মূল মেকআপ শিল্পীৰ ভিডিঅ' আৰ জি কৰ চিকিৎসালয়ৰ হত্যাকাণ্ডৰ ভুক্তভোগীৰ 'অন্তিম মুহূৰ্ত' হিচাপে শ্বেয়াৰ কৰা হৈছে

মেকআপ শিল্পীৰ ভিডিঅ' আৰ জি কৰ চিকিৎসালয়ৰ হত্যাকাণ্ডৰ ভুক্তভোগীৰ 'অন্তিম মুহূৰ্ত' হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা

আগষ্ট 21 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মেকআপ শিল্পীৰ ভিডিঅ' আৰ জি কৰ চিকিৎসালয়ৰ হত্যাকাণ্ডৰ ভুক্তভোগীৰ 'অন্তিম মুহূৰ্ত' হিচাপে শ্বেয়াৰ কৰা হৈছে এগৰাকী মেকআপ শিল্পীক আৰ জি কৰ চিকিৎসালয়ৰ হত্যাকাণ্ডৰ ভুক্তভোগী বুলি মিছাকৈ উপস্থাপন কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

এইটো কলিকতাৰ আৰ জি কাৰ চিকিৎসালয়ত মৃত অৱস্থাত উদ্ধাৰ হোৱা প্ৰশিক্ষাৰ্থী চিকিৎসক গৰাকীৰ ভিডিঅ’ নহয়, বৰঞ্চ এগৰাকী মেকআপ শিল্পীৰহে ভিডিঅ’ হয়।

(সতৰ্কবাৰ্তা: এই লেখাটোত ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ কথা উল্লেখ কৰা হৈছে।)

কি দাবী কৰা হৈছে?

ডিঙি আৰু মুখত আঘাতৰ চিন থকা এগৰাকী মহিলাৰ এটা চুটি ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এইটো যোৱা ৯ আগষ্টত কলিকতাৰ আৰ জি কৰ চিকিৎসালয়ৰ চেমিনাৰ হলত ​​মৃত অৱস্থাত হোৱা মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসক গৰাকীৰ অন্তিম মুহূৰ্তৰ দৃশ্য বুলি বুলি দাবী কৰা হৈছে যাক ধৰ্ষণ আৰু হত্যা কৰা হৈছিল।

ফেচবুক, এক্স, ইউটিউবৰ একাধিক ব্যৱহাৰকাৰীয়ে একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰি ভুক্তভোগী চিকিৎসক গৰাকীৰ বাবে ন্যায়ৰ আহ্বান জনায়। কিছুমান পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। অসমীয়াতো ফেচবুকত একেধৰণৰ দাবীৰে উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে, ইয়াত আৰ্কাইভ কৰা হৈছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ইউটিউব/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমাৰ অনুসন্ধানত জানিব পৰা গৈছে যে ভিডিঅ’টোত আচলতে দাবী কৰা ধৰণে আৰ জি কৰ চিকিৎসালয়ৰ ভুক্তভোগী গৰাকীক দেখা যোৱা নাই, বৰঞ্চ এগৰাকী মেকআপ আৰ্টিষ্টকহে দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত আমি একাধিক ফেচবুক পোষ্ট লাভ কৰোঁ য’ত ক্লিপটো ‘জীনাট ৰহমান’ (ইয়াত আৰ্কাইভ কৰা হৈছে) নামৰ একাউণ্ট এটাৰ পৰা লোৱা বুলি কোৱা হৈছে।

ৰহমানৰ ফেচবুক একাউণ্টৰ বায়’ত তেওঁক এগৰাকী ‘ARTIST’ (শিল্পী) বুলি উল্লেখ কৰা হৈছে যদিও একাউণ্টটো পাব্লিকৰ বাবে লক কৰা আছে; তদুপৰি কৰা তাত লিংক কৰি থোৱা ইনষ্টাগ্ৰাম একাউণ্টটোও নিষ্ক্ৰিয়।

ফেচবুকত কীৱৰ্ড চাৰ্চ কৰাত আমি ৰহমানক মেকআপ আৰ্টিষ্ট হিচাপে চিনাক্ত কৰা ৰাজহুৱাভাৱে উপলব্ধ একাধিক পোষ্ট লাভ কৰোঁ। এটা পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা এগৰাকী মহিলাৰ ফটো সন্নিবিষ্ট কৰা হৈছিল, তেওঁৰ হাতত ‘জীনাট’ বুলি লিখা এখন ফলক আছিল। কেপচনটোৰ পৰা ৰহমানে মেকআপ লুকটো বনাইছে বুলি অনুমান কৰিব পাৰি।

মেকআপ শিল্পী গৰাকীৰ সৈতে জড়িত একাধিক ফেচবুক গ্ৰুপত অধিক সন্ধান কৰাত আমি প্ৰায় ২০ লাখ সদস্য থকা এটা 'মেকআপ আৰ্টিষ্ট' গ্ৰুপ (ইয়াত আৰ্কাইভ কৰা হৈছে) বিচাৰি পাওঁ। ৰহমান ২০২০ চনৰ ১১ মাৰ্চৰ পৰা এই গ্ৰুপটোৰ সদস্য হৈ আছে।

আমি ৰহমানৰ একাধিক ফটো (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ, য'ত তেওঁ বলীউডৰ আৰু আঘাতৰ চিন সদৃশ হেলোইন -থীমৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) মেকআপ কৰা দেখা যায়।

ইয়াৰ উপৰিও আমি দেখিলোঁ যে ৰহমানে ২০২০ চনৰ ১ অক্টোবৰত আন এখন ফটো (ইয়াত আৰ্কাইভ কৰা হৈছে) পোষ্ট কৰিছিল, য'ত তেওঁ যৌন হিংসাৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰ অংশ হিচাপে ঘাঁৰ চিনৰ অনুকৰণত বনোৱা এক মেকআপ দেখা যায়।

দৃশ্যগত তুলনা

ভাইৰেল ভিডিঅ’টোত থকা মহিলাগৰাকীক ফেচবুক গ্ৰুপৰ ৰহমানৰ ফটোসমূহৰ সৈতে দৃশ্যগত তুলনা কৰিলে আৰু তেওঁলোক একেগৰাকী ব্যক্তিয়ে অধিক স্পষ্ট হয়।

ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আৰু ফেচবুক গ্ৰুপত পোষ্ট কৰা ৰহমানৰ ফটোৰ তুলনা। (উৎস: স্ক্ৰীণশ্বট/এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

লজিকেলী ফেক্টছে কলিকতাস্থিত মহিলা সবলীকৰণ গোট Busiqueens-ৰ প্ৰতিষ্ঠাপক আটুফা খুছনুদৰ সৈতে যোগাযোগ কৰে। ৰহমানৰ বান্ধৱী খুছনুদে ফেচবুকত এটা পোষ্ট আপলোড কৰিছিল য’ত ৰহমানে নিজৰ নাম লিখা এখন ফলক হাতত লৈ আছে। তেওঁ ভাইৰেল ভিডিঅ’টোত দেখা মহিলাগৰাকী আৰ জি কৰ চিকিৎসালয়ৰ হত্যাকাণ্ডৰ ভুক্তভোগীগৰাকী নহয় বুলি নিশ্চিত কৰি কয় যে ভিডিঅ’টোৰ মহিলাগৰাকী মেকআপ শিল্পী ৰহমানহে হয়। 

“জীনাটে এই ভিডিঅ’টো [আৰ জি কৰ চিকিৎসালয়ৰ ভুক্তভোগী গৰাকীৰ] বাবে ন্যায়ৰ আহ্বানত তেওঁ সহ্য কৰা দুখ-কষ্টক প্ৰতিফলিত কৰাৰ উদ্দেশ্য বনাইছিল। তাইৰ কেৱল সমবেদনা জনোৱা আৰু সজাগতা সৃষ্টি কৰাৰহে উদ্দেশ্য আছিল। কাকো বিপথে পৰিচালিত কৰাৰ কোনোধৰণৰ উদ্দেশ্য নাৰাখি নিজৰ ব্যক্তিগত প্ৰফাইলত তাই ভিডিঅ’টো পোষ্ট কৰিছিল। দুৰ্ভাগ্যজনকভাৱে কিছুমান ছ’চিয়েল মিডিয়া পেজে ভিডিঅ’টো ডাউনলোড কৰি বিভ্ৰান্তিকৰ কেপচনৰ সৈতে শ্বেয়াৰ কৰিলে, যাৰ ফলত এনে বিভ্ৰান্তিৰ সৃষ্টি হ’ল।’-খুছনুদে কয়।

ভাইৰেল ভিডিঅ’টোৰ সন্দৰ্ভত মন্তব্যৰ বাবে লজিকেলী ফেক্টছে ৰহমানৰ সৈতেও যোগাযোগ কৰিছে, তেওঁৰ পৰা উত্তৰ পালে এই ফেক্ট-চেকটো আপডেট কৰা হ'ব।

তদুপৰি সংশ্লিষ্ট ভাইৰেল দাবীটোৰ সৈতে মিল থকা ভিডিঅ’ৰ কথা উল্লেখ কৰা কোনো বিশ্বাসযোগ্য প্ৰতিবেদন প্ৰকাশ পোৱা নাই।

আৰ জি কৰ চিকিৎসালয়ৰ হত্যাকাণ্ড

মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অনুসৰি ভুক্তভোগী মহিলা পশিক্ষাৰ্থী চিকিৎসক গৰাকীক অৰ্ধ আবৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল, আৰু "গাল, ওঁঠ, নাক, ডিঙি, বাহু আৰু আঁঠুত ঘাঁৰ, লগতে সংবেদনশীল এলেকাত আঘাত প্ৰাপ্ত হৈছিল।"

দেশজুৰি প্ৰতিবাদৰ মাজতে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ২২ আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। সেই সময়ত চিবিআই আৰু পশ্চিমবংগ চৰকাৰে নিজ নিজ প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে চিবিআইয়ে কলিকতা আৰক্ষীৰ পৰা এই গোচৰৰ দায়িত্ব গ্ৰহণ কৰি অভিযুক্ত সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্টৰ অনুমতি লাভ কৰা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ভুক্তভোগীগৰাকীৰ পিতৃ-মাতৃয়ে প্ৰতিবাদক দমন কৰাৰ প্ৰচেষ্টাক লৈ তেওঁলোকৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰে গোচৰটো চোৱাচিতা কৰি থকা কাৰ্যক সমালোচনা কৰিছে।

ইফালে একেৰাহে দহটা দিন ধৰি চিকিৎসকসকলে ধৰ্মঘট চলাই ৰখাত সমগ্ৰ দেশৰ স্বাস্থ্যসেৱাত প্ৰভাৱ পৰিছে।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত আচলতে এগৰাকী মেকআপ আৰ্টিষ্টকহে দেখা গৈছে আৰু দাবী কৰা ধৰণে আৰ জি কৰ চিকিৎসালয়ৰ হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকীৰ ‘অন্তিম মুহূৰ্ত’ দেখুওৱা নাই।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।