মূল ২০০৭ চনৰ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলক মনমোহন সিঙে সাক্ষাৎ কৰিছিল; ভাইৰেল দাবীটো মিছা

২০০৭ চনৰ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলক মনমোহন সিঙে সাক্ষাৎ কৰিছিল; ভাইৰেল দাবীটো মিছা

লেখক: উম্মে কুলচুম

জুলাই 8 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০০৭ চনৰ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলক মনমোহন সিঙে সাক্ষাৎ কৰিছিল; ভাইৰেল দাবীটো মিছা ২০০৭ চনৰ টি-২০ ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলক তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে সাক্ষাৎ কৰা নাছিল বুলি দাবী কৰা এটা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

বিভ্ৰান্তিকৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ভাৰতে ২০০৭ চনৰ টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ পিছত ভাৰতীয় ক্ৰিকেট দলটোৰ সৈতে ২০০৭ চনৰ ৩০ অক্টোবৰত ফটো উঠিছিল।

কি দাবী কৰা হৈছে?

২০২৪ চনৰ ২৯ জুনত বাৰ্বাডোছৰ কেনচিংটন অ’ভেলত অনুষ্ঠিত পুৰুষৰ আই চি চি টি-২০ ক্ৰিকেট বিশ্বকাপত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰি বিজয়ৰ খিতাপ দখল কৰে। এই বিজয়ৰ পিছত ছ’চিয়েল মিডিয়াত এটা পুৰণি পোষ্ট পুনৰ চৰ্চা হ’বলৈ ধৰে য’ত দাবী কৰা হৈছে যে ২০০৭ চনৰ টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰাৰ পিছত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰিৱৰ্তে তেতিয়াৰ কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ সৈতেহে বিজয়ী দলটোৰ ফটো তোলা হৈছিল। পোষ্টটোত গান্ধীয়ে মহেন্দ্ৰ সিং ধোনি নেতৃত্বাধীন ২০০৭ চনৰ ভাৰতীয় ক্ৰিকেট দলৰ সৈতে পোজ দিয়া ফটো সন্নিবিষ্ট কৰা হৈছে।

এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ফটোখন শ্বেয়াৰ কৰি হিন্দীত লিখিছে "ভাৰতীয় ক্ৰিকেট দলে ২০০৭ চনত অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত বিশ্বকাপ জয় কৰিছিল, ৰাজীব শুক্লাক বিচিচিআইৰ ভাৰপ্ৰাপ্ত সভাপতি আছিল। প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সলনি ছোনিয়া গান্ধীৰ সৈতে ফটোশ্বুট কৰা হৈছিল। কোনো সাংবাদিকে দলটোৰ সৈতে ফটো উঠাক লৈ ছোনিয়া গান্ধীৰ কৰ্তৃত্বক লৈ প্ৰশ্ন উত্থাপন নকৰিলে। কংগ্ৰেছ দলে কেনেকৈ নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মৰ্যাদা হ্ৰাস কৰিলে বিবেচনা কৰক।’’ একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব। ফেচবুকত আছামিছ মিডিয়া: আনঅফিচিয়েল নামৰ এটা পেজে উক্ত ফটোখন শ্বেয়াৰ কৰিছে।

ছ'চিয়েল মিডিয়াত ফটোখন শ্বেয়াৰ কৰি কৰা দাবীসমূহৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, ২০০৭ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ সৈতে মনমোহন সিঙে ফটো উঠা নাছিল বুলি কৰা দাবীটো মিছা।

আমি কি বিচাৰি পালোঁ?

আমাৰ অনুসন্ধানত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (পিএমঅ’) ৱেবছাইটৰ আৰ্কাইভত ২০০৭ চনৰ ৩০ অক্টোবৰৰ এটা ফটো গেলেৰী বিচাৰি পাওঁ। ইয়াত প্ৰধানমন্ত্ৰী সিং, তেওঁৰ পত্নী গুৰশৰণ কৌৰ, আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে ধোনিৰ নেতৃত্বত বিজয়ী ভাৰতীয় ক্ৰিকেট দলটোৰ সৈতে পোজ দিয়াৰ ছবি সন্নিবিষ্ট কৰা হৈছে। ছবিখনৰ কেপচনত লিখা আছে, "২০০৭ চনৰ ৩০ অক্টোবৰত নতুন দিল্লীত টুৱেন্টি-টুৱেন্টি ক্ৰিকেট দলৰ সৈতে প্ৰধানমন্ত্ৰী ড° মনমোহন সিং।" আন এখন ফটোত সিং আৰু তেওঁৰ পত্নীয়ে দলটোৰ অধিনায়ক ধোনিৰ সৈতে একেটা ইভেণ্টত দেখা গৈছে।

২০০৭ চনৰ বিশ্বকাপ বিজয়ী দলটোৰ সৈতে মনমোহন সিঙে ফটোৰ বাবে পোজ দিয়ে। (উৎস: পিএমঅ’)

টাইমছ অৱ ইণ্ডিয়াই ২০০৭ চনৰ ৩০ অক্টোবৰত সিঙে ভাৰতীয় ক্ৰিকেট দলটোক সাক্ষাৎ কৰাৰ ফটো প্ৰকাশ কৰিছিল। এই ছবিসমূহত সিঙক গোটেই দলটোৰ সৈতে এখন গ্ৰুপ ফটো, ধোনি আৰু পেচ বলাৰ শ্ৰীকান্তৰ উপস্থিতিত উপ-অধিনায়ক যুৱৰাজ সিঙৰ সৈতে কৰমৰ্দন কৰা এখন ফটো, স্পিন বলাৰ হৰভজন সিঙক অভিবাদন জনোৱা এখন ফটো, আৰু পেচ বলাৰ ইৰফান পাথানৰ সৈতে একেলগে পোজ দিয়া এখন ফটো দেখা যায়।

গেটি ইমেজৰ মতে, ছোনিয়া গান্ধীৰ সৈতে দলটোৰ ভাইৰেল ফটোখনো ২০০৭ চনৰ ৩০ অক্টোবৰত তোলা হৈছিল। ইয়াৰ দ্বাৰা গম পোৱা যায় যে তেতিয়াৰ শাসকীয় ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স II (ইউপিএ II)ৰ অধ্যক্ষ তথা কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী আৰু আৰু সিং দুয়ো গৰাকীৰ সৈতে একেদিনাই বিজয়ী দলটোৰ ফটো তোলা হৈছিল।

সিদ্ধান্ত

২০০৭ চনৰ ৩০ অক্টোবৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে সেই বৰ্ষত টি-২০ ক্ৰিকেট বিশ্বকাপ জয় কৰা ভাৰতীয় দলটোক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে ফটো উঠিছিল।

(অনুবাদ : চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।