লেখক: চন্দন বৰগোহাঁই
অক্টোবৰ 23 2024
এইটো বাহৰাইচৰ সাম্প্ৰদায়িক হিংসাৰ পূৰ্বৰ ভিডিঅ', ইয়াত ২০২৪ চনৰ ২৫ ছেপ্টেম্বৰত ৱাজিৰগঞ্জ বজাৰত আদালতৰ নিৰ্দেশত চলা উচ্ছেদ অভিযানৰ দৃশ্য দেখা গৈছে।
কি দাবী কৰা হৈছে?
যোৱা ১৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ বাহৰাইচত ৰাম গোপাল মিশ্ৰ নামৰ এজন যুৱকৰ মৃত্যুৰ পিছতে আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজতে ছ’চিয়েল মিডিয়াত এটা উচ্ছেদৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰাসকলে দাবী কৰা মতে যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰে মিশ্ৰৰ হত্যাকাণ্ডৰ অভিযুক্তসকলৰ বিৰুদ্ধে "বুলডজাৰ ন্যায়" চলোৱা দেখা গৈছে।
উগ্ৰ সোঁপন্থী সংগঠন বিশ্ব হিন্দু পৰিষদৰ নেত্ৰী সাধ্বী প্ৰাচীৰ অফিচিয়েল ফেচবুক পেজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি কেপচনত হিন্দীত লিখিছে, "গোপালক হত্যা কৰাসকলে চকু মেলি চা... এয়া বাবাৰ [আদিত্যনাথৰ] ন্যায়। বাহৰাইচৰ ৱাজিৰগঞ্জ হৈ পৰিল... গাজা। যিটো গলিৰ পৰা পাথৰ ওলাব, সেইটো গলিত বুলডজাৰ সোমাব। গোপাল হত্যাকাৰীসকলৰ ঘৰবোৰ ভাঙি সমান কৰি দিয়া হৈছে।"
এক্স (পূৰ্বৰ টুইটাৰ)-ৰ একাধিক ব্যৱহাৰকাৰীয়েও একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰিছে; ২০২৪ চনৰ ১৯ অক্টোবৰৰ এটা পোষ্টে ৬৩,৫০০ৰো অধিক ভিউ লাভ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ ইয়াত আৰু ইয়াত উপলব্ধ। তদুপৰি অসমীয়াতো একেধৰণৰ দাবীৰে ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে ৷
ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)
অৱশ্যে আমি দেখিলোঁ যে ভিডিঅ’টো বাহৰাইচত শেহতীয়াকৈ সংঘটিত হিংসাত্মক পৰিস্থিতিৰ আগৰ হয় আৰু ইয়াত যোৱা ছেপ্টেম্বৰত হোৱা এক উচ্ছেদ অভিযানৰ দৃশ্য দেখা গৈছে।
আমি কি বিচাৰি পালোঁ?
ভাইৰেল ভিডিঅ'টোৰ কিফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৪ চনৰ ছেপ্টেম্বৰৰ একাধিক ইউটিউব ভিডিঅ' (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ য'ত একেটা ফুটেজ আছে। ২০২৪ চনৰ ২৬ ছেপ্টেম্বৰত আপলোড কৰা এটা ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা হৈছে)-ত এইটো বাহৰাইচৰ ৱাজিৰগঞ্জ বজাৰৰ বুলি উল্লেখ কৰা হৈছে। ভিডিঅ’টোৰ স্ক্ৰীণত হিন্দীত লিখা আছে "দুখত ডুব গৈ আছে ৱাজিৰগঞ্জ।"
২০২৪ চনৰ ২৬ ছেপ্টেম্বৰত ইউটিউবত ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছিল।(উৎস: ইউটিউব)
আমি ইউটিউব ভিডিঅ'টোত "@altaf.studio"ৰ বাবে এটা ৱাটাৰমাৰ্ক লক্ষ্য কৰিলোঁ, যাৰ সহায়ত আমি উক্ত নামৰ ইনষ্টাগ্ৰাম প্ৰফাইল (ইয়াত আৰ্কাইভ কৰা হৈছে) বিচাৰি উলিয়াবলৈ সক্ষম হওঁ। ২০২৪ চনৰ ২৬ ছেপ্টেম্বৰত তেওঁ মূল ভিডিঅ'টো (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰিছিল, য'ত লিখা আছিল, "ৱাজিৰগঞ্জ | আপনা ৱাজিৰগঞ্জ | বাহৰাইচ।" তদুপৰি ভাইৰেল ভিডিঅ’টোৰ ০:২৪ টাইমষ্টেম্পত ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীজনক দেখা পোৱা যায়।
ভাইৰেল ভিডিঅ’টোত ০:২৪ ছেকেণ্ডত ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীগৰাকীক দেখা যায়। (উৎস: ইনষ্টাগ্ৰাম/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
লজিকেলী ফেক্টছে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী আলটাফৰ সৈতে যোগাযোগ কৰে আৰু তেওঁ নিশ্চিত কৰে যে তেওঁ ২৬ ছেপ্টেম্বৰত বাহৰাইচৰ ৱাজিৰগঞ্জ বজাৰত চলা উচ্ছেদ অভিযানৰ পিছত ভিডিঅ’টো ৰেকৰ্ড কৰিছিল। তেওঁ কয় যে এই ভিডিঅ’টো বাহৰাইচৰ শেহতীয়া কাণ্ডৰ সৈতে জড়িত নহয়, বৰঞ্চ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত চলা উচ্ছেদ অভিযানৰ পিছত বন্দী কৰা হৈছিল।
ভিডিঅ’টোত দেখা উচ্ছেদ বাহৰাইচ জিলাৰ ফখৰপুৰ ব্লকত অৱস্থিত ৱাজিৰগঞ্জ বজাৰত চলিছিল, আনহাতে শেহতীয়া হিংসাত্মক ঘটনা মাহছি ব্লকৰ মহাৰাজগঞ্জত সংঘটিত হৈছিল।
ইয়াৰ উপৰিও বাহৰাইচ আৰক্ষীয়ে আলটাফৰ দাবীক সমৰ্থন কৰি এটা স্পষ্টীকৰণ জাৰি কৰিছে য’ত ভিডিঅ'টো ২০২৪ চনৰ ২৫ ছেপ্টেম্বৰৰ বুলি কোৱা হৈছে। এটা এক্স পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) ভাইৰেল দাবীটো খণ্ডন কৰি বাহৰাইচ আৰক্ষীয়ে লিখিছে, "প্ৰদৰ্শিত ভিজুৱেলবোৰ আদালতৰ নিৰ্দেশত ২০২৪ চনৰ ২৫ ছেপ্টেম্বৰত বাহৰাইচ জিলাৰ ফখৰপুৰ অঞ্চলত চলা এটা বেদখল বিৰোধী অভিযানৰ হয়, কিছুদিন পূৰ্বে মহাৰাজগঞ্জত সংঘটিত হোৱা কাণ্ডৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।"
এক্সত শ্বেয়াৰ কৰা বাহৰাইচ আৰক্ষীৰ স্পষ্টীকৰণ।(উৎস: এক্স/বাহৰাইচ আৰক্ষী)
যোৱা ২৫ ছেপ্টেম্বৰত বাহৰাইচত উচ্ছেদ অভিযান চলিছিল বুলি একাধিক প্ৰতিবেদনৰ পৰা নিশ্চিত হোৱা গৈছে। হিন্দুস্তান টাইমছৰ মতে, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত জিলা প্ৰশাসনে "বহৰৈচৰ কৈছেৰগঞ্জৰ ফাখৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চৰাই জগনা গাঁৱত এটা পথত অবৈধভাৱে নিৰ্মিত" ২৩টা অবৈধ বাসস্থান বুলডজাৰ লগাই ভাঙি দিছিল।
বাহৰাইচৰ হিংসা
শেহতীয়াকৈ মহাৰাজগঞ্জত দুৰ্গা পূজাৰ শোভাযাত্ৰাৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ সময়ত ২২ বছৰীয়া ৰাম গোপাল মিশ্ৰক হত্যা কৰাৰ পিছতে সাম্প্ৰদায়িক উত্তেজনা আৰম্ভ হোৱা বুলি দ্য ইকনমিক টাইমছে প্ৰকাশ কৰিছে ।
দ্য টেলিগ্ৰাফৰ বাতৰি অনুসৰি এই ঘটনাৰ পিছত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত মুঠ ১০৪ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। বাহৰাইচৰ কুণ্ডাসৰ-মহাছি-নানপাৰা-মহাৰাজগঞ্জ পথৰ কাষত থকা ২৩টা প্ৰতিষ্ঠানলৈ, ইয়াৰ ভিতৰত ২০টা মুছলমান সমপ্ৰদায়ৰ, গড়কাপ্তানি বিভাগে জাননী জাৰি কৰিছে।
অৱশ্যে, দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক শেহতীয়া প্ৰতিবেদন মতে, ২২ অক্টোবৰত উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা বাহৰাইচ হিংসাৰ লগত জড়িত থকাৰ অভিযোগ থকা কোনো লোকৰ বাসস্থানৰ ওপৰত ২৩ অক্টোবৰলৈকে কোনো ধৰণৰ উচ্ছেদ অভিযান নচলায় বুলি প্ৰতিশ্ৰুতি লাভ কৰিছে। ইয়াৰ পিছতে এলাহাবাদ উচ্চ ন্যায়ালয়ে গড়কাপ্তানি বিভাগক দিয়া জাননীৰ উত্তৰ দাখিল কৰাৰ বাবে ১৫ দিনৰ সময়সীমা বান্ধি দিছে। এতেকে ভাইৰেল ভিডিঅ’টোৰ সৈতে অঞ্চলটোত চলি থকা সাম্প্ৰদায়িক হিংসাৰ কোনো সম্পৰ্ক নাই।
সিদ্ধান্ত
ৰাম গোপাল মিশ্ৰৰ হত্যাকাণ্ডৰ অভিযুক্ত দোষীৰ বিৰুদ্ধে "বুলডজাৰ ন্যায়"ৰ প্ৰমাণ হিচাপে প্ৰচাৰিত ভিডিঅ'টো বিভ্ৰান্তিকৰ। বাহৰাইচত ১৩ অক্টোবৰত হিংসাত্মক পৰিস্থিতি আৰম্ভ হৈছিল, আনহাতে ভাইৰেল ক্লিপটো হৈছে ২৫ ছেপ্টেম্বৰৰ আৰু ইয়াত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত চলা এক উচ্ছেদ অভিযানৰ দৃশ্য দেখা গৈছে।