লেখক: উম্মে কুলচুম
ফেব্ৰুৱাৰী 14 2024
ছবিখনত ২০২১ চনত দিল্লী-উত্তৰ প্ৰদেশ গাজীপুৰ সীমান্তত স্থাপন কৰা এক বেৰিকেড দেখা গৈছে। এয়া চলি থকা কৃষক প্ৰতিবাদৰ নহয়।
যোৱা ১৩ ফেব্ৰুৱাৰীত, উত্তৰ ভাৰতৰ ৰাজ্য পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকসকলে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যোৱা প্ৰৱেশ দ্বাৰত প্ৰচণ্ড বেৰিকেডিঙৰ সম্মুখীন হৈ নতুন দিল্লী অভিমুখে যাত্ৰা কৰে। সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাৰ অধীনত একত্ৰিত কৃষকসকলৰ মাজত যোৱা কেইবা সপ্তাহ ধৰি অসন্তুষ্টি বাঢ়ি আহিছিল, আৰু চৰকাৰৰ সৈতে হোৱা আলোচনাৰও শেহতীয়াভাৱে পতন ঘটিছে ।
দাবী কি?
এই পটভূমিত ছ’চিয়েল মিডিয়াত বহু পুৰণি আৰু অসংলগ্ন দৃশ্য চলি থকা কৃষকৰ আন্দোলনৰ সৈতে জড়িত কৰা হৈছে আৰু ব্যাপকভাৱে প্ৰচাৰিত হৈছে । এজন এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে কেইবাটাও স্তৰৰ বেৰিকেডিং আৰু নিৰাপত্তা বাহিনীৰ উল্লেখযোগ্য উপস্থিতিৰ সৈতে এটা ঘাইপথৰ এখন ছবি শ্বেয়াৰ কৰিছিল। তেওঁ ইংগিত দিছিল যে এই ছবিখন চলি থকা কৃষক প্ৰতিবাদৰ পূৰ্বে লোৱা হৈছে, আৰু কৃষকসকলে দিল্লীত প্ৰৱেশ কৰাত বাধা দিবলৈ এই বেৰিকেড স্থাপন কৰা হৈছে। আন কেইবাজনো ব্যৱহাৰকাৰীয়ে ভাইৰেল হেচটেগ "#FarmersProtest2024" আৰু "#FarmersProtest"ৰ সৈতে ছবিখন শ্বেয়াৰ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।
অনলাইনত যোগে কৰা দাবীৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
বিভিন্ন সংবাদ মাধ্যমে 'আন্দোলনকাৰী কৃষকক দিল্লী গৈ পোৱাত বাধা দিয়াৰ লক্ষ্যৰে সিংহু, গাজীপুৰ, টিকৰি সীমান্তত আৰক্ষীয়ে লোহাৰ গজাল, কাঁইটীয়া তাঁৰ, পকী ৱাল আদি স্থাপন কৰা' বুলি বাতৰি প্ৰকাশ কৰিছে যদিও ভাইৰেল ছবিখন শেহতীয়া নহয়। ইয়াত ২০২১ চনত দিল্লীৰ সীমান্তত লগোৱা বেৰিকেড দেখা গৈছে যেতিয়া কৃষকসকলে নতুনকৈ গৃহীত হোৱা তিনি কৃষি আইন (এতিয়া বাতিল কৰা হৈছে)ৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল।
আমি কি পাইছিলোঁ?
গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ভাইৰেল ফটোখনৰ উৎস ২০২১ চনলৈকে বিচাৰি পালোঁ।
গেট্টি ইমেজছে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত একেখন ছবিৰ উন্নত মানৰ এক কপি শ্বেয়াৰ কৰিছিল। "কৃষকৰ প্ৰতিবাদৰ সমীপত গাজীপুৰ সীমান্তত বহুস্তৰীয় বেৰিকেড" শীৰ্ষক ছবিখন শ্বেয়াৰ কৰি উল্লেখ কৰা হৈছে যে ২০২১ চনৰ ৩ ফেব্ৰুৱাৰীত ভাৰতৰ নতুন দিল্লীত কৃষকৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে গাজীপুৰ সীমান্তত এই বেৰিকেড স্থাপন কৰা হৈছিল। এই ছবিখনৰ কৃতিত্ব গেটী ইমেজৰ অৱদানকাৰী হিন্দুস্তান টাইমছৰ ছাকিব আলীক দিয়া হৈছিল।
একেখন ছবিয়েই ২০২১ চনৰ ৪ ফেব্ৰুৱাৰীত ইণ্ডিয়া টুডেও প্ৰকাশ কৰিছিল, আৰু ইয়াৰ কৃতিত্ব সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া (পিটিআই)ক দিয়া হৈছিল। বহু সংবাদ মাধ্যমে এই বিষয়ে বাতৰি প্ৰকাশ কৰিছিল আৰু বিভিন্ন কোণৰ পৰা বন্দী কৰা এই বেৰিকেডসমূহৰ ছবি প্ৰকাশ কৰিছিল।
২০২১ চনৰ ইণ্ডিয়া টুডেৰ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট য'ত ভাইৰেল ফটোখন প্ৰকাশ পাইছিল । (উৎস: ইণ্ডিয়া টুডে)
২০২০ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত চৰকাৰে তিনিখন কৃষি আইন গৃহীত কৰিছিল, যিবোৰক কৃষক সংঘই কৃষক বিৰোধী বুলি সমালোচনা কৰিছিল আৰু কৃষি খণ্ডৰ ব্যক্তিগতকৰণৰ দিশে এক খোজ হিচাপে গণ্য কৰিছিল। কৃষকসকলে এই উদ্বেগসমূহ উত্থাপন কৰি দেশজুৰি, বিশেষকৈ দিল্লী সীমান্তত, ২০২০ চনৰ শেষৰ ফালৰ পৰা ২০২১ চনৰ নৱেম্বৰলৈকে প্ৰায় এবছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ অমীমাংসিত অভিযোগৰ উদ্ধৃতি দি তিনিওখন আইন বাতিলৰ কথা ঘোষণা কৰাৰ লগে লগে প্ৰতিবাদ বাতিল কৰা হয়।
বিভিন্ন কৃষক সংঘৰ উদ্যোগত "কৃষক প্ৰতিবাদ ২.০" নামেৰে অভিহিত কৰা এই প্ৰতিবাদ ২০২১ চনত চৰকাৰে আশ্বাস দিয়া অনুসৰি নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ৰ নিশ্চয়তা প্ৰদান কৰা আইন ৰূপায়ণৰ দাবী, বিদ্যুৎ ব’ৰ্ড ব্যক্তিগতকৰণৰ পৰিকল্পনা, আৰু অন্যান্য বিষয়ৰ লগতে কৃষক আৰু শ্ৰমিকৰ বাবে পেঞ্চন আদি বিষয় অন্তৰ্ভুক্ত আছে । কিন্তু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে কমেও দুটা ৰাউণ্ডৰ আলোচনা বিফল হৈছে, আৰু কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।
সিদ্ধান্ত
২০২১ চনৰ কৃষক প্ৰতিবাদৰ সময়ত দিল্লীলৈ যোৱা এটা পথত স্থাপন কৰা বেৰিকেডৰ এখন পুৰণি ফটোক শেহতীয়াকৈ চলি থকা কৃষকৰ প্ৰতিবাদৰ বাবে আৰক্ষীৰ অৱৰোধৰ ফটো হিচাপে মিছাকৈ চিত্ৰিত কৰা হৈছে। সেয়েহে আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।
(অনুবাদ: অনুৰাগ বৰুৱা)