মূল আমুল-নন্দিনী বিতৰ্কৰ সময়ত দিল্লীৰ আমুল ডেইৰীলৈ যোৱা নাছিল ৰাহুল গান্ধী

আমুল-নন্দিনী বিতৰ্কৰ সময়ত দিল্লীৰ আমুল ডেইৰীলৈ যোৱা নাছিল ৰাহুল গান্ধী

লেখক: ৰাহুল অধিকাৰী

আগষ্ট 23 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আমুল-নন্দিনী বিতৰ্কৰ সময়ত দিল্লীৰ আমুল ডেইৰীলৈ যোৱা নাছিল ৰাহুল গান্ধী

ফেক্ট চেক

ৰায়দান মিছা

এই ভাইৰেল ছবিখন যোৱা ১৮ এপ্ৰিলত ৰাহুল গান্ধীয়ে দিল্লীৰ চান্দনী চ'ক অঞ্চলৰ এখন ‘চৰবত’ দোকানলৈ যোৱাৰ সময়ত তোলা হৈছিল।

পৃষ্ঠভূমি

কৰ্ণাটক আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হোৱাৰ সময়তে আমুল আৰু নন্দিনীৰ মাজত হোৱা বিবাদে ৰাজ্যখনত বিতৰ্কৰ সৃষ্টি কৰিছে। আমুলক বেংগালুৰুত সতেজ গাখীৰ আৰু দৈ বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ বাবে বিৰোধী নেতা আৰু কানাড়া সমৰ্থক সংগঠনে চৰকাৰক বিভিন্ন ধৰণে আক্ৰমণ কৰিছে। খবৰ অনুসৰি আমুলৰ প্ৰৱেশে জনপ্ৰিয় স্থানীয় ব্ৰেণ্ড নন্দিনীৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে। ২০২২ চনৰ ডিচেম্বৰৰ পৰা চলি থকা এই বিতৰ্কৰ অংশ হিচাবে বিৰোধী নেতাসকলে অভিযোগ উত্থাপন কৰিছে যে ভাৰতীয় জনতা পাৰ্টিয়ে কৰ্ণাটক মিল্ক ফেডাৰেচনৰ ব্ৰেণ্ডক আমুলৰ সৈতে একত্ৰিত কৰিব বিচাৰিছে, যিটো অভিযোগ শাসকীয় দলটোৱে নস্যাৎ কৰিছে। 

ইয়াৰ মাজতে ১৬ এপ্ৰিলত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নন্দিনীৰ প্ৰতি থকা সমৰ্থন শ্বেয়াৰ কৰি টুইটাৰত এখন ফটো পোষ্ট কৰি লিখিছিল, "কৰ্ণাটকৰ গৌৰৱ - NANDINI is the best!"। ইয়াৰ কিছু সময়ৰ পিছতে বিজেপি নেতা বিষ্ণু বৰ্ধন ৰেড্ডীকে ধৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দুখন ফটো পোষ্ট কৰি দাবী কৰে যে কৰ্ণাটকত নন্দিনীৰ প্ৰচাৰৰ পিছত গান্ধীয়ে দিল্লীৰ এখন আমুল দুগ্ধ বিপণীলৈ গৈছিল। এখন ফটোত গান্ধীয়ে নন্দিনী আউটলেটলৈ যোৱা দেখা গৈছে, আৰু আনখন ফটোত আমুলৰ বাকচ থকা দোকান এখনত তৰমুজ হাতত লৈ থকা দেখা গৈছে। দাবী কৰা হৈছিল যে পিছৰখন ফটো দিল্লীৰ এক আমুল ডেইৰীত বন্দী কৰা হৈছিল। পোষ্টটোৰ কেপচনত লিখা আছিল, "কৰ্ণাটকত @RahulGandhi এ আমুলৰ বিৰুদ্ধে কথা কয়, দিল্লীত আমুলৰ ডেইৰীলৈ যায়। মানুহে বুজিব লাগে যে কংগ্ৰেছে কাকো ভাল নাপায়, তেওঁলোকে মাত্ৰ এটা কাম কৰিব বিচাৰে - ভাৰতীয়ক নিজৰ মাজত যুঁজ লগাব পাৰে।"

অৱশ্যে এইটো এটা মিছা দাবী।

প্ৰকৃত তথ্য

ৰিভাৰ্ছ ইমেজ চাৰ্চত দেখা গ’ল যে দিল্লীৰ চান্দনী চ’কৰ এখন চৰবত দোকানত গান্ধীয়ে হাতত তৰমুজ লৈ থকা উক্ত ফটোখন তোলা হৈছিল। ১৮ এপ্ৰিলত কংগ্ৰেছ দলৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা এই ছবিখন শ্বেয়াৰ কৰা হৈছিল আৰু ইয়াৰ কেপচন আছিল, "মোহব্বত কি চৰবত," যাৰ অনুবাদ হৈছে প্ৰেমৰ চৰবত। ফটোখনত দোকানখনৰ সন্মুখত আমুল গাখীৰৰ কাৰ্টন ৰাখি থোৱা দেখা গৈছে।

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ১৮ এপ্ৰিলত গান্ধীয়ে চান্দনী চ’ক ভ্ৰমণ কৰিছিল, য’ত প্ৰাক্তন সংসদ সদস্যগৰাকীয়ে অঞ্চলটোৰ খাদ্য বিপনীবোৰৰ বিভিন্ন খাদ্য সম্ভাৰৰ জুতি লৈছিল। তেওঁ "মোহাব্বত কা চৰবত" ষ্টললৈ গৈ তেওঁলোকৰ জনপ্ৰিয় তৰমুজ ভিত্তিক পানীয় উপভোগ কৰিছিল। টাইমছ অৱ ইণ্ডিয়াত গান্ধীৰ এই "মোহব্বত কা চৰবত" ষ্টল গমনৰ বিষয়েও বাতৰি প্ৰকাশ পাইছে। ভাইৰেল ছবিখন পিছফালে আমুল গাখীৰৰ বাকচবোৰ ৰাখি থোৱা চৰবতৰ এই ষ্টলখনৰ সন্মুখত তোলা হৈছিল ।

সিদ্ধান্ত

দিল্লীৰ এখন দোকানত তোলা ৰাহুল গান্ধীৰ এখন ফটো শ্বেয়াৰ কৰি কৰ্ণাটকৰ নন্দিনীৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰাৰ পিছতো কংগ্ৰেছ নেতাজনে আমুলৰ দুগ্ধ বিপণী ভ্ৰমণ কৰা বুলি মিছাকৈ দাবী কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো ।

(অনুবাদ: অনুৰাগ বৰুৱা)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।