মূল ৰামপুৰৰ ৰেলপথত খুঁটা বগৰোৱা কাণ্ডক ভুৱা সাম্প্ৰদায়িক ৰহণ দিয়া হৈছে

ৰামপুৰৰ ৰেলপথত খুঁটা বগৰোৱা কাণ্ডক ভুৱা সাম্প্ৰদায়িক ৰহণ দিয়া হৈছে

লেখক: মহম্মদ ছলমান

ছেপ্তেম্বৰ 25 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰামপুৰৰ ৰেলপথত খুঁটা বগৰোৱা কাণ্ডক ভুৱা সাম্প্ৰদায়িক ৰহণ দিয়া হৈছে ভাইৰেল ছবিখনত দাবী কৰা হৈছে যে বাগৰি থকা খুঁটাটো কিছু মুছলমান সম্প্ৰদায়ৰ লোকে ইচ্ছাকৃতভাৱে ৰে’লখনত দুৰ্ঘটনা সংঘটিত কৰিবলৈ স্থাপন কৰিছিল। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

'জিআৰপি'য়ে লজিকেলী ফেক্টছক জনাইছে যে এই গোচৰৰ অভিযুক্ত মুছলমান নহয় বৰঞ্চ সন্দীপ চৌহান আৰু বিজেন্দ্ৰ নামৰ দুজন হিন্দু লোক হয়।

দাবী কি?

ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰিছে য’ত ৰে’লপথত লোহাৰ খুঁটা এটা বগৰাই থোৱা অৱস্থাত দেখা গৈছে। এই ফটোখন "ৰেল জেহাদ"ৰ দৰে হেচটেগেৰে শ্বেয়াৰ কৰা হৈছে আৰু মুছলমান সম্প্ৰদায়ৰ লোকে ইচ্ছাকৃতভাৱে ৰে'লখনত দুৰ্ঘটনা সংঘটিত কৰিবলৈ এই খুঁটাটো পেলাই থোৱা বুলি দাবী কৰা হৈছে। ভাইৰেল পোষ্টটোত এই ঘটনা উত্তৰ প্ৰদেশৰ ৰামপুৰত সংঘটিত হৈছে বুলি দাবী কৰা হৈছে।

ভুল তথ্য বিয়পোৱাৰ বাবে পৰিচিত ‘sonofbharat7’ নামৰ এজন এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে ছবিখন পোষ্ট কৰি কেপচন দিছে, "হাজাৰ হাজাৰ হিন্দুৰ জীৱন ৰক্ষা হ'ল...সন্ত্রাসবাদীয়ে ৰেলখন বগৰোৱাৰ লক্ষ্যৰে ৰামপুৰৰ মুছলিম কলনীৰ পিছফালে পাৰ হৈ যোৱা ৰেলপথত লোহাৰ খুঁটা এটা ৰাখিলে, কিন্তু ডেৰাডুন এক্সপ্ৰেছৰ পাইলটে সময়মতে জৰুৰীকালীন ব্ৰেক লগাই বচালে.... হাজাৰ হাজাৰ হিন্দুৰ জীৱন ৰক্ষা কৰিলে।"

এই পোষ্টটোৱে ১ লাখ ৬৭ হাজাৰ ভিউ, ২৯০০ ৰিপোষ্ট আৰু ৫ হাজাৰৰো অধিক লাইক লাভ কৰিছে। পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। এনে ধৰণৰ পোষ্ট ফেচবুকত অসমীয়াটো দেখা গৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। কিছুমান পোষ্টত এই ঘটনাৰ বাবে পোনপটীয়াকৈ মুছলমান সমাজক দোষাৰোপ কৰা হৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।


কিছু ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)


অৱশ্যে ভাইৰেল দাবী মিছা আৰু কোনো ষড়যন্ত্ৰৰ অংশ হিচাপে লোহাৰ খুঁটাটো স্থাপন কৰা হোৱা নাছিল আৰু অভিযুক্ত সকলো মুছলমান নহয়। এই গোচৰত ৰামপুৰ জি আৰ পিয়ে সন্দীপ চৌহান আৰু বিজেন্দ্ৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে, যিসকল হিন্দু, মদ্যপান কৰি খুঁটাটো চুৰি কৰি আছিল, কিন্তু ৰেল আহি থকা দেখি তেওঁলোকে তাতেই এৰি পলাই যায়।

আমি কেনেকৈ সত্যটো জানিব পাৰিলোঁ?

এই বিষয়ত আনুষংগিক কীৱৰ্ড বিচাৰি আমি ২০২৪ চনৰ ২২ ছেপ্টেম্বৰত প্ৰকাশিত এবিপি নিউজৰ এটা প্ৰতিবেদন পালোঁ, য’ত কোৱা হৈছে যে উত্তৰ প্ৰদেশৰ ৰামপুৰৰ জি আৰ পিয়ে সন্দীপ চৌহান আৰু বিজেন্দ্ৰ ওৰফে টিংকুক ৰে’লৱে ট্ৰেকত লোহাৰ খুঁটা স্থাপন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে । দুয়োজন অভিযুক্তই ট্ৰেকৰ ওচৰৰ পৰা লোহাৰ খুঁটাটো চুৰি কৰি আনিছিল আৰু ৰেল আহি থকা দেখি খুঁটাটো ট্ৰেকত এৰি পলাই গৈছিল।

প্ৰতিবেদনৰ মতে ১৮ ছেপ্টেম্বৰৰ নিশা ডেৰাডুনৰ পৰা কাঠগোডামলৈ যোৱা নাইনী জন শতাব্দী এক্সপ্ৰেছ ৰে’লৰ ল'ক' পাইলটে ৰামপুৰৰ বিলাসপুৰ থানা এলেকাত ট্ৰেকত পৰি থকা লোহাৰ খুঁটা এটা দেখিছিল, তাৰ পিছত ৰে’লখন জৰুৰীকালীন ব্ৰেক লগাই দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিছিল। ল'ক' পাইলটে দিয়া তথ্যৰ ভিত্তিত ৰামপুৰ জি আৰ পিয়ে এই গোচৰত অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে। প্ৰতিবেদনত আৰু কোৱা হৈছে যে সন্দীপ চৌহানৰ বিৰুদ্ধে আগৰ প্ৰায় ১৬টা অপৰাধমূলক গোচৰ ৰুজু আছে আৰু বিজেন্দ্ৰ ওৰফে টিংকুৰ বিৰুদ্ধে ইতিমধ্যে ২টা অপৰাধমূলক গোচৰ ৰুজু আছে। দুয়োজনেই ৰামপুৰ জিলাৰ বিলাসপুৰ থানা এলেকাৰ বাসিন্দা, বুলি লগতে উল্লেখ কৰা হৈছে । 

অমৰ উজালাৰ প্ৰতিবেদনত কোৱা হৈছে যে যেতিয়া জি আৰ পিয়ে তদন্ত আৰম্ভ কৰিছিল আৰু চিচিটিভিৰ ফুটেজ স্কেন কৰিছিল তেতিয়া দুজন লোকে খুঁটাটো লৈ গৈ থকা দেখা গৈছিল। ইয়াৰ পিছত বহু ঠাইত অভিযান চলাই অৱশেষত ২২ ছেপ্টেম্বৰত দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

আমি দেখিলোঁ যে কোনো বাতৰি প্ৰতিবেদনত এই ঘটনাত মুছলমান সম্প্ৰদায়ৰ কোনো ব্যক্তি জড়িত থকাৰ কথা উল্লেখ কৰা হোৱা নাই।

ইয়াৰ পিছতে আমি ৰামপুৰ জি আৰ পি থানাৰ এছ এইচ অ’ মুকেশ কুমাৰৰ সৈতে যোগাযোগ কৰিলোঁ, যিয়ে এই কাণ্ডৰ বাবে মুছলমান দায়ী বুলি প্ৰচাৰ হোৱা দাবী খাৰিজ কৰি কয়, "অভিযুক্ত সন্দীপ আৰু বিজেন্দ্ৰ দুয়োজনেই হিন্দু। তেওঁলোক ড্ৰাগছ আসক্ত আৰু অভ্যাসগত চোৰ। তেওঁলোকে মদ্যপান কৰি খুঁটাটো চুৰি কৰি আনিছিল । ট্ৰেকত শিলৰ বাবে হামখুৰি খাই পৰাত দুয়োজনে খুঁটাটো তাতেই এৰি পলাই গ'ল।" তেওঁ লগতে কয়, "ৰে'ল আইনৰ ১৫০ নং ধাৰাত দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে, য'ত ১০ বছৰ বা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আছে। ইয়াৰ উপৰিও তেওঁলোকৰ বিৰুদ্ধে চুৰিৰ গোচৰো ৰুজু কৰা হৈছে আৰু জেললৈ পঠিওৱা হৈছে।" ৰামপুৰ জি আৰ পি থানাৰ এছ এইচ অ’ মুকেশ কুমাৰেও কয় যে সন্দীপ আৰু বিজেন্দ্ৰ “অপৰাধমূলক প্ৰকৃতিৰ”, আৰু ইয়াৰ পূৰ্বেও তেওঁলোকৰ বিৰুদ্ধে বহু গোচৰ ৰুজু কৰা হৈছে। 

২০২৪ চনৰ ২২ ছেপ্টেম্বৰত এছ পি জি আৰ পি মোৰাদাবাদৰ এক্স হেণ্ডেলৰ এটা পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) এই কাণ্ডৰ সবিশেষ তথ্য দিয়া হৈছিল, য’ত সন্দীপ আৰু বিজেন্দ্ৰ নামৰ অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰাৰ ছবিও দিয়া হৈছিল।


এছপি জিআৰপি মোৰাদাবাদৰ এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: x/স্ক্ৰীণশ্বট)

সিদ্ধান্ত

আমাৰ এই পৰ্যন্ত তদন্তত স্পষ্ট হৈ পৰিছে যে ৰামপুৰৰ ৰেলপথত লোহাৰ খুঁটা পেলাই থোৱাৰ ঘটনাত অভিযুক্ত দুয়োজনেই হিন্দু সম্প্ৰদায়ৰ হয় আৰু তেওঁলোকে খুঁটাটো চুৰি কৰি কঢ়িয়াই লৈ ফুৰিছিল, কিন্তু যেতিয়া তেওঁলোকে এখন ৰেল আহি থকা দেখিছিল, তেতিয়া তেওঁলোকে উক্ত খুঁটাটো তাতে এৰি পলাই গৈছিল।

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।