মূল মহাৰাষ্ট্ৰৰ ভাছাইত সংঘটিত মহিলাৰ হত্যাৰ ভিডিঅ' মিছা সাম্প্ৰদায়িক ৰহন সানি প্ৰচাৰ কৰা হৈছে

মহাৰাষ্ট্ৰৰ ভাছাইত সংঘটিত মহিলাৰ হত্যাৰ ভিডিঅ' মিছা সাম্প্ৰদায়িক ৰহন সানি প্ৰচাৰ কৰা হৈছে

লেখক: ভনীতা গণেশ

জুলাই 1 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মহাৰাষ্ট্ৰৰ ভাছাইত সংঘটিত মহিলাৰ হত্যাৰ ভিডিঅ' মিছা সাম্প্ৰদায়িক ৰহন সানি প্ৰচাৰ কৰা হৈছে চেলিম নামৰ এজন মুছলমান লোকে আৰতি যাদৱ নামৰ এগৰাকী হিন্দু মহিলাক হত্যা কৰা বুলি দাবী কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স /লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

লজিকেলী ফেক্টছে গোচৰটোৰ এফ আই আৰ লাভ কৰিছে, য’ত অভিযুক্তজন মুছলমান সম্প্ৰদায়ৰ নহয় বৰঞ্চ ৰোহিত যাদৱ নামৰ এজন হিন্দু লোক বুলি স্পষ্টকৈ উল্লেখ কৰা আছে।

কি দাবী কৰা হৈছে?

এজন লোকে এগৰাকী মহিলাৰ মৃতদেহৰ ওচৰত থিয় হৈ ৰৈ থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি মুছলমান সম্প্ৰদায়ৰ ব্যক্তি চেলিমে আৰতি নামৰ এগৰাকী মহিলাক তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছত হত্যা কৰে বুলি দাবী কৰা হৈছে।

১ মিনিট ২৪ ছেকেণ্ডৰ ফুটেজটোত বগা চাৰ্ট পিন্ধা এজন লোকে হাতত এটা ৰেঞ্চ ধৰি থকা দেখা গৈছে। তেওঁক একাধিক লোকৰ উপস্থিতিত এটা ৰাস্তাত এগৰাকী মহিলাৰ মৃতদেহৰ কাষত থিয় হৈ থকা দেখা যায়। এটা সময়ত মানুহজনে মহিলাগৰাকীৰ মূৰত ধৰি জোকাৰি জোকাৰি হিন্দীত কয়, "তই কিয় এনে কৰিলি?"

ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: ফেচবুক/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেচবুক আৰু এক্সত একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সাম্প্ৰদায়িক দৃষ্টিকোণেৰে ভিডিঅ’টো শ্বেয়াৰ কৰা দেখা গৈছে। এনে এটা পোষ্টৰ কেপচনত লিখা হৈছে- "চেলিমে সহপাঠী আৰতিক প্ৰেমৰ প্ৰস্তাৱ দিছিল, কিন্তু তাই নাকচ কৰিছিল। তাৰ পিছত চেলিমে তাইক সকলোৰে আগত দিন দুপৰত হত্যা কৰি তাইৰ মৃতদেহৰ কাষত আৰামত থিয় হৈ আছিল, তাক কিবা এটা কোৱাৰ কাৰো সাহস নহ’ল... কাপুৰুষ হিন্দুবোৰ পলাল (হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)।" এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব ৷

অৱশ্যে আমি অনুসন্ধান কৰি দেখিলোঁ যে ভিডিঅ’টো ভুৱা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোত দেখা লোকজন মুছলমান সম্প্ৰদায়ৰ নহয় বৰঞ্চ তেওঁক ৰোহিত যাদৱ বুলি চিনাক্ত কৰা হৈছে।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ১৯ জুনত প্ৰকাশিত হিন্দুস্তান টাইমছৰ এটা প্ৰতিবেদন লাভ কৰোঁ য’ত উল্লেখ কৰা মতে ২০২৪ চনৰ ১৮ জুনত ৰোহিত যাদৱ নামৰ এজন যুৱকে তেওঁৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে আৰতি যাদৱক হত্যা কৰিছিল। মহাৰাষ্ট্ৰৰ ভাছাই ইষ্টৰ চিঞ্চপাডা অঞ্চলত উক্ত ঘটনাটো সংঘটিত হৈছিল। প্ৰতিবেদন অনুসৰি, আৰতিয়ে তেওঁৰ কৰ্মস্থলীলৈ গৈ থকাৰ সময়ত ৰোহিতে তেওঁক আগভেটি ধৰে আৰু ৰাজহুৱা স্থানত গধুৰ ৰেঞ্চেৰে তেওঁক আক্ৰমণ কৰে।

ইণ্ডিয়া টুডে আৰু দৈনিক ভাস্কৰকে ধৰি অন্যান্য সংবাদ মাধ্যমে এই তথ্যৰ সমৰ্থন কৰে। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে আৰতিৰ মোবাইল ফোনটোৰ ক্ষতিসাধন কৰাৰ অভিযোগত ৮ জুনত যাদৱৰ বিৰুদ্ধে এক বিধৰ্তব্য অভিযোগ দাখিল কৰা হৈছিল।

লজিকেলী ফেক্টছে মহাৰাষ্ট্ৰৰ ভাছাই-বিৰাৰৰ ৱালিভ থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক জয়ৰাম ৰণভাৰেৰ সৈতে যোগাযোগ কৰাত তেওঁ "অভিযুক্ত আৰু ভুক্তভোগী দুয়োজনেই হিন্দু ধৰ্মৰ লোক" বুলি নিশ্চিত কৰে।

এফ আই আৰত অভিযুক্তৰ নাম ৰোহিত যাদৱ বুলি উল্লেখ কৰা হৈছে। (উৎস: লজিকেলী ফেক্টছে লাভ কৰা এফ আই আৰ কপি)

লজিকেলী ফেক্টছে ভুক্তভোগীৰ পিতৃ ৰামডুলাৰ যাদৱৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পঞ্জীয়ন কৰা এফ আই আৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) খন লাভ কৰে। ইয়াত তলত দিয়া বিৱৰণসমূহ উল্লেখ কৰা হৈছে:

- ২০২৪ চনৰ ১৮ জুনত পুৱা প্ৰায় ৮:৩০ বজাত ভাছাই ইষ্টৰ চিঞ্চপাদাত এই কাণ্ড সংঘটিত হয়।
- অভিযুক্তৰ নাম ৰোহিত ৰামনিবাস যাদৱ।
- অভিযুক্ত আৰু ভুক্তভোগী দুয়োজনেই আছিল মহাৰাষ্ট্ৰৰ নালাসোপাৰাৰ বাসিন্দা।
- ৰোহিতৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত হত্যাৰ গোচৰ দাখিল হৈছে।

সিদ্ধান্ত

মহাৰাষ্ট্ৰৰ ভাছাইত চেলিম নামৰ এজন মুছলমান লোকে আৰতি যাদৱক হত্যা কৰা বুলি ভুৱা দাবীৰে ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এফ আই আৰকে ধৰি আৰক্ষীৰ নথিত অভিযুক্তক হিন্দু ধৰ্মৰ ৰোহিত যাদৱ বুলি স্পষ্টকৈ চিনাক্ত কৰা হৈছে।

(অনুবাদ : চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।