মূল পশ্চিমবংগৰ পুৰণি ভিডিঅ' অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ শেহতীয়া দৃশ্য হিচাপে প্ৰচাৰ

পশ্চিমবংগৰ পুৰণি ভিডিঅ' অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ শেহতীয়া দৃশ্য হিচাপে প্ৰচাৰ

লেখক: ৰাহুল অধিকাৰী

আগষ্ট 9 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পশ্চিমবংগৰ পুৰণি ভিডিঅ' অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ শেহতীয়া দৃশ্য হিচাপে প্ৰচাৰ অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ শেহতীয়া দৃশ্য হিচাপে পশ্চিমবংগৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্ট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

এইটো ২০১৮ চনত পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তত লোৱা ভিডিঅ’ হয়। দেশখনৰ শেহতীয়া ৰাজনৈতিক সংকট আৰু অস্থিৰতাৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

বাংলাদেশৰ চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে ভাৰতত প্ৰৱেশ কৰিবলৈ অসমৰ ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ সংখ্যক বাংলাদেশী হিন্দু গোট খোৱা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ভিডিঅ’টোত এখন কাঁটা তাঁৰৰ বেৰাৰ দুয়োপিনে বৃহৎ সংখ্যক লোকৰ এটা ভিৰ দেখা যায়। 

একাধিক ব্যৱহাৰকাৰীয়ে এক্স আৰু ইউটিউবত ভিডিঅ’টো শ্বেয়াৰ কৰিছে, এক্সত এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি হিন্দীত লিখিছে, “এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত আহিছে আৰু কোৱা হৈছে যে অসমৰ সৈতে থকা বাংলাদেশ সীমান্তত বাংলাদেশৰ পৰা অহা বহু হিন্দু পৰিয়ালে ভাৰতত আশ্ৰয় গ্ৰহণ কৰাৰ উদ্দেশ্যে ভাৰত-বাংলাদেশ সীমান্তত থিয় হৈ আছে।” এনে ভিডিঅ'ৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব৷

ছচিয়েল মিডিয়াত দিয়া ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবীটো মিছা। আমি ভিডিঅ’টো ২০১৮ চনৰ জুন মাহৰ পৰাই ইন্টাৰনেটত উপলব্ধ বুলি জানিব পাৰিলোঁ। আমাৰ অনুসন্ধানত ভিডিঅ’টো পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তত অনুষ্ঠিত মিলন মেলা নামৰ এক বাৰ্ষিক অনুষ্ঠানৰ সময়ত লোৱা হৈছিল বুলি জানিব পৰা যায়। 

আমি সত্যটো কিদৰে জানিব পাৰিলোঁ?

আমি ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু ২০১৮ চনৰ ৫ জুনত YOUR FRIENDS (ইয়াত আৰ্কাইভ কৰা হৈছে) নামৰ এটা ইউটিউব চেনেলে প্ৰকাশ কৰা ৩০ ছেকেণ্ডৰ ভিডিঅ’ লাভ কৰোঁ। ভিডিঅ’টোৰ শিৰোনামৰ পৰা এইটো ২০১৮ চনৰ ১৫ এপ্ৰিলত ভাৰত-বাংলাদেশ সীমান্তত অনুষ্ঠিত মিলন মেলাৰ সময়ত লোৱা হৈছিল বুলি অনুমান কৰিব পৰা যায়। 

প্ৰতি বছৰে বাংলা বৈশাখ মাহৰ প্ৰথম দিনটোত, ইংৰাজী ১৪ এপ্ৰিল বা ১৫ এপ্ৰিলত পৰে, ভাৰত-বাংলাদেশ সীমান্তত দুয়োখন দেশৰ লোকসকলে সম্প্ৰীতিৰভাৱেৰে মিলিত হয়। মিলন মেলা নামেৰে পৰিচিত এই বাৰ্ষিক অনুষ্ঠানটো পশ্চিমবংগৰ সীমান্তৰ দুয়োপাৰে অনুষ্ঠিত হয়। 

ভিডিঅ’টো আপলোড কৰা তাৰিখটোৰ পৰা স্পষ্ট হয় যে বাংলাদেশত চলি থকা শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। 

২০১৮ চনত আপলোড কৰা মূল ভিডিঅ'টোৰ এটা স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি বিগত বছৰসমূহত অনুষ্ঠিত হোৱা মিলন মেলাৰ একাধি ফটো-ভিডিঅ’ দেখিবলৈ পাওঁ য’ত ভাইৰেল ভিডিঅ’টোত দেখা দৃশ্যৰ দৰে সীমান্তৰ দুয়োপাৰে কাঁটা বেৰাৰ কাষত মানুহ থিয় হৈ থকা দেখা যায়।

ভাইৰেল ভিডিঅ’ আৰু মিলন মেলাৰ এখন ফটোৰ মাজত তুলনা। (উৎস: ইটিভি ভাৰত/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

YOUR FRIENDS নামৰ ইউটিউব চেনেলটো খুচৰি আমি গৌতম বিশ্বাস নামৰ এজন লোকে এইটো চলাই বুলি জানিব পাৰিলোঁ। 

লজিকেলী ফেক্টছে বিশ্বাসৰ সৈতে যোগাযোগ কৰাত তেওঁ কয়, “মই ২০১৮ চনতে ভিডিঅ’টো লৈছিলো, ভিডিঅ’টোৰ সৈতে এতিয়া প্ৰচাৰ কৰি থকা দাবীটো মিছা হয়। ২০১৮ চনত আমাৰ অঞ্চলত অন্তিমবাৰলৈ অনুষ্ঠিত মিলন মেলাৰ সময়ত ভিডিঅ’টো লোৱা হৈছিল। এইটো এতিয়া ছবছৰ হ’ল, মিলান মেলা এতিয়া বন্ধ কৰা হৈছে। উত্তৰ দিনাজপুৰৰ ছিৰিপুৰ গাঁৱৰ সমীপত ভিডিঅ’টো লোৱা হৈছিল।” 

বাতৰি অনুসৰি, আইন-শৃংখলা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত ২০২৩ চনত একেৰাহে চতুৰ্থ বছৰৰ বাবে মিলান মেলা বাতিল কৰা হৈছিল। যোৱা বছৰসমূহত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে ক’ভিড-১৯ মহামাৰীৰ কাৰণে উক্ত মেলা বাতিল কৰা হৈছিল বুলি জানিব পৰা গৈছে।

চেনেলটোৰ আন ভিডিঅ'বোৰত কি দেখুওৱা হৈছে? 

আমি চেনেলটোত আন ভিডিঅ’ সমূহ চাওঁতে ২০১৮ চনৰ ১৬ এপ্ৰিলত আপলোড কৰা এটা ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। ভিডিঅ’টোৰ ১:১৭ টাইমষ্টাম্পত আমি এখন চৰকাৰী বাহন দেখা পাওঁ, নম্বৰ প্লেটৰ পৰা এইখন উত্তৰ দিনাজপুৰ জিলাৰ ১নং গোৱালপোখৰ ব্লকৰ ব্লক উন্নয়ন বিষয়াৰ (বিডিও) বাহন বুলি ধৰিব পৰা যায়। আমি মন কৰিলোঁ যে গাড়ীখনৰ নম্বৰ WB59B 0240, ইয়াৰ পৰা বুজা যায় যে গাড়ীখন পশিমবংগত পঞ্জীয়নভুক্ত। 

উত্তৰ দিনাজপুৰৰ আঞ্চলিক পৰিবহণ কাৰ্যালয়ে বাহনৰ নম্বৰ প্লেটৰ বাবে আৰ টি অ’ ক’ড WB59 ব্যৱহাৰ কৰে।

২০১৮ চনত আপলোড কৰা এটা ইউটিউব ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/স্ক্ৰীণশ্বট)

ভিডিঅ’টো একে নহ’লেও ভাইৰেল ভিডিঅ’টোৰ সৈতে এইটো মিলে আৰু কেপচনটোৰ মতে এইটো মিলন মেলাৰ সময়ত দৃশ্যগ্ৰহণ কৰা হৈছিল।

বাংলাদেশৰ ৰাজনৈতিক সংকট

  • চলিত বৰ্ষৰ জুন মাহৰ পৰা বাংলাদেশত ১৯৭১ চনৰ স্বাধীনতা সংগ্ৰামৰ সৈনিকৰ পৰিয়ালৰ বাবে চৰকাৰী চাকৰিত ৩০ শতাংশ পদ সংৰক্ষণ নীতিৰ প্ৰতিবাদত ব্যাপক আন্দোলন আৰম্ভ হৈছিল। 

  • আন্দোলনৰ ফলস্বৰূপে পিছত ২১ জুলাইত উচ্চতম ন্যায়ালয়ে চাকৰিৰ কোটা নীতি আংশিকভাৱে বাতিল কৰি ৯৩ শতাংশ চৰকাৰী চাকৰি মেধাৰ ওপৰত ভিত্তি কৰি হ’ব লাগে বুলি ৰায়দান কৰে। অৱশ্যে আৱামী লীগ আৰু তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকে।

  • বাতৰি অনুসৰি ৬ আগষ্টলৈকে চৰকাৰ বিৰোধী প্ৰতিবাদত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৪০ লৈ বৃদ্ধি পায়, ৫ আগষ্টত হাছিনাই দেশ ত্যাগ কৰাৰ পিছত অতিৰিক্ত ১০০ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

  • যোৱা ৭ আগষ্টত নোবেল বিজয়ী মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মূৰব্বী হিচাপে শপতগ্ৰহণ কৰে।

সিদ্ধান্ত

বাংলাদেশৰ শেহতীয়া অস্থিৰ পৰিস্থিতিৰ মাজতে ভাৰতত প্ৰৱেশ কৰাৰ উদ্দেশ্যে অসমৰ ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ সংখ্যক বাংলাদেশী হিন্দু গোট খোৱা পশ্চিমবংগৰ এটা পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। আমি ভিডিঅ’টো ২০১৮ চনৰ জুনৰ বুলি জানিব পাৰোঁ আৰু ভিডিঅ’টো দৃশ্যগ্ৰহণ কৰা লোকজনৰ মতে মিলন মেলাৰ সময়ত এইটো লোৱা হৈছিল।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।