মূল কংগ্ৰেছৰ মহিলা সাংসদৰ ভিডিঅ’ দলটোৰ ৮৫০০ টকীয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ সৈতে মিছাকৈ সাঙুৰি শ্বেয়াৰ কৰা হৈছে

কংগ্ৰেছৰ মহিলা সাংসদৰ ভিডিঅ’ দলটোৰ ৮৫০০ টকীয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ সৈতে মিছাকৈ সাঙুৰি শ্বেয়াৰ কৰা হৈছে

লেখক: ৰজনী কে জি

জুন 24 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
কংগ্ৰেছৰ মহিলা সাংসদৰ ভিডিঅ’ দলটোৰ ৮৫০০ টকীয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ সৈতে মিছাকৈ সাঙুৰি শ্বেয়াৰ কৰা হৈছে কংগ্ৰেছ সাংসদ কুমাৰী চেলজাৰ কাৰ্যালয়ত ৮৫০০ টকা বিচাৰি অহা লোকৰ ভিডিঅ' বুলি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

বিভ্ৰান্তিকৰ

ভিডিঅ’টোত হাৰিয়ানাৰ ফতেহাবাদত সাংসদ কুমাৰী চেলজাৰ এখন সংবাদমেলত একাধিক কংগ্ৰেছ সমৰ্থকে দুৱাৰ ভাঙি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে।

কি দাবী কৰা হৈছে?

কংগ্ৰেছৰ সাংসদ কুমাৰী চেলজাই সংবাদ মাধ্যমৰ আগত কথা পাতি থাকি অৱস্থাত দুৱাৰৰ বাহিৰত একাধিক লোকে এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ লগত দিয়া কেপচনত কংগ্ৰেছ দলে আৰ্থিকভাৱে পিছপৰা মহিলাসকলৰ উদ্দেশ্যে ঘোষণা কৰা মাহে ৮,৫০০ টকা প্ৰদান কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পুৰণৰ দাবী জনাই একাধিক মহিলাই দুৱাৰ ভাঙি সাংসদ গৰাকীৰ কাৰ্যালয় প্ৰৱেশ কৰা দেখা গৈছে বুলি দাবী কৰা হৈছে।

ভিডিঅ’টোত চেলজাই সাংবাদিকৰ সৈতে কথা পাতি থকাৰ লগতে কাৰ্যালয়ৰ দুৱাৰৰ কাষত ৰৈ থকা এজন যুৱকক দুৱাৰখন খুলি দিবলৈ নিৰ্দেশ দিয়া দেখা যায়। অৱশ্যে কিছু সময়ৰ পিছতে দুৱাৰখনৰ গ্লাছ ভাঙি পৰে। 

ইণ্টাৰনেটত প্ৰায়ে ভুল তথ্য বিয়পোৱাৰ বাবে পৰিচিত মিষ্টাৰ সিনহা নামৰ এজন ব্যৱহাৰকাৰীয়ে এক্সত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখে, ‘‘ৰাহুল গান্ধীয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি তেওঁলোকক ৮৫০০ প্ৰদান কৰিবলৈ দাবী জনাই স্থানীয় মহিলাসকলে কংগ্ৰেছৰ সাংসদ কুমাৰী শৈলজাৰ কাৰ্যালয়ত প্ৰৱেশ কৰে। তেওঁলোকে তেওঁক এক প্ৰকাৰ পণবন্দী কৰি লৈছিল....এই বিষয়টোৱে কংগ্ৰেছক বেয়াকৈ উল্টা মাৰ দিছে।” পোষ্টটোৱে ২ লাখৰো অধিক ভিউ আৰু ৮ হাজাৰৰ অধিক লাইক লাভ কৰিছে। এনে আন পোষ্টৰ আৰ্কাইভ ইয়াত আৰু ইয়াত পোৱা যাব৷ অসমীয়াতো ফেচবুকত একেধৰণৰ দাবীৰে ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছে। ইয়াত আৰ্কাইভ কৰা হৈছে। 

ইণ্টাৰনেটত প্ৰচাৰিত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবীটো বিভ্ৰান্তিকৰ হয়। ভিডিঅ’টোত হাৰিয়ানাৰ ফতেহাবাদত সাংসদ চেলজাৰ সংবাদমেলৰ সময়ত একাংশ কংগ্ৰেছ সমৰ্থকে জোৰ কৰি তেওঁৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা কৰা দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ’টোৰ বাওঁফাল ওপৰৰ চুকত হাৰিয়ানাৰ স্থানীয় সংবাদ মাধ্যম “মাই চিটি নিউজ”ৰ ল’গ’টো আমাৰ চকুত পৰে। ইয়াক ইংগিত হিচাপে ব্যৱহাৰ কৰি আমি তেওঁলোকৰ ফেচবুক ( ইয়াত আৰ্কাইভ কৰা হৈছে ) পেজত ১৩ জুন, ২০২৪ তাৰিখে পোষ্ট কৰা মূল ভিডিঅ'টো লাভ কৰোঁ।

পোষ্টটোৰ কেপচনত উল্লেখ কৰা মতে চেলজা আৰু আন কংগ্ৰেছ নেতাসকলে সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা অৱস্থাত কোঠাটোৰ বাহিৰত কংগ্ৰেছৰ সদস্য পৰমবীৰ সিং আৰু তেওঁৰ সমৰ্থকসকল থিয় হৈ আছিল। বাতৰি অনুসৰি কোঠাটোত তলা লগোৱা আছিল, আৰু সিং আৰু তেওঁৰ সমৰ্থকসকল বাহিৰত থিয় হৈ আছিল। দুৱাৰখন খোলাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হুলস্থুলৰ সময়তে দৰ্জাৰ কাঁচখন ভাঙি পৰে। 

হাৰিয়ানা নিউজ নামৰ আন এটা স্থানীয় নিউজ চেনেল (ইয়াত আৰ্কাইভ কৰা হৈছে) একেটা তাৰিখত একেধৰণৰ বিৱৰণৰ সৈতে ভিডিঅ'টো ইউটিউবত আপলোড কৰিছিল। আমি পাঞ্জাব কেছাৰী হাৰিয়ানাৰ ইউটিউব চেনেলতো এই ভিডিঅ'টো পাইছিলোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে) য'ত সিঙৰ সমৰ্থকসকলে সংবাদমেলত প্ৰৱেশৰ পৰা বঞ্চিত হোৱাত দৰ্জাখন ভাঙি দিছিল বুলি কোৱা হৈছে। 

ট্ৰিবিউন ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, কোনো সংবাদ মাধ্যমে দৰ্জাখন বন্ধ কৰি দিছিল আৰু তাৰ পিছতে সিঙে কোঠাটোত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। চেলজাই কোঠাটো ভিতৰৰ পৰা তলা লগোৱা আছিল বুলি অস্বীকাৰ কৰে আৰু পিছত সিঙে চেলজাৰ কাষত আহি বহে আৰু সংবাদমেল পুনৰ আৰম্ভ হয় বুলি প্ৰতিবেদনটোত লগতে উল্লেখ কৰা হৈছে।

ইটিভি ভাৰতৰ বাতৰি অনুসৰি কংগ্ৰেছ সাংসদগৰাকীয়ে বিষয়টোৰ এক আভ্যন্তৰীণ তদন্ত কৰি প্ৰকৃততে কি হৈছিল তাৰ এক অনুসন্ধানৰ নিৰ্দেশ দিছিল। আমি নিউজ ১৮ৰ ফতেহাবাদৰ সংবাদদাতা জসপাল সিঙৰ সৈতেও যোগাযোগ কৰিলোঁ, তেওঁ আমি লাভ কৰা তথ্যসমূহ সমৰ্থন কৰে আৰু কংগ্ৰেছ নেতাসকলৰ ৮,৫০০ টকা দাবী কৰি কোঠাটোৰ বাহিৰত স্থানীয় মহিলাই হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰা বুলি প্ৰচাৰিত দাবীসমূহক নাকচ কৰে।

হিন্দুস্তান টাইমছৰ এক  প্ৰতিবেদনত উল্লেখ কৰা মতে চেলজাই হাৰিয়ানাৰ টোহানাত কংগ্ৰেছৰ ভিতৰত সৃষ্টি হোৱা বিভাজনৰ কথা স্বীকাৰ কৰাৰ লগতে দলটোৰ ৰাজ্যিক প্ৰভাৰী দীপক বাব্ৰিয়াক বিষয়টো সমাধান কৰিবলৈ কয়।

লজিকেলী ফেক্টছে ভিডিঅ’টোত দেখা কংগ্ৰেছ নেতাসকলৰ সৈতে মন্তব্যৰ বাবে যোগাযোগ কৰিছে আৰু তেওঁলোকৰ পৰা সঁহাৰি পালে লেখাটো আপডেট কৰা হ’ব। 

সিদ্ধান্ত

যোৱা ১৩ জুনত ফতেহাবাদত সাংসদ চেলজাৰ সংবাদমেলত কংগ্ৰেছৰ একাংশ সমৰ্থকে জোৰ কৰি প্ৰৱেশ কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰি একাধিক স্থানীয় মহিলাই কংগ্ৰেছৰ  ৮৫০০ টকীয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পুৰণৰ দাবীত সাংসদগৰাকীৰ কাৰ্যালয়ত আক্ৰমণ চলাইছিল বুলি প্ৰচাৰ কৰে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।