মূল ৰাহুল গান্ধীয়ে অসমত বান সাহায্য শিবিৰ পৰিদৰ্শন কৰা বুলি বিভ্ৰান্তিকৰ দাবী প্ৰচাৰিত

ৰাহুল গান্ধীয়ে অসমত বান সাহায্য শিবিৰ পৰিদৰ্শন কৰা বুলি বিভ্ৰান্তিকৰ দাবী প্ৰচাৰিত

লেখক: চন্দন বৰগোহাঁই

জুলাই 15 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল গান্ধীয়ে অসমত বান সাহায্য শিবিৰ পৰিদৰ্শন কৰা বুলি বিভ্ৰান্তিকৰ দাবী প্ৰচাৰিত ৰাহুল গান্ধীয়ে মণিপুৰ হিংসাৰ ভুক্তভোগীৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰা ফটো একাধিক সংবাদ মাধ্যমে তেওঁ অসমৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰা বুলি ভুলকৈ প্ৰকাশ কৰিছে। (উৎস: এ এন আই/জী নিউজ/দ্য ইণ্ডিয়ান এক্সপ্ৰেছ/এনডিটিভি/ডেকান ক্ৰনিকল/দ্য উইক)

ফেক্ট চেক

বিভ্ৰান্তিকৰ

সংবাদ মাধ্যমত প্ৰকাশিত ফটোসমূহত ৰাহুল গান্ধীক শিলচৰস্থিত মণিপুৰৰ হিংসাত ক্ষতিগ্ৰস্ত লোকৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰা দেখা গৈছে।

কি দাবী কৰা হৈছে?

২০২৪ চনৰ ৮ জুলাইত একাধিক মূলসুঁতিৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শিলচৰৰ ফুলেৰতলত থকা এটা বান সাহায্য শিবিৰ পৰিদৰ্শন কৰা বুলি প্ৰকাশ কৰিছিল। উক্ত বাতৰিসমূহত দাবী কৰা হৈছিল যে কংগ্ৰেছ নেতাগৰাকীয়ে চুবুৰীয়া ৰাজ্য মণিপুৰলৈ যোৱাৰ পূৰ্বে অসমৰ বানাক্ৰান্ত লোকৰ সৈতে মত বিনিময় কৰিছিল।

সংবাদ সংস্থা এএনআইয়ে ‘ফুলেৰতলৰ সাহায্য শিবিৰত বানপীড়িত লোকসকলক সাক্ষাৎ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে’ শীৰ্ষক এটা প্ৰতিবেদন (ইয়াত আৰ্কাইভ কৰা হৈছে) প্ৰকাশ কৰিছে, য’ত গান্ধীয়ে এটা শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰা ফটো সন্নিবিষ্ট কৰা হৈছে। একেদৰে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া (পিটিআই)-এ গান্ধীয়ে অসমৰ বানপীড়িত লোকৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰা এটা এক্স (পূৰ্বৰ টুইটাৰ) পোষ্টৰ উল্লেখ কৰি ফুলেৰতলৰ এটা বান সাহায্য শিবিৰলৈ যোৱাৰ বাতৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) প্ৰকাশ কৰে।

ডেকান ক্ৰনিকল, জি নিউজ, এনডিটিভি, দ্য উইক, আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছকে ধৰি একাধিক সংবাদ মাধ্যমেও গান্ধীয়ে ফুলেৰতলত এটা বান সাহায্য শিবিৰ পৰিদৰ্শন কৰা বুলি বাতৰি প্ৰকাশ কৰে।

সাংবাদিক তামাল সাহাই এক্সত গান্ধীৰ ছবি শ্বেয়াৰ কৰি লিখিছে- "#অসমৰ ফুলেৰতলৰ মাৰ সাহায্য শিবিৰত #অসমৰবানপানীত ক্ষতিগ্ৰস্ত লোকৰ সৈতে #ৰাহুলগান্ধী। ৭০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে, লাখ লাখ লোক গৃহহীন হৈছে।"

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে একেখিনি ফটো শ্বেয়াৰ কৰি লিখে, "ছায়া প্ৰধানমন্ত্ৰী ৰাহুল গান্ধীয়ে #অসমৰ সাহায্য শিবিৰত বসবাস কৰা বানপীড়িত লোকসকলক সাক্ষাৎ কৰে। প্ৰকৃত নেতা হ'ল সেইজন যি প্ৰয়োজনৰ সময়ত য়ে মানুহৰ ওচৰত উপস্থিত থাকে!"

ৰাহুল গান্ধীয়ে অসমৰ এটা সাহায্য শিবিৰত বানপীড়িত লোকক সাক্ষাৎ কৰা দেখা গৈছে বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

অৱশ্যে আমি দেখিলোঁ যে এই ছবিবোৰত আচলতে ৰাহুল গান্ধীক শিলচৰত থকা মণিপুৰ হিংসাত ক্ষতিগ্ৰস্ত লোকৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰাহে দেখা গৈছে। অসমৰ বানপানীত ক্ষতিগ্ৰস্ত কিছু লোকক তেওঁ লগ ধৰিছিল যদিও এইসমূহ তাৰ ফটো নহয়। শিলচৰত তেওঁ পৰিদৰ্শন কৰা শিবিৰটো বানপীড়িত লোকৰ নহয়, বৰঞ্চ মণিপুৰৰ হিংসাৰ বলি হোৱা লোকহে তাত আছে।

ফটোসমূহত আচলতে কি দেখা গৈছে?

আমি ২০২৪ চনৰ ৮ জুলাইত কংগ্ৰেছৰ অফিচিয়েল এক্স একাউণ্টত শ্বেয়াৰ কৰা (ইয়াত আৰ্কাইভ কৰা হৈছে) এটা পোষ্ট লাভ কৰোঁ। হিন্দীত লিখা পোষ্টটোৰ কেপচন আছিল- "বিৰোধী দলৰ নেতা শ্ৰী @RahulGandhi-এ অসমৰ এটা সাহায্য শিবিৰত মণিপুৰ হিংসাৰ শৰণাৰ্থীক লগ কৰে।" ফুলেৰতল, অসম।"

কংগ্ৰেছৰ এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/@INCindia)

ইয়াৰ উপৰি আমি গান্ধীৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা এটা ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ য’ত কংগ্ৰেছ নেতাজনে সাধাৰণ লোকৰ সৈতে মত বিনিময় কৰা একেধৰণৰ ভিজুৱেল দেখা যায়। ভিডিঅ'টোৰ কেপচনত লিখা আছিল- "প্ৰিয় মণিপুৰবাসী, মই আপোনালোকৰ ওচৰলৈ আপোনালোকৰ ভাতৃ হিচাপে আহিছো। আপোনালোক সকলোৰে জীৱনলৈ শান্তি ঘূৰাই অনাৰ বাবে মই সকলো চেষ্টা কৰিম।"

ক্লিপটোত গান্ধীয়ে লোকসকলক উদ্দেশ্যে "তেন্তে আপুনি নিৰাপত্তা বিচাৰে, আৰু ঘূৰি আহিব বিচাৰে?" বুলি শোধাত তেওঁলোকে "হয়, আমি উভতি যাব বিচাৰো।" বুলি কোৱা শুনা যায়। এগৰাকী মহিলাই কৈছিল, "আমি শান্তি বিচাৰো।" ইয়াৰ দ্বাৰা এইটো স্পষ্ট হয় যে ভিজুৱেলত দেখা মানুহবোৰ মণিপুৰৰ হিংসাত ক্ষতিগ্ৰস্ত লোক, দাবী কৰা ধৰণে বানপীড়িত লোক নহয়।

বৰাক বুলেটিন-ৰ মতে, গান্ধীয়ে অসম কংগ্ৰেছৰ এটা দলৰ সৈতে শিলচৰৰ ফুলেৰতলৰ এটা শিবিৰ পৰিদৰ্শন কৰি "মণিপুৰৰ শৰণাৰ্থীসকলক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।" প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে কেনেকৈ "শৰণাৰ্থীসকলে" কংগ্ৰেছ নেতাগৰাকীৰ আগত নিজৰ দুৰ্দশা প্ৰকাশ কৰিছিল আৰু "ঘৰলৈ উভতি যাবলৈ তথা নিজ ৰাজ্যত পুনৰ শান্তি ঘূৰি অহাকলৈ ইচ্ছা প্ৰকাশ কৰিছিল।"

ইণ্ডিয়া টুডে এন ইয়েও ফেচবুকত গান্ধীয়ে একেখিনি মানুহৰ সৈতে মত বিনিময় কৰা এটা ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰিছিল। পোষ্টটোৰ কেপচনত লিখা আছিল- "অসমৰ কাছাৰ জিলাৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ বাবে ৰাহুল গান্ধীলৈ মাৰ ছাত্ৰ সন্থাৰ কৃতজ্ঞতা জ্ঞাপন।"

কংগ্ৰেছে কি কয়?

লজিকেলী ফেক্টছে ৰাহুল গান্ধীৰ সৈতে যোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সৈতে যোগাযোগ কৰে। তেওঁ নিশ্চিত কৰে যে বিৰোধী দলপতি গৰাকীয়ে শিলচৰৰ কোনো বান সাহায্য শিবিৰলৈ যোৱা নাছিল, আৰু তেওঁ যোৱা শিবিৰটোত মণিপুৰৰ হিংসাত স্থানান্তৰিত হোৱা লোকসকলকহে আশ্ৰয় দিয়া হৈছে।

"আমি কোনো বান সাহায্য শিবিৰলৈ যোৱা নাছিলো। অৱশ্যে মণিপুৰলৈ যাওঁতে আমি বাটত কিছু বানপীড়িত লোকক লগ ধৰিছিলোঁ। আমি দুটা শিবিৰলৈ গৈছিলো—এটা মণিপুৰৰ জিৰিবামত, আৰু আনটো শিলচৰত। দুয়োটা শিবিৰতে মণিপুৰ হিংসাৰ ভুক্তভোগী লোকসকল আছিল।’’

অৱশ্যে তেওঁ লগতে কয় যে অসম কংগ্ৰেছৰ এটা দলে গান্ধীক অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিল আৰু স্মাৰক পত্ৰ প্ৰদান কৰিছিল। গান্ধীয়ে এই বিষয়ে তেওঁৰ অফিচিয়েল এক্স (ইয়াত আৰ্কাইভ কৰা হৈছে) একাউণ্টতো পোষ্ট কৰিছিল। 

গান্ধীৰ লগত যোৱা কংগ্ৰেছ নেতা কে চি ভেনুগোপালে ৮ জুলাইত এটা এক্স পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) উল্লেখ কৰিছিল যে নেতাগৰাকীয়ে অসমৰ বানপীড়িত লোকক লগ ধৰিছিল আৰু অসম আৰু মণিপুৰৰ মণিপুৰী শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰিছিল।

কংগ্ৰেছ নেতা কে চি ভেনুগোপালৰ এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/@kcvenugopalmp)

আমি মাৰ ছাত্ৰ সন্থাৰ বৰাক উপত্যকা যুটীয়া কেন্দ্ৰীয় কাৰ্যালয়ৰ সাধাৰণ সম্পাদক লালহৃলথাং মাৰৰ লগত আমি যোগাযোগ কৰোঁ । তেওঁ জনোৱা মতে, ৰাহুল গান্ধী আৰু তেওঁৰ দলৰ নেতাসকলে ফুলেৰতলৰ সমীপৰ লখিপুৰৰ মাৰখালেন গাঁৱত আশ্ৰয় লৈ থকা মণিপুৰৰ পৰা স্থানান্তৰিত লোকসকলৰ সাহায্য শিবিৰহে পৰিদৰ্শন কৰিছিল।

"ৰাহুল গান্ধীয়ে লখিপুৰৰ মাৰখালেনৰ থালাই ইনত থকা সাহায্য কেন্দ্ৰটো পৰিদৰ্শন কৰিছিল। মাৰখালেনত থকা দুটা সাহায্য কেন্দ্ৰত ১৭০-১৮০ গৰাকী লোকে আশ্ৰয় লৈ আছে। এইসকল মণিপুৰৰ হিংসাত্মক পৰিস্থিতিত স্থানচ্যুত হোৱা লোক; ইয়াত কোনো বানপীড়িত ব্যক্তি নাই।" মাৰে আমাৰ সৈতে গান্ধীৰ সাহায্য শিবিৰটো পৰিদৰ্শনৰ ফটো শ্বেয়াৰ কৰে যিবোৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু ছ’চিয়েল মিডিয়া পোষ্টত প্ৰকাশ পোৱা ফটোৰ সৈতে মিলে।

লালহৃলথাং মাৰে শ্বেয়াৰ কৰা ফটো কংগ্ৰেছৰ এক্স পোষ্টৰ ছবিৰ সৈতে মিলে। (উৎস: লজিকেলী ফেক্টছৰ নিজা উৎস)

এই তথ্যসমূহৰ দ্বাৰা দেখা গৈছে যে ভাৰতৰ একাংশ মূলসুঁতিৰ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীয়ে মণিপুৰ হিংসাৰ ভুক্তভোগীৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰা ফটো তেওঁ অসমৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰা দৃশ্য হিচাপে ভুলকৈ শ্বেয়াৰ কৰিছে।

সিদ্ধান্ত

ৰাহুল গান্ধীৰ শেহতীয়া মণিপুৰ আৰু অসম ভ্ৰমণৰ সময়ত তেওঁ শিলচৰৰ কোনো বান সাহায্য শিবিৰলৈ যোৱা নাছিল। সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ফটোসমূহত তেওঁ মণিপুৰৰ হিংসাত স্থানান্তৰিত লোকসকলৰ সাহায্য শিবিৰহে পৰিদৰ্শন কৰা দেখা গৈছে।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।