লেখক: চন্দন বৰগোহাঁই
নৱেম্বৰ 14 2024
ফটোখনত দিয়া আল-আদিনী নামৰ এজন পেলেষ্টাইনী কিশোৰক দেখা গৈছে যি ২০২৪ চনৰ আগষ্টত গাজা ষ্ট্ৰিপত ইজৰাইলী আক্ৰমণত দুয়োখন হাত হেৰুৱাইছিল।
(সতৰ্কবাণী: লেখাটোত হতাশাজনক দৃশ্য আৰু বিৱৰণি আছে।)
কি দাবী কৰা হৈছে?
গাজাত ইজৰাইলে চলাই থকা আক্ৰমণৰ মাজতে ছ’চিয়েল মিডিয়াত একাধিক লোকে দুয়োখন হাত বিচ্ছিন্ন এজন আঘাতপ্ৰাপ্ত কিশোৰৰ ফটো শ্বেয়াৰ কৰি আছে, আৰু তেওঁক মহম্মদ মাহৰুফ নামৰ “হামাছৰ উগ্ৰপন্থী” বুলি দাবী কৰিছে।
এক্স (পূৰ্বৰ টুইটাৰ)ত ফটোখন শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ছবিখনত ইজৰাইলী শিশুক হত্যা কৰা মাহৰুফক ইজৰাইলৰ সেনাই ধৰি তেওঁৰ দুয়োখন হাত কাটি পেলায় আৰু তেওঁক জীৱন্তে এৰি দিয়ে। উক্ত পোষ্টটোৰ লগতে এনে অনুৰূপ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।
এই ছবিখন ফেচবুকতো একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে, আৰু এনে অসমীয়া পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।
ভাইৰেল ফটোখন শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
অৱশ্যে আমি ফটোখনত থকা কিশোৰজন হামাছৰ সৈতে জড়িত নহয় বুলি জানিব পাৰিলোঁ। তেওঁ এগৰাকী পেলেষ্টাইনী কিশোৰ যাৰ দুয়োখন হাত ইজৰাইলৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত কাটি পেলাব লগীয়া হৈছিল।
আমি কি বিচাৰি পালোঁ?
আমি ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে ষ্টক ফটোগ্ৰাফী ৱেবছাইট আলামিত ভাইৰেল ফটোখন বিচাৰি পাওঁ। আলামিত উপলব্ধ সবিশেষ অনুসৰি ২০২৪ চনৰ ৩১ আগষ্টত ওমৰ আষ্টাৱীয়ে এপিএ ইমেজেছৰ বাবে ফটোখন কেমেৰাত বন্দী কৰিছিল, আৰু ইয়াত ডায়া আল-আদিনী নামৰ এজন পেলেষ্টাইনী কিশোৰক দেখা গৈছে যি ইজৰাইলৰ সেনাই গাজা ষ্ট্ৰিপৰ ডেইৰ আল বালাহত চলোৱা আক্ৰমণত দুয়োখন হাত হেৰুৱাব লগা হৈছিল। আমি আলামিত ডায়া আল-আদিনীৰ আৰু কেইবাখনো এনেধৰণৰ ফটো লাভ কৰোঁ।
আলামিৰ ৱেবছাইটত ভাইৰেল ফটোখনৰ ক্ৰেডিট ওমৰ আষ্টাৱীক দিয়া হৈছে, দিনাংক: ৩১ আগষ্ট, ২০২৪ ।(উৎস: আলামি/স্ক্ৰীণশ্বট)
ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, মধ্য গাজা ষ্ট্ৰিপৰ ডেইৰ আল-বালাহত ইজৰাইলৰ আক্ৰমণত আহত হোৱাৰ পিছত যুদ্ধবিধ্বস্ত গাজাত এখন চিকিৎসালয়ত ১৫ বছৰীয়া আদিনীক ভৰ্তি কৰোৱা হৈছিল। প্ৰতিবেদনটোত আদিনীৰ একেধৰণৰ তিনিখন ফটো সন্নিবিষ্ট কৰা হৈছে আৰু ইয়াৰ কেপচনত উল্লেখ কৰা হৈছে যে ১৩ আগষ্টত ইজৰাইলী আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁৰ দুয়োখন হাত কাটি পেলোৱা হৈছিল। বাতৰিটোৰ মতে তেওঁ এটা অস্থায়ী কফি হাউচত থকাৰ সময়তে উক্ত আক্ৰমণে তেওঁক আঘাত কৰে।
ইয়াৰ উপৰি আমি পেলেষ্টাইনৰ সংবাদ সংস্থা ৱাফাৰ এটা ভিডিঅ’ প্ৰতিবেদন লাভ কৰো (ইয়াত আৰ্কাইভ কৰা হৈছে) য’ত ভাইৰেল ছবিখনত দেখা একেটা অট্টালিকাৰ সন্মুখেৰে আহত আদিনীয়ে পাৰ হৈ যোৱাৰ লগতে সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা দেখা গৈছে। ভিডিঅ’টোৰ বৰ্ণনা আলামি আৰু ৰয়টাৰৰ প্ৰতিবেদনৰ সৈতে মিলে।
সিদ্ধান্ত
ভাইৰেল ফটোখনত দেখা ল’ৰাজন "হামাছৰ উগ্ৰপন্থী" নহয়। বৰঞ্চ মধ্য গাজা ষ্ট্ৰিপৰ ডেইৰ আল-বালাহত ইজৰাইলী আক্ৰমণত নিজৰ দুয়োখন হাত হেৰোৱা ডায়া আল-আদিনী নামৰ এজন পেলেষ্টাইনী কিশোৰে হয়।