লেখক: তাহিল আলী
নৱেম্বৰ 6 2024
ভাইৰেল ছবিখন ডিজিটেলভাৱে সলনি কৰা হৈছে। ইণ্টাৰপোলে গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে এনেধৰণৰ কোনো জাননী জাৰি কৰা নাই।
কি দাবী কৰা হৈছে?
কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহৰ ফটো আৰু নাম সন্নিৱিষ্ট এখন ছবি ইণ্টাৰনেটত যথেষ্ট ভাইৰেল হৈ পৰিছে ফটোখন শ্বেয়াৰ কৰি আন্তৰ্জাতিক পুলিচ সংগঠন বা ইণ্টাৰপোলে এইখন জাৰি কৰা বুলি দাবী কৰা হৈছে। ছবিখন শ্বেয়াৰ কৰি শ্বাহক “ইণ্টাৰপলৰ ৱাণ্টেড লিষ্ট”ত অন্তৰ্ভুক্ত কৰা হৈছে বুলি দাবী কৰা হৈছে।
শ্বাহে কানাডাত শিখ বিচ্ছিন্নতাবাদীসকলক আক্ৰমণৰ লক্ষ্য কৰিবলৈ নিৰ্দেশ দিয়া বুলি কানাডা চৰকাৰৰ এজন মন্ত্ৰীয়ে অনা শেহতীয়া অভিযোগৰ মাজতে পোষ্টটো পোহৰলৈ আহিছে। অৱশ্যে ভাৰতে উক্ত অভিযোগক "উদ্ভট আৰু ভিত্তিহীন" বুলি অভিহিত কৰিছে।
ভাইৰেল ছবিখনত "ইণ্টাৰপোল ৱান্টেড," গৃহমন্ত্ৰীৰ নাম "অমিত অনিলচন্দ্ৰ শ্বাহ," আৰু বয়স "৬০" উল্লেখ কৰা হৈছে তথা তেওঁক এক "হত্যাকাণ্ডৰ অভিসন্ধি"ত "কানাডা"ই বিচাৰি আছে বুলি দাবী কৰা হৈছে।
এজন এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে এই ফটোখন শ্বেয়াৰ কৰি লিখিছে, "বিশ্বাসযোগ্য সূত্ৰই জনাইছে যে ভাৰতৰ গৃহমন্ত্ৰী *অমিত শ্বাহ*ক শেহতীয়াকৈ *ইণ্টাৰপোলৰ ৱাণ্টেড লিষ্ট*ত অন্তৰ্ভুক্ত কৰা হৈছে। কানাডাৰ উপ-বিদেশ মন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে কানাডাৰ শিখ নাগৰিকৰ বিৰুদ্ধে হত্যা অভিযানৰ অনুমোদন দিয়া বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে শ্বাহ শ’লঠেকত পৰিছে।" এইটো পোষ্টৰ লগতে এনে আন পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।
ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
অৱশ্যে ইন্টাৰপোলে শ্বাহৰ বিৰুদ্ধে এনে কোনো জাননী জাৰি কৰা বুলি আমি কোনোধৰণৰ প্ৰমাণ লাভ কৰা নাই।
প্ৰকৃত তথ্য কি?
আমি প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি চাৰ্চ কৰিলোঁ যদিও ইন্টাৰপোলে শ্বাহৰ বিৰুদ্ধে ‘ৱাণ্টেড’ জাননী জাৰি কৰা বুলি কোনো বিশ্বাসযোগ্য প্ৰতিবেদন পোৱা নগ’ল।
ইয়াৰ পিছত আমি ইন্টাৰপোলৰ সকলো বিলাক ছ’চিয়েল মিডিয়া একাউণ্ট পৰীক্ষা কৰিলোঁ আৰু তেনে কোনো জাননী নাপালোঁ। আমি সংস্থাটোৰ ৱেবছাইটত ইন্টাৰপোলে জাৰি কৰা ৰেড ন’টিছ (Red Notices) সম্পৰ্কীয় অংশটোও চালোঁ যদিও শ্বাহৰ নাম উল্লেখ কৰা কোনো প্ৰতিবেদন বা জাননী নাপালোঁ। ৱেবছাইটটোৰ মতে, ৰঙা ন’টিছ হৈছে বিশ্বব্যাপী আইন প্ৰৱৰ্তনকাৰীসকলক প্ৰত্যাৰ্পণ, আত্মসমৰ্পণ বা একে ধৰণৰ আইনী পদক্ষেপ ৰখা ব্যক্তি এজনক বিচাৰি উলিওৱা আৰু অস্থায়ীভাৱে গ্ৰেপ্তাৰ কৰাৰ বাবে আৱেদন। তদুপৰি আমি য়েল্ল’ ন’টিছ (Yellow Notices)-ৰ অধীনতো শ্বাহৰ নাম বিচাৰি নাপালোঁ৷
আনহাতে, সাধাৰণভাৱে চাওঁতে আমি দেখিলোঁ যে ২০১৯ চনৰ এটা প্ৰতিবেদনকে ধৰি কেইটামান ফলাফলত শ্বাহৰ নাম উল্লেখ কৰা আছিল, অৱশ্যে কোনো এটাতে তেওঁক গ্ৰেপ্তাৰ কৰা বা তেওঁৰ বিৰুদ্ধে কোনো জাননী জাৰি কৰাৰ কথা উল্লেখ কৰা হোৱা নাছিল, যাৰ দ্বাৰা ভাইৰেল জাননীখন ভুৱা বুলি অনুমান কৰিব পাৰি।
ইণ্টাৰপোলৰ ৱেবছাইটত কৰা কীৱৰ্ড চাৰ্চৰ স্ক্ৰীণশ্বট। (উৎস: ইণ্টাৰপোল/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
আমি কি কি বিসংগতি দেখা পালোঁ?
ভাইৰেল ছবিখন আৰু ইন্টাৰপোলে প্ৰকাশ কৰা প্ৰকৃত জাননীৰ মাজত কিছু পাৰ্থক্য আমি লক্ষ্য কৰিলোঁ।
২০১৯ চনৰ ইন্টাৰপোলৰ প্ৰকৃত জাননীত সংশ্লিষ্ট ব্যক্তিৰ উপাধিটো ডাঙৰ আখৰেৰে বৰ ফলা আখৰত থকাৰ বিপৰীতে দেশৰ নাম আৰু অন্যান্য সবিশেষ সৰু ফলা আখৰেৰে লিখা থাছে। ইয়াৰ বিপৰীতে ভাইৰেল ইমেজত দেশৰ নামটো বৰ ফলাত লিখা আছে, আনহাতে উপাধিটো টাইটেল কেপছত লিখা হৈছে।
ভুৱা ছবি আৰু ইন্টাৰপোলৰ প্ৰকৃত ‘ৱাণ্টেড’ জাননীৰ মাজত তুলনা। (উৎস: এক্স/ইণ্টাৰপোল/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
ইয়াৰ উপৰিও ফেচবুক আৰু এক্সত (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) দিয়া ইন্টাৰপোলৰ ২০২৪ চনৰ শেহতীয়া ছ’চিয়েল মিডিয়া পোষ্টসমূহত দেখা যায় যে ৰেড ন’টিছৰ এতিয়াৰ ফৰ্মেট সলনি হৈছে।
শেহতীয়া ৰেড ন'টিছৰ স্ক্ৰীণশ্বট। (উৎস: এক্স: ইণ্টাৰপোল/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
ভাৰত-কানাডাৰ সংঘাত
২০২৪ চনৰ ১৪ অক্টোবৰত কানাডাই দেশখনৰ পৰা কেইবাজনো শীৰ্ষ ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছিল আৰু তেওঁলোক ২০২৩ চনৰ জুনত ব্ৰিটিছ কলম্বিয়াত শিখ বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাত 'আগ্ৰহী ব্যক্তি' বুলি অভিযোগ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ছযজন কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰিছিল।
কানাডাৰ কৰ্তৃপক্ষই দাবী কৰিছে যে তেওঁলোকে ভাৰতীয় কৰ্তৃপক্ষক নিজ্জাৰৰ হত্যাত ভাৰত চৰকাৰৰ এজেণ্ট জড়িত থকাৰ কথা প্ৰমাণসহ অৱগত কৰিছে। ভাৰত চৰকাৰৰ বিষয়াসকলে এনে অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰি তেওঁলোকক কোনোধৰণৰ প্ৰমাণ দিয়া নাই বুলি কয়।
সিদ্ধান্ত
ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহক ইন্টাৰপোলে বিচাৰি থকা বুলি এখন ভুৱা ফটো প্ৰচাৰ কৰা হৈছে। ভাইৰেল পোষ্টত দাবীৰ কৰাৰ দৰে শ্বাহৰ বিৰুদ্ধে ইণ্টাৰপোলে জাননী জাৰি কৰা কোনো বাতৰি প্ৰকাশ পোৱা নাই, তদুপৰি ইন্টাৰপোলৰ অফিচিয়েল ৱেবছাইটত এনে কোনো জাননী উপলব্ধ নহয়।
(অনুবাদ: চন্দন বৰগোহাঁই)