আদানি আৰু আম্বানীৰ বিৰুদ্ধে ৰাহুল গান্ধী 'হঠাতে নীৰৱ হৈ পৰা' বুলি প্ৰধানমন্ত্ৰী মোডীয়ে কৰা দাবীটো মিছা

লেখক: অংকিতা কুলকাৰ্ণী
মে’ 10 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আদানি আৰু আম্বানীৰ বিৰুদ্ধে ৰাহুল গান্ধী 'হঠাতে নীৰৱ হৈ পৰা' বুলি প্ৰধানমন্ত্ৰী মোডীয়ে কৰা দাবীটো মিছা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত))

ফেক্ট চেক

ৰায়দান মিছা

ৰাহুল গান্ধীয়ে বিগত ১৭ মাৰ্চৰ পৰা তেওঁৰ নিৰ্বাচনী ৰেলীসমূহত উদ্যোগপতি আদানি আৰু আম্বানীৰ কথা কমেও ২৫ বাৰ উল্লেখ কৰিছে।

ক্লেইম আইডি cc66c421

কি দাবী কৰা হৈছে?

২০২৪ চনৰ ভাৰতীয় লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উদ্যোগপতি গৌতম আদানি আৰু মুকেশ আম্বানীৰ কথা উল্লেখ কৰা "হঠাতে" বন্ধ কৰি দিলে বুলি যোৱা ৮ মে’ত তেলেংগানাৰ কৰিমনগৰত অনুষ্ঠিত এক নিৰ্বাচনী সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দাবী কৰে। তেওঁ এইবুলিও অভিযোগ কৰিছিল যে কংগ্ৰেছে উক্ত উদ্যোগপতি দুজনৰ পৰা ‘টেম্পো ভৰাই টকা’ লাভ কৰিছে। 

ভিডিঅ’টোত মোডীয়ে কোৱা শুনা যায়, “বন্ধুসকল, বিগত পাঁচ বছৰ ধৰি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে কংগ্ৰেছৰ ৰাজকুমাৰে (ৰাহুল গান্ধীক উদ্দেশ্যী) ৰাতিপুৱা শুই উঠিয়ে প্ৰাৰ্থনা গাবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু এই ৰাফেল গোচৰটো ‘গ্ৰাউণ্ডেড’ হোৱাৰ পিছৰে পৰা তেওঁ এটা নতুন প্ৰাৰ্থনা গোৱা আৰম্ভ কৰি দিলে। পাঁচ বছৰ ধৰি একেটা প্ৰাৰ্থনাই গাই আছে — উদ্যোগপতি, উদ্যোগপতি, উদ্যোগপতি — আৰু তাৰ পাছত লাহে লাহে আম্বানী-আদানি, আম্বানী-আদানি, আম্বানী-আদানী বুলি ক’বলৈ ধৰিলে। কিন্তু নিৰ্বাচন ঘোষণা হোৱাৰ পিছৰে পৰা তেওঁ আম্বানী-আদানীক গালি-গালাজ কৰা বন্ধ কৰি দিলে।"

(প্ৰধানমন্ত্ৰী মোডীৰ মন্তব্য এই ইউটিউব ভিডিঅ'টোত ৩৯:০০-৪১:২৪ মিনিটত শুনিব পাৰিব)

একাধিক ছ'চিয়েল মিডিয়া পোষ্টতো একেধৰণৰ দাবীৰে মোডীৰ ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছে, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব ৷ 

ছ'চিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে প্ৰধানমন্ত্ৰী মোডীৰ এই দাবীটো মিছা। লজিকেলী ফেক্টছে ১৭ মাৰ্চৰ পৰা ৮ মে’লৈ দিয়া ৰাহুল গান্ধীৰ নিৰ্বাচনী ভাষণসমূহ চাই দেখিলে যে কংগ্ৰেছ নেতাজনে কমেও ২৫খন ৰেলীত আদানি আৰু আম্বানীৰ কথা উল্লেখ কৰিছে।

আমি কি বিচাৰি পালোঁ?

লজিকেলী ফেক্টছে ২০২৪ চনৰ ১৭ মাৰ্চৰ পৰা ৮ মে’লৈ ৰাহুল গান্ধীৰ ভাষণৰ প্ৰতিলিপি আৰু ভিডিঅ’ পৰীক্ষা কৰিছিল। ২০২৪ চনৰ ১৬ মাৰ্চত নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা হৈছিল। তেওঁৰ ভাষণৰ ভিডিঅ’ আৰু প্ৰতিলিপি কংগ্ৰেছৰ অফিচিয়েল ৱেবছাইট আৰু তেওঁলোকৰ ইউটিউব চেনেলত উপলব্ধ। কেৱল মে’ মাহতে ৰাহুল গান্ধীয়ে নিৰ্বাচনী সভাত দিয়া ছটা ভাষণত উদ্যোগপতি দুজনৰ কথা উল্লেখ কৰিছিল। 

৬ মে’ত ঝাৰখণ্ডৰ সিংভূমত এখন সমাৱেশত গান্ধীয়ে আদানি আৰু আম্বানীৰ সন্দৰ্ভত কৈছিল, “নামটো আদানি। আপুনি জানেনে, তেওঁৰ আপোনাৰ পানী, বনাঞ্চল, মাটিৰ ওপৰত তেওঁৰ চকু আছে, নৰেন্দ্ৰ মোডীয়ে তেওঁৰ বাবে কাম কৰে। আদানি জী আৰু নৰেন্দ্ৰ মোডী জীয়ে এই কিতাপখন (সংবিধানৰ কথা উল্লেখ কৰি) শেষ হোৱাটো বিচাৰে, আৰু আমি কেতিয়াও এইখন কিতাপৰ অবিহনে তেওঁক শাসন চলাই থাকিবলৈ নিদিওঁ।” এই অংশটো ভিডিঅ'টোত ৩:০৯ৰ পৰা ৩:৪০ মিনিটলৈ চাব পাৰিব। ইয়াত এটা আৰ্কাইভ চাওক ৷

যোৱা ৭ মে’ত মধ্যপ্ৰদেশৰ খাৰগোণত এখন নিৰ্বাচনী সভাত ভাষণ দি গান্ধীয়ে কয় যে ভাৰতৰ সংবিধান বিলুপ্ত হ’লে দেশৰ লগতে বনাঞ্চলৰ সকলো অধিকাৰ আদানিৰ দৰে “কোটিপতি”ৰ হাতত গতাই দিয়া হ’ব। আদানি সন্দৰ্ভত তেওঁৰ মন্তব্য এই ভিডিঅ'টোত ১৪:৩৫-ৰ পৰা ১৫:৫৫ মিনিটলৈ শুনা যায় ৷ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। 

একেটা দিনত মধ্যপ্ৰদেশৰ ৰাটলামত এখন সভাত ভাষণ দি তেওঁ সংবাদ মাধ্যমত মুকেশ আম্বানীৰ পুত্ৰৰ বিয়াৰ চৰ্চাৰ কথা উল্লেখ কৰে। তেওঁৰ এই মন্তব্য কংগ্ৰেছৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা ভিডিঅ’টোত ৩:০০ৰ পৰা ৩:২০ টাইমষ্টাম্পত শুনা যায়। ইয়াত আৰ্কাইভ কৰা হৈছে৷ 

তদুপৰি মাৰ্চ আৰু এপ্ৰিল মাহত দিয়া আন একাধিক নিৰ্বাচনী ভাষণত ৰাহুল গান্ধীয়ে বিজেপিয়ে আদানি আৰু আম্বানীক সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে।

২০২৪ চনৰ ২৯ এপ্ৰিলত ছত্তীশগড়ৰ বিলাসপুৰত এখন জনসভাত গান্ধীয়ে কয়, “যিকোনো এজন বিজেপি নেতাক তেওঁলোকে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ব্যক্তিগতকৰণ নকৰে বুলি ক’বলৈ মই প্ৰত্যাহ্বান জনাইছো, আমি ঠিকা দিয়া এই ব্যৱস্থাটো বন্ধ কৰিম বুলি কওক, কওক যে আমি কৃষকসকলৰ ঋণ ৰেহাই কৰি দিম। এইসকল লোকে এইটো ক’ব নোৱাৰে। কাৰণ তেওঁলোকৰ মতাদৰ্শ আম্বেদকাৰজী, নেহৰুজী বা গান্ধীজীৰ নহয়৷ তেওঁলোকৰ মতাদৰ্শ হৈছে নিৰ্বাচিত লোকসকলক সহায় কৰা। তেওঁলোকৰ মতাদৰ্শ হৈছে ভাৰতৰ সকলো ধন-সম্পত্তি, মাটি, বনাঞ্চল আৰু পানী আদানি আৰু আম্বানীৰ দৰে মানুহক দিয়া।” এই ভিডিঅ'টোত ৬:৩৩ৰ পৰা ৭:২২ টাইমষ্টাম্পলৈ এই কথাখিনি শুনিব পাৰিব, আৰু আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত চাব পাৰিব৷

গুজৰাট (এই ভিডিঅ’টোত ০২:১৮ - ০৩:৪৪ টাইমষ্টাম্প), কৰ্ণাটক (০৪:০০ - ০৪:৪০), মহাৰাষ্ট্ৰ (২২:৪০-২৪:৩৭ ), উত্তৰ প্ৰদেশ (১:১৬- ৪:০২ ), বিহাৰ (২:০৩-৩:০৫ ), ওড়িশা (৫:১৭-৬:২০) আদি ৰাজ্যত, আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দমন এণ্ড ডিউত (৮:৫৭-৯:৫৬) বিভিন্ন সময়ত দিয়া ভাষণত আদানি আৰু আম্বানীৰ প্ৰসংগ উত্থাপন কৰা হৈছিল। ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে অভিযোগ আনি কৈছিল যে তেওঁলোকে "সমাজৰ দৰিদ্ৰ, আদিবাসী আৰু পিছপৰা শ্ৰেণীৰ লোকসকলক শোষণ কৰাৰ বিপৰীতে আদানি আৰু আম্বানীকে ধৰি ২০ ৰ পৰা ২৫ জন লোকক পথ, বায়ু শক্তি, বিদ্যুৎ, অস্ত্ৰ নিৰ্মাণ আৰু সকলোবোৰ চৰকাৰী চুক্তি গতাই দিছে। এই ভাষণসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব৷ 

উপৰোক্ত প্ৰমাণসমূহে নিশ্চিত কৰে যে ৰাহুল গান্ধীয়ে মোডীয়ে দাবী কৰাৰ ধৰণে উদ্যোগপতি দুজনৰ বিষয়ে ‘কথা কোৱা বন্ধ’ কৰা নাই।

সিদ্ধান্ত

নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত অনুষ্ঠিত হোৱা প্ৰায়বোৰ নিৰ্বাচনী সভাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আদানি আৰু আম্বানীৰ কথা কৈ আহিছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো। 

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।