মূল বন্দে ভাৰত এক্সপ্ৰেছৰ ভিতৰত ওপৰৰ পৰা পানী পৰা বুলি অন্য ট্ৰেইনৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

বন্দে ভাৰত এক্সপ্ৰেছৰ ভিতৰত ওপৰৰ পৰা পানী পৰা বুলি অন্য ট্ৰেইনৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই

জুলাই 2 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বন্দে ভাৰত এক্সপ্ৰেছৰ ভিতৰত ওপৰৰ পৰা পানী পৰা বুলি অন্য ট্ৰেইনৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে ছ’চিয়েল মিডিয়াত গৰীৱ ৰথ এক্সপ্ৰেছৰ ভিতৰত পানী লিক হোৱাৰ ভিডিঅ’ বন্দে ভাৰত এক্সপ্ৰেছৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

আমি ভিডিঅ'টোত দেখা ট্ৰেইনৰ নম্বৰটো পৰীক্ষা কৰি দেখিলো যে এইটো আচলতে গৰীৱ ৰথ এক্সপ্ৰেছৰহে ভিডিঅ’, বন্দে ভাৰতৰ নহয়।

কি দাবী কৰা হৈছে?

এখন ট্ৰেইনৰ এটা বাতানুকুল ডবাত ওপৰৰ পৰা ধাৰাসাৰে বৰষুণৰ পানী পৰি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰাসকলে দাবী কৰিছে যে উক্ত দৃশ্যটো বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইনৰ ভিতৰত কেমেৰাত আৱদ্ধ কৰা হৈছিল।

ভিডিঅ’টো শ্বেয়াৰ কৰি , মহুৱা মৈত্ৰ ফেনছ নামৰ এক্স একাউণ্টে লিখিছে, “ এইবাৰ #লীকেজ চৰকাৰ। মন্দিৰ, দলং আৰু বিমানবন্দৰৰ পিছত.... এইবাৰ আহিছে বন্দে ভাৰত ট্ৰেইনৰ ভিডিঅ'। বিশ্ব মানৰ #বন্দেভাৰত ট্ৰেইনত লিক ওলাইছে। ট্ৰেইনৰ যাত্ৰীসকলে বিনামূলীয়াকৈ শ্বাৱাৰৰ সুবিধা পাইছে। ধন্যবাদ @AshwiniVaishnaw & @narendramodi। (sic) ”

ভিডিঅ’টো (ইয়াত আৰ্কাইভ কৰা হৈছে) ফেচবুকত দ্য ক্ৰছকাৰেণ্ট নামৰ এটা অসমীয়া সংবাদ মাধ্যম শ্বেয়াৰ কৰি কেপচনত লিখিছে, “এইবাৰ বন্দে ভাৰত ৰে’লৰ ভিতৰত পৰিল পানী। ইয়াৰ পূৰ্বে ৰাম মন্দিৰ, দিল্লী এইমছ, দিল্লী বিমানবন্দৰ আদিত সংঘটিত হৈছিল একেই ঘটনা

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

উল্লেখযোগ্য যে বন্দে ভাৰত এক্সপ্ৰেছ হৈছে ভাৰতৰ প্ৰথমখন ‘থলুৱাভাৱে ডিজাইন আৰু নিৰ্মাণ কৰা’ চেমি-হাই স্পীড ট্ৰেইন। যাত্ৰীসকলক আধুনিক আৰু আৰামদায়ক ৰেল যাত্ৰাৰ অভিজ্ঞতা প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই ট্ৰেইনখন আৰম্ভ কৰা হৈছিল। ২০১৯ চনৰ ফেব্ৰুৱাৰীত প্ৰথম মুকলি কৰা এই ট্ৰেইনখে যাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰিব পৰাকৈ সজ্জিত বুলি প্ৰচাৰ কৰা হয়।

অৱশ্যে আমি জানিব পাৰিলোঁ যে ভিডিঅ’ বন্দে ভাৰত এক্সপ্ৰেছৰ নহয়, বৰঞ্চ ইয়াত গৰীৱ ৰথ এক্সপ্ৰেছ ট্ৰেইনৰ ভিতৰত পানী লিক হোৱাহে দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখিলোঁ যে ভিডিঅ’টো (ইয়াত আৰ্কাইভ কৰা হৈছে) প্ৰথমে এজন এক্স ব্যৱহাৰকাৰীয়ে ২০২৪ চনৰ ২৮ জুনত পোষ্ট কৰিছিল, আৰু এই ঘটনাটো গৰীৱ ৰথ ট্ৰেইনত ঘটিছিল বুলি উল্লেখ কৰিছিল। কেপচনত লিখা আছে, “ধন্যবাদ মোডী। গৰীৱ ৰথৰ নতুন ৩য় এচি ডবাত আমাৰ বাবে বিনামূলীয়া জলপ্ৰপাতো আছে। #ভাৰতীয় ৰেলৱে @RailMinIndia .”

ইয়াৰ উপৰিও ভাইৰেল ভিডিঅ’টোৰ ০:১৭ টাইমষ্টেম্পত আমি লক্ষ্য কৰিলোঁ যে ডবাটোৰ ভিতৰত হালধীয়া প্লেট এখনত ৰে’লৰ নম্বৰটো (১২২১৫/১২২১৬) লিখা আছে। আমি এই নম্বৰটো ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্যনৰ ৱেবছাইট আৰু ৰেলযাত্ৰী ৱেবছাইটত পৰীক্ষা কৰিলোঁ , যাৰ দ্বাৰা এইটো নিশ্চিত হোৱা গ’ল যে উক্ত ট্ৰেইনখন আচলতে বান্দ্ৰা টাৰ্মিনাছ-দিল্লী চাৰাই ৰোহিল্লা গৰীৱ ৰথ এক্সপ্ৰেছ (বিটিডিএছ গৰীৱ ৰথ এক্সপ্ৰেছ) হয় আৰু ভাইৰেল পোষ্টত দাবী কৰাৰ দৰে বন্দে ভাৰত এক্সপ্ৰেছ নহয়।

ভিডিঅ’টোত থকা ট্ৰেইনৰ নম্বৰ (১২২১৫) আৰু আই আৰ চি টি চিৰ ৱেবছাইটত সংশ্লিষ্ট নম্বৰৰ বিপৰীতে দেখুওৱা ট্ৰেইনৰ নাম। (উৎস: এক্স/আই আৰ চি টি চি/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি লগতে ৱেষ্টাৰ্ন ৰেলৱেৰ অফিচিয়েল এক্স একাউণ্টে (ইয়াত আৰ্কাইভ কৰা হৈছে ) মহুৱা মৈত্ৰ ফেনছ একাউণ্টৰ ভাইৰেল পোষ্টটো খণ্ডন কৰি দিয়া স্পষ্টীকৰণো দেখিবলৈ পাওঁ। ইয়াত উল্লেখ কৰা হৈছে যে ২০২৪ চনৰ ২৭ জুনত গৰীৱ ৰথ এক্সপ্ৰেছৰ এটা ডবাত উক্ত লিকেজটো দেখা গৈছিল। 

ৱেষ্টাৰ্ন ৰেলৱেই এক্স এক স্পষ্টীকৰণ জাৰি কৰিছে। (উৎস: স্ক্ৰীণশ্বট/এক্স)

তদুপৰি হিন্দী নিউজ চেনেল জি বিজনেছ (ইয়াত আৰ্কাইভ কৰা হৈছে)-এ যোৱা ২৯ জুনত নিজৰ ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টো আপলোড কৰি গৰীৱ ৰথ ট্ৰেইনৰ ভিতৰত পানী লিক হোৱা বুলি উল্লেখ কৰিছিল।

সিদ্ধান্ত

বান্দ্ৰা টাৰ্মিনাছ-দিল্লী চাৰাই ৰোহিল্লা গৰীৱ ৰথ এক্সপ্ৰেছ ট্ৰেইনৰ ডবাৰ ভিতৰত ওপৰৰ পৰা পানী পৰা এটা ভিডিঅ’ বন্দে ভাৰত এক্সপ্ৰেছৰ ভিডিঅ’ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।