লেখক: ৰজনী কে জি
ডিচেম্বৰ 4 2023
ভাইৰেল ফটোখন ২০১৯ চনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ, উত্তৰাখণ্ডত শেহতীয়াকৈ সংঘটিত সুৰংগ দুৰ্ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
পৃষ্ঠভূমি
যোৱা ১২ নৱেম্বৰত উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ছিলকিয়াৰাত নির্মীয়মাণ সুৰংগ ভাঙি ৪১ জন নির্মাণ শ্রমিক আৱদ্ধ হৈ পৰিছিল৷ ইয়াৰ পিছতে ১৬ দিন ধৰি চলা প্ৰচেষ্টা আৰু বহু প্ৰত্যাহ্বানৰ অন্তত ২৮ নৱেম্বৰত সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক নিৰাপদে বাহিৰলৈ উলিয়াই অনা হয়।
এই শ্ৰমিকসকল সুৰংগত আৱদ্ধ হৈ থকা সময়ত খনন কৰ্মীৰ হেলমেট আৰু ক্ৰাউচিং পিন্ধা এজন ব্যক্তিৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল, যিসকলে ফটোখন শ্বেয়াৰ কৰিছিল তেওঁলোকে মানুহজনক সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ এজন বুলি দাবী কৰিছিল। এক্স (পূৰ্বৰ টুইটাৰ)-ৰ এগৰাকী ব্যৱহাৰকাৰীয়ে ফটোখন (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰি কেপচনত লিখিছে, "আমি যদি যোৱা ১৫ দিন ধৰি এটা সুৰংগত আৱদ্ধ হৈ থকা আমাৰ লোকসকলক উদ্ধাৰ কৰিব নোৱাৰো তেন্তে চন্দ্ৰত গৈ পোৱাৰ কি অৰ্থ থাকিল। আমি এনে ঘটনাৰ ক্ষেত্ৰত কেতিয়াও আগতীয়াকৈ প্ৰস্তুত নহয়।" ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰী গৰাকীয়ে #UttarakhandTunnelRescue আৰু #UttarakhandTunnel হেচটেগ ব্যৱহাৰ কৰে। এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ সময়লৈকে পোষ্টটোৱে ৯৪ হাজাৰৰো অধিক ভিউ আৰু ১০০০ লাইক লাভ কৰিছিল। একেখন ফটো আন বহুত এক্স ব্যৱহাৰকাৰীয়ে একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰিছিল। এনে পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব ৷
ভাইৰেল ফটোখন শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
অৱশ্যে এইখন এতিয়াৰ ফটো নহয়, ২০১৯ চনৰ পৰাই এই ফটোখন ইণ্টাৰনেটত উপলব্ধ।
প্ৰকৃত তথ্য
ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি 'قاسم سلطانی/কাছেম চুলতানী' নামৰ এজন ফেচবুক ব্যৱহাৰকাৰী ২০১৯ চনৰ ২ মে'ত উক্ত ভাইৰেল ফটোখন শ্বেয়াৰ কৰিছিল বুলি জানিব পাৰোঁ। ফটোখনৰ কেপচন আছিল, "আটাইতকৈ মৰ্মান্তিক ছবি। চল্লিশ বছৰ ধৰি চলা এক মহাভিযোগ যুদ্ধৰ কাহিনী! (আৰবী ভাষাৰ পৰা মোটামুটিভাৱে অনুবাদ কৰা হৈছে)"
ফেচবুক ব্যৱহাৰকাৰীজনৰ বায়’ত “আফগানিস্তানৰ হেৰাট প্ৰদেশ আৰু ‘ফেকাল্টি অৱ ল এণ্ড পলিটিকেল ছায়েন্স’ৰ পৰা স্নাতক ডিগ্ৰী, এজন সামাজিক আৰু সংবাদ কৰ্মী” বুলি লিখা আছে। ফটোখন ক’ত তোলা হৈছিল আৰু ফটোখনত থকা মানুহজন কোন সেই বিষয়ে অধিক তথ্যৰ বাবে আমি ফেচবুক ব্যৱহাৰকাৰী গৰাকীৰ সৈতে যোগাযোগ কৰিছো। তেওঁৰ পৰা এই সন্দৰ্ভত সঁহাৰি লাভ কৰিলে আমাৰ প্ৰতিবেদনটো আপডেট কৰা হ’ব।
২০১৯ চনত দিয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)
আমি লগতে জানিব পাৰিলোঁ যে ভাইৰেল ফটোখন যোৱা কিছুবছৰ ধৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ আহিছে; ২০২০ চনত ফেচবুকত আৰু ২০২২ চনত টিকটকত ফটোখন শ্বেয়াৰ কৰা হৈছিল।
আমি ফটোখনত থকা মানুহজনৰ স্থান আৰু পৰিচয় নিজাববীয়াকৈ নিৰ্ণয় কৰিব পৰা নাই যদিও এইখন যে এখন পুৰণি ফটো আৰু উত্তৰাখণ্ডৰ সুৰংগত শেহতীয়াকৈ সংঘটিত দুৰ্ঘটনাৰ যে নহয় সেই কথা নিশ্চিতভাৱে ক’ব পাৰি।
উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটা
ভাৰত চৰকাৰে ২০১৮ চনৰ ফেব্ৰুৱাৰীত ছিলকিয়াৰা বেণ্ড-বাৰকোট সুৰংগ প্ৰকল্পটোৰ অনুমোদন জনাইছিল। নিৰ্মীয়মাণ সুৰংগটোৰ জৰিয়তে চাৰধাম প্ৰকল্পৰ অধীনত চাৰিটা হিন্দু মন্দিৰ (কেদাৰনাথ, বদ্ৰীনাথ, গঙ্গোত্ৰী আৰু যমুনোত্ৰী) সংযোগ কৰা হ’ব। ১২ নৱেম্বৰৰ পৰা উদ্ধাৰ অভিযান চলাই বহু প্ৰত্যাহ্বানৰ অন্তত ২৮ নৱেম্বৰত সুকংগটোৰ ভিতৰত আৱদ্ধ শ্ৰমিকসলক নিৰাপদে উদ্ধাৰ কৰা হয়।
সিদ্ধান্ত
২০১৯ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ এখন পুৰণি ফটো উত্তৰাখণ্ডৰ নিৰ্মীয়মাণ ছিলকিয়াৰা সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকৰ ফটো বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।
(অনুবাদ: চন্দন বৰগোহাঁই)