মূল এই ছবিখনত জ্বলি থকা ঘৰটো বাংলাদেশী ক্ৰিকেটাৰ লিটন দাসৰ নহয়

এই ছবিখনত জ্বলি থকা ঘৰটো বাংলাদেশী ক্ৰিকেটাৰ লিটন দাসৰ নহয়

লেখক: সোহম শ্বাহ

আগষ্ট 7 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
এই ছবিখনত জ্বলি থকা ঘৰটো বাংলাদেশী ক্ৰিকেটাৰ লিটন দাসৰ নহয় বাংলাদেশী ক্ৰিকেটাৰ লিটন দাসৰ ঘৰত জুই লগাই দিয়া হৈছে বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীনশ্বট । (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ভাইৰেল পোষ্টত চিত্ৰিত ঘৰটো লিটন দাসৰ নহয়। এইটো প্ৰাক্তন বাংলাদেশী ক্ৰিকেটাৰ তথা আৱামি লীগৰ ৰাজনীতিবিদ মাছৰাফে মৰ্তাজাৰ ঘৰ হয়।

দাবী কি?

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ) আৰু ফেচবুকত ফটো আৰু ভিডিঅ’ সন্নিবিষ্ট একাধিক পোষ্ট শ্বেয়াৰ কৰা হৈছে, য’ত দাবী কৰা হৈছে যে বাংলাদেশী ক্ৰিকেটাৰ লিটন দাসৰ ঘৰত জুই জ্বলাই দিয়া হৈছে। প্ৰধানমন্ত্ৰী পদৰ পৰা শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পিছতে এই ঘটনা ঘটিছে বুলি দাবী কৰা হৈছে । এই পোষ্টবোৰত “হিন্দু ক্ৰিকেটাৰ লিটন দাসৰ ঘৰত জুই লগাই দিয়া হৈছে...(হিন্দীৰ পৰা অনুবাদ)।” এনে পোষ্টৰ আৰ্কাইভ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।

ভুল বাতৰি আৰু ভুল তথ্য প্ৰকাশ কৰা বাবে পৰিচিত ভাৰতীয় সংবাদ সংস্থা সুদৰ্শন নিউজেও এই দাবী শ্বেয়াৰ কৰে।

লিটন দাসৰ ঘৰত জুই লগাই দিয়া বুলি দাবী কৰা ফেচবুক পোষ্টৰ স্ক্ৰীনশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এনে ধৰণৰ পোষ্ট আমি অসমীয়াতও দেখা পালোঁ, য'ত "বাংলাদেশী ক্ৰিকেটাৰ লিটন দাসৰ ঘৰত জুই লগাই দিলে কেৱল তেওঁ HINDU কাৰণে। আপুনি বাংলা দেশত যিয়েই উচ্চ পদত নাথাকক কিয় যদি হিন্দু হয় তেন্তে আক্ৰমণ কৰিব কাৰণ আপুনি তেওঁলোকৰ বাবে আন মাত্র এজন কাফিৰ হে।কোনে বচাব আজি বাংলা দেশৰ হিন্দু বোৰক?? ক্ৰিকেটাৰৰ বাংলা জ্বলাই দিছে, ভাবি চাওঁক সাধাৰণ মানুহৰ কি অৱস্থা কৰি আছে!! #Hinduslifematter " ধৰণৰ কেপছন সহিত দেখা গ'ল । কিছু নিউজ পৰ্টেলয়েও এনে পোষ্ট কৰা দেখা গ'ল । এনে পোষ্টৰ আৰ্কাইভ ইয়াত আৰু ইয়াত চাব পাৰিব ।

লিটন দাসৰ ঘৰত জুই লগাই দিয়া বুলি দাবী কৰা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীনশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি এই দাবী মিছা বুলি নিশ্চিত কৰিব পাৰিলোঁ, জ্বলি থকা ঘৰটো লিটন দাসৰ নহয়।

সত্য কি?

গুগল চাৰ্চ ব্যৱহাৰ কৰি আমি ২০২৪ চনৰ ৫ আগষ্টৰ প্ৰথম আলো' আৰু বাংলাভিজন নিউজৰ দৰে সংবাদ সংস্থাৰ কেইবাটাও ভিডিঅ’ ৰিপ’ৰ্ট বিচাৰি পালোঁ, য’ত একেটা ঘৰতে জুই জ্বলি থকাৰ দৃশ্য দেখুওৱা হৈছে। এই খবৰে স্পষ্ট কৰি দিলে যে ঘৰটো লিটন দাসৰ নহয়, প্ৰাক্তন ক্ৰিকেটাৰ তথা আৱামি লীগৰ ৰাজনীতিবিদ মাছৰাফে মৰ্তাজাৰহে হয়। প্ৰথম আলো'ৰ শিৰোনামত লিখা আছিল, “মাছৰাফেৰ নাৰাইলৰ ঘৰ আক্ৰমণ কৰি ভাঙি-ছিঙি পেলোৱা হ’ল।” সেই সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাৰ নেতৃত্বত আৱামি লীগ বাংলাদেশৰ শাসকীয় দল আছিল।

ভাইৰেল ভিডিঅ’টোত দেখুওৱা ঘৰটোৰ স্থান আমি বাংলাদেশৰ নাৰাইলৰ গুগল ষ্ট্ৰীট ভিউ ছবি ব্যৱহাৰ কৰি জিঅ’ল’কেটিং কৰি পৰীক্ষা কৰিলোঁ। মূল বৈশিষ্ট্যসমূহ, যেনে গেটৰ পিছফালে ত্ৰিকোণীয় আৰ্চ আৰু ঘৰৰ হেলনীয়া চাল, ভাইৰেল ভিজুৱেলসমূহৰ সৈতে মিল খাইছিল।

ভাইৰেল ভিজুৱেল আৰু গুগল ষ্ট্ৰীট ভিউৰ তুলনা। (উৎস:X, গুগল মেপছ।)

ইয়াৰ উপৰিও ঘৰৰ বাহিৰৰ গুগল ষ্ট্ৰীট ভিউত দেখা পোৱা মৰ্টাজাৰ প্ৰতিকৃতিয়ে ইয়াৰ মালিকীস্বত্ব আৰু অধিক নিশ্চিত কৰে। পূৰ্বে মৰ্টাজাৰ বাসগৃহলৈ যোৱা ভ্লগাৰসকলেও এই প্ৰতিকৃতিখন ৰেকৰ্ড কৰিছে, যিয়ে আমাৰ এই তথ্যক নিশ্চিতি প্ৰদান কৰিছে।

গুগল ষ্ট্ৰীট ভিউত নিজৰ ঘৰৰ বাহিৰত দেখা পোৱা মাছৰাফে মৰ্টাজাৰ প্ৰতিকৃতি। (উৎস: গুগল মেপছ)

কোনো বিশ্বাসযোগ্য নিউজ ৰিপোৰ্টত লিটন দাসৰ ঘৰক লক্ষ্য কৰি লোৱাৰ ইংগিত পোৱা নগ'ল।

বাংলাদেশৰ ৰাজনৈতিক সংকট

স্বাধীনতা সংগ্ৰামীৰ বংশধৰক চৰকাৰী চাকৰিৰ ৩০ শতাংশ আবণ্টন দিয়া কোটা ব্যৱস্থাৰ বিৰুদ্ধে কেইবামাহো ধৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ অন্তত বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি হাছিনাই দেশ এৰি পলায়ন কৰে। প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাত উচ্চতম ন্যায়ালয়ে বিৰোধিতাৰ সৃষ্টি কৰা নিম্ন আদালতৰ এই নিৰ্দেশ বাতিল কৰে।

প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ কাৰ্যকলাপে তীব্ৰতৰ কৰি তোলা এই প্ৰতিবাদ অৱশেষত হাছিনাৰ চৰকাৰ আৰু শাসকীয় দলৰ বাবে এক প্ৰবল প্ৰত্যাহ্বান হৈ পৰে। এ এফ পিৰ বাতৰি অনুসৰি ইয়াৰ পিছত হোৱা হিংসাত্মক ঘটনাত কমেও ৩০০ লোকৰ মৃত্যু হৈছে।

৫ আগষ্টত পদত্যাগ কৰাৰ পিছত হাছিনা ভাৰতত অৱতৰণ কৰে আৰু বৰ্তমান তেওঁ নিৰাপদ স্থানত আছে। বাতৰি অনুসৰি তেওঁ হয়তো যুক্তৰাষ্ট্ৰলৈ যাব পাৰে, য’ত তেওঁৰ শ্বেখ ৰেহানা নামৰ ভগ্নী ব্ৰিটিছ নাগৰিক হিচাপে বাস কৰে।

বাংলাদেশত সেনাই নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক মুখ্য উপদেষ্টা হিচাপে লৈ অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে ৰাজনৈতিক দলসমূহক শৃংখলা ঘূৰাই অনাত সহায় কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ লগত ৬ আগষ্টৰ পুৱা ৬ বজাত সান্ধ্য আইন উঠাই লোৱাৰ ফলত বাংলাদেশৰ চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানসমূহে পুনৰ কাম-কাজ আৰম্ভ কৰিবলৈ সক্ষম হৈছে । 

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত জ্বলি থকা ঘৰটো বাংলাদেশী ক্ৰিকেটাৰ লিটন দাসৰ নহয়। উক্ত ঘৰটো আৱামি লীগৰ ৰাজনীতিবিদ মাছৰাফে মৰ্টাজাৰ হয়।

(অনুবাদ: অনুৰাগ বৰুৱা)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।