মূল কন্যাকুমাৰীৰ পুৰণি ভিডিঅ' চেন্নাইৰ বানপানীৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে

কন্যাকুমাৰীৰ পুৰণি ভিডিঅ' চেন্নাইৰ বানপানীৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: ঈশিতা গোৱেল জে

ডিচেম্বৰ 13 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
কন্যাকুমাৰীৰ পুৰণি ভিডিঅ' চেন্নাইৰ বানপানীৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে চেন্নাইত ঘূৰ্ণীবতাহ মিগজাউমৰ পিছৰ পৰিস্থিতিৰ ভিডিঅ' বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। ( (উৎস: ফেচবুক/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

কন্যাকুমাৰীত স্থানীয় লোকে বৰষুণৰ পানীত খেলি থকাৰ ২০২১ চনৰ এটা ভিডিঅ' চেন্নাইত ঘূৰ্ণিবতাহ মিগজাউমৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰা হৈছে।

ডিচেম্বৰৰ প্ৰথম সপ্তাহত বংগোপসাগৰত উৎপত্তি হোৱা ঘূৰ্ণিবতাহ মিগজাউমে ভাৰতৰ দক্ষিণ-পূব উপকূলত প্ৰৱেশ কৰি বিভিন্ন চহৰত ভয়াৱহ ধ্বংসলীলা নমাই আনিছিল। ঘূৰ্ণিবতাহৰ ফলত অহা প্ৰচণ্ড বৰষুণে চেন্নাইত বানপানীৰ সৃষ্টি কৰিছিল। ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি চহৰখনৰ মাদুৰাভোয়াল, পৰুৰ, ছালিগ্ৰামম, ভালছাৰভাক্কামকে ধৰি একাধিক অঞ্চল জলমগ্ন হৈ পৰিছিল। ধাৰাসাৰ বৰষুণৰ ফলত গছ-গছনি উভালি পৰি পথ অৱৰোধ কৰাৰ লগতে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছিল।

কি দাবী কৰা হৈছে?

ঘূৰ্ণীবতাহৰ পিছত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূত চেন্নাইৰ পৰিস্থিতি দেখুওৱা বিভিন্ন পোষ্ট ভাইৰেল হৈ পৰে। এনে এটা বিশেষ ভাইৰেল ভিডিঅ’ত কেইজনমান লোকক ঘোলা বানপানীত সাঁতুৰি খেলি থকা দৃশ্য দেখা গৈছে। এক্স, ফেচবুক আদি প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰা (ইয়াত, ইয়াত, আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) ভিডিঅ'টোৰ কেপচনত লিখা আছিল, "ছ'চিয়েল মিডিয়াত সাধাৰণ মানুহ: চেন্নাইৰ বাবে প্ৰাৰ্থনা তেওঁলোক বিপদত পৰিছে 🙏 আনহাতে, চেন্নাইৰ মানুহ: (sic)"

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ইনষ্টাগ্ৰাম/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰকৃত তথ্য় কি?

ভালদৰে পৰীক্ষা কৰি আমি জানিব পাৰিলোঁ যে ভাইৰেল ভিডিঅ'টোত দুটা পৃথক ক্লিপ আছে। প্ৰথম অংশটোত (০:০০ ৰ পৰা ০:০৪) কেইজনমান যুৱকে এটা আৱাসৰ সন্মুখত সাঁতুৰি থকা দেখা গৈছে, আনহাতে দ্বিতীয়টোত (০:০৫ৰ পৰা আৰম্ভ হোৱা) এটা জলমগ্ন ৰাস্তাত কেইজনমান লোকক ওপঙি থকা দেখা গৈছে। ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে উক্ত দুয়োটা ক্লিপ ২০২১ চনৰ বুলি জানিব পৰা গ’ল।

প্ৰথমটো ক্লিপ

প্ৰথম ক্লিপটোত আমি এটা বিল্ডিঙত তামিলত লিখা এটা বাক্য মন কৰিলোঁ যিটোৰ অনুবাদ হৈছে "লৰ্ড অৱ টাইছ (বা গৃহস্থ) আপোনাৰ ঘৰটো ইমান ধুনীয়া!" ইয়াৰ দ্বাৰা আমি এই স্থানখিনি তামিলনাডুৰ কন্যাকুমাৰী জিলাৰ থুকালেৰ ছেইণ্ট মাইকেল গীৰ্জা পৰুথিয়াৰাইথ’টম বুলি চিনাক্ত কৰিলোঁ। গীৰ্জাটোৰ দুৱাৰ, ইটাৰ দৰে দেৱালৰ ডিজাইন, খ্ৰীষ্টৰ মূৰ্তি, ক’লা ষ্টেপ আৰু কাষৰ গছজোপা ভাইৰেল ক্লিপটোৰ সৈতে মিলে, যাৰ দ্বাৰা এইটো নিশ্চিত হয় যে ভিডিঅ’টো চেন্নাইৰ নহয়, বৰঞ্চ কন্যাকুমাৰীৰ হে হয়।

ভাইৰেল ক্লিপটো আৰু ছেইণ্ট মাইকেল গীৰ্জাৰ তুলনা। (উৎস: এক্স/ৱেবছাইট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ উপৰিও ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি একেটা ক্লিপৰ সৈতে ২৯ ছেকেণ্ডৰ এটা ভিডিঅ’ পাইছিলোঁ, যিটো ২০২১ চনৰ ১৪ নৱেম্বৰত এটা ফেচবুক পেজত পোষ্ট কৰা হৈছিল। উক্ত পোষ্টটোৰ কেপচনতো কন্যাকুমাৰীৰ কথা উল্লেখ কৰা হৈছিল। গতিকে এইটো ঘূৰ্ণিবতাহ মিগজাউমৰ আগৰ ভিডিঅ’।

দ্বিতীয়টো ক্লিপ

দ্বিতীয় ক্লিপটোৰ এটা দীঘলীয়া সংস্কৰণ ২০২১ চনৰ ১৩ নৱেম্বৰৰ এটা ফেচবুক পোষ্টত পোৱা গৈছিল, য’ত এইটো কন্যাকুমাৰীৰ অঞ্জুগ্ৰামামৰ বুলি উল্লেখ কৰা হৈছিল।

২০২১ চনৰ ১৫ নৱেম্বৰত কৌমুডী গ্ল’বেলে নামৰ কেৰালাৰ এটা সংবাদ মাধ্যমে দুয়োটা ক্লিপ ব্যৱহাৰ কৰি তেওঁলোকৰ ইউটিউব চেনেলত বৰষুণৰ পানীত স্থানীয় লোকে খেলি খকাৰ এক ভিডিঅ’ প্ৰতিবেদন প্ৰকাশ কৰিছিল। ভিডিঅ’টোৰ শিৰোনাম আছিল, “চাওক: বানপানীৰ মাজত স্থানীয় লোকে ফুটবল খেলিছে, গভীৰ পানীত পুছ-আপ কৰিছে | কন্যাকুমাৰী বৰষুণ।”

নিউজ ১৮ য়েও এইটো কন্যাকুমাৰীৰ ভিডিঅ’ হয় বুলি বাতৰি পৰিৱেশন কৰিছিল।

২০২১ চনৰ ১৩ নৱেম্বৰত টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ধাৰাসাৰ বৰষুণে কন্যাকুমাৰীত দৈনন্দিন জীৱন ব্যাহত কৰি তুলিছিল। ডেকান হেৰাল্ডৰ মতে জিলাখনৰ কেইবাটাও স্থান আংশিকভাৱে পানীত ডুব গৈছিল।

ভিডিঅ’টোত দেখুওৱা স্থান আমি নিজাববীয়াকৈ নিৰ্ণয় কৰিব নোৱাৰিলেও একাধিক সূত্ৰৰ পৰা পোৱা প্ৰমাণে সূচায় যে এইটো চেন্নাইত শেহতীয়াকৈ অহা ঘূৰ্ণিবতাহ মিগজাউমৰ পূৰ্বৰ ফুটেজ হয়। উল্লেখযোগ্য যে ঘূৰ্ণিবতাহ মিগজাউমৰ পৰৱৰ্তী পৰিস্থিতি দেখুওৱা ক্লিপ হিচাপে শ্বেয়াৰ কৰা এনে একাধিক ভিডিঅ’ লজিকেলী ফেক্টছে ফেক্ট-চেক কৰিছে।

সিদ্ধান্ত

২০২১ চনত কন্যাকুমাৰীত অহা বানপানীৰ দৃশ্য দেখুওৱা ভিডিঅ' চেন্নাইত শেহতীয়াকৈ অহা ঘূৰ্ণিবতাহ মিগজাউমৰ দৃশ্য বুলি ভুলকৈ শ্বেয়াৰ কৰা হৈছে। সেয়েহে, এই দাবীটো আমি মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।