এই ফটোখনত অখিলেশ যাদৱক চন্দ্ৰবাবু নাইডুৰ সৈতে নিৰ্বাচনৰ পিছৰ মিত্ৰতা আলোচনা কৰা দেখা গৈছে ? নহয়, ছবিখন পুৰণি

লেখক: ৰোহিত গুতা
জুন 6 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
এই ফটোখনত অখিলেশ যাদৱক চন্দ্ৰবাবু নাইডুৰ সৈতে নিৰ্বাচনৰ পিছৰ মিত্ৰতা আলোচনা কৰা দেখা গৈছে ? নহয়, ছবিখন পুৰণি

সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু আৰু এছপিৰ মুৰব্বী অখিলেশ যাদৱৰ বৈঠক হোৱা বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিবৰ্তিত

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এই ফটোসমূহ ২০১৯ বৰ্ষৰ, যেতিয়া নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী সম্ভাৱ্য ফ্ৰণ্টৰ আলোচনা কৰিবলৈ লক্ষ্ণৌত নাইডুয়ে অখিলেশ যাদৱৰ সৈতে সাক্ষাৎ কৰিছিল ।

ক্লেইম আইডি 987fc684

দাবী কি?

২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ ফলাফল ৪ জুনত ঘোষণা হোৱাৰ পিছত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু মিত্ৰতাৰ বিষয়ে আলোচনা কৰিবলৈ মিলিত হোৱাৰ দাবীৰে দুই নেতাই একেলগে বহি থকা এখন ফটো আৰু একেলগে থিয় হৈ থকা আন এখন ফটো শ্বেয়াৰ কৰা হৈছে।

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এই নিৰ্বাচনৰ ফলাফল অনুসৰি বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিয়ে ২৪০ খন আসন আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্সে ২৩২ খন আসন লাভ কৰে। বিজেপি বা ইণ্ডিয়া ব্লকে আধা আসনৰ সীমা অতিক্ৰম নকৰাত ইণ্ডিয়া মিত্ৰজোঁটে দক্ষিণ ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ১৬খন লোকসভাৰ আসন লাভ কৰা টিডিপি আৰু এনডিএৰ আন এগৰাকী অংশীদাৰ জনতা দল ( ইউনাইটেড) দলৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক লগ কৰিবলৈ চেষ্টা চলাই আছে বুলি বিভিন্ন উৰা বাতৰি চলিব ধৰিছে। 

এতিয়া নাইডুৱে ইণ্ডিয়া ব্লকৰ এক দলৰ নেতা, যাদৱক লগ পোৱাৰ ছবি ছ’চিয়েল মিডিয়াত এনে ধৰণৰ কেপচন সহিত শ্বেয়াৰ কৰা হৈছে, “অখিলেশ যাদৱে চন্দ্ৰ বাবু নাইডুক লগ পাইছিল। কেইঘণ্টামানৰ ভিতৰতে এটা ডাঙৰ খেল হ’ব...(sic)।” এনে পোষ্টৰ আৰ্কাইভ ইয়াত আৰু ইয়াত চাব পাৰিব।

ছ'চিয়েল মিডিয়া পোষ্টসমূহৰ স্ক্ৰীণশ্বট (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা প্ৰচাৰিত)

অৱশ্যে এই ফটোখন ২০১৯ চনৰ হয়। ভাৰতত চৰকাৰ গঠনৰ বাবে চলি থকা আলোচনাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

আমি কি পাইছিলোঁ?

ফটো ১

আমি দেখিলোঁ যে অখিলেশ যাদৱে নাইডুক চাদৰেৰে সম্বৰ্ধনা জনোৱা ছবিখন ২০১৯ চনৰ হয়। ৰিভাৰ্ছ ইমেজ অনুসন্ধানৰ ফলত ২০১৯ চনৰ ১৮ মে’ত ৰেডিফত প্ৰকাশিত এটা প্ৰতিবেদন পোৱা গ’ল, য’ত এই ফটোখন ব্যৱহাৰ কৰা হৈছিল। এই প্ৰতিবেদন অনুসৰি নাইডুৱে লক্ষ্ণৌত যাদৱক সাক্ষাৎ কৰা লগতে কংগ্ৰেছৰ ৰাহুল গান্ধী, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ডি ৰাজা আৰু জি সুধাকৰ ৰেড্ডী, তেতিয়াৰ অবিভক্ত জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ শৰদ পাৱাৰ আৰু লোকান্তৰিক জনতা দলৰ (এলজেডি) প্ৰয়াত শৰদ যাদৱক লগ কৰে । প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে নিৰ্বাচনী ৰায়দানৰ পূৰ্বে বিজেপি বিৰোধী যৌথ ফ্ৰণ্ট গঠনৰ সন্দৰ্ভত আলোচনাৰ বাবে এই বৈঠক আছিল।

নিউজ এজেন্সী এ এন আই (ইয়াত আৰ্কাইভ কৰা হৈছে)য়েও ২০১৯ চনৰ ১৮ মে’ত নিজৰ এক্স একাউণ্টত এই ফটোখন শ্বেয়াৰ কৰিছিল।

এ এন আই'ৰ টুইটৰ স্ক্ৰীণশ্বট। (উৎস: X/@ANINewsUP)

ফটো ২

নাইডু আৰু অখিলেশ যাদৱৰ একেলগে বহি থকা দ্বিতীয়খন ছবিও একেখন সভাৰ হয়। ফটোখন যাদৱে তেওঁৰ অফিচিয়েল এক্স একাউণ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) “মাননীয় মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডু জী ডাঙৰীয়াক লক্ষ্ণৌলৈ আদৰণি জনোৱাটো আনন্দৰ কথা।” বুলি কেপচন দি শ্বেয়াৰ কৰিছে। ২০১৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত নাইডু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল।

সেই সময়ত নাইডুৱে এনডিএ এৰি কেইবাজনো বিৰোধী নেতাক সাক্ষাৎ কৰি বিজেপি বিৰোধী মিত্ৰতা গঠনৰ বাবে সমৰ্থন ব্যক্ত কৰিছিল।

মন কৰিবলগীয়া যে টিডিপিয়ে এনডিএৰ অধীনত বিজেপি আৰু জনসেনা পাৰ্টিৰ সৈতে মিত্ৰতা কৰি শেহতীয়াকৈ অনুষ্ঠিত লোকসভা নিৰ্বাচন আৰু অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত যুঁজিছিল।

দ্য হিন্দুত প্ৰকাশিত এক বাতৰি অনুসৰি নাইডুৱে ৫ জুনত তেওঁৰ দল এন ডি এত আছে বুলি কয় আৰু নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এন ডি এৰ বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰত নতুন চৰকাৰ গঠনৰ সন্দৰ্ভত আলোচনা কৰিব বুলি কয়। কালি বা আজি নাইডুৱে যাদৱক মিত্ৰতাৰ আলোচনাৰ বাবে সাক্ষাৎ কৰা বুলি কোনো খবৰ আমি পোৱা নাই।

সিদ্ধান্ত

টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱক সাক্ষাৎ কৰাৰ ২০১৯ চনৰ ছবিসমূহ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ সৈতে ভুলকৈ জড়িত কৰা হৈছে।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।