মূল পেজাৰ বিস্ফোৰণৰ পিছত লেবাননত ইজৰাইলৰ শেহতীয়া আক্ৰমণ হিচাপে পুৰণি ভিডিঅ' প্ৰচাৰ

পেজাৰ বিস্ফোৰণৰ পিছত লেবাননত ইজৰাইলৰ শেহতীয়া আক্ৰমণ হিচাপে পুৰণি ভিডিঅ' প্ৰচাৰ

লেখক: ৰজনী কে জি

ছেপ্তেম্বৰ 23 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
লেবাননত ইজৰাইলৰ শেহতীয়া আক্ৰমণ হিচাপে মিছা দাবীৰে ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) লেবাননত ইজৰাইলৰ শেহতীয়া আক্ৰমণ হিচাপে মিছা দাবীৰে ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এইটো পেজাৰ বিস্ফোৰণৰ আগৰ ভিডিঅ’ হয়, আৰু ইয়াত ২০২৪ চনৰ ফেব্ৰুৱাৰীত ইজৰাইলে লেবাননৰ চিডন চহৰৰ সমীপত এয়াৰষ্ট্ৰাইক কৰা দেখা গৈছে।

কি দাবী কৰা হৈছে?

এখন চলন্ত বাহনৰ পৰা কেমেৰাত বন্দী কৰা বিস্ফোৰণৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ইয়াত ইজৰাইলে লেবাননত হিজবুল্লাৰ ওপৰত আক্ৰমণ কৰা দৃশ্য দেখা গৈছে দাবী কৰা হৈছে। একাধিক লোকে ভিডিঅ’টো শ্বেয়াৰ কৰি যোৱা ১৭ ছেপ্টেম্বৰত   হেণ্ডহেল্ড পেজাৰ বিস্ফোৰণৰ ফলত ৯ জন লোক নিহত হোৱাৰ এদিন পিছতে এই আক্ৰমণ সংঘটিত হোৱা বুলি দাবী কৰে।

এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে, "ব্ৰেকিং: ইজৰাইলী যুঁজাৰু বিমানে লেবাননৰ হিজবুল্লাৰ লক্ষ্যত ধাৰাবাহিক আক্ৰমণৰ আৰম্ভ কৰে। মিছাইল আৰু ৰেডিঅ', লেবাননত এতিয়া সকলো বিস্ফোৰণ ঘটিব ধৰিছে।" এই পোষ্টটোৱে ৩২০০ টা লাইক আৰু ৭২২ টা ৰিটুইট লাভ কৰে। একেধৰণৰ পোষ্টৰ আৰ্কাইভ ইয়াত আৰু ইয়াত উপলব্ধ ৷ 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইজৰাইল আৰু ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠনটোৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই দাবী উত্থাপিত হৈছে, হিজবুল্লা আৰু লেবানন চৰকাৰে ইজৰাইলৰ বিৰুদ্ধে এই আক্ৰমণৰ  অভিযোগ আনিছে।

আলহুৰা নামৰ আমেৰিকা চৰকাৰে পুঁজি বিনিয়োগ কৰা এটা আৰবী ভাষাৰ চেটেলাইট টিভি চেনেলে প্ৰকাশ কৰা মতে ইজৰাইলে যোৱা ১৮ ছেপ্টেম্বৰত দক্ষিণ লেবাননৰ জাবিন অঞ্চলত হিজবুল্লাৰ কেইবাটাও সামৰিক কেন্দ্ৰত বোমা বিস্ফোৰণ কৰিছিল। 

অৱশ্যে, এই ভিডিঅ’টো ২০২৪ চনৰ ফেব্ৰুৱাৰীৰ, অৰ্থাৎ লেবাননত সংঘটিত শেহতীয়া পেজাৰ বিস্ফোৰণৰ পূৰ্বৰ।

প্ৰকৃত তথ্য

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি দেখিলোঁ যে ভিডিঅ'টো আলহাদাথ الحدث নামৰ এটা ছৌদি নিউজ চেনেলে ২০২৪ চনৰ ১৯ ফেব্ৰুৱাৰীত ইউটিউবত শ্বেয়াৰ কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)। আৰবীত লিখা শিৰোনামটোৰ মতে ভিডিঅ’টোত লেবাননৰ চিডনৰ সমীপত ইজৰাইলে কৰা এয়াৰষ্ট্ৰাইকৰ দৃশ্য দেখা গৈছে। 

ছৌদি আৰৱৰ আন এটা নিউজ চেনেল আল আৰাবিয়াইও ভিডিঅ'টো শ্বেয়াৰ কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে) আৰু শিৰোণানত এইদৰে লিখিছিল, "নতুন ফুটেজত ইজৰাইলৰ বিমানে লেবাননৰ গাজীহ জিলাত বিমান আক্ৰমণ চলোৱা দেখা গৈছে।" 

ইয়াৰ দ্বাৰা দেখা যায় যে শেহতীয়া পেজাৰ বিস্ফোৰণ আগৰ পৰা ভিডিঅ’টো ইণ্টাৰনেটত উপলব্ধ।

লেবাননৰ টিভি চেনেল আল জেদিদে ২০২৪ চনৰ ১৯ ফেব্ৰুৱাৰীত বেলেগ কোণৰ পৰা লোৱা এই বিস্ফোৰণৰ ভিজুৱেল শ্বেয়াৰ কৰিছিল, প্ৰতিবেদনটোৰ শিৰোনাম হৈছে: "ভিডিঅ' - ইজৰাইলে গাজিয়াৰ দিশে চিডনৰ উপকণ্ঠ অঞ্চলত আক্ৰমণ চলায়।"

আৰটি আৰাবিকৰ এক প্ৰতিবেদন অনুসৰি, ইজৰাইলে ২০২৪ চনৰ ১৯ ফেব্ৰুৱাৰীত লেবাননত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। প্ৰতিবেদটোত লগতে কোৱা হৈছে যে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) চিডন চহৰৰ ওচৰত অৱস্থিত হিজবুল্লাৰ দুটা অস্ত্ৰ মজুত স্থানত বোমা নিক্ষেপ কৰিছিল। ইজৰাইলে ইয়াক ২০২৪ চনৰ ১৯ ফেব্ৰুৱাৰীত গালীল সাগৰৰ ওচৰত ড্ৰ’ন আক্ৰমণৰ প্ৰতিশোধমূলক আক্ৰমণ বুলি কৈছিল। 

টাইমছ অৱ ইজৰাইলৰ মতে, বিস্ফোৰক কঢ়িয়াই অনা এখন ড্ৰ’নে ইজৰাইলৰ টিবেৰিয়াছৰ গালীল সাগৰ হ্ৰদৰ ওচৰত আঘাত কৰিছিল।

লেবাননত সংঘটিত শেহতীয়া বিস্ফোৰণ

যোৱা ১৭ ছেপ্টেম্বৰত বেইৰুটৰ কিছু অংশ আৰু হিজবুল্লাৰ একাধিক দুৰ্গত  হিজবুল্লাৰ সদস্যই ব্যৱহাৰ কৰা হাজাৰ হাজাৰ পেজাৰ বিস্ফোৰণ হোৱাৰ ফলত এতিয়ালৈকে প্ৰায় ১২ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৩ হাজাৰ লোক আহত হৈছে।

ইয়াৰ এদিন পিছতে হেণ্ডহেল্ড ৰেডিঅ’ বা ৱাকি-টকিও অনুৰূপ ধৰণেৰে বিস্ফোৰণ ঘটিছিল, লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে দ্বিতীয়টো ঘটনাত ২০ জন লোক নিহত আৰু ৪৫০ জন আহত হয়। 

লেবানন আৰু হিজবুল্লাৰ লগতে ইৰাণেও ইজৰাইলৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ আনিছে যদিও ইজৰাইলে এতিয়ালৈকে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। 

সিদ্ধান্ত

ইজৰাইলে লেবাননত চলোৱা বোমা আক্ৰমণৰ সাত মাহ পুৰণি ভিডিঅ’ লেবাননত শেহতীয়াকৈ সংঘটিত পেজাৰ আৰু ৱাকি-টকি বিস্ফোৰণৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।