিছে বুলি বাতৰি প্ৰকাশ পাইছে, এ পি নিউজে লক্ষ্য কৰিছে যে বিশেষজ্ঞসকলে এই বিষয়ে সন্দেহ প্ৰকাশ কৰিছে, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এইবোৰ কাকতলীয়া হ’ব পাৰে।

লেবাননত সংঘটিত হোৱা বিস্ফোৰণ

১৭ আৰু ১৮ ছেপ্টেম্বৰত লেবাননত, হিজবুল্লাহৰ সদস্যসকলে ব্যৱহাৰ কৰা হাজাৰ হাজাৰ পেজাৰ আৰু ৱাকি টকী বিস্ফোৰণৰ ফলত প্ৰায় ৩২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠনটোৰ হাজাৰ হাজাৰ যোদ্ধা আহত হৈছে। যদিও ইজৰাইলে এই কাণ্ড সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই, তথাপিও বিস্ফোৰণক কেন্দ্ৰ কৰি সবিশেষ অনিশ্চিত হৈ আছে, যাৰ ফলত অঞ্চলটোত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে।

সিদ্ধান্ত

শেহতীয়াকৈ লেবাননত সংঘটিত হোৱা বিস্ফোৰণৰ বহু আগতেই এই ভাইৰেল ছবিসমূহ অনলাইন যোগে উপলব্ধ আছিল আৰু এতিয়া ভুৱা দাবীৰে প্ৰচাৰিত হৈছে।

(অনুবাদ: অনুৰাগ বৰুৱা)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।