লেখক: এনেট প্ৰীতি ফুৰ্টাডো
অক্টোবৰ 24 2024
এই ভিডিঅ'টো আগষ্ট ২০২৪ৰ যেতিয়া ফাৰুকিয়ে ভাৰতৰ কংকনী সম্প্ৰদায়ৰ বিষয়ে কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল। বিষ্ণয় গেঙৰ ইয়াৰ কোনো সম্পৰ্ক নাই।
কি দাবী কৰা হৈছে?
ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকীৰ এটা ভিডিঅ’ অনলাইন যোগে প্ৰচাৰিত হৈছে, য’ত তেওঁ লৰেন্স বিষ্ণয় গেঙৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা বিচৰা বুলি দাবী কৰা হৈছে।
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ জ্যেষ্ঠ নেতা বাবা ছিদ্দিকক ২০২৪ চনৰ ১২ অক্টোবৰত মুম্বাইৰ বান্দ্ৰাত তেওঁৰ পুত্ৰ জীশানৰ কাৰ্যালয়ৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল । ইয়াৰ পাছতেই ২০১৫ চনৰ পৰা একাধিক অপৰাধমূলক অভিযোগত কাৰাবন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ সৈতে জড়িত লৰেন্স বিষ্ণয় গেঙে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে বুলি বিভিন্ন সংবাদ মাধ্যমে কিছু বাতৰি প্ৰকাশ কৰে ।
এই ঘটনাৰ পিছতে ফাৰুকী আৰু ভাৰতীয় অভিনেতা ছলমান খানো এই গেঙৰ টাৰ্গেট বুলি আৰু কিছু বাতৰি প্ৰকাশ পাইছিল। খবৰ অনুসৰি হিন্দু দেৱতা সন্দৰ্ভত কিছু আপত্তিজনক মন্তব্যক কৰাক লৈ বিষ্ণয়ে ফাৰুকিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ ফলত কমেডিয়ানগৰাকী আৰু তেওঁৰ পৰিয়ালৰ বাবে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছিল।
ইয়াৰ মাজতে ফাৰুকিয়ে ক্ষমা বিচৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে, বহুতে দাবী কৰে যে তেওঁৰ নাম বিষ্ণয়ৰ হিট লিষ্টত প্ৰকাশ পোৱাৰ পিছত এই ভিডিঅ’টোত বিষ্ণয় গেংক উদ্দেশ্য তেওঁ ক্ষমা প্ৰাৰ্থনা বিচৰা দেখা গৈছে ।
ভিডিঅ'টোত ফাৰুকিয়ে দৰ্শকক হিন্দী ভাষাত সম্বোধন কৰি উল্লেখ কৰিছে (অনুবাদিত): "হাই বন্ধুসকল, মই কিবা এটা স্পষ্ট কৰিব বিচাৰিছো। এটা অনুষ্ঠান আছিল য'ত মই দৰ্শকৰ লগত কৰা আদান-প্ৰদানৰ সময়ত মই কংকানীসকলৰ কথা উল্লেখ কৰিছিলো। মোৰ বহু কংকানী বন্ধু আছে, কিন্তু মোৰ কথাবোৰ যেন প্ৰসংগৰ বাহিৰলৈ লৈ যোৱা হৈছিল, এজন ষ্টেণ্ড-আপ কমেডিয়ান হিচাপে মোৰ কাম হৈছে মানুহক হঁহোৱা, কিন্তু যিয়ে ক্ষোভিত অনুভৱ কৰিছিল তেওঁৰ ওচৰত মই আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।"
ভিডিঅ'টোত ফাৰুকীয়ে বিষ্ণয়ৰ গেঙৰ কথা উল্লেখ নকৰাৰ বিপৰীতে অনলাইন যোগে শ্বেয়াৰ কৰা কিছু পোষ্টত দাবী কৰা হৈছে, "ছলমান খানে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিলেও ফাৰুকীয়ে ক্ষমা বিচাৰিছে। সেইয়াও হাতযোৰ কৰি। #BishnoiGang।" এই পোষ্টবোৰৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।
ফেচবুকতো এই দাবী প্ৰচাৰিত হৈছে আৰু এনে ধৰনৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত আৰ্কাইভ ৰূপত উপলব্ধ আছে।
ছচিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
কিন্তু আমাৰ তদন্তত প্ৰকাশ পাইছে যে এই ভিডিঅ’টো ২০২৪ চনৰ আগষ্ট মাহৰ পৰাই অনলাইন যোগে উপলব্ধ আছে, যেতিয়া ফাৰুকিয়ে কংকনী সম্প্ৰদায়ৰ বিষয়ে দিয়া মন্তব্যৰ সন্দৰ্ভত হোৱা এক বিতৰ্কক সম্বোধন কৰিছিল।
আমি কি জানিব পাৰিলো?
ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেম চাৰ্চ কৰি দেখা গ’ল যে ফাৰুকিয়ে ২০২৪ চনৰ ১২ আগষ্টত নিজৰ অফিচিয়েল এক্স একাউণ্টত (ইয়াত আৰ্কাইভ কৰা) উক্ত ভিডিঅ’টো পোষ্ট কৰিছিল।
ভিডিঅ’টোত তেওঁ বুজাই দিছে যে তেওঁৰ কৌতুকটো দৰ্শকৰ সৈতে প্ৰত্যক্ষ কথোকপথন ছেগমেণ্টৰ সময়ত উদ্ভৱ হৈছিল আৰু তেওঁৰ কথাবোৰ প্ৰসংগৰ বাহিৰলৈ লৈ যোৱা হৈছে । তেওঁৰ মন্তব্যত একাংশ দৰ্শকে আঘাতপ্ৰাপ্ত হোৱা বুলি স্বীকাৰ কৰি আৰু কোনো ভুল বুজাবুজিৰ বাবে অনুশোচনা কৰি তেওঁ লগতে যিকোনো ব্যক্তিৰ ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছিল।
২০২৪ চনৰ আগষ্ট মাহত মুনাৱাৰ ফাৰুকিয়ে এক্সত পোষ্ট কৰা ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
এই ভিডিঅ’টোৱে লগতে নিশ্চিত কৰে যে ফাৰুকিৰ ক্ষমাপ্ৰাৰ্থনাৰ ভিডিঅ’টো পুৰণি হয় আৰু লৰেন্স বিষ্ণই গেঙৰ সৈতে জড়িত শেহতীয়া পৰিঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। ইয়াৰ উপৰিও লক্ষণীয় যে তেওঁ ভিডিঅ’টোত বিষ্ণোইৰ গেংটোৰ কথা একেবাৰেই উল্লেখ কৰা হোৱা নাই।
২০২৪ চনৰ আগষ্ট মাহৰ বাতৰিয়েও নিশ্চিত কৰিছে যে ফাৰুকিয়ে কংকানী সম্প্ৰদায়ৰ বিষয়ে কৰা কৌতুকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। নিউজ১৮ৰ মতে তেওঁ কংকানী সকলক লৈ অপমানজনক মন্তব্য কৰা ভিডিঅ’ ক্লিপ এটা প্ৰকাশ পোৱাৰ পাছত, তালোজাত এক অনুষ্ঠানৰ সময়ত ক্ষমা খুজিছিল। সেই ক্লিপটোত তেওঁ হিন্দীত (অনুবাদিত) উল্লেখ কৰিছিল, "কংকানীসকলে আনক মূৰ্খ সজাই।" ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি এই মন্তব্যৰ ফলত ছ’চিয়েল মিডিয়াত ক্ষোভ আৰু ব্যাপক সমালোচনাৰ সৃষ্টি হয়।
তদুপৰি ফাৰুকি গেংষ্টাৰ বিষ্ণয়ৰ লক্ষ্য হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে যদিও তেওঁ গেংটোৰ ওচৰত ক্ষমা বিচৰাৰ কোনো বিশ্বাসযোগ্য প্ৰমাণ নাই।
সিদ্ধান্ত
মুনাৱাৰ ফাৰুকিয়ে ক্ষমা বিচৰা ভিডিঅ’টোক লৰেন্স বিষ্ণই গেঙৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা বিচৰা বুলি ভুলকৈ প্ৰচাৰ কৰা হৈছে। বাস্তৱত এইটো ২০২৪ চনৰ আগষ্ট মাহৰ এটা পুৰণি ভিডিঅ’, য’ত কংকানী সমাজৰ বিষয়ে তেওঁৰ মন্তব্যক লৈ হোৱা বিতৰ্কক সম্বোধন কৰা হৈছে।