মূল আৰজি কৰ হস্পিতালৰ প্ৰাক্তন অধ্যক্ষৰ কাষত থকা এই লোকজন ধৰ্ষণকাণ্ডৰ অভিযুক্ত নহয়

আৰজি কৰ হস্পিতালৰ প্ৰাক্তন অধ্যক্ষৰ কাষত থকা এই লোকজন ধৰ্ষণকাণ্ডৰ অভিযুক্ত নহয়

লেখক: এনেট প্ৰীতি ফুৰ্টাডো

ছেপ্তেম্বৰ 6 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আৰজি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয়ে চিকিৎসালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ সৈতে কেক কাটি থকা ফটো বুলি প্ৰচাৰিত পোষ্টৰ স্ক্ৰীণশ্বট। আৰজি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয়ে চিকিৎসালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ সৈতে কেক কাটি থকা ফটো বুলি প্ৰচাৰিত ভাইৰেল পোষ্ট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

আৰজি কৰৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ কাষত কেক কাটি থকা ব্যক্তিজন চিকিৎসালয়খনৰে এজন কৰ্মচাৰী হয়, তেওঁ ধৰ্ষণ, হত্যাকাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয় নহয় I

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এখন ভাইৰেল ফটোত কলিকতাৰ আৰজি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ কাষত এজন ব্যক্তিয়ে কেক কাটি থকা দেখা গৈছে। ঘোষৰ বিৰুদ্ধে চিকিৎসা মহাবিদ্যালয়খনত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ওপৰত সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডক গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে। 

ঘটনাটো পোহৰলৈ অহাৰ পিছত ঘোষে ১২ আগষ্টত তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছিল। ফটোখন শ্বেয়াৰ কৰি কেক কাটি থকা ব্যক্তিজন ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয় বুলি দাবী কৰা হৈছে।

এক্স (পূৰ্বৰ টুইটাৰ)ত একাধিক ব্যৱহাৰকাৰীয়ে ফটোখনৰ কেপচনত “ধৰ্ষণৰ অভিযুক্ত সঞ্জয় ৰয়ে প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ কাৰ্যালয়ত নিজৰ জন্মদিন উদযাপন কৰে” বুলি লিখা হৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব৷

ভাইৰেল এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

তদুপৰি বিভিন্ন সংবাদ মাধ্যমত ফটোখনকলৈ ভিন্ন দাবীৰে বাতৰি সম্প্ৰচাৰ হৈছে। কলিকতা টেলিভিছন নেটৱৰ্কে "সন্দীপৰ কেবিনত সঞ্জয়ৰ কেক কাটিং উদযাপন! ভাইৰেল ফটোৱে আলোড়নৰ সৃষ্টি কৰিছে," শীৰ্ষক শিৰোনামৰ এক প্ৰতিবেদনত ফটোখনৰ সত্যতা নিৰূপন হোৱা নাই বুলি উল্লেখ কৰিছে। ৰিপাব্লিক ৱৰ্ল্ডে প্ৰকাশ কৰা অনুসৰি, "অসমৰ্থিত ফটোত সঞ্জয় ৰয়ে আৰজি কৰৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক কেক প্ৰদান কৰা দেখা গৈছে," আনহাতে টাইমছ নাও বেংগলীৰ শিৰোনামত লিখা আছিল, "আৰজি কৰ ঘটনাৰ ভাইৰেল ছবি: সঞ্জয়ে সন্দীপৰ কাষত থিয় হৈ হাঁহি হাঁহি কেক কাটিছে, ভাইৰেল ছবিখনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া।"

ভাইৰেল ফটোখনকলৈ প্ৰকাশিত বাতৰিৰ স্ক্ৰীণশ্বট। (উৎস: কলিকতা টেলিভিছন নেটৱৰ্ক/ ৰিপাব্লিক ৱৰ্ল্ড/টাইমছ নাও বাংলা/ লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে ফটোখনত দেখা মানুহজন আচলতে আৰজি কৰ মেডিকেল কলেজৰ কৰ্মচাৰী প্ৰসুন চেটাৰ্জী আৰু জানিব পৰা মতে তেওঁ ঘোষৰ সহায়ক হয়। তেওঁ আৰজি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্ত নহয়।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্চ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০২৪ চনৰ ২৮ আগষ্টত কলিকতা নেচনেল মেডিকেল কলেজ ৰেচিডেণ্ট ডাক্তৰ এছ'চিয়েচন (CNMCRDA)-এ দিয়া এটা ইনষ্টাগ্ৰাম পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। পোষ্টটোত ভাইৰেল ফটোখনৰ উপৰি ছুট পিন্ধা এজন ব্যক্তিৰ এখন ফটো, আৰু "চেমিনাৰ হলত প্ৰসুন চেটাৰ্জী" বুলি বাংলাত লিখা টিভি৯ৰ বাতৰিৰ এটা খণ্ডকে ধৰি আঠথন শ্লাইড আছে। পোষ্টটোত লোকজনক কলিকতা নেশ্যনেল মেডিকেল কলেজ এণ্ড হস্পিতাল (চিএনএমচি এণ্ড এইচ)ৰ ডাটা এণ্ট্ৰি অপাৰেটৰ প্ৰসুন চেটাৰ্জী বুলি চিনাক্ত কৰা হৈছে।

পোষ্টটোত ২০২৪ চনৰ ৯ আগষ্টত চেটাৰ্জীৰ কাৰ্যকলাপ তথা ঘোষৰ সৈতে থকা তেওঁৰ দুৰ্নীতিৰ অভিযোগত চিবিআইৰ তদন্তৰ আহ্বান জনোৱা হৈছে।

কলিকতা নেচনেল মেডিকেল কলেজ ৰেচিডেণ্ট ডাক্তৰ এছ'চিয়েচনৰ ইনষ্টাগ্ৰাম পোষ্টৰ স্ক্ৰীণশ্বট । (উৎস: ইনষ্টাগ্ৰাম)

অধিক অনুসন্ধানত চেটাৰ্জীৰ লক কৰি ৰখা ফেচবুক প্ৰফাইল (ইয়াত আৰ্কাইভ কৰা হৈছে) পোহৰলৈ আহে। প্ৰফাইল ফটোখন চিএনএমচিআৰডিএৰ ইনষ্টাগ্ৰাম পোষ্টত দেখা চুট পিন্ধা মানুহজনৰ সৈতে মিলে। তেওঁৰ প্ৰফাইলত উল্লেখ আছে যে তেওঁ আৰজি কৰ মেডিকেল কলেজ আৰু কলিকতা নেচনেল মেডিকেল কলেজ দুয়োখনতে কাম কৰে, তেওঁ কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু কলিকতাত বাস কৰে।

প্ৰসুন চেটাৰ্জীৰ ফেচবুক প্ৰফাইলৰ স্ক্ৰীণশ্বট ৷ (উৎস: ফেচবুক)

আমি ২০২০ চনৰ ৩ জানুৱাৰীত দিয়া প্ৰসেনজিৎ দে (ইয়াত আৰ্কাইভ কৰা হৈছে)ৰ এটা ফেচবুক পোষ্টো বিচাৰি পালোঁ। এই পোষ্টটোত একেজন ব্যক্তিয়ে তেওঁৰ জন্মদিন উদযাপন কৰা বাৰখন ফটো আছে, সাজ-পোছাক আৰু পৰিৱেশ ভাইৰেল ফটোখনত থকা ফটোৰ সৈতে মিলে। "এমএছভিপি কাৰ্যালয়, চিএনএমচিএইচত প্ৰসূন চেটাৰ্জীৰ জন্মদিন উদযাপন," বুলি লিখা পোষ্টটোত চেটাৰ্জীৰ ফেচবুক একাউণ্টটো টেগ কৰা হৈছে।

২০২০ চনৰ ৩ জানুৱাৰীত প্ৰসেনজিত দে নামৰ এজন ব্যৱহাৰকাৰীয়ে দিয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক)

এই প্ৰমাণসমূহে নিশ্চিত কৰে যে ঘোষৰ সৈতে ভাইৰেল ফটোখনত দেখা মানুহজন চেটাৰ্জীহে হয়, আৰজি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয় নহয়।

লজিকেলী ফেক্টছে মন্তব্যৰ বাবে চিএনএমচিআৰডিএ আৰু ফেচবুক ব্যৱহাৰকাৰী দেৰ সৈতে যোগাযোগ কৰিছে। তেওঁৰ পৰা সঁহাৰি পালে এই ফেক্ট-চেকটো আপডেট কৰা হ'ব।

আৰক্ষীৰ স্পষ্টীকৰণ

যোৱা ৩০ আগষ্টত দ্য টাইমছ অৱ ইণ্ডিয়াই কলিকতা আৰক্ষীয়ে ভাইৰেল ফটোখন মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে বুলি নিশ্চিত কৰিছে বুলি এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে যে ফটোখনত ঘোষৰ ব্যক্তিগত ডাটা অপাৰেটৰক দেখা গৈছে, ৰয় বা কোনো অসামৰিক স্বেচ্ছাসেৱকক দেখা যোৱা নাই।

এই গোচৰৰ সৈতে চেটাৰ্জীৰ নামো সাঙুৰ খাই পৰিছে যদিও অপৰাধৰ সৈতে তেওঁক প্ৰত্যক্ষভাৱে জড়িত কৰা হোৱা নাই।

ভাইৰেল ফটোখনক ভুৱা বাতৰি বুলি গৰিহণা টিএমচিৰ

তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক নীলাঞ্জন দাসে এক্স (ইয়াত আৰ্কাইভ কৰা হৈছে)-ত ফটোখনত থকা লোকজন ৰয় নহয় বুলি স্পষ্ট কৰিছে। তেওঁ লিখিছে, "সঁচা কথাটো হৈছে, ফটোখনত দেখা ব্যক্তিজন প্ৰসুন চেটাৰ্জী, ডি ই অ', চি এন এম চি এইচ, তেওঁ ড০ ঘোষৰ পাৰ্ট টাইম পি এ আছিল।"

টিএমচিৰ সাংসদ সাগৰিকা ঘোষেও এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে ) এই বিষয়টোৰ সন্দৰ্ভত কয়, "নহয়, #RGKarৰ অধ্যক্ষৰ কাষত কেক কাটি থকা এইজন প্ৰধান অভিযুক্ত নহয়। এওঁ এজন সম্পূৰ্ণ বেলেগ ব্যক্তি, প্ৰসুন চেটাৰ্জী, এজন ডাটা অপাৰেটৰ। ভুৱা বাতৰি বন্ধ কৰক। সঁচাটো কওক।"

সিদ্ধান্ত

আৰজি কৰ হস্পিতাল আৰু কলিকতা নেচনেল মেডিকেল কলেজৰ কৰ্মচাৰী প্ৰসুন চেটাৰ্জীৰ ২০২০ চনৰ জানুৱাৰীৰ এখন ফটো আৰজি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয়ে চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ সৈতে কেক কাটি থকা ফটো বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।