মূল হিজবুল্লাৰ ৰকেট লঞ্চাৰৰ ওপৰত ইজৰাইলৰ আক্ৰমণ হিচাপে অসংলগ্ন ভিডিঅ’ প্ৰচাৰ

হিজবুল্লাৰ ৰকেট লঞ্চাৰৰ ওপৰত ইজৰাইলৰ আক্ৰমণ হিচাপে অসংলগ্ন ভিডিঅ’ প্ৰচাৰ

লেখক: তাহিল আলী

ছেপ্তেম্বৰ 30 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইজৰাইলে হিজবুল্লাৰ ৰকেট উৎক্ষেপণ স্থানত চলোৱা আক্ৰমণৰ ভিডিঅ' বুলি প্ৰচাৰিত ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ইজৰাইলে হিজবুল্লাৰ ৰকেট উৎক্ষেপণ স্থানত চলোৱা আক্ৰমণৰ ভিডিঅ' বুলি প্ৰচাৰিত ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো লেবাননত চলা পেজাৰ বিস্ফোৰণৰ আগৰ ভিডিঅ’ হয়, ইয়াত লেবাননৰ বোৰ্জ হামুদৰ এক আৱৰ্জনা পেলোৱা ঠাইত জুই লগা দেখা গৈছে।

কি দাবী কৰা হৈছে?

একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এটা পাহাৰক জুয়ে আগুৰি থকা এটা ভিডিঅ’ শ্বেয়াৰ কৰি ইয়াত লেবাননত হিজবুল্লাৰ এটা ৰকেট উৎক্ষেপণ ছাইট ইজৰাইলৰ বিমান আক্ৰমণত ধ্বংস হোৱা দেখা গৈছে বুলি দাবী কৰিছে।

ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতে এইবুলি দাবী কৰিছে যে এই আক্ৰমণ শেহতীয়াকৈ লেবাননত সংঘটিত পেজাৰ বিস্ফোৰণৰ পিছত আৰু হিজবুল্লাই ইজৰাইলক লক্ষ্য কৰি শ শ ৰকেট নিক্ষেপ কৰিবলৈ ওলোৱাৰ কিছু মিনিট আগেয়ে সংঘটিত হৈছিল।

এজন এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে, "হিজবুল্লাই ইজৰাইলী সামৰিক আৰু অসামৰিক লক্ষ্যত আক্ৰমণৰ বাবে #লেবাননত ১০০ টা ৰকেট লঞ্চাৰ, ১০০০ প্লাছ বেৰেল সাজু কৰি ৰাখিছিল। উৎক্ষেপণৰ মাত্ৰ কেইমিনিটমান আগতে # ইজৰাইলে এই পৰিকল্পনা ফাদিল কৰে আৰু বৃহৎ বিমান আক্ৰমণ চলাই হিজবৰ সকলো উৎক্ষেপণ স্থানত আঘাত সানি সফলতাৰে ধ্বংস কৰে।" 

এনে পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। অসমীয়াতো একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ৰিপাব্লিক টিভি আৰু এবিপি লাইভকে ধৰি একাধিক সংবাদ প্ৰতিষ্ঠানেও তেওঁলোকৰ প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে আৰু এইটো ইজৰাইলে শেহতীয়াকৈ লেবাননত কৰা বিমান আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। 

কিন্তু ভাইৰেল ভিডিঅ’টোত অলপতে লেবাননৰ বোৰ্জ হামুদৰ এক আৱৰ্জনা পেলোৱা স্থানত জুই লগাহে দেখা গৈছে, আৰু এইটো দেশখনৰ সংঘটিত শেহতীয়া পেজাৰ বিস্ফোৰণৰ আগৰ ভিডিঅ’ হয়।

প্ৰকৃত তথ্য কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি লেবাননৰ নিউজ আউটলেট এলছিয়াছা | السياسة -ৰ X একাউণ্টত শ্বেয়াৰ কৰা একেটা ভিডিঅ’ লাভ কৰোঁ। ২০২৪ চনৰ ১৩ ছেপ্টেম্বৰত শ্বেয়াৰ কৰা ভিডিঅ’টোত টো (ইয়াত আৰ্কাইভ কৰা হৈছে) "ভিডিঅ'টোৱে দুৰ্যোগৰ পৰিসৰ দেখুৱাইছে ... বোৰ্জ হামুদ লেণ্ডফিলত অগ্নিকাণ্ডৰ দৃশ্য এনেকুৱাই দেখা গৈছে।" (আৰবীৰ পৰা গুগল অনুবাদ কৰা হৈছে)।

২০২৪ চনৰ ১২ ছেপ্টেম্বৰত এলছিয়াছাই এটা প্ৰতিবেদনো প্ৰকাশ কৰিছিল , য’ত একেটা ভিডিঅ’ সন্নিৱিষ্ট কৰা হৈছে, য’ত ইংগিত পোৱা গৈছে যে লেবাননৰ জেডেদেহ পৌৰসভাৰ অংশ বোৰ্জ হামুদ লেণ্ডফিলত উক্ত অগ্নিকাণ্ড সংঘটিত হৈছিল। 

লেবাননৰ সংবাদ প্ৰতিষ্ঠান এলছিয়াছাৰ এক্স পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: এলছিয়াছা/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি লেবাননৰ আন এটা সংবাদ প্ৰতিষ্ঠান আন-নাহাৰে ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত প্ৰকাশ কৰা এটা প্ৰতিবেদন লাভ কৰোঁ য’ত ভাইৰেল ভিডিঅ’টোত বোৰ্জ হামুদ লেণ্ডফিলত জুই লগাৰ কথা কোৱা হৈছে। প্ৰতিবেদনটোত বিভিন্ন কোণৰ পৰা লোৱা অগ্নিকাণ্ডৰ একেধৰণৰ ভিজুৱেল সন্নিবিষ্ট কৰা হৈছে। 

ইয়াৰ উপৰিও আমি ২০২৪ চনৰ ১২ আৰু ১৩ ছেপ্টেম্বৰত সংঘটিত উক্ত অগ্নিকাণ্ডৰ বিষয়ে "ডিছ ইজ বেইৰুট নিউজ" নামৰ এক সংবাদ প্ৰতিষ্ঠানত প্ৰকাশিত একাধিক প্ৰতিবেদন প্ৰতিবেদন লাভ কৰোঁ। এনে এটা প্ৰতিবেদনত পৰিৱেশ মন্ত্ৰী নাছেৰ ইয়াছিনে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি উল্লেখ কৰিছে (উদাহৰণ ইয়াত আৰু ইয়াত সংৰক্ষণ কৰা হৈছে)।

এই প্ৰতিবেদনসমূহৰ পৰা এইটো স্পষ্ট হয় যে ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰত লেবাননত সংঘটিত পেজাৰ বিস্ফোৰণৰ পূৰ্বে এই অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু ইয়াৰ সৈতে ইজৰাইল আৰু লেবাননৰ মাজত শেহতীয়াকৈ হোৱা বৃদ্ধি পোৱা উত্তেজনাৰ কোনো সম্পৰ্ক নাই। 

সিদ্ধান্ত

এটা অগ্নিকাণ্ডৰ ভিডিঅ’ শ্বেয়াৰ কৰি ইয়াত ইজৰাইলে হিজবুল্লাৰ ৰকেট লঞ্চাৰ ওপৰত চলোৱা বিমান আক্ৰমণৰ পিছৰ দৃশ্য দেখা গৈছে বুলি মিছাকৈ দাবী কৰিছে। ভিডিঅ’টোত লেবাননৰ বোৰ্জ হামুদৰ এটা লেণ্ডফিল ছাইটত সংঘটিত অগ্নিকাণ্ডহে দেখা গৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।