মূল ভাৰতৰ পথৰ দুৰৱস্থাৰ দৃশ্য দেখুওৱাবলৈ ব্ৰাজিলৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰা হৈছে

ভাৰতৰ পথৰ দুৰৱস্থাৰ দৃশ্য দেখুওৱাবলৈ ব্ৰাজিলৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰা হৈছে

লেখক: উম্মে কুলচুম

জুলাই 5 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভাৰতৰ পথৰ দুৰৱস্থাৰ দৃশ্য দেখুওৱাবলৈ ব্ৰাজিলৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰা হৈছে ভাৰতৰ পথৰ দুৰৱস্থাৰ দৃশ্য দেখুওৱাবলৈ ব্ৰাজিলৰ ভিডিঅ' শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ভাইৰেল ভিডিঅ’টো ২০২২ চনৰ হয় আৰু উক্ত ঘটনাটো ব্ৰাজিলৰ চিয়েৰাত সংঘটিত হৈছিল। উত্তৰ প্ৰদেশ বা গুজৰাটৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত যথেষ্ট শ্বেয়াৰ হৈ থকা এটা ভিডিঅ’ত ৰঙা টি-চাৰ্ট পৰিহিত এগৰাকী মহিলাই পথত খোজ কাঢ়ি গৈ থকাৰ অৱস্থাত ফুটপাথ ভাঙি হঠাতে তলত সোমাই পৰা দেখা গৈছে। একাধিক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো উত্তৰ প্ৰদেশৰ অযোধ্যাৰ বুলি দাবী কৰাৰ বিপৰীতে আন একাংশই এয়া গুজৰাটত সংঘটিত এক ঘটনা বুলি দাবী কৰে। 

এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি হিন্দীত কেপচনত লিখিছে, ‘‘গুজৰাটৰ এটা কোম্পানীয়ে মাত্ৰ ৮৪৪ কোটি টকাত অযোধ্যাৰ ৰামপাথৰ ১৩ কিলোমিটাৰ নিৰ্মাণ কৰিছিল। প্ৰতি কিলোমিটাৰত ৬৬ কোটি টকা ব্যয়। গুজৰাটৰ কোম্পানীটোৱে কৰদাতাৰ ধনৰ অপচয় কৰিছে।" এই প্ৰতিবেদন লিখাৰ সময়লৈকে পোষ্টটোৱে ১৫৬ হাজাৰৰো অধিক ভিউ লাভ কৰিছে। একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব। তদুপৰি একে দাবীৰে ভিডিঅ’টো অসমীয়া কেপচনৰ সৈতে ফেচবুকতো শ্বেয়াৰ কৰা কৰা হৈছে। 

আনহাতে একাংশ এক্স ব্যৱহাৰকাৰীয়ে একেটা ক্লিপকে গুজৰাটৰ বুলি দাবী কৰি হিন্দী কেপচনৰ সৈতে শ্বেয়াৰ কৰিছে: "এইটো গুজৰাটৰ ভিডিঅ'। ৰাস্তাত গাড়ী চলোৱাৰ আগতে গুজৰাট মডেলটো মনত পেলাব।" এই পোষ্টবোৰৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব। 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে ভাইৰেল ক্লিপটো অযোধ্যা বা গুজৰাটৰ নহয়।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ'টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ব্ৰাজিলৰ নিউজ নেটৱৰ্ক জৰ্নাল দা ৰেকৰ্ড (ইয়াত আৰ্কাইভ কৰা হৈছে)-এ ২০২২ চনৰ ৪ জুনত ইউটিউবত প্ৰকাশ কৰা এটা ভিডিঅ’ প্ৰতিবেদন লাভ কৰোঁ। ভিডিঅ'টোৰ শিৰোনামৰ ইংৰাজী অনুবাদ হৈছে, "চিয়েৰাত ফুটপাথ ভাঙি এগৰাকী মহিলা গাঁতত সোমাই পৰা মুহূৰ্ত কেমেৰাত বন্দী।’’ ভাইৰেল ক্লিপটোৰ ভিজুৱেল ইউটিউব ভিডিঅ’টোত ০:০৬ ছেকেণ্ডত দেখা পোৱা যায়।

ভিডিঅ’টোৰ বৰ্ণনাৰ পৰা বুজা যায় যে এই ঘটনা ব্ৰাজিলৰ ফ’ৰটালেজা মহানগৰৰ কাস্কাভেলত সংঘটিত হৈছিল। পথটোৰ সেই ঠাইখিনি প্লাষ্টিকৰ ট্ৰেফিক কোনেৰে বেৰা দিয়া আছিল যদিও মহিলাগৰাকীয়ে তাৰ প্ৰতি মন কৰা নাছিল। চিটি হলৰ মতে, প্ৰচণ্ড বৰষুণৰ ফলত পথতো খহি যায় আৰু সেই সময়ত নিৰ্মাণৰ কাম চলি আছিল।

মন কৰিবলগীয়া যে ভাইৰেল ক্লিপটোত মূল ভিডিঅ’টো পথালিকৈ ফ্লিপ কৰা হৈছে।

ব্ৰাজিলৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে ২০২২ চনৰ জুনত এই ঘটনাৰ বিষয়ে বাতৰি সম্প্ৰচাৰ কৰিছিল। অতিৰিক্ত প্ৰতিবেদন ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব। ৰিভিষ্টা ফোৰাম নামৰ এটা স্থানীয় সংবাদ প্ৰতিষ্ঠানে এই কাণ্ডৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি মহিলাগৰাকীক ৪৮ বছৰীয়া মাৰিয়া ৰ’চিলিন আলমেইডা ডি ছৌজা বুলি চিনাক্ত কৰিছিল।

উল্লেখযোগ্য যে অযোধ্যাৰ ৰাম মন্দিৰলৈ যোৱা ৰামপথত শেহতীয়াকৈ পানী জমা হৈ ১০ টাতকৈও অধিক স্থানত গাঁতৰ সৃষ্টি হৈছে, অৱশ্যে বৰ্তমান প্ৰচাৰিত ভিডিঅ’টোৰ ইয়াৰ সৈতে কোনো সম্পৰ্ক নাই।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত দেখা ঘটনাটো ব্ৰাজিলৰ চিয়েৰাৰ কাস্কাভেল নামৰ এখন ঠাইত বন্দী কৰা হৈছিল। ইয়াত ভাৰতৰ কোনো ঘটনাৰ দৃশ্য বন্দী কৰা হোৱা নাই।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।